মনৰ কথা - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here
পিকচাৰ অফ দ্যা ডে আৰু 
বিতৰ্কৰ উৰহীজোপা
দেৱজিত শইকীয়া
বাৰু সকলোৱে কিবা কিবি ক'লেই৷ মোৰ অলপ কথাটো বুজি লওঁতে দেৰি হয়৷ মানে সেই যে আগৰ দিনৰ টিপিক টাপাক কৈ জ্বলি জ্বলি শেষত ভামুক কৈ জ্বলা টিউৱ লাইটটো, মইও ঠিক তেনেকুৱাই৷ বহুতৰে ৱালত বাগৰি ফুৰা ইচ টেটাচ আৰু সুৰাৰ বিপনি আগত সুন্দৰীৰ ফটো দেখি "অহ মাই গড" বুলি কোৱা আৰু জেণ্ডাৰ ডিচক্ৰিমিনেশ্চনৰ কথা কোৱা লগতে অসমীয়া সমাজ ব্যৱস্থাৰ দোহাৰি দিয়া সকলো কথা একান্ত বাধ্য ছাত্ৰৰ দৰে পঢ়ি শুনি দেখি বুজি মোৰো কিবা ফটা মুখখন খুলিবলৈ বৰকৈ মন গ'ল৷ সপক্ষে বিপক্ষে একো নকও কাৰন এইখন কিবা প্ৰাইজ মানি তৰ্ক প্ৰতিযোগীতা নেকি কিবা? কথাটো মানে মই অলপ বেলেগ এটা এংগোল দিহে চাইছো৷ 

জানো দিয়কচোন, ফেচবুকত কিবা এটা গৰম মছলাদাৰ টপিক আহিলে সকলো জপিয়াই পৰেই৷ মইও সেই পুৰ্বপুৰুষ বান্দৰৰ হে বংশধৰ৷ লং জাপ, হাই জাপ মাৰি অসমীয়াই অলিম্পিকত গল্ড মেডেল ডাল আনিব নোৱাৰিলে কি হ'ল ঘেন্টা? উপচ্ চৰি, ঘেন্টা ইজ কপি ৰাইটেড টু চিংগাৰ বিতৰ্ক অনলি৷ পাহৰিয়েই গৈছিলো৷ বাৰু সেইভাগ তাতেই থলো৷ অলিম্পিক মাৰ গুলি, ফেচবুকৰ লগত অলিম্পিকৰ কি ৰিলেচন৷ ম'বাইল মোৰ, পইচা দি জিঅ'ৰ ফ্ৰি ৱান জিবি নেট নেট পেক ভৰাইছো মই, ফেচবুকৰ একাউন্ট মোৰ, কাৰ বাপেকৰ কথা শুনিম? ছচিয়েল মিডিয়া হ'লে কি হ'ল? মই কি ছচাইটিৰ মানুহ নহয় নেকি? মোৰো বাক স্বাধিনতা আছে, যি মন যায় তাকে ক'ম৷ কাকো ডিচষ্টাৰ্ব দিয়া নাই, কাৰো টেটুত চেপি মোৰ ইচ টেটাচ পঢ়িবই লাগিব বুলি কোৱা নাই নহয়৷ হেৰৌ ডিজিটেল মিডিয়াৰ ডিজিট দুটা নাজানিলে কি হ'ল, ডিজিটেল ইন্দিয়াৰ মানুহ মই৷ ছচিয়েল মিডিয়াৰ ব্যৱহাৰ কি মোক শিকাব নালাগে নহয়, মইও জানো হেৰৌ, মই যদি এফ আৰ পি থকা মানুহ হঁও মই যি কওঁ চেয়াৰ হ'বই৷ কাৰন মোৰ টিপ্পনী ৱালে ৱালে বাগৰি এসময়ত সোণালী আখৰৰে মহৎ লোকৰ বাণীৰ দৰে সংৰক্ষণ হ'ব পিছৰ প্ৰজন্মই কিতাপত পঢ়িবলৈ পাব৷ সমাজৰ দোষ ক্ৰুটি দেখুৱাই টেটুৰ সিৰা ফুলাবলৈ, কামৰে নহলেও কথাৰেই গুৱাল গালী পাৰি এদিনতে সকলো সমস্যা সমাধানৰ পথ দেখুৱাই বোকাত সোনৰ কণী পাৰিবলৈ মই বুদ্ধিGb নহ'লো কি ডাল হ'ল? মোৰো বিবেক বুদ্ধি আছে, মইও মাত মাতিম৷ মইও বিতৰ্ক কৰিম৷ বিতৰ্ক নহ'লে ফেচবুক যে সেৰেঙা সকলোৱেই জানো৷ বিতৰ্ক এটা ক'ৰবাত দেখা পাও বুলিয়েই হেৰৌ দিনৰ দিনটো ফেচবুকৰ নিউজ ফিড সোপা মুখষ্ট কৰো৷ দীঘল লেখা, জানিব লগীয়া কথা এটা নপঢ়িব পাৰো, লাইক নামাৰিব পাৰো, কিন্তু বিতৰ্কত দাঁত ধৰাৱলৈ মই কমেন্ট দিমেই৷ আজিও দিম৷ বাৰু বহু ভাবি গুনি চাই মোৰ মনত ঘটংকৈ ভাৱ এটা আহিল৷ ধৰি লোৱা হ'ল পিকচাৰ অফ দ্যা ডেত দুজনী চাদৰ মেখেলা পিন্ধা ছোৱালী ৱাইন চপৰ আগত আছে৷ পইচা খুচুৰা কৰিব যোৱা কথাটো বাৰু বাদ দিলো৷ বাকী ৰাইজৰ মন্তব্য ইচ টেটাচ পঢ়ি হোৱা আইডিয়াটোক দুভাগত সমানে দুফাল কৰি ল'লো৷ এফালৰ মতে সমাজৰ অধঃপতন আৰু আন ফালে "হোৱাই বয়জ হেজ অল দ্যা ফান?"৷

ধৰি ল'লো সেই ছোৱালী দুজনী আপোনাৰ মোৰ ছোৱালী, মোৰ কমেন্ট কি হ'ব৷ মোৰ কমেন্টটো মানে আপোনাৰ নিজৰ কমেন্ট বুলিয়েই পঢ়িব আকৌ দেই, নহ'লে টেষ্ট নাপাব৷ "বৰ ভাল কৰিলি আই, মদৰ দোকানৰ সন্মুখত তহঁত দুজনীৰ ফটো দেখি আজি দেউতাক হিচাপে মই কিমান গৰ্ব অনুভৱ কৰিছো, তহতি কি বুজিবি৷ হেৰৌ মোকোতো ক'ব পাৰিলি হয়৷ নহ'লে মই আনি থোৱা আছিলেই, তাৰেই দুপেগ দিব পাৰিলি হয়৷ বাদ দে কোনোবাই কিবা কৈছে, উই আৰ নাও ইন মডাৰ্ণ চচাইটি, ফৰগেট দউজ মিনিংলেছ আউট ডেটেড চংস্কৃতি এণ্ড ছ'চাইটি৷

বাৰু এইবাৰ অলপ ৰক্ষণশীল বাপেক হিচাপে পঢ়ক, " এইয়াই কষ্ট কৰি পঢ়াই শুনাই তহতক শিক্ষা দিলো অত দিনে, দিন দুপৰতে মদৰ দোকানৰ সন্মুখ পালিগৈ? নাক কান কটালি৷

বাৰু ডায়লগ বাজী হৈ গ'ল, বিতৰ্ক মাৰক গুলি, এতিয়া আহো মুল কথালৈ? আপুনি নিজকে এতিয়া কোনজন অভিভাৱক বুলি ভাবে? যদিও "সুৰা স্বাস্থ্যৰ প্ৰতি হানিকাৰক" বটলটো শুৱনী কৰিবলৈ লিখা থাকে তথাপি মদ খোৱাটোত একো জেণ্ডাল ডিচক্ৰমিনেশ্চন নাই৷ ল'ৰাই খাই যেতিয়া ছোৱালীও খাব পাৰিব৷ বাপেকে খালে, মাকেও খাব পাৰিব৷ সেইখন দুজন ল'ৰাৰ ফটো হোৱা হয় কোনো বিতৰ্কই নহ'ল হয়৷ ছোৱালীৰ ফটো বাবে হে আমি জপিয়াই পৰিলো, নহয় জানো? সেইবোৰো বাদ৷ মোৰ ক'ব লগিয়া কথাটো হ'ল যে আজি যিখন ফটো দেখি বিতৰ্ক হৈছে এসময়ত সেইখন চেল্ফী হ'বগৈ " মেহ এণ্ড ব্লেণ্ডাৰ্চ প্ৰাইড"৷ অন্য ৰাজ্যত সুৰা বন্ধ হোৱাৰ সলনি আমাৰ নতুন চৰকাৰে এবছৰত সুৰাৰ পৰা 2000 কোটি কৰৰ টাৰ্গেট ৰাখিছে৷

কথাটো হ'ল সমাজ সলনি হ'য়৷ ভাললৈ হওঁক কাললৈ হওঁক সলনি হ'বই৷ মুৰঘমাই লাভ নাই৷ আগতে সুক্ষ্ম ভাবে আৰু লেহেমিয়াকৈ সলনি হৈছিল কিন্তু তথ্য প্ৰযুক্তিৰ কৃপাত বৰ্তমান সমাজ ক্ষিপ্ৰ গতিত সলনি হ'ব ধৰিছে আৰু ইয়াৰ বাবে দুটা খুৱ কম বয়সৰ ব্যৱধানৰ দুটা জেনেৰেচনৰ মাজতো বৃহৎ গেপ এটা আহি পৰিছে৷ আমি যি সকলে পৰিবৰ্তিত সময়ৰ নতুন প্ৰজন্মৰ লগত নিজকে মিলাব পাৰিছো ঠিকেই আছে কিন্তু যিয়ে পুৰণি চিন্তা চৰ্চাকো এৰিব পৰা নাই আৰু নতুনচামৰ পৰিবৰ্তনটোও গ্ৰহন কৰিব পৰা নাই, সেই সকলৰ বাবে নিজকে পৰিবৰ্তিত চিন্তা চৰ্চা, সমাজ ব্যৱস্থাৰ লগত খাপ খুৱাবলৈ অসুবিধা হৈছে৷ কিন্তু ধনাত্মক দিশতেই হওঁক বা ঋনাত্মক দিশতেই হওঁক সমাজ পৰিবৰ্তনশীল৷ আজিৰ পৰা দহ বছৰ আগৰ সমাজখনক আজিও একে দৰেই ধৰি ৰাখিব পাৰিম বুলি ভৱাটোও ভুল৷ হাজাৰ চিঞৰ বাখৰ কৰক, ঐতিহ্য পৰম্পৰাৰ কথা কওঁক, সমাজ সমাজৰ মতেই নিদিষ্ট দিশত গৈ থাকিব৷ এসময়ৰ ধুতি, গান্ধী টুপি, খদ্দৰ পিন্ধা দিনবোৰ যেতিয়া বেল্ট বুটাম পটলুং আৰু চোলালৈ পৰিবৰ্তন হৈছিল তেতিয়াও মানুহে পৰিবৰ্তিত নতুন প্ৰজন্মক জাত এৰিলি বুলি কৈছিল৷ তাৰ পিছত জিনচ টি চাৰ্ট আৰু চৰ্ট আহোতে পটলুং পিন্ধা সকলে আকৌ জাত এৰিলি বুলি ক'ব ধৰিলে৷ এইদৰেই সমাজৰ ৰুচিবোধ, পৰম্পৰা সকলো সময়ে সলনি কৰি গৈ থাকিল আৰু গৈ থাকিব৷ পৰিবৰ্তন আমাৰ বাবে গ্ৰহণীয় হ'ব নে পৰিবৰ্তন আমাৰ পিছৰ প্ৰজন্মৰ সকলৰ মতে গ্ৰহণীয় হ'ব সেইটো সময়ে ক'ব৷ আমি মাত্ৰ প্ৰতিজনেই জীৱনত দুটা প্ৰজন্মৰ সেঁতু তথা সাক্ষী হৈ ৰ'ম......

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages