Wednesday, January 24, 2018

পৰ্যবেক্ষণ

চাহাব হোৱাৰ বাসনা আৰু পৰিশ্ৰমৰ দুৰ্গতি
ড০ অৰবিন্দ ৰাজখোৱা

ৰাইজ, আমাৰ দল চৰকাৰলৈ আহিলে চিন্তাৰ কোনো কাৰণ নাই, আপোনালোকে মুখ মেলিলেই , মাছ মঙহে সানি পিটকি সুস্বাদু আহাৰ মুখত ভৰাই দিম, গিলিলেই দিনে তিনিবাৰকৈ...’

ভাৰতৰ ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী ইস্তাহাৰবোৰে বেচ আমোদ দিব পাৰে একমাত্ৰ ভোটাৰক আকৃষ্ট কৰিবৰ বাবে প্ৰস্তুত কৰা এই ইস্তাহাৰৰপৰাই মূলতঃ  ভাৰতীয় সাধাৰণ মানুহৰ আশা আকাংক্ষাবোৰ বুজিব পাৰি
অশিক্ষিত, অন্ধবিশ্বাসী ভাৰতীয়ক কোনবোৰ প্ৰতিশ্ৰুতিৰে সহজতে ভোলাব পাৰি সেয়া  অধ্যয়ন কৰিবলৈ বোলে বিশেষজ্ঞ নিয়োগ কৰা হয় হাজাৰ বছৰীয়া সভ্যতাই সমৃদ্ধ কৰা ভাৰতীয় সমাজৰ বৰ্তমানৰ চিন্তাৰ স্তৰটো আহি উপনীত হৈছেহি সেয়া বিশেষজ্ঞসকলে নিৰ্ণয় কৰে তাৰ আধাৰত প্ৰস্তুত কৰা ইস্তাহাৰবোৰ পঢ়িলে বুজিব পাৰি ভাৰতীয়সকল সমষ্টিগত বা ৰাজহুৱা উন্নতিৰ প্ৰতি মুঠেই আগ্ৰহী নহয় ভাল আলিবাট, দলং, অত্যাধুনিক চিকিৎসালয়, শিক্ষা প্ৰতিষ্ঠান, সামগ্ৰিকভাৱে বিজ্ঞান প্ৰযুিক্তিৰ বিকাশ আদি বিষয় মূল ইস্তাহাৰৰ অলংকাৰ মাথোঁ এইবোৰ কথাই ভোটাৰক বৰ বেছি আকৃষ্ট নকৰে পোনপটীয়াকৈ ব্যক্তিগত লাভ জড়িত হৈ থকা প্ৰতিশ্ৰুতিসমূহহে ভোটাৰৰ মুখ্য আকৰ্ষণৰ বিষয়আলিবাট, বিদ্যালয় ভাল , মোৰ কি লাভ ’  এই বাণীৰে সমৃদ্ধ ভাৰতীয় ভোটাৰৰ চেতনাই সন্ধান কৰি থকা বিষয়বোৰ সুকীয়া বিনামূলীয়া চাউল-ডাইল, বিদ্যুৎ মাচুল ৰেহাই, ঘৰে ঘৰে দমকলপায়খানা, মেট্ৰিক উত্তীৰ্ণ লেই কম্পিউটাৰ, বিনামূলীয়া পাঠ্যপুথি, শ্ৰম নকৰাকৈ মজুৰী, চাইকেল আৰু টী বিতৰণ আদিৰ প্ৰতিশ্ৰুতিয়েহে প্ৰাণ টানি নিয়ে ভোটাৰসকলৰ প্ৰাণৰ এই স্পন্দন ধ্বনি শুনিয়েই চাগে নিৰ্বাচনৰ আগদিনা কম্বল, সূতা, মদৰ বটল, ছাতিৰপৰা আৰম্ভ কৰি নগধ ধনলৈকে বিতৰণৰ চেষ্টা হয় ইটো দলে সিটো দলক দোষাৰোপ কৰোতে কথাবোৰ বাঢ়ি গৈ সংবাদ মাধ্যমে লাভ কৰে, বৰ বৰ হৰফেৰে সেইবোৰ প্ৰকাশো হয়

ভোটাৰৰ ব্যক্তিগত জীৱন আৰামদায়ক কৰাৰ চেষ্টা ইমানেই বাঢ়ি আহিছে যে অহা কেইটামান বছৰৰ পাছত চাগে ৰাইজক ঘৰতে বহি থাকিবলৈ আহবান কৰা আৰু চামোচেৰে খুৱাই দিয়ালৈকে দায়িত্ব দলসমূহে বলৈ চেষ্টা কৰিব তাৰ টেণ্ডাৰ , ঠিকাদাৰে ঠিকা পাব, কেলেংকাৰী , তদন্ত , দোষীক ধৰাৰ প্ৰতিশ্ৰুতিৰে নেতাই মানুহৰ মন জিনিব মুঠতে এবাৰ আৰম্ভ হৈ লে ৰক্ষা নাই ভাৰতৰ দৰে এলেহুৱা, নিষ্কৰ্মা মানুহৰ দেশ এখনত ইয়ো চাগে বৰ অস্বাভাৱিক কথা নহ তেতিয়া ওপৰত লিখাৰ দৰেই নিৰ্বাচনী প্ৰচাৰ কৰিব লগা পাৰে

উল্লিখিত কথাখিনি মনলৈ আহিছে ভাৰতীয় মানুহৰ হীনমন্যতাৰ নঙঠা স্বৰূপ কিছুমান লক্ষ্য কৰি ইংৰাজে শাসন কৰি যোৱাৰ বাবেই চাগে আমাৰ মানুহৰে মনত আৰামত থকা আৰুচাহাবহোৱাৰ স্বপই কিলবিলাই থাকে ইংৰাজচাহাবসকলে ঔপনিৱেশিক ভাৰতত যি ভূমিকা পালন কৰিছিল সেই বিষয়ে আমাৰ মানুহৰ যে সবিশেষ জ্ঞান আছে তেনে নহয়, কিন্তু সেই চাহাবে পিন্ধা কাপোৰ, ব্যৱহাৰ কৰা গাড়ী, থকা ঘৰ, তেওঁলোকৰ মদৰ আড্ডা, পাৰিচাৰক পৰিৱেষ্টিত জীৱন  এই ধৰণৰ বিলাসবোৰৰ বিষয়ে যে ভাল জ্ঞান ৰৈ গৈছে সেয়া খাটাং ইংৰাজ চাহাবৰ প্ৰতিভা আৰু পৰিশ্ৰমৰ ফেৰ পোৱাটো সহজো নহয় কিন্ত্ তেওঁলোকৰ দৰে খেলা-ধূলা কৰা, পান-ভোজন কৰা একো টান কাম নহয় ধন থাকিলেই শ্ৰমবিহীনভাৱেচাহাব দৰে থকাটোৱেই বেছিভাগ মানুহৰ জীৱনৰ সাৰ হৈ উঠিছে জননেতাৰপৰা জনতালৈ সৰ্বস্তৰত পৰিব্যাপ্ত এই জীৱন বাসনাই সমগ্ৰ ভাৰতক কিমান গ্ৰাস কৰিছে খবৰ পাবলৈ অলপ ক্ষেত্ৰ অধ্যয়নৰ প্ৰয়োজন , কিন্তু অসমীয়াক যে প্ৰায় গিলি পেলাইছে তাত কোনো সন্দেহ নাই আৰাম আৰু গুৰুত্ব সকলোৰে কাম্য ফলত ৰাজনৈতিক দলে তেনে ধৰণৰ টোপ দি দি বছৰ বছৰ ঠগি খাব পাৰিছে  দেশ বা জাতিৰ যি হয় হওক, মাথোঁ মইচাহাব দৰে থাকিবলৈ পালেই হয় এনে বাসনাই আকুল কৰা মানুহক সামগ্ৰিক উন্নতিৰ কথা লে নিৰ্বাচন জিকা চাগে সহজ নহ, লাগিব বিনামূলীয়া চাউল বা শ্ৰমবিহীন মজুৰীৰ কথা

সমাজত কিছু চিন্তাশীল বুলি পৰিচিতশিক্ষিতব্যক্তিসকলৰ মাজতচাহাবীঢঙৰ কথা উনুকিয়ালে কথাখিনি অধিক স্পষ্ট

আমাৰ অনেক কাৰ্যালয়ৰ বিষয়া, শিক্ষাপ্ৰতিষ্ঠানৰ মুৰববী আদিয়ে যিটো বেগ বা মোনা লৈ কাৰ্যালয়লৈ আহে সেইটো কোনোমতেই দাঙি নি কাৰ্যালয়ৰ কোঠা পোৱাবলৈ নোৱাৰে তাৰ কাৰণ এইটো নহয় যে তেওঁলোক শাৰীৰিকভাৱে অক্ষম বা ৰুগীয়া ব্যক্তি, তাৰ কাৰণ তেওঁলোকচাহাব তেওঁলোক গাড়ীৰপৰা নামি চাহাবী খোজেৰে কাৰ্যালয়লৈ যোৱাৰ সময়খিনিতে  ঢপঢপাই দৌৰাদৌৰিকৈ তলতীয়া কৰ্মচাৰী এজনে বেগটো দাঙি নি কাৰ্যালয় পোওৱা দৃশ্য নেদেখা মানুহ বোধকৰোঁ নোলাব তাৰ আগতেই তেনে বিষয়াৰ কোঠা চাফা কৰা, টেবুল জাৰি জোকাৰি ঠিক কৰি থোৱা পৰ্দা টানি কোঁচাই ভাললগা কৰা, ফেন বা এয়াৰ কণ্ডিশ্বনাৰ মেচিন চলাই থোৱা আদি কাম  তলতীয়া কৰ্মচাৰীসকলে কৰি ৰাখেই টেবুলৰ আগত বহাৰ লগে লগে চাহ একাপ লগা হয়েই ইমানবোৰ সা-সুবিধাৰেঅফিচকৰা মাননীয় বিষয়াসকলৰ কাম কাজৰ নমুনা আমাৰ ৰাইজতকৈ কোনে ভালকৈ জানিবহ্ল মাহ মাহ জুৰি ফাইল গেঠেলা লাগি পৰি থকা, ধন খৰছ নকৰাৰ বাবে কেন্দ্ৰলৈ ঘূৰি যোৱা আদি একেবাৰে সাধাৰণ কথা তেনে চাহাবৰ তত্ত্বাৱধানত সজা দলং উদ্বোধন নোহোৱাকৈ ভাগি যোৱাধৰিব লগা অপৰাধী নাকৰ আগতে টিঘিলঘিলাই থকা, বচাব লগা বন্যপ্ৰাণী চিকাৰীয়ে মাৰি শেষ কৰা আদি খবৰ কাকত মাত্ৰেই ভৰি থাকে অথচ উক্ত বিষয়া বা মুৰববীৰ আলপৈচন এনেকৈ ধৰা হয় যাতে জনহিতকৰ কামৰপৰাছাৰেমূৰ তুলিব লগা নহয়

চাহাবসকলৰ বহুতৰে বাবে জনতাৰ ধনেৰে দৰমহা দিয়া গাড়ীচালক, ৰান্ধনি, মালি আদিও থাকে চৰকাৰীভাৱে তেনে সুবিধা পাবৰ যোগ্য নোহোৱাসকলে নিজাকৈ সেয়া কৰি লয়, মুঠতে চাহাবৰ দৰে জীৱনটো কিবাকৈ আহৰণ কৰিব লাগে জননেতাসকলৰতো কথাই নাই সুবিধাকামী সহচৰসকলেই সকলো আল ধৰিচাহাব লগতে নিজৰো জীৱন ধন্য কৰে

অসমীয়া চাহাবসকলৰ প্ৰতিভা আৰু পৰিশ্ৰম বাদ দি আন বেছিভাগ ঢং ইংৰাজ চাহাবৰ দৰেই বিলাস ভোজন, বিলাস ভ্ৰমণ, গহীন চলন ফুৰণ, জন বিছিনতা আদিৰ যোগেদি চাহাবসকলক সহজেই চিনাক্ত কৰিব পাৰি বাৰীৰ চুকত লাউ পুলি ৰোৱা, চোতালৰ জাৱৰ জোঁথৰ চাফা কৰা, পদূলিত মৰি থকা কুকুৰটো গাঁত এটা খান্দি পুতি থোৱা, গাড়ীৰপৰা নামি গৈ মাছ কিনা, পাব্লিক বাছত যাতায়াত কৰা আদি কামচাহাব নহয় মল-মূত্ৰ ত্যাগ কৰা কামটো বাদ দি আন কামবোৰ যিমানে আনে কৰি দিব সিমানে চাহাবৰ চাহাবী বৃদ্ধি হৈ গৈ থাকে ব্ৰিটিছে উপনিৱেশ পাতি অত বছৰ শাসন কৰি যোৱা জাতিটোৰ মাজতো যে এনেচাহাবীগুণ আছিল কোনে জানিছিলহ্ল

কথাটো , কেৱল ৰাজনৈতিক নেতাসকলেই নহয় শিক্ষাপ্ৰতিষ্ঠানৰ মুৰববীৰপৰা আৰম্ভ কৰি ডাঙৰ ডাঙৰ ডিগ্ৰী লৈ ক্ষমতা আহৰণ কৰা সকলো ব্যক্তিৰ মাজতে চাহাব হোৱাৰ প্ৰৱনতা গভীৰ সহজেই সেয়া প্ৰকটো হয় সাধাৰণ মানুহে সেইসকলকে দেৱতাৰ দৰে ভাবে আৰু অনুকৰণ কৰে তাকে কৰাৰ বাদে সাধাৰণ মানুহৰ উপায়ো নাথাকে কিন্তু সাধাৰণ মানুহেতো গাড়ী কিনিব নোৱাৰে, গতিকে গাড়ীৰপৰা আলধৰাই দাঙি নিবলৈ মোনাও তেওঁলোকৰ নাথাকে তথাপি নিজা সামাজিক আৰু আৰ্থিক স্থিতিতেচাহাবহোৱাৰ অক্লান্ত চেষ্টাত তেওঁলোক ব্ৰত হয় প্ৰাথমিক চৰ্ত হিচাপে শ্ৰমৰপৰা আঁতৰি থাকিবলৈ পালেইচাহাব’ ‘চাহাবভাবটো আহিবলৈ লয় বোজা কঢ়িওৱা, ঠেলা-ৰিক্সা চলোৱা, খেতি কৰা, মাছ ধৰা, বাচন ধোৱা, সকলোৱে দেখাকৈ দিন মজুৰী কৰা আদি কামৰপৰা পৰাপক্ষত আঁতৰি থাকিলেহে যে প্ৰকৃত চাহাব পাৰি সেই শিক্ষা সম্পূৰ্ণ হয়

কিন্ত্ জীয়াইতো থাকিব লাগিবহ্ল সেইখিনিতে সুযোগটো ৰাজনৈতিক দলবোৰে লৈ লয় কাম নকৰাকৈ খাই বৈ জীয়াই থাকিব পৰাকৈ ন্যূনতম সুবিধাৰ প্ৰতিশ্ৰুতি সৃষ্টি কৰা হয়চাহাব দৰে জীয়াই থকাৰ আশাত সেই প্ৰতিশ্ৰুতিৰ টোপ ৰাইজে গিলি নিয়ে এটা নিটোল চক্রৰ দৰে এই পৰিঘটনাই ৰূপ পৰিগ্ৰহণ কৰিছে, দূৰৰপৰা লাগি চোৱাৰ দৰে আমাৰ কৰিবলগা একো নাই

প্ৰসঙ্গতে চীন দেশৰ কাহিনী এটা পঢ়া মনত পৰিছে ভাৰতীয় মানুহ এজনে চীনৰ কাৰ্যালয় এটাত কাম কৰি তাজ্জৱ মানি কাহিনীটো লিখিছিল তাত বোলে সৰু সৰু বিষয়াতো বাদেই বৰ চাহাবৰো বেগ দাঙোতা কোনো নাথাকে কাৰ্যালয়ৰ কাম আৰম্ভ হোৱাৰ কিছু আগতেই গৈ নিজৰ কোঠাটো থান থিত লগোৱা, প্ৰয়োজনত চাফা কৰা আদি প্ৰয়োজনীয় কামবোৰ কৰি লাগে যিটোঅফিচ টাইমসেইটোতে কাম আৰম্ভ কৰিবই লাগে নিৰ্ধাৰিত কাম কৰিহে দৰমহা লাগে, বাহিৰা টকাও নাই আমাৰ চৰকাৰী কাৰ্যালয়বোৰত দহ বজাত কাম আৰম্ভ হোৱাটোতো বাদেই, এঘাৰমান বজাত চকীত বহিয়েচাহাবেৰাইজলৈ পিঠি দি মহাসুখত চাহত শোহা মৰা দৃশ্যটিয়েহে মন জুৰায় তিনি নৌ বাজোতেই বেগটো গাড়ীলৈ নিবলৈ আলধৰাজন কাষতে থাকেই তাৰ মাজত যদি কাম কৰিব লাগে তেনেহলে ৰাইজে মাননি দিব লগা হয় ভাবটো এনেকুৱা দৰমহাটো তেওঁলোকৰ পৈত্ৰিক, কাৰ্যালয়লৈ আহি চৰকাৰক অনুগ্ৰহ কৰিছে, কাম যদি কৰি লাগে, ‘বেটা তোৰহে কাম, এনেই কাম হয় নেকি!

 লেখকৰ ঠিকনা:
অৰবিন্দ ৰাজখোৱা, সহকাৰী অধ্যাপক, নৰ্থ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্তশাসিত), ফোন : ৯৪৩৫১-৮৯১৭৪

No comments:

Post a Comment