কথা-বাৰ্তাঃ নাগৰিকৰ শ্ৰেণীবদ্ধকৰণ নহব নাগৰিকপঞ্জীত, সাক্ষাতকাৰতঃ প্ৰতীক হাজেলা, অৰুণাভ শইকীয়াৰ সৈতে... - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

কথা-বাৰ্তাঃ নাগৰিকৰ শ্ৰেণীবদ্ধকৰণ নহব নাগৰিকপঞ্জীত, সাক্ষাতকাৰতঃ প্ৰতীক হাজেলা, অৰুণাভ শইকীয়াৰ সৈতে...

কথা-বাৰ্তাঃ নাগৰিকৰ শ্ৰেণীবদ্ধকৰণ নহব নাগৰিকপঞ্জীত, সাক্ষাতকাৰতঃ প্ৰতীক হাজেলা, অৰুণাভ শইকীয়াৰ সৈতে...

Share This
নাগৰিকৰ শ্ৰেণীবদ্ধকৰণ নহব নাগৰিকপঞ্জীত

সাক্ষাতকাৰতঃ প্ৰতীক হাজেলা

অৰুণাভ শইকীয়া

নতুনবৰ্ষৰ দুৱাৰদলিতে অসমত বহুপ্ৰতীক্ষিত নাগৰিকপঞ্জীৰ আংশিক খচৰা প্ৰকাশ কৰা হৈছে। অসমত নাগৰিকপঞ্জীৰ উন্নীতকৰণৰ প্ৰক্ৰিয়া ১৯৫১চনৰ পাছত প্ৰথমবাৰৰ বাবে চলোৱা হৈছে। প্ৰশাসনে এই প্ৰক্ৰিয়াক ‘বৈধ নাগৰিক’ সকলৰ চিনাক্তকৰণ আৰু ‘অবৈধ নাগৰিক’ৰ শিপা উঘলাৰ এক প্ৰক্ৰিয়া বুলি অভিহিত কৰিছে। এই প্ৰক্ৰিয়া ১৯৮৫চনৰ অসম চুক্তিৰ দফা অনুসৰি চলোৱা হৈছে। যিসকলে ১৯৭১চনৰ ২৪ মাৰ্চৰ মাজনিশাৰ আগতে নিজে বা পূৰ্বজ সকলে অসমত প্ৰৱেশ কৰাৰ প্ৰমাণ দাখিল কৰিব পাৰিব, তেওঁলোককে নাগৰিক হিচাবে গণ্য কৰা হব। আংশিক খচৰাত ৰাজ্যৰ ৩.৩কোটি মানুহৰ ভিতৰত প্ৰায় ১.৯কোটি মানুহৰ নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্তিৰ বাবে দাখিল কৰা আবেদন প্ৰত্যায়িত(ভেৰিভাই) কৰিছে। বাকী সকলৰ নাম এতিয়াও প্ৰত্যায়িত কৰিবলৈ বাকী আছে।


স্ক্ৰল.ইনৰ প্ৰতিবেদকে নাগৰিকপঞ্জী উন্নীতকৰণৰ ৰাজ্যিক সমন্বয়ক আৰু সম্পূৰ্ণ প্ৰক্ৰিয়াটোৰ দায়িত্বত থকা জ্যেষ্ঠ বিষয়া প্ৰতীক হাজেলৰ সৈতে কথা-বাৰ্তাত মিলিত হৈছিল, তাৰেই অসমীয়া অনুবাদ অনুমতিমৰ্মে সুখ-দুখৰ পাতত অসমৰ ৰাইজৰ বাবে আগবঢ়োৱা হৈছে।

সাংবাদিকৰ প্ৰশ্নঃ প্ৰথম আংশিক খচৰাত নাম থকাৰ আচলতে অৰ্থ কি? এতিয়াও ১.৪কোটি এনে মানুহ আছে যাৰ নাম এই খচৰাত নাই। এয়া তেওঁলোকৰ কাগজপত্ৰৰ খেলিমেলিৰ বাবে হৈছে নে তেওঁলোকৰ কাগজপাতি এতিয়াও ভেৰিফিকেচন সম্পূৰ্ণ নোহোৱাৰ বাবে হৈছে?

হাজেলা ডাঙৰীয়াৰ উত্তৰঃ আমি এই কথা আমাৰ প্ৰচাৰ অভিযানৰ জৰিয়তে স্পষ্টকৈ কৈছো যে ভেৰিফিকেচন এতিয়া পেণ্ডিং হৈ আছে (সেই সকলৰ যাৰ নাম প্ৰথম আংশিক খচৰাত নাই)। ভেৰিফিকেচনটো এক অবিৰত প্ৰক্ৰিয়াহে। মই আপোনাক এটা উদাহৰণ দিও-

ধৰা হওক যে মোৰ পৰিয়ালত চাৰিগৰাকী সদস্য আছে, মোৰ পিতৃ, পত্নী, কন্যা আৰু মই। মোৰ পিতৃ, মই আৰু মোৰ কন্যাই যদি লিগেচী মোৰ ককাদেউতাৰ পৰা প্ৰমাণ কৰো, তেন্তে মোৰ পত্নীয়ে লিগেচিৰ তথ্য তেওঁৰ দেউতাক বা ককাদেউতাকৰ সৈতে যোগসূত্ৰ দেখুওৱা হব লাগিব। মোৰ পিতৃয়ে মোৰ ককাদেউতাৰ সৈতে সম্পৰ্কৰ তথ্যগত প্ৰমাণ দিলে, মই পিতৃৰ সৈতে লিংকেজ আৰু মোৰ কন্য়াই মোৰ দেউতাৰ সৈতে তাইৰ লিংকেজৰ তথ্য দিব লাগিব। গতিকে চাৰিখন ডকুমেণ্ট হব, মোৰ দেউতাৰ, মোৰ, মোৰ কন্যাৰ আৰু শেষত মোৰ ককাদেউতাৰ ডকুমেণ্ট। 

আৰু ধৰা হওক যে মোৰ পত্নীয়েও এখন ডকুমেণ্ট জমা দিলে তেওঁৰ পিতৃৰ সৈতে লিংকেজৰ আৰু এখন তেওঁৰ দেউতাকৰ লিগেচিৰ কাগজ।

এতিয়া, মোৰ পিতৃয়ে, ধৰক, মেট্ৰিকৰ এডমিট কাৰ্ড দিলে, মই পেন কাৰ্ড দিলো, মোৰ কন্যাই স্বাস্থ্য বিভাগৰ যুটীয়া নিৰ্দেশকে চহী কৰা জন্মগত প্ৰমাণ পত্ৰ দিলেআৰু মোৰ পত্নীয়ে দিলে তেওঁৰ পাছপৰ্ট। এই সকলো কাগজেই ভেৰিফিকেচনৰ বাবে বেলেগ বেলেগ ঠাইলৈ পঠিওৱা হয়। মেট্ৰিকৰ কাগজ ছেবাৰ অফিচলৈ, মোৰ পেনকাৰ্ড ফাইনেন্স মিনিষ্ট্ৰিলৈ, মোৰ কন্যাৰ জন্মৰ প্ৰমাণপত্ৰ স্বাস্থ্য বিভাগৰ অফিচলৈ আৰু পত্নীৰ পাছপৰ্টৰ কপি যাব বৈদেশিক পৰিক্ৰমাৰ কাৰ্যালয়লৈ প্ৰত্যায়িতকৰণৰ বাবে।

এতিয়া ধৰক, মেট্ৰিকৰ এডমিট, পেনকাৰ্ড আৰু জন্মৰ প্ৰমাণপত্ৰবোৰ ভেৰিফাইড হৈ আহিল। তেন্তে, মোৰ কন্যাৰ লিংকেজ মোৰ সৈতে, মোৰ লিংকেজ দেউতাৰ সৈতে আৰু দেউতাৰ লিংকেজ মোৰ ককাদেউতাৰ সৈতে প্ৰত্যায়িত হোৱা বুলি গণ্য কৰা হব। কিন্তু, মোৰ ককাদেউতাৰ লিগেচী ডাটা কিন্তু এতিয়াও ভেৰিফাইড হোৱাই নাই। একে সময়তে, মোৰ পত্নীয়ে জমা দিয়া দুয়োখন কাগজ প্ৰত্যায়িত হৈ আহিল। তেতিয়া মোৰ দেউতা, মই আৰু কন্যাৰ নাম বাদ পৰিব, কিন্তু আংশিক খচৰাত কেৱল পত্নীৰ নামহে অন্তৰ্ভুক্ত হব। গতিকে কিছুমানৰ নাম আছে, আৰু বাকী কিছুমানৰ পেণ্ডিঙেই হৈ আছে। এই হৈছে প্ৰথম অংশ।

তাৰ পিছৰ কথাটো হৈছে যে, আমি বহুত বেছি পৰিমানৰ ডকুমেণ্ট চম্ভালি আছো। যদি, মই ফাইনেন্স মিনিষ্ট্ৰিৰ পৰা মোৰ পেনকাৰ্ডৰ ভেৰিফিকেচন লাভ কৰিছো, তেন্তে মই ফিল্ডত থকা অফিচাৰজনক এই কথা আপডেট কৰিব বা জনাব লাগিব। এই কামটো মই প্ৰতিদিনে কৰাটো সম্ভৱ নহয়। সেয়ে বেলেগ বেলেগ বেটচ(batch)ত কামটো কৰিব লগা হব। কাৰণ, অফিচাৰজনৰ ওপৰত ইতিমধ্যেই কামৰ বোজা আছেই। এই অফিচাৰজনে এতিয়া মোৰ দেউতাৰ কাগজ, মোৰ ককাদেউতাৰ কাগজ চাব, যে কৰবাত বংশলতা (Family tree) ত আঁসোৱাহ বা অমিল দেখিবলৈ পায় নেকি, বা কোনো ডি ভোটাৰ(সন্দেহজনক ভোটাৰ)নেকি! প্ৰতিজন মানুহৰ বাবেই তেওঁ এটা অনুসন্ধানৰ ভিত্তিত সিদ্ধান্তত উপনীত হব। এই কামটো বা প্ৰক্ৰিয়াটো তেওঁক দিয়া এলেকাটোৰ প্ৰতিজন ব্যক্তিৰ বাবেই কৰিব লাগিব।

আৰু এয়া বহুত বেছি কাগজৰ কাম। তোমাক আৰু অলপ পটভূমি বুজাব পাৰি এইধৰণে যে কেৱল ২৫০০ অফিচাৰহে আছে, প্ৰায় ৩.৩কোটি জনসংখ্যাৰ বিপৰীতে। আৰু এই কামটো অতি দায়িত্বসহকাৰে কৰিব লাগিহ। নহলে, এই তালিকাত অযোগ্য ব্যক্তিৰ নাম এই তালিকাত সোমাব আৰু যোগ্য ব্যক্তিৰ নামেই থাকি যাব। আৰু তেওঁ কামটো নিজে কায়িকভাৱে (manually) কৰিব লাগিব। কম্পিউটাৰ বোৰে কেৱল আমাক ডকুমেণ্ট চাবমিট কৰাৰ বাবে আৰু ইছুৱিং অথৰিটিবোলৰলৈ সেইবোৰ পঠিওৱাৰ কামহে কৰিব। বেছিভাগ ঠাইতে সেইকাম হোৱাৰ পাছত সেইবোৰ কামতনহা হৈ পৰে। বেছিভাগ চাৰ্টিফিকেট ইছ্যু কৰা ইছুৱিং অথৰিটিত কম্পিুটাৰাইজড ডাটাবেচ নাই, কেৱল পেন কাৰ্ডৰ বাহিৰে।

সাংবাদিকৰ প্ৰশ্নঃ এই গোটেই প্ৰক্ৰিয়াটোৰ মেৰুদণ্ড হৈছে লিগেচী ডাটা যিয়ে বংশৰ ইতিহাস প্ৰতিষ্ঠা কৰে, যেনেকৈ আপুনি কলে। কিন্তু কিছুমনা কেচ আছে যত মানুহজনৰ নাম আহিছে অথচ দেউতাকৰ নাম তালিকাত নাই, সেইটো কেনেকৈ সম্ভৱ?

হাজেলা ডাঙৰীয়াৰ উত্তৰঃ ইয়াৰ অৰ্থ এয়াও হব পাৰে যে মানুহজনে মাতৃৰ ফালৰ পৰা লিগেচী প্ৰতিষ্ঠা কৰিছে। এজন মানুহ লিগেচি দেউতাৰ অথবা মাতৃৰ পৰিয়ালৰ পৰাও প্ৰতিষ্ঠা কৰিব পাৰে। কিন্তু ২০০৪ চনৰ পাছত জন্ম হোৱা লোকসকলৰ বাবে মাক আৰু দেউতাকৰ দুয়োটা বংশলতাই প্ৰতিষ্ঠা কৰিব লাগিব।

মানুহৰ মাজত এই ধাৰণা হৈছে যে, যিহেতু ডকুমেণ্টবোৰ পৰিয়াল হিচাবে জমা কৰা হৈছে, গতিকে ফলাফলো পৰিয়ালগত হিচাবে ওলাব। সাধাৰণে, যিকোনো ভেৰিফিকেচনৰ প্ৰক্ৰিয়াত কি হয় জানে, আমি পৰিয়াল এটালৈ যাও আৰু আমি প্ৰতিখন ডকুমেণ্ট এখন এখনকৈ পৰীক্ষা কৰো আৰু তাৰ পাছতহে হয় বা নহয়, তাৰ নিশ্চিতি দিও। ইয়াত আমি প্ৰথম পদক্ষেপটো লৈছোহে। কিন্তু, তাৰোপৰি আমি এই ডকুমেণ্টবোৰ লৈছো আৰু কাগজ ইছ্যু কৰা অফিচলৈ সেইবোৰ পঠিওৱা হৈছে। ইয়াতেই পৰিয়ালগত ধাৰণাটো ভাগি গৈছে আৰু প্ৰতিজন মানুহে একক ব্যক্তি হিচাবে পৰিগণিত হৈছে। আৰু যেতিয়াই প্ৰত্যায়িতকৰণৰ ফলাফল আহিব, মই তেতিয়া মোৰ অফিচাৰলৈ বেটচ হিচাবত সেইবোৰ পঠাব পাৰিম। আৰু তেওঁ তেতিয়া সেইবোৰ কম্পিউটাৰাইজ তথ্যকোষত সেইবোৰ লিপিবদ্ধ কৰিব।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ যেতিয়া আহিল যে প্ৰথমখন খচৰা ৩১ ডিচেম্বৰতে প্ৰকাশ কৰিব লাগিব, তেতিয়াই মই প্ৰক্ৰিয়াটো সাময়িকভাৱে ৰখাই দিব লগা হ’ল। গতিকে বহুত বেছি পৰিমানৰ তথ্যই এতিয়া অফিচাৰে লিপিবদ্ধ কৰালৈ অপেক্ষা কৰালৈ ৰৈ থাকিব লগা হৈছে। গতিকে কোনো পৰিয়ালৰ কাৰোবাৰ নাম সোমাইছে, আৰু কাৰোবাৰ নাম হয়তো বাদ পৰিছে।

সাংবাদিকৰ প্ৰশ্নঃ উজনি অসমৰ জিলা, শিৱসাগৰ আৰু যোৰহাটত, ৮০শতাংশতকৈ অধিক লোক তালিকাত সোমাইছে। নামনি অসম যি বেংগলী মুছলিম সম্প্ৰদায়ৰ বসতিস্থলী, তাত কিন্তু এই সংখ্যা ৪০শতাংশৰ তলতহে হে কিছু বিশেষ জিলাত। আপুনি এই অসমতাপূৰ্ণ অৱস্থাটো কিদৰে বাখ্যা কৰিব?

হাজেলা ডাঙৰীয়াৰ উত্তৰঃ উজনি অসমত, বহু বেছি সংখ্যকেই Original Inbibitant কেটেগৰীৰ যোগে পঞ্জীকৃত হব, যাৰ নাগৰিকত্ব আমি কোনো সন্দেহৰ উৰ্ধত বুলি ক্ষেত্ৰভিত্তিক ভেৰিফিকেচনযোগে প্ৰতিষ্ঠা কৰিব পাৰিছো।

আপুনি যদি চুপ্ৰীমকৰ্টৰ চূড়ান্ত অৰ্ডাৰটো পঢ়ে(অৰিজেনেল ইনহেবিটেন্টৰ বিষয়ত), ধাৰা ৩(৩), যিয়ে ‘খিলঞ্জীয়া বাসিন্দা(Original Inhabitant)’ৰ কেটেগৰীটো নিৰ্ণয় কৰে, তাত কোৱা হৈছে যে, ‘ই ধাৰা ৩(২)দিয়া ধৰণকৈ বেলেগ ধৰণে চিনাক্ত কৰিও নাগৰিকপঞ্জীত অন্তভুৰ্ক্ত কৰাৰ সুবিধা প্ৰদান কৰিছে’। ধাৰা ৩(৩)ত অলপ কম কঠিন আৰু কম বাহুল্যৰ প্ৰক্ৰিয়াৰে অসমৰ খিলঞ্জীয়া বাসিন্দাৰ নাম অন্তৰ্ভুক্তিৰ দাবীক সিদ্ধান্ত লোৱাৰ বাট মুকলি কৰিছে।“

সেয়ে, সেই সকল লোকৰ মই কাগজ পত্ৰ সংগ্ৰহ কৰিছো। কিন্তু প্ৰাৰম্ভিক সোধপোছ(prima facie) তে যদি সেইবোৰ বিশ্বাসযোগ্য বুলি পতিয়ন গৈছো। যিহেতু তেওঁলোকৰৰ নাগৰিকত্ব সন্দেহৰ উৰ্ধত বুলি স্থানীয় অনুসন্ধানৰ জৰিয়তে দেখা গৈছে, তেতিয়া আৰু তেওঁলোকে বেলেগৰ নাগৰিকত্ব প্ৰমাণৰ বাবে দীঘলীয়া প্ৰত্যায়িতকৰণ প্ৰক্ৰিয়াৰ মাজেৰে যাব লগা হোৱা নাই। সেয়ে, আপুনি হয়তো এইসকলৰ বাবে প্ৰয়োজন হোৱা সময় অতি কম যে সেই কথা বুজিব পাৰিছে।

সাংবাদিকৰ প্ৰশ্নঃ এগৰাকী বিষয়াৰ সিদ্ধান্তৰ ওপৰতে কোনো এটা কেটেগৰীক এৰি দিয়াটো-মানে নাগৰিকপঞ্জীকৰণৰ স্থানীয় পঞ্জীয়ক জনৰ ওপৰতে, কথাটো চিন্তনীয় নহয়নে? কাৰণ, অৰিজিনেল ইনহেবিটেণ্টৰ বুলি গণ্য কৰিবলৈ কোনো নিৰ্দিষ্ট অৰ্হতা বা সংজ্ঞাটো নাই! তেন্তে আপুনি কি ভিত্তিত এই শ্ৰেণীবদ্ধকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে?

হাজেলা ডাঙৰীয়াৰ উত্তৰঃ চাওক, যদিও এনে লাগে যে এইটো কম কঠিন অথবা বাহুল্যবিহীন প্ৰক্ৰিয়া, কিন্তু আন এটা ফালৰ পৰা ই বেছি সুক্ষ্মতৰ আৰু কঠিনহে। হয়, নাগৰিকপঞ্জীৰ স্থানীয় পঞ্জীয়কজনে সিদ্ধান্ত লয়, কিন্তু সেই সিদ্ধান্তবোৰ প্ৰতিটোতে স্থানীয় ৰাজহ চক্ৰ বিষয়াই সহমত প্ৰকাশ কৰি চহী কৰিব লাগিব আৰু তাত পাছত জিলা উপায়ুক্তয়ো সহমতি দিব লাগিব। এজনৰ একচেতিয়া সিদ্ধান্তই শেষ কথা হোৱাটো বাৰণ কৰিবলৈকে এই ব্যৱস্থা লোৱা হৈছে। যেতিয়া এটা বিশেষ কেচত বিশেষ ব্যৱস্থা লোৱাৰ নিৰ্দেশনা আছেই, গতিকে আমি তাকেই কাৰ্যকৰী কৰিছো।

সাংবাদিকৰ প্ৰশ্নঃ চূড়ান্ত নাগৰিকপঞ্জীত, খিলঞ্জীয়া থলুৱা বাসিন্দা আৰু বাকী সকলৰ মাজত কোনো প্ৰভেদ নাথাকিব। কিন্তু আপুনি নাভাবেনে যে ৰাজ্যখন এতিয়া অসম হিচাবে পৰিচয়ৰ বাবে স্পৰ্শকাতৰ, প্ৰশাসনে সেই তথ্য চৰকাৰী ৰেকৰ্ডছত লিপিবদ্ধ কৰি ৰাখিব, যদিও এইয়া ৰাজহুৱা নহয়, কিন্তু ই এক hierarchy of citizenship সৃষ্টি কৰিব- যেনে কিছুমান মানুহ বেছি খিলঞ্জীয়া বাকীসকলতকৈ? 

হাজেলা ডাঙৰীয়াৰ উত্তৰঃ উচ্চতম ন্যায়ালয়ে এই দিশটোটোও চাইছে। কেচটোৰ আবেদনকৰ্তাই কৈছিল যে ই এক Superior class of citizens ৰ সৃষ্টি কৰিব যাৰ নিয়োগ, শিক্ষা আদি বিষয়ত বেছি সুবিধা থাকিব। কিন্তু সেই অৰ্ডাৰটোৱে স্পষ্টকৈ কৈছে যে, তেনে কোনো সম্ভাৱনীয়তাৰ কোনো ভিত্তি নাই। মই কৰ্টকো জনাইছো আৰু অৰ্ডাৰো পাছ কৰিছো আৰু এখন অফিচ মেমোৰেণ্ডামো বিষয়টোত ইচ্যু কৰিছো।

এই তথ্য কোনো আন প্ৰক্ৰিয়াৰ বাবে প্ৰাসংগিক নহব। এই প্ৰক্ৰিয়াটো আচলতে কোন খিলঞ্জীয়া বা থলুৱা তাক বিচাৰকৰাৰ প্ৰক্ৰিয়াই নহয়, ই কেৱল নাগৰিকত্বৰহে। সেয়ে তেওঁলোকে কেচটোকে নামঞ্জুৰ কৰি দিলে, কাৰণ ই কাকো উচ্চ খাপৰ নাগৰিক নবনায়। সকলোৱে এক সমান পৰ্যায়ৰ নাগৰিক হব। আপুনি যদি তালিকাখন দেখিছে, তেন্তে ই সকলোৰে বাবে এখনেই তালিকা। তাত কোনো ভাগ বা কেটেগৰী নাই।

সাংবাদিকৰ প্ৰশ্নঃ যিসকল মহিলাই পঞ্চায়তৰ নথি তেওঁলোকৰ লিংকেজ ডকুমেণ্ট ৰূপে জমা কৰিছিল, তেওঁলোকৰ নাম তালিকাত অহা নাই, কেৱল থলুৱা খিলঞ্জীয়া বুলি চিনাক্ত হোৱা সকলৰ নামহে প্ৰথম খচৰাত আহিছে। উচ্চতম ন্যায়ালয়ে যিহেতু এই নথিক বৈধ বুলি ঘোষণা কৰিলে, তেওঁলোকে দ্বিতীয় তালিকাত সহজেই নাম অন্তৰ্ভুক্তি কৰিবলৈ সক্ষম হবনে?

হাজেলা ডাঙৰীয়াৰ উত্তৰঃ হয়, যি সকল মহিলাই কেৱল পঞ্চায়তৰ নথিক ভৰসা কৰি তাৰ বাহিৰে কোনো বিকল্প নথি জমা দিয়া নাই, তেওঁলোকৰ নাম প্ৰথম খচৰাত নাই। সন্মানীয় কৰ্টে এইকথাও কৈছে যে এনেবোৰ কেচত সুক্ষ্মভাৱে পৰীক্ষা কৰিহে লিংকেজ প্ৰতিষ্ঠা কৰিব পৰা যাব। এতিয়াও আমি সেইবোৰৰ ভেৰিফিকেচনৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰা নাই। কাৰণ, উচ্চতম ন্যায়ালয়ে এইবুলিও নিৰ্দেশনা দিছিল যে মই প্ৰথমে ১ ডিচেম্বৰ পৰা ইনভেষ্টিগেচন আৰম্ভ কৰা ৩৮লাখ কেচহে প্ৰথমে মীমাংসালৈ আনিব লাগিব।

সাংবাদিকৰ প্ৰশ্নঃ অনাগত কেইটিমান মাহতো আপোনালোকে বিশাল গণনা প্ৰক্ৰিয়া চলাব লাগিব, যদিও উচ্চতম ন্যায়ালয়ে অহা ২০ফেব্ৰুৱাৰীত চূড়ান্ত সময়সীমাক লৈ সিদ্ধান্ত গ্ৰহণ কৰিব। তাৰ বাবে পৰিকল্পনা কেনে?

হাজেলা ডাঙৰীয়াৰ উত্তৰঃ আটাইতকৈ কঠিন কামটো আছিল ৬.৬কোটি ডকুমেণ্ট সংগ্ৰহ কৰা আৰু ৭৫০০০ তকৈ বেছি বিভিন্ন প্ৰান্তৰ ইছুৱিং অথৰিটিলৈ ভেৰিফিকেচনৰ বাবে সেইবোৰ পঠিওৱাটো। সেই অংশটোৰ বেছি ভাগ সম্পূৰ্ণ হৈছে।এতিয়া, মই কোৱাৰ দৰেই, আমি সেই ভেৰিফিকেচনৰ ফলাফল সমূহ প্ৰতিটো কেচৰ বাবে কায়িকভাৱে লিপিবদ্ধ কৰিব লাগিব। ই নিশ্চয়কৈ যথেষ্ট সময় লব, কিন্তু মই এইবিষয়ে নিশ্চিত নহয় বুলি কবলগীয়াকৈ ইমানো বেছি নহয়! 

সাংবাদিকৰ প্ৰশ্নঃ যিহেতু প্ৰক্ৰিয়াটোৰ সৈতে বাংলাদেশ জড়িত নাই, এনে ধাৰণাও পোষণ কৰা দেখা গৈছে যে নাগৰিকপঞ্জীৰ উন্নীতৰণ প্ৰক্ৰিয়াটো এক ধৰণৰ ফলপ্ৰসূতাহীন প্ৰক্ৰিয়া(Exercise in futility) হে! আপোনাৰ মন্তব্য।

হাজেলা ডাঙৰীয়াৰ উত্তৰঃ এয়া বাস্তৱিকতে মোৰ অধিকাৰক্ষেত্ৰৰ কথা নহয়। কিন্তু, কথাটো হৈছে, আইনগত ভাৱে যিটো কাৰ্যকৰী কৰিব লাগিব, সেয়াটো কৰিবই লাগিব। মই যদিও আইআইটিৰ স্নাতক, যদিও আমেৰিকালৈ যাও আৰু তেওঁলোকৰ অৰ্থনীতিলৈ যথেষ্ট অৰিহণাও যোগাবলৈ আৰম্ভ কৰে, কিন্তু তেওঁলোকে তেওঁলোকৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত মোক ভোট দিবলৈ দিবনে?

মোৰ জানো কাৰ্যকৰীকৰণৰ বাবে ন্যায়িত ব্যৱস্থা নাই? সেইটো বেছি গুৰুত্বপূৰ্ম কথা। আমি প্ৰথমে অবৈধ নাগৰিকৰ সংখ্যা কিমান তাক নিৰূপণ কৰি লওচোন। There is so much speculation going around but we do not know. কিন্তু যেতিয়া আমি নিশ্চিত হম যে আমাৰ হাতত কি আছে, এটা পলিচি বা নীতি নিশ্চয় বনোৱা হব। আমি কিয় আইন কাৰ্যকৰীকৰণত ভয় খাইছো, ইযে কঠিন কাম, কেৱল সেইবাবেইনে?

সাংবাদিকৰ প্ৰশ্নঃ শেষত, যদি ‘নাগৰিকত্ব সংশোধনী বিল-২০১৬’ সংদত পাছ হয়, ই আপোনাৰ ইমান বিশাল কামকো গুৰুত্বহীন কৰি তুলিব, কাৰণ ই কিছুমান ধৰ্মৰ বাবে নাগৰিকত্বৰ নীতি-নিয়ম সহজ কৰি তুলিব। এই বিষয়ে আপোনাৰ অনুভৱ কি?

হাজেলা ডাঙৰীয়াৰ উত্তৰঃ আইন এক নিজা ধৰণেৰে বিবৰ্তিত হয়। আইন ৰাইজৰ প্ৰয়োজন অনুসাৰে বনোৱা হয়। পুনৰ, এই সম্পূৰ্ণ প্ৰক্ৰিয়াটো উচ্চতম ন্যায়ালয়েই মনিটৰ কৰি আছে, চাওচোন বাৰু কি হয়গৈ।
ভাষান্তৰ কৰিলেঃ মনালী চি দত্তই

2 comments: