চিন্তন - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here
“শিল্পী দিৱস” ৰ চিন্তাঃ 
শিল্পীৰ সামাজিক আৰু জাতীয় চেতনা
ড° বিজয় কৃষ্ণ চেতিয়া
সমাজ উত্তৰণৰ বাবে সাংস্কৃতিক ৰূপান্তৰৰ সাধনা কৰা “ৰূপকোঁৱৰ” উপাধিৰে অসমীয়া বুকুৰ আপোন হোৱা সুন্দৰৰ পূজাৰী জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ ৬৮ সংখ্যক মৃত্যু তিথিত কালি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পালিত হ'ল শিল্পী দিৱস। 

আমি ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ যে সাম্প্ৰতিক সময়ত “শিল্পী দিৱস”ৰ তাৎপৰ্যক সামাজিক দৃষ্টিকোনেৰে বিশ্লেষণ কৰাটো অতিকৈ জৰুৰী হৈ পৰিছে, কিয়নো ৰূপকোঁৱৰৰ যি ৰূপান্তৰৰ সাংস্কৃতিক জীৱন আৰ্দশ, সেই আৰ্দশক আজি শিল্পী সমাজৰ কিমানজনে গভীৰভাৱে হৃদয়ংগম কৰিব পাৰিছে সেইয়া সাম্প্ৰতিক সমাজ ব্যৱস্থাৰ বাবে এক অতি চিন্তনীয় বিষয় আৰু এনে চিন্তাই বৰ্তমান সময়ত “শিল্পী” শব্দটোক লৈ আমাৰ মনত এক গভীৰ সংশয় ভাৱৰ সৃষ্টি কৰিছে। আমি ভাৱিবলৈ বাধ্য হৈছোঁ আচলতে ‘শিল্পী’ নো কি বা ‘শিল্পী’ৰ প্ৰকৃত সংজ্ঞাই বা কি?

আমি আমাৰ সীমিত জ্ঞানে যি বুজি পাওঁ সেইমতে শিল্পী হ'ল এখন সমাজৰ বা এটা জাতিৰ উত্তৰণৰ আটাইতকৈ দায়িত্বশীল ব্যক্তি, যি নিজস্ব স্বপ্ৰতিভাৰে বিনা অহংকাৰে জাতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা সাহস কৰে, যি জাতিৰ সমস্যাক নিজৰ সৃজনশীল চিন্তাৰে সমাধানৰ পৰিৱেশ গঢ়ে।

আমি যদিহে উপৰিউক্ত সংজ্ঞাক মানি লওঁ, তেন্তে বৰ্তমান সময়ত জনপ্ৰিয়তাৰ শীৰ্ষত থকা সৰহ সংখ্যাক আমাৰ তথাকথিত শিল্পীকে আমি শিল্পী শাৰীৰ পৰা আঁতৰাই দিব লাগিব। কাৰণ তেওঁলোকৰ জাতীয় চেতনাক লৈ আমাৰ প্ৰশ্ন আছে বা সন্দেহ আছে। বৰ্তমান সময়ত অসমীয়া জাতিটোৱে নিজৰ অস্তিত্বকলৈ বিভিন্ন বিপদৰ সন্মুখীন হৈছে, এই বিপদ ভাষাকলৈ হৈছে, এই বিপদ জনসংখ্যাকলৈ হৈছে বা এই বিপদ নৱ প্ৰজন্মৰ জাতীয় চেতনাকলৈ হৈছে । কিন্তু সাম্প্ৰতিক সময়ত এই বিপদ সমূহৰ প্ৰতি কিছু মুষ্টিমেয় শিল্পীক বাদি সৰহসংখ্যাকৰ যি ধৰণৰ মনোভাৱ ইয়াক লৈ বৰ্তমান সময়ত আমাৰ মনত গভীৰ সংশয়ৰ সৃষ্টি হৈছে।

বৰ্তমান জাতীয় সমস্যা সমূহৰ সমাধান স্বাৰ্থত শিল্পীসমাজত যেনেধৰণৰ সৃষ্টি হব লাগিছিল সেইয়াও নাই হোৱা বুলি আমি ব্যক্তিগতভাৱে অনুভৱ কৰোঁ আৰু এই বিষয়টোৱে আমাক যথেষ্ট চিন্তিত কৰি তুলিছে। এইক্ষেত্ৰত 'সৃষ্টি' বুলিলে আমি আমাৰ সীমিত জ্ঞানে যি বুজোঁ তাক কিছু সংক্ষেপে ব্যক্ত কৰিব বিচাৰিছোঁ।

আমাৰ বিবেচনাত সৃষ্টি হ'ল কোনো ব্যক্তিৰ স্বপ্ৰতিভাৰ সামাজিক স্বীকৃতি, সৃষ্টিৰ বাবে এক সুস্থিৰ আৰু গৱেষণালব্ধ মনৰ খুবেই প্ৰয়োজন বুলি আমি ব্যক্তিগতভাৱে অনুভৱ কৰোঁ। লগতে আমি অনুভৱ কৰোঁ ‘সৃষ্টি’য়ে জাতীয় চেতনাক প্ৰতিনিধিত্ব কৰিব পাৰিবই লাগিব আৰু জাতিৰ উত্তৰণৰ বাবে ‘সৃষ্টি’ দায়বদ্ধ হবই লাগিব, ইয়াত জাতীয় শব্দটো বহল অৰ্থত মানৱ জাতিৰ বাবে ব্যৱহাৰ কৰা হৈছে।

এতিয়া যদি জাতীয় চেতনাক কিছু আঞ্চলিক চেতনাৰ গণ্ডীৰলৈ আনো অৰ্থাৎ অসমীয়া জাতীয় চেতনাৰ প্ৰসংগলৈ আহোঁ তেন্তে আমি দেখিম বৰ্তমান সময়ৰ তথাকথিত শিল্পী সকলে অসমীয়া জাতীয় চেতনাক যেনেদৰে প্ৰভাৱম্বিত বা প্ৰতিনিধিত্ব কৰিব পাৰিব লাগিছিল তেনেদৰে কৰিব পৰা নাই। সাম্প্ৰতিক সময়ত যি সৃষ্টি হৈছে সেইয়া কেৱল শিল্পী ব্যক্তিগত পুঁজিকেন্দ্ৰীক স্বাৰ্থপূৰণৰ বাবেহে হৈছে আৰু আমি অনুভৱ কৰোঁ এনে চিন্তা জাতিটোৰ স্বাৰ্থত গ্ৰহণযোগ্য নহয়।

আমাৰ এই ধাৰণাক স্পষ্ট কৰিবলৈ তলত দুটা উদাহৰণৰ সহায় ল’লো-
ক । আজিও আমি কোনো জাতীয় সমস্যাত জাতিটোক জাতীয় চেতনাৰে একগোট কৰিবলৈ জ্যোতিপ্ৰসাদ দেৱৰ “লুইতৰ পাৰৰে আমি ডেকা ল’ৰা মৰিবলৈ ভয় নাই” বা ভূপেন হাজৰিকা দেৱৰ “আহ আহ ওলাই আহ” গীত সমূহকে কিয় পৰিৱেশন কৰিব লগা হয়। অৰ্থাৎ এনেধৰণৰ জাতীয় চেতনাৰে উপলব্ধ নতুন গীত নতুন চাম শিল্পীৰ চিন্তাত বা কণ্ঠত উপলব্ধ কিয় নহয়? ইয়াৰ দ্বাৰা বৰ্তমান সময়ত “শিল্পী”ৰ সামাজিক সংজ্ঞা অস্পষ্ট নহয় নে?

খ। দ্বিতীয়তে জাতীয় সামাজিক প্ৰমূল্যবোধ ক্ষেত্ৰতও জ্যোতিপ্ৰসাদ দেৱৰ “তই কৰিব লাগিব অগ্নিস্নান সাজু হ’ সাজু নৱজোৱান” বা মানবীয় প্ৰমূল্যবোধৰ ক্ষেত্ৰত ভূপেন হাজৰিকা দেৱৰ “মানুহে মানুহৰ বাবে” আদি গীতসমূহকে আজিও পৰিৱেশন কৰিব লাগে। এই ক্ষেত্ৰতও বৰ্তমান সময়ত “শিল্পী”ৰ সামাজিক সংজ্ঞাৰ অস্পষ্টতাৰ প্ৰসংগটোকে সজোৰে উপস্থাপন কৰিব পাৰি। 

উপৰোক্ত উদাহৰণৰ দ্বাৰা এটা কথাই স্পষ্ট বৰ্তমান সময়ত জাতীয় চেতনাক ঐকবদ্ধ কৰাত বা জাতীয় প্ৰমূল্যবোধক সজাগ ও জাগ্ৰত কৰিব পৰা সৃষ্টি কৰাত আমাৰ তথাকথিত শিল্পীসকল সক্ষম নহয় বা তেওঁলোক আগ্ৰহী নহয়। আজিৰ দিনত কেৱল মাত্ৰ অসমীয়াৰ আৱেগক আহিলা কৰি উৎসৱ কেন্দ্ৰীক চিন্তা কৰাতহে আমাৰ তথাকথিত শিল্পীসকল অভ্যস্ত বা ব্যস্ত; ব'হাগ মাহটো যেন তাৰেই উদাহৰণ আৰু শেহতীয়াকৈ মাঘ বিহুৱেও এনে চিন্তা পৰা পৰিত্ৰাণ পোৱা নাই।

শেষত আমি অনুভৱ কৰোঁ, বৰ্তমান সময়ত আমাৰ জাতিটো বিভিন্ন জাতীয় সমস্যাৰে ভাৰাক্ৰান্ত হৈ আছে আৰু এইসময়ত জাতিটোক এক সৱল কৰা স্বাৰ্থত এক সুস্থিৰ সাংস্কৃতিক আন্দোলনৰ খুবেই প্ৰয়োজন। গতিকে বৰ্তমান সময়ত নিশ্চয়কৈ আমি চিন্তা কৰা উচিত হব যে আমাক কেনে শিল্পীৰ প্ৰয়োজন আৰু তাৰবাবে আমি কেনে পৰিৱেশ গঢ়িব লাগিব তাৰ বাবেও চিন্তাৰ কৰা এক সময়ৰ আহ্বান আহি পৰিছে বুলি আমি ব্যক্তিগতভাৱে অনুভৱ কৰোঁ।

এনে জটিল সময়ত সমাজৰ সুস্থিৰ উত্তৰণৰ স্বাৰ্থত এক বৈজ্ঞানিক সাংস্কৃতিক উদ্ভাৱনমুখী চিন্তাৰ পৰিৱেশ গঢ়িবলৈ প্ৰয়োজনীয় প্ৰকৃত পথ সন্ধান কৰাত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ দেৱৰ সাংস্কৃতিক ৰূপান্তৰ আৰ্দশই নিশ্চয়কৈ আমাক সহায় কৰিব আৰু ইয়াৰ বাবে প্ৰয়োজন হব জ্যোতিপ্ৰসাদ দেৱৰ সাংস্কৃতিক ৰূপান্তৰৰ আৰ্দশক গভীৰ উপলব্ধিৰে গ্ৰহন কৰা সাহস। আমি বিশ্বাস কৰোঁ এনে সাহসেহে প্ৰকৃততে “শিল্পী দিৱস” ৰ মহৎ সামাজিক উদ্দেশ্যক সফল কৰাত সহায় কৰিব, নহ’লে “শিল্পী দিৱস”ৰ চিনাকী কেৱল মাত্ৰ এক স্মৰণ দিৱসতেই সীমাবদ্ধ থাকিব , যিটোক সময়ত সমাজ উত্তৰণৰ পৰিপন্থীৰূপে গণ্য কৰা হব।

1 comment:

  1. I was searching for something in google and came to know about this website.Really it is a very good initiative, i have checked your website and found very useful, i will definitely recommend to my friends.শিল্পীৰ সামাজিক আৰু জাতীয় চেতনা was very well written,i loved it.Thanks to the admin of this website for this great initiative.

    ReplyDelete

Post Bottom Ad

Responsive Ads Here

Pages