পৰ্যবেক্ষণ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

নাগা ফ্ৰেমৱৰ্ক চুক্তিৰ খছৰা আৰু বিভ্ৰান্তি
দীপাংকৰ মল্ল বৰুৱা
“আমি লাগা ভাই আৰু বৈনিখান। আমি নাগালেণ্ডতে মাটিতে কাৰণে বেছি খুছি পাইছে দেই” – এইদৰেই প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে ২০০৩ চনৰ অক্টোবৰত কোহিমাৰ এখন জনসভাত ৰাইজক উদ্দেশ্যি দিয়া ভাষণৰ আৰম্ভণি কৰিছিল। সেইখন সভাতে তেওঁ নাগাসকলৰ বৈশিষ্টপূৰ্ণ ইতিহাসৰ বিষয়ে কৈছিল, নাগাসকলৰ স্বাভিমানৰ প্ৰশংসা কৰিছিল আৰু এখন শান্তিপূৰ্ণ নাগাভূমিৰ সপোন দেখুৱাইছিল। বাজপেয়ীয়ে নাগাসকলৰ দেশপ্ৰেমৰ কথা কৈছিল, ৰাণী গাইডিলু আৰু ছহিদ জাডোনঙৰ দেশৰ কাৰণে দিয়া আত্ম বলিদানৰ কথা সুৱঁৰিছিল। বাজপেয়ীৰ এই ভাষণটোৱে সেইসময়ৰ নাগা বিদ্ৰোহী সকলৰো মন মুহিছিল আৰু ভাৰতৰ প্ৰতি থকা তেওঁলোকৰ মনোভাৱৰ পৰিৱৰ্তনৰ সূচনা কৰিছিল।
প্ৰধানমন্ত্ৰী হিচাপে মোৰাৰজী দেশাই আৰু দেৱেগৌড়াও কোহিমালৈ গৈছিল, কিন্তু তেওঁলোকে বাজপেয়ীৰ দৰে নাগাসকলক সন্মোহিত কৰিব পৰা নাছিল। ২০১৪ চনত শাসনভাৰ লোৱাৰ পাছতে নৰেন্দ্ৰ মোদীয়ে নাগালেণ্ড ভ্ৰমণ কৰি নাগা জনসাধাৰণলৈ এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছিল। উল্লেখ্যযে দেশত দীৰ্ঘদিন শাসন কৰা কংগ্ৰেছ দলৰ কেৱল জৱহৰলাল নেহেৰুৱেহে প্ৰধানমন্ত্ৰী হিচাপে ১৯৫৩ চনতে এবাৰ কোহিমালৈ গৈছিল।

ব্ৰিটিছসকলে ১৮২৬ চনত অসম অধিকাৰ কৰাৰ পাছত ১৮৮১ চনত নাগাভূমিও অধিকাৰ কৰে। নাগাভূমি কেতিয়াও অসম বা ভাৰতৰ অন্তৰ্ভুক্ত নাছিল আৰু সাংস্কৃতিক ভাৱেও নাগাসকল ভাৰতৰ মূলভূমিৰ পৰা পৃথক আছিল। ১৯১৮ চনত নাগা ক্লাৱ গঠন কৰি নাগাসকলে ব্ৰিটিছে অনাধিকাৰ তেওঁলোকৰ গৃহভূমিক ভাৰতৰ লগত চামিল কৰাৰ প্ৰথম বিৰোধিতা কৰে। নাগা ক্লাৱৰ নেতৃবৰ্গই ছাইমন কমিছনক জনাই দিছিলযে, নাগাভূমিক ভাৰতৰ লগত চামিল কৰিবলৈ দিয়া নহ’ব, বৰং তেওঁলোকক স্বাধীনভাৱে থাকিবলৈ দিব লাগিব। সেই দাবী নৰজিল যদিও নাগাসকলৰ মনত ভাৰতৰ লগত চামিল নহৈ এখন স্বাধীন গৃহভূমি স্থাপন কৰাৰ সপোন উমি উমি জ্বলি আছিল। সেই সপোনৰ বৰ্হিপ্ৰকাশ ঘটিল যেতিয়া  ভাৰতৰ স্বাধীনতাৰ প্ৰাক মুহূৰ্তত ১৯৪৭ চনৰ ১৪ আগষ্ট তাৰিখে নাগা নেশ্যনেল কাউঞ্চিলৰ (NNC) বিদ্ৰোহী নেতা আংগামী ফিজোৱে সেইসময়ত অসমৰ লগত চামিল হৈ থকা নাগাভূমিক নাগালেণ্ড নাম দি এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিলে। ১৯৫১ চনত তেওঁলোকে এখন স্বাধীন নাগাভূমিৰ বাবে গণভোট সংগ্ৰহ কৰিলে আৰু ৯৯% ভোটদানকাৰীয়ে এখন পৃথক ৰাষ্ট্ৰৰ বাবে সহমতি প্ৰকাশ কৰিলে। ১৯৫২ চনত ভাৰতৰ শাসনযন্ত্ৰক প্ৰত্যাহ্বান জনাই ফিজোৱে নাগা ফেডেৰেল গৱৰ্ণমেণ্ট (NFG) আৰু নাগা ফেডেৰেল আৰ্মি (NFA) গঠন কৰি নাগাভূমিত সমান্তৰাল বিদ্ৰোহী চৰকাৰ আৰম্ভ কৰে। ১৯৫৩ চনত কেন্দ্ৰীয় চৰকাৰে নাগা বিদ্ৰোহীসকলৰ বিৰুদ্ধে সামৰিক অভিযান চলায় আৰু বিদ্ৰোহ কিছু পৰিমাণে মষিমূৰ কৰে। নাগা বিদ্ৰোহীসকলৰ বিৰুদ্ধে সেনাক অধিক শক্তিশালী কৰিবলৈকে ১৯৫৮ চনত সামৰিক বাহিনী বিশেষ ক্ষমতা আইন (AFSPA) বলবৎ কৰা হৈছিল।

১৯৬৩ চনত অসমৰ নাগা অধ্যুষিত অঞ্চলসমূহ আৰু নেফাৰ টুৱেনচাং অঞ্চল সাঙুৰি নাগালেণ্ড ৰাজ্য গঠন কৰা হয়। কিন্তু নাগা বিদ্ৰোহৰ শাম নাকাটিল। নাগা বিদ্ৰোহীসকলক দমন কৰিবলৈ কেইবাবাৰো সামৰিক অভিযানো চলোৱা হয়, বহুবাৰ শান্তিবাৰ্তাৰো প্ৰচেষ্টা চলোৱা হয়। ১৯৬৭ চনত কেন্দ্ৰীয় চৰকাৰে নাগালেণ্ডত শক্তিশালী সামৰিক অভিযান চলায় আৰু বহুতো নাগা বিদ্ৰোহ বহুখিনি প্ৰশমিত কৰে। ১৯৭৫ চনত NNC নেতৃবৰ্গই কেন্দ্ৰীয় চৰকাৰৰ লগত ছিলঙত শান্তি চুক্তি কৰে আৰু অস্ত্ৰ সম্বৰণ কৰিবলৈ মান্তি হয়। কিন্তু সেই শান্তি চুক্তিৰ বিৰোধিতা কৰি আইজাক আৰু মুইভাই ১৯৮০ চনত National Socialist Council of Nagaland বা এন এছ চি এনৰজন্ম দিয়ে। পাছলৈ খাপলাং দলো চামিল হোৱাত আৰু ফিজোৰ মৃত্যু হোৱাত এন এছ চি এন নাগা বিদ্ৰোহী আৰু উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য বিদ্ৰোহী সংগঠনৰ মাতৃ সংগঠন হৈ পৰিল। পাছলৈ অৱশ্যে খাপলাঙৰ নেতৃত্বত এটা অংশ ফালৰি কাটি গৈ এন এছ চি এন – খাপলাং গোট গঠন কৰে।

এন এছ চি এনৰ মূল দাবী হ’ল নাগালেণ্ড আৰু ওচৰ পাজৰৰ সকলো নাগা আধ্যুষিত অঞ্চল সাঙুৰি নাগালিম নামৰ বৃহৎ নাগাভূমি গঠন। সংগঠনটোৰ প্ৰস্তাৱিত নাগালিমত মণিপুৰ, অসম আৰু অৰুণাচল প্ৰদেশৰ উপৰিও ম্যানমাৰৰ অঞ্চলেও স্থান পাইছে। অত্যন্ত ষ্পৰ্শকাতৰ হোৱা বাবে আৰু চুবুৰীয়া ৰাজ্যৰ বা আন দেশৰ ভৌগলিক সীমাৰ সালসলনি জড়িত হৈ থকাৰ বাবে এই বিষয়টো বিবদমান হৈ আছে আৰু এই বিষয়ত হোৱা আলোচনা সুফল হোৱা নাই। ১৯৯৫ চনত তদানীন্তন প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাৱে পেৰিছত এন এছ চি এনৰ শীৰ্ষনেতাদ্বয় আইজাক আৰু মুইভাৰ লগতে আন শীৰ্ষনেতাসকলক সাক্ষাৎ কৰি নাগাসকলৰ সমস্যাৰ বিষয়ে মত বিনিময়ৰ সূচনা কৰে। তাৰ পাছত ১৯৯৭ চনত তদানীন্তন প্ৰধানমন্ত্ৰী দেৱেগৌড়াৰ লগত জুৰিকত আৰু ১৯৯৮ চনত তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ লগত পেৰিছত নাগা বিদ্ৰোহীসকলৰ আলোচনা হয়। এনে আলোচনাৰ ফলশ্ৰুতিতে এন এছ চি এনে ১৯৯৭ চনত ভাৰত চৰকাৰৰ লগত যুদ্ধ বিৰতিৰ চুক্তি স্বাক্ষৰ কৰে আৰু নাগালেণ্ডত দীৰ্ঘদিন ধৰি চলি অহা বিদ্ৰোহী কাৰ্যকলাপত বিৰতি আহে। এই যুদ্ধবিৰতি এতিয়াও বাহাল আছে। কিন্তু খাপলাং নেতৃত্বাধীন এন এছ চি এনৰ ফৈদটোৱে এই যুদ্ধবিৰতি উলংঘা কৰি বিদ্ৰোহী কাৰ্যকলাপ চলাই গৈ আছে।

২০১৪ চনত প্ৰধানমন্ত্ৰী মোদীয়ে শাসনভাৰ লোৱাৰ পাছতেই উত্তৰ পূৰ্বাঞ্চলক ভাৰতৰ অষ্টলক্ষ্মী বুলি অভিহিত কৰিছিল আৰু পূৰ্বৰ চৰকাৰৰ পূবলৈ চোৱা (Look East) আঁচনিৰ ঠাইত পূবলৈ কাৰ্য কৰা (Act East) আঁচনি ঘোষণা কৰিছিল। উত্তৰ পূৰ্বাঞ্চলক দক্ষিণ পূব এছিয়াৰ দেশসমূহৰ লগত সংযোজিত কৰি পূব দুৱাৰেৰে বাণিজ্যিক সম্পৰ্ক স্থাপন কৰাৰ বাবে লোৱা চৰকাৰৰ আঁচনিত প্ৰধান হেঙাৰ হৈ আছিল উত্তৰ পূৰ্বাঞ্চলৰ বিদ্ৰোহী সংগঠনসমূহ। সেয়েহে মোদী চৰকাৰে বিদ্ৰোহীসকলৰ প্ৰধান সংগঠন এন এছ চি এনৰ লগত আলোচনাৰ প্ৰক্ৰিয়া আকৌ আৰম্ভ কৰিলে। উত্তৰ পূৰ্বাঞ্চলত কাম কৰাত অভিজ্ঞ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কৰ্মী পি বি আচাৰ্যক নাগালেণ্ডৰ ৰাজ্যপালৰ দায়িত্ব দিয়া হ’ল। নাগালেণ্ডৰ সমস্যাৰ বিষয়ে অভিজ্ঞ শীৰ্ষ আৰক্ষী  আৰু চোৰাংচোৱা বিষয়া আৰ আৰ এন ৰৱিক বিদ্ৰোহী সংগঠনসমূহক আলোচনাৰ মেজলৈ অনাৰ দায়িত্ব দিয়া হ’ল। কেন্দ্ৰত শাসনাধীস্থ এন ডি এ দলৰ সহযোগী দল নাগা পিপলছ পাৰ্টীৰ টি আৰ জেলিয়াঙৰ নেতৃত্বাধীন নাগালেণ্ড চৰকাৰে বিভিন্ন ৰাজনৈতিক দল আৰু সামাজিক সংস্থাসমূহকো নাগা সমস্যাৰ সমাধানৰ বাবে একেখন মঞ্চত সমবেত কৰাৰ প্ৰচেষ্টা চলালে। এই প্ৰচেষ্টাৰ ফলস্বৰূপে ২০১৫ চনৰ ৩১ জুলাই তাৰিখে কোহিমাত অনুস্থিত এখন সৰ্বদলীয় সভাত নাগা সমস্যা সমাধানৰ বাবে আলোচনাত বহিবলৈ আইজাক মুইভা নেতৃত্বাধীন এন এছ চি এন ফৈদক কতৃত্ব প্ৰদান কৰা হয়।

কেন্দ্ৰীয় চৰকাৰৰ সৈতে এন এছ চি এনৰ এইলানি আলোচনাৰ ফলশ্ৰুতিত ২০১৫ চনত ৩ আগষ্ট তাৰিখে চৰকাৰ আৰু নাগা নেতৃবৰ্গৰ মাজত এখন শান্তি চুক্তিৰ মূল গাঁথনিৰ (Framework) বিষয়ত সহমতি হয়। দুয়োপক্ষই এই চুক্তিৰ বিষয়ে গোপনীয়তা অৱলম্বন কৰে আৰু চুক্তিখনৰ দফাসমূহ বিষদভাৱে সাজু কৰাৰ পাছতহে চুক্তিখন প্ৰকাশ কৰিবলৈ সহমতি প্ৰদান কৰে। চুক্তিখনত বৃহৎ নাগালিমৰ দাবীটোৰ বিষয়ত কি সিদ্ধান্ত লোৱা হ’ল সেইকথা ষ্পষ্ট নোহোৱা বাবে এই দাবীটোৰ লগত জড়িত হৈ থকা ৰাজ্যসমূহৰ জনসাধাৰণৰ মাজত উত্কণ্ঠাৰ সৃষ্টি হয়। পৰিতাপৰ কথাযে চুক্তিখন স্বাক্ষৰ হোৱাৰ প্ৰায় আঢ়ৈ বছৰ পাৰ হোৱাৰ পাছতো এতিয়াও চুক্তিখনৰ সবিশেষ জানিব পৰা হোৱা নাই। এই বিষয়ত কেন্দ্ৰীয় চৰকাৰ আৰু এন এছ চি এনৰ নেতৃত্বৰ অস্বাভাৱিক নীৰৱতায়ো ৰাইজক অস্বস্তিত পেলাইছে।

শেহতীয়াকৈ নাগা ফ্ৰেমৱৰ্ক চুক্তিখনৰ বিষয়ে এগৰাকী ব্যক্তিয়ে The Wire নামৰ সংবাদ পত্ৰত দিয়া এটা সাক্ষাত্কাৰে অসমৰ ডিমা হাছাও জিলাত উত্তেজনাৰ সৃষ্টি কৰিছে। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ পূৰ্বাঞ্চলৰ কৰ্মী হিচাপে জনাজাত জগদম্বা মল নামৰ ব্যক্তি এগৰাকীয়ে নাগালেণ্ডত তেওঁৰ ৪৫ বছৰৰ অভিজ্ঞতাৰ ভিত্তিত ফ্ৰেমৱৰ্ক চুক্তিখনৰ এটা সাম্ভাব্য খছৰা প্ৰস্তুত কৰি উলিয়াইছে আৰু সংবাদ মাধ্যমত প্ৰচাৰ কৰিছে। এই খছৰা তেওঁৰ ব্যক্তিগত মতামত বুলিয়েই ঘোষণা কৰিছে। কিন্তু এই বাতৰিটোৱে অসমৰ সংবাদ মাধ্যমত তোলপাৰ লগালে। চৰকাৰে অসমৰ মাটি নাগালেণ্ডক গতাই দিয়াৰ ষড়যন্ত্ৰ কৰা বুলি সংবাদ পত্ৰ আৰু ইলেক্ট্ৰনিক মেডিয়া সোচ্চাৰ হৈ উঠিল। কেইবাখনো বাতৰি কাকতত এই বিষয়ত উত্তেজক সংবাদ শিৰোনাম প্ৰকাশ পালে। টেলিভিছন চেনেলত এই বিষয়ে টক শ্বো’ অনুস্থিত হ’ল।

এইখিনিতে প্ৰশ্ন উত্থাপিত হয়যে, জগদম্বা মলে প্ৰস্তুত কৰি উলিওৱা বুলি প্ৰচাৰ হোৱা সেই খছৰাখনত কি আছে? The Wire ৰ সংবাদ পত্ৰ আৰু ইণ্টাৰনেট পৰ্টেলত জগদম্বা মলৰ বহু বিতৰ্কিত নাগা ফ্ৰেমৱৰ্ক চুক্তিৰ খছৰা প্ৰকাশ পাইছে। আন সংবাদ মাধ্যমতো এই বিষয়ে বাতৰি প্ৰকাশ পাইছে। কিন্তু আমোদজনকভাৱে সেই খছৰাত অসম বা উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যৰ বাবে কেইটামান ইতিবাচক কথাহে সন্নিবিষ্ট হৈ আছে। সেই খছৰাখনত অসম আৰু আন ৰাজ্যৰ বিষয়ে থকা কেইটামান কথা হ’ল –

১) প্ৰধানমন্ত্ৰী কাৰ্যালয়ত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন সংগঠনৰ লগত কেন্দ্ৰীয় চৰকাৰে কৰা বিভিন্ন চুক্তি (তাৰ ভিতৰত অসম চুক্তি আৰু বড়ো চুক্তিও আছে) ৰূপায়নৰ বাবে এটা বিশেষ কোষ গঠন কৰা হ'ব।
২) উত্তৰ পূব পৰিষদ (North East Council) আৰু DONER মন্ত্ৰণালয়ৰ মুখ্য কাৰ্যালয় গুৱাহাটীত স্থাপন হ'ব। ড'নাৰ মন্ত্ৰীজনেও গুৱাহাটীৰ পৰাই কাম কাজ চলাব।
৩) দহ বছৰৰ ভিতৰত ৰূপায়ন কৰিবলগীয়া এক লাখ কোটি টকাৰ নাগালেণ্ডৰ বিকাশৰ অৰ্থনৈতিক পেকেজ ঘোষণা কৰা হ’ব। এই পেকেজৰ অধীনত নাগালেণ্ডত শিক্ষা, চিকিত্সা, উদ্যোগ, ব্যৱসায়, পৰ্যটন আদিৰ বিকাশ কৰা হ’ব। মন কৰিবলগীয়াযে, নাগালেণ্ডৰ অৰ্থনৈতিক বিকাশৰ পৰা অসমো পৰোক্ষভাৱে উপকৃত হ'ব, কাৰণ নাগালেণ্ডৰ অৰ্থনৈতিক কাৰ্যকলাপ অসমৰ মাজেদিয়েই হ’ব।
এই খছৰা চুক্তিখনত থকা যিটো বিতৰ্কমূলক কথাই ডিমা হাচাওত ধুমুহাৰ সৃষ্টি কৰিছে, সেইটো হ’ল - মণিপুৰৰ সাতখন, অৰুণাচলৰ দুখন আৰু অসমৰ এখন জিলা (ডিমা হাচাও) নাগা অধ্যুষিত অঞ্চলসমূহ সামৰি নাগা উন্নয়ন পৰিষদ গঠন কৰা হ'ব। খছৰাত এই বুলিও উল্লেখ আছেযে উন্নয়নৰ বাবে উন্নয়ন পৰিষদৰ অন্তৰ্গত প্ৰতিটো অঞ্চলকে পাঁচশ কোটি টকাকৈ দিয়া হ'ব। যিহেতু উন্নয়ন পৰিষদৰ ধন শিক্ষা, বাট পথ, চিকিত্সা আদিৰ উন্নয়নত খৰছ কৰা হ’ব, সেয়েহে সামূহিক উন্নয়নৰ সুফল জিলাৰ সকলো মানুহেই লাভ কৰিব। গতিকে এয়া এক ইতিবাচক দিশ বুলিহে ক'ব পৰা যায়।
উল্লেখ্যযে অসমৰ ডিমা হাচাও জিলাত ডিমাচা আৰু কাৰ্বি সকলৰ উপৰিও জেমি, কুকি, ৰংমেই আদি কেইবাটাও নাগা জনগোষ্ঠীয়ে বসবাস কৰে। ডিমা হাচাওৰ নাগাসকল নাগা উন্নয়ন পৰিষদৰ অন্তৰ্ভুক্ত হ’লেও  জিলাখনৰ মাটি নাগালেণ্ডৰ হৈ নাযায়। বৰং অসমৰ চাৰিসীমাত থাকিয়েই নাগা জনগোষ্ঠীৰ লোকসকলে নাগা উন্নয়ন পৰিষদৰ অন্তৰ্ভুক্ত হ’ব পাৰিব।
মন কৰিবলগীয়াযে প্ৰকাশিত খছৰাত আন ৰাজ্যৰ মাটি নাগালেণ্ড বা বৃহত্তৰ নাগালিমক এৰি দিব লাগিব বুলি ক'তো উল্লেখ হোৱা নাই। চুক্তিখনৰ আন দফাবোৰত নাগা বিদ্ৰোহী সকলৰ পুনৰ সংস্থাপন, মহিলাৰ বাবে ৩০% আসন সংৰক্ষণ, বিধান সভা আৰু লোকসভাৰ সদস্য সংখ্যা বৃদ্ধি, নাগালেণ্ডৰ কেইখনমান জিলা লগলগাই পূব নাগালেণ্ড নামৰ এখন সুকীয়া ৰাজ্য গঠন, নাগালেণ্ডৰ সৰ্বাংগীন উন্নয়ন আদি কথাবোৰহে আছে।
কেন্দ্ৰীয় চৰকাৰ আৰু এন এছ চি এনৰ মাজত হোৱা প্ৰকৃত চুক্তিখনত কি আছে সেই কথা এতিয়াও জানিব পৰা হোৱা নাই। কিন্তু সীমাৰ বিবাদ নোহোৱাকৈ আন ৰাজ্যত বসবাস কৰা নাগা লোকসকলক বিশেষ সুবিধা দিয়াৰ এই কৌশলপূৰ্ণ পদক্ষেপ প্ৰকৃত চুক্তিখনত থকাটো নিশ্চিতভাৱে সম্ভৱ। নাগাসকলক ৰাজনৈতিক আৰু সামাজিকভাৱে একত্ৰিত কৰাৰ এই চতুৰ কৌশল নাগালেণ্ডৰ লগত চুবুৰীয়া ৰাজ্যৰ সীমা সমস্যাৰ সমাধানতো সহায়ক হ’ব বুলি আশা কৰিব পাৰি।
আনহাতে আগন্তুক নাগালেণ্ড নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত চৰকাৰৰ লগত ঘনিষ্ঠ সম্পৰ্ক ৰখা এজন ব্যক্তিয়ে এই চুক্তিখনৰ এটা সাম্ভাব্য খছৰা প্ৰকাশ কৰাটোৱে এক বিশেষ তাত্পৰ্য বহন কৰিছে। মূল চুক্তিখন প্ৰকাশ পোৱাৰ আগতে খছৰা চুক্তি প্ৰকাশ কৰাটো এক ৰাজনৈতিক কৌশল বুলিও সমালোচিত হৈছে। কিন্তু এই বিষয়ে জনসাধাৰণক আগতিয়াকৈ সচেতন নকৰাৰ বাবে খছৰা চুক্তিখনৰ এটা বিতৰ্কিত দফাকলৈ ইতিমধ্যে ডিমা হাচাও জিলা উত্তপ্ত হৈ পৰিছে। কেইবাখনো বাতৰি কাকতে খছৰা চুক্তিখনৰ বিষয়ে সবিশেষ নজনাই কেৱল নাগালিমত অসমৰ মাটি চামিল হ’ব বুলি বৰ বৰ হৰফেৰে সংবাদ শিৰোনাম প্ৰকাশ কৰি সাধাৰণ ৰাইজক বিভ্ৰান্ত কৰিছে। সেইদৰে বিভিন্ন স্বাৰ্থজড়িত শক্তিয়েও নাগালিমত অসমৰ ডিমা হাচাও চামিল হ’ব বুলি অপপ্ৰচাৰ চলাই মানুহক উত্তেজিত কৰিছে। মাইবং ৰে’ল ষ্টেচনত সংঘটিত হোৱা হিংসাত্মক কাৰ্য নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে কৰা গুলীচালনাত দুজন লোকৰ মৃত্যু হোৱাটো সঁচাকৈয়ে মৰ্মান্তিক ঘটনা। এই সমগ্ৰ ঘটনাটোৰ আঁৰত কোনো তৃতীয় শক্তি জড়িত হৈ থকাৰো সম্ভাৱনা আছে। মন কৰিবলগীয়াযে খছৰা খনত মণিপুৰৰ সাতখন আৰু অৰুণাচলৰ দুখন জিলাৰ নাম উল্লেখ থাকিলেও সেইবোৰ জিলাত অসমৰ ডিমা হাচাওৰ দৰে বিভ্ৰান্তিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই।

কেন্দ্ৰীয় চৰকাৰে ৰাজনৈতিক কাৰচাজিৰ প্ৰশ্ৰয় নিদি নাগা শান্তি চুক্তি সোনকালে সদৰি কৰা উচিত যাতে চুক্তিখনকলৈ ভৱিষ্যতে কোনেও ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিব নোৱাৰে। চুক্তিখনত যদি ডিমা হাচাওত থকা নাগা লোকসকলক নাগা উন্নয়ন পৰিষদত চামিল কৰাৰ কথা সন্নিবিষ্ট হৈ আছে, চুক্তি প্ৰকাশ হোৱাৰ আগতেই ডিমা হাচাওবাসী ৰাইজক বিশ্বাসত লৈ আগবঢ়া উচিত যাতে এই বিষয়ত পাছলৈ কোনো সমস্যা নহয়। একে সময়তে ডিমা হাচাওত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ আঁৰত থকা শক্তিসমূহক এক উচ্চ পৰ্য়ায়ৰ তদন্তৰে বিচাৰি উলিয়াই উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে, যাতে এনে পৰিস্থিতি দুনাই দেখা পোৱা নাযায়।
লেখকৰ ব্লগৰ সূত্ৰঃ http://likhoni.blogspot.in/ লেখাটি আজি 'আমাৰ অসম' কাকততো প্ৰকাশ পাইছে।

No comments:

Post a Comment