বিশ্লেষণ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

প্ৰত্যাশাৰ অন্য নামঃ অসম জাতীয় বিদ্যালয়
পংকজ কুমাৰ নাথ
“চৰাইবোৰে বাৰু কি কথা পাতে" ? 
-গছৰ কথা পাতে । বাহাত ডিমা পাৰে । তেতিয়া কথা পাতে-কেইটা ডিমা আছে তাৰে কথা পাতে ।পানী খাবা যায় । পানী খাবা গেলি পকা (পোক) পালি খায় । ভাগে খায় । গাছৰো পাত খায় । সেইবিলাক কথাওঁ পাতে । কেইটা পকা খাবা যাবা সোধে ।”

অসম জাতীয় বিদ্যালয়ৰ বছৰেকীয়া প্ৰকাশ ‘বাখৰ’ৰ ‘অকণিৰ মৌ মেল’ শিতান এটাৰ পৰা পোনে পোনে উন্ধৃত কৰা হৈছে এই কথাখিনি । যিখিনি শিক্ষাৰ্থী নতুনকৈ নামভৰ্তি হৈছে, যাক এতিয়াও আখৰ শিকোৱা হোৱা নাই, সেই ছাত্ৰ-ছাত্ৰীসকলক একোটি প্ৰশ্ন সোধা হয় আৰু সিহঁতে যেনেকৈ উত্তৰ দিয়ে ঠিক তেনেকৈয়ে (সম্পাদনা নকৰাকৈ) প্ৰকাশ কৰা হয় । কল্পনা কৰিয়েই ভাল লাগে যে সেই শিশুসকলে ডাঙৰ হৈ যেতিয়া পুৰণি ‘বাখৰ’বোৰৰ পাত লুটিয়াই চাব, কিমান স্মৃতিময় আনন্দেৰে ভৰি উঠিব মন ! বছৰেকীয়া মুখপত্ৰখনত একেবাৰে আৰম্ভণি শ্ৰেণীৰ শিক্ষাৰ্থীসকলকো অন্তৰ্ভুক্তি কৰাৰ এই অনন্য চিন্তা আৰু পৰিকল্পনাটো কাৰ মই নাজানো, অত্যুক্তি যেন লাগিলেও নুনমাটিস্থিত অসম জাতীয় বিদ্যালয়খনে মোৰ দৰে বহু অভিভাৱকক আকৰ্ষণ কৰাৰ অন্য বহু কাৰণৰ মাজত এইটো এটা বিশেষ কাৰণ, মোৰ বাবে । শিক্ষাৰ এটা মূল উদ্দেশ্য হোৱা উচিত জ্ঞানৰ পৰিসৰ বঢ়োৱাৰ সমান্তৰালভাবে প্ৰত্যেক শিশুৰেই স্বকীয় সম্ভাবনাবোৰ আবিষ্কাৰ কৰিব পৰাকে সিহঁতৰ কল্পনাশক্তিৰ বিকাশ ঘটোৱা । বিজ্ঞানী আইনষ্টাইনে কৈছিল- “For knowledge is limited to all we now know and understand, while imagination embraces the entire world and all there ever will be to know and understand.” এই কথা প্ৰমাণ হৈছে স্বকীয় উদ্ভাৱনাৰ সম্ভাবনা বহন কৰা দেশৰ বিদ্যালয়সমূহলৈ ভাৰত চৰকাৰে আগবঢ়োৱা ‘Atal Tinkering Lab’ প্ৰাপকৰ তালিকাত এই বিদ্যালয়খনে নিজৰ নাম অন্তৰ্ভুক্তি কৰিবলৈ সক্ষম হোৱাটোত । এইটো মাত্ৰ এটা উদাহৰণহে ।


অসমৰ গ্ৰাম্যাঞ্চলসমূহত, য’ত শিক্ষানুষ্ঠানৰ সংখ্যা সীমিত, তাত সঠিক বিকল্পৰ সন্ধান বৰ কঠিন নহয় । কিন্তু নগৰ অঞ্চলসমূহত নিজৰ শিশুটিৰ বাবে বিদ্যালয় নিৰ্বাচন, এটি ডাঙৰ প্ৰত্যাহ্বানেই । হাস্যকৰ যদিও অভিভাৱকসকলৰ চৰিত্ৰৰো উমান পাব পাৰি তেওঁ নিৰ্বাচিত কৰা বিদ্যালয়খনৰ যোগেদিয়েই । এনে বহু সৰু সুৰা সংঘটনৰ মূখামুখি হওঁ-

--চুবুৰীয়াৰ ল’ৰা ছোৱালী যদি চেইণ্ট মেৰীজত পঢ়িছে আমাৰ ল’ৰাই কিয় দিল্লী পাব্লিক স্কুলত নপঢ়িব । 
-- নাই আজিৰ competitive যুগত ফেৰ মাৰিবলৈ ল’ৰা ছোৱালী ইংৰাজী মাধ্যমতেই পঢ়িব লাগিব ।
-- অসমীয়া মাধ্যমত, ইচ ইচ, একো লাভ নাই ।

বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ অভিভাৱকসকলৰ মাজত এনে উক্তি বা কথোপকথন সহজাত, সুলভ । নিজৰ সন্তানৰ বাবে শিক্ষানুষ্ঠান নিৰ্বাচন কৰাৰ সময়ত এনেবোৰ যুক্তি তৰ্ক যদিও হাস্যকৰ, পুতৌজনক এই মানসিকতাৰ সৃষ্টিও কিন্তু সামগ্ৰিক অবক্ষয়ৰ পৰিবেশটোৱেই । সাম্প্ৰতিক সমাজ বাস্তবতাত বিভ্ৰান্তিৰ জাল ফালি সঠিক সিদ্ধান্ত এটি গ্ৰহণ কৰাটো এটি বৰ কঠিন প্ৰত্যাহ্বান । সেয়ে পৃথিৱীৰ কুটিলতাই চুব নৌপাওঁতেই শিশুসকলৰ বাবে যদি সঠিক পথ এটি নিৰ্ধাৰণ কৰি দিব পৰা যায়, সামগ্ৰিকভাবে সেয়া হ’ব পাৰে ভবিষ্যত প্ৰজন্মসমূহৰ বাবে আমাৰ সৰ্বোৎকৃষ্ট উপহাৰ । আৰু অসম জাতীয় বিদ্যালয়ে এই আশাৰ চাকিগছি জ্বলাই ৰাখিছে বিগত পচিশ বছৰ ধৰি । এজন যুক্তিবাদী, আত্মবিশ্বাসী, মানবীয় গুণসম্পন্ন, নিজৰ ভৰিত নিজে থিয় দিব পৰাকৈ শিক্ষিত আৰু সক্ষম, বিবেকবান আৰু নিজা অধিকাৰ সাব্যস্ত কৰিব পৰাকৈ সৎ আৰু সাহসী নৱ প্ৰজন্ম এটি গঢ় দিবলৈ এই বিদ্যালয়খনে চেষ্টাৰ কোনো ত্ৰুটি কৰা নাই বুলি আমাৰ বিশ্বাস হৈছে । আৰু ব্যক্তিগতভাবে, মোৰ এই বিশ্বাসৰ আধাৰ হ’ল প্ৰতিবছৰে প্ৰকাশিত বিদ্যালয়খনৰ বাৰ্ষিক মুখপত্ৰখন – ‘বাখৰ’।

বজাৰ অৰ্থনীতিৰ গ্ৰাসত পৰি বৰ্তমান শিক্ষাব্যৱস্হাও ব্যৱসায়লৈ ৰূপান্তৰিত হ’ব ধৰিছে । সেই সোঁততে আমি আমাৰ সন্তানক বজাৰৰ বিক্ৰীযোগ্য পণ্য হিচাবে গঢ় দি তোলাত কৃপণালি কৰা নাই । আৰু জীৱনৰ বিয়লি যেতিয়া সন্তানৰ ছুটি নিমিলা হৈছে, উৎসৱ পাৰ্বণৰ সময়তো যেতিয়া সিহঁতৰ মূখখন এবাৰ চাবলৈ, নাতি পুতিক এবাৰ লগ পাবলৈ মনটোৱে হামৰাও কৰি উঠিছে অথচ তেওঁলোক আছেগৈ সাত সাগৰ তেৰ নদী সিপাৰত, তেতিয়াহে আমাৰ উপলব্ধি হৈছে নিজকে চিনিব নিশিকোৱাৰ পৰিণাম কি বিষময় । নিজকে জনাৰ, শিপা খামুচি দিগন্তলৈ ডেউকা মেলি আগবাঢ়ি যোৱাৰ যি সুপৰিকল্পিত শিক্ষা, সেই শিক্ষা প্ৰদানৰ প্ৰচেষ্টা এইখন বিদ্যালয়ৰ সকলো সূক্ষ্ম পদক্ষেপতেই বিদ্যমান, সেয়া আমি প্ৰত্যক্ষ কৰি আহিছো ।

গোটাচেৰেক উদাহৰণ নিদিলে কথাবোৰ পৰিষ্কাৰ নহ’ব । পোনতে পুস্তিকা (Prospectus)ৰ মূল নিবেদন এই কথাখিনিলৈ মন কৰক । কোৱা হৈছে- “ শিক্ষাৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বজুৰি বিজ্ঞানসন্মতভাবে প্ৰতিষ্ঠিত এটা সত্য এয়ে যে শিক্ষা আহযণৰ বাবে শ্ৰেষ্ঠ মাধ্যম হ’ল নিজৰ মাতৃভাষা ।” এই প্ৰসংগতে সোণসেৰীয়া কথা এষাৰ কৈছিল নেলচন মেণ্ডেলাই- “If you talk to a man in a language he understands, it goes to his head. If you talk to a man in his language, it goes to his heart”। আৰু কোৱা হৈছে-“…সমাজত বৈজ্ঞানিক, কাৰিকৰী, আৰ্থ-সামাজিক, ভাষা, সাহিত্য, সংস্কৃতি সকলো দিশতে এচাম নতুন প্ৰতিভা সৃষ্টি আৰু গঢ় দিয়াৰ মানসেৰে ১৯৯৪ চনৰ ১ জানুৱাৰীত অসম জাতীয় বিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছে ।” সাধাৰণতেই এনে হয় যে বিদ্যালয় পুস্তিকাত লিখা বহু কথাই আলংকৰিক, বাস্তৱত তাৰ ওলোটাটোহে প্ৰত্যক্ষ কৰা যায় । জাতীয় বিদ্যালয়, মই ন দি কওঁ, এইক্ষেত্ৰত এক আশাব্যঞ্জক ব্যতিক্ৰম । বিদ্যালয়খনৰ মূল দ্বাৰত ওলমি থকা ঘড়ীটোৱেই এই সূচনা দি থাকে যে সময়ানুবৰ্তিতা হ’ল এই শিক্ষানুষ্ঠানখনিৰ এটা মূল বৈশিষ্ট । কোনো পৰিস্হিতিতে এই সময়ানুবৰ্তিতা বিঘ্নিত হ’ব দিয়া নহয় । শুদ্ধকৈ ইংৰাজী ভাষা কোৱা আৰু লিখাৰ বাবে প্ৰাথমিক পৰ্যায়ৰপৰাই যথোচিত ব্যৱস্হা লোৱা হয় । যি সময়ত চৰকাৰী উদ্যোগতে ভূগোল আৰু বুৰঞ্জীক পাঠ্যক্ৰমৰ পৰা এলাগী কৰাৰ ষড়যন্ত্ৰ ৰচিত হৈছে, অসম জাতীয় বিদ্যালয়ে ইয়াৰ ছাত্ৰ ছাত্ৰীসকলক যথোচিত গুৰুত্বৰে নিজৰ শিপা খামুচি ৰখাৰ বাবে প্ৰাথমিক এই বিষয় দুটি পাঠ্যক্ৰমৰ অন্তৰ্ভূক্ত কৰি ৰাখিছে । শিক্ষানুষ্ঠানখনৰ এইটো এটা অবিচ্ছেদ্য কৰ্মসূচী যে প্ৰত্যেক ছাত্ৰ ছাত্ৰীকে অসমখনৰ প্ৰায়বোৰ বুৰঞ্জীপ্ৰসিদ্ধ ঠাই ভ্ৰমণ কৰোৱাৰ ব্যৱস্থা আছে । আন কেতবোৰ বিশেষ উল্লেখনীয় বৈশিষ্ট ---

১. কল্প-বাস্তৱ (virtual reality)ৰ মায়াজালৰ আবেশত নতুন প্ৰজন্মৰ অজস্ৰ ধ্বংসমূখী বাৰ্তাৰে বাতৰি গৰম হৈ থকা এই সময়ত বিদ্যালয়খনিত আছে দুটাকৈ সুদৃশ্য পুথিভঁৰাল, যি প্ৰায়বোৰ বিদ্যালয়তে বিৰল ।
২. আধুনিকতাৰ লগত খাপ খোৱাকৈ কম্পিউটাৰ লেব, দৃশ্য শ্ৰাব্য কোঠাৰ উপৰি শেহতীয়া সংযোজন হ’ল অত্যাধুনিক অটল টিংকাৰিং লেব (Atal Tinkering Lab)।
৩. বাতৰি কাকতত সততে চৰ্চা হৈ থকা স্কুল বেগ আৰু হ’ম ৱৰ্কৰ হেঁচাৰ প্ৰতিও বিদ্যালয় কৰ্তপক্ষ মনোযোগী । এই বোজা বিজ্ঞানসন্মতভাবে নিৰ্ধাৰণ কৰি লোৱা হৈছে । 
৪. প্ৰতিটো শ্ৰেণীতে শিক্ষাৰ্থী আৰু শিক্ষকৰ অনুপাত বিজ্ঞানসন্মতভাবে ৰখা হৈছে ।
৫. প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰেই ঘৰলৈ গৈ ঘৰুৱা পৰিবেশ, পঢ়াৰ সা-সুবিধা আদিৰ বিষয়ে বুজ লোৱা হয় ।
৬. বিভিন্ন স্তৰত বিভিন্ন মেধা বৃত্তি প্ৰদানেৰে ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰাৰ ব্যৱস্থা
৭. সমাজৰ বিভিন্ন স্তৰত বিভিন্ন বৃত্তিত পাৰদৰ্শী আৰু অভিজ্ঞ ব্যক্তিত্বৰ স’তে মুকলি ভাব বিনিময় কৰোৱা হয়, যিয়ে ছাত্ৰ ছাত্ৰীৰ অভিজ্ঞতাৰ পৰিসীমা প্ৰসাৰিত কৰি নিজৰ শিপা খামূচি ৰাখিও আকাশ চোৱাৰ হেঁপাহ সদা জাগ্ৰত কৰি ৰাখে ।
৮. আন এটি গুৰূত্বপূৰ্ণ সুবিধা হ’ল পাঠ্যক্ৰম বৰ্হিভূত নৃত্য-গীত-বাদ্য, খেল আদি প্ৰায় সকলো সহ পাঠ্যক্ৰম শিকাৰ সুবিধা প্ৰদান কৰিছে বিদ্যালয়খনে । 
৯. নানান কাৰণত দুৰ্বল ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ প্ৰতিকাৰমূলক পাঠদান (Remedial Class)ৰ ব্যৱস্থা আছে ।
১০. শিক্ষকসকলেও যাতে সময়ৰ স’তে নিজকে খাপ খুৱাই ৰাখি ছাত্ৰ ছাত্ৰীসকলৰ বৰ্ধিত চাহিদা পূৰণৰ বাবে সাজু থাকিব পাৰে, তাৰ বাবেও বিভিন্ন কাৰ্যসূচী আছে ।

পুস্তিকাভিত্তিক এই বৈশিষ্টসমূহৰ প্ৰমাণ হিচাপে ক’ব পাৰি যে, বিগত ১০ বছৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুত্তীৰ্ণ ছাত্ৰ ছাত্ৰীৰ সংখ্যা শূণ্য, তৃতীয় বিভাগ পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা শূণ্য, দ্বিতীয় বিভাগত উততীৰ্ণ ছাত্ৰ ছাত্ৰীৰ সংখ্যা মাত্ৰ এটা অংকৰ ।যদিও স্থানপ্ৰাপক ছাত্ৰ ছাত্ৰীৰ সংখ্যাই বিদ্যালয় এখনৰ মান নিৰ্ণয় নকৰে, সেইক্ষেত্ৰতো জাতীয় বিদ্যালয়ৰ নাম প্ৰায় প্ৰতিবছৰেই জাকত জিলিকা ।

আন এক সামান্য ব্যক্তিগত প্ৰসংগ ।
কোনোবা এটা বৰ্ষত ইয়াত শিক্ষকতা কৰিবৰ বাবে প্ৰয়োজনীয় পৰীক্ষা আৰু Demonstrationত ময়ো উত্তীৰ্ণ হৈছিলো কিন্তু একেসময়তে অনাথালয় এখনত (এছ অ’ এছ শিশুগাওঁ) কাম কৰাৰ সূযোগ পোৱা বাবে ইয়াত কাম কৰাৰ সৌভাগ্য মোৰ নহ’ল । অতএব জাতীয় বিদ্যালয়ত শিক্ষক হিচাপে চাকৰি পোৱা কিমান কঠিন সেয়া মই জানো । সেয়া যি কি নহওঁক, আমি উনুকিয়াব খোজা প্ৰসংগটো হ’ল ইয়াৰ শিক্ষক শিক্ষয়িত্ৰীসকল । আমি লক্ষ্য কৰিছো যথোচিত সাবধানতা আৰু সঠিকভাবে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসকলক চাকৰিত মকৰল কৰা হয় । কেৱল মাৰ্কশ্বিটৰ যোগ্যতাৰে এই বিদ্যালয়ত শিক্ষক নিযুক্ত হোৱা সহজ নহয় । সেয়ে হয়তো মঞ্চ আৰু চলছিত্ৰ জগতৰ সুখ্যাত অভিনেতা অসীম কৃষ্ণ বৰুৱাৰ দৰে প্ৰতিভাশালী ব্যক্তি এই বিদ্যালয়ৰ শিক্ষক । বৰ্তমান নাথাকিলেও গল্পকাৰ উপন্যাসিক মনালিছা শইকীয়া এই বিদ্যালয়তেই বহুবছৰ শিক্ষকতা কৰি গৈছে । এয়া কেৱল দুটি থাওকতে মনলৈ অহা উদাহৰণহে । বিদ্যালয়খনিৰ প্ৰতিজন শিক্ষকেই বিদ্যায়তনিক সাফল্যৰ লগতে বিভিন্ন আন বিষয়ত পাৰদৰ্শী । ইয়াত শিক্ষকতা কৰি থকা অৱস্হাতে বহু কেইজনে ডক্তৰেট ডিগ্ৰীও লাভ কৰিছে । টিংকাৰিং লেব প্ৰাপ্তিতো শিক্ষকসকলৰ সহযোগ আৰু কুশলতা প্ৰতিপন্ন হৈছে । শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ সম্পৰ্কটো যিহেতু অতি নিকট, শিক্ষকসকলৰ কৰ্ম সুৰক্ষা (Job Security)ৰ প্ৰশ্নটো এটা অতি প্ৰাসংগিক বিষয়, যিটো সততে অবজ্ঞা কৰা হয় । মহানগৰী এখনত জীবন ধাৰণৰ এৰাব নোৱাৰা প্ৰয়োজনসমূহো পূৰ্ণ কৰিব নোৱাৰাৰ দুৰ্ভাৱনা মন মগজুত শিপাই থাকিলে সেই শিক্ষক পাঠদানত মনোযোগী হ’ব নোৱাৰে । এই ক্ষেত্ৰতো জাতীয় বিদ্যালয় ব্যতিক্ৰম । অন্য বহু অনুষ্ঠানৰ তুলনাত ইয়াৰ দৰমহা গাথনি যথেষ্ট উন্নত । তথাপি আমি আশা কৰো বহুল আলোচিত ব্যক্তিগত মালিকানাধীন প্ৰতিষ্ঠানৰ কৰ্মচাৰীৰ অৱস্হাৰ দৰে জাতীয় বিদ্যালয়ৰ শিক্ষকসমাজৰ দুৰ্দশা হোৱাটো অভিভাৱক হিচাপে আমাৰ কাম্য নহয় । ব্যক্তিগত এনে খবৰবোৰ কোনোপধ্যেই কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ হোৱাটো সম্ভৱ নহয় যদিও ই প্ৰায়বোৰ Private Institution ৰেই কৰ্মচাৰীসকলৰ কৰুণ বাস্তৱ । বিদ্যালয় কৰ্তৃপক্ষৰ মনোযোগ শিক্ষকসকলেও লাভ কৰক আৰু যথোচিত কৰ্ম সন্তুষ্টিৰ আনন্দেৰে শিক্ষকসকলক পাঠদানত ব্ৰতী হোৱাৰ প্ৰেৰণা হওঁক এই ৰূপালী বৰ্ষ ।

পুস্তিকাখনিত উল্লেখ আছে যে “এটা চহকী আৰু সবল ভাষা থকা স্বত্বেও চাৰিওফালে বিৰাজ কৰা বৰ্তমানৰ একপ্ৰকাৰ হীনমন্যতা পৰিহাৰ কৰি আমি আত্মপ্ৰত্যয়েৰে আগবাঢ়ি আহিছোঁ যে অসমীয়া ভাষাৰ মাধ্যমেৰে সমাজ আৰু অভিভাৱকে বিচৰা শৃংখলাবদ্ধ পৰিবেশত ছাত্ৰ ছাত্ৰীক উপযুক্ত শিক্ষা প্ৰদান কৰিব পাৰি ।” —এই কথা অসম জাতীয় বিদ্যালয়ে ইতিমধ্যে প্ৰমাণ কৰিছে । ইতিমধ্যে ৰাষ্ট্ৰীয় আন্তৰাষ্ট্ৰীয় স্তৰত এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে বহু সুনাম অৰ্জন কৰিছে । মই ব্যক্তিগতভাবেই এনে বহু অভিভাৱকক জানো যি জীৱন জীবিকাৰ নানা প্ৰতিকূলতাকো নেওচি কেৱল এইখন জাতীয় বিদ্যালয়ত নিজৰ সন্তানক পঢ়াবৰ বাবেই দূৰ দূৰণিৰপৰা গুৱাহাটীলৈ আহি ভাড়াঘৰৰ আলহী হৈ আছেহি । এইখিনিতে বিদ্যালয় কৰ্তপক্ষৰ (অজাবি ন্যাস) দায়িত্বৰ পৰিসৰৰ প্ৰশ্নটো প্ৰাসংগিক বুলি আমাৰ বিশ্বাস জন্মিছে । আমি লক্ষ্য কৰি আহিছো যে নুনমাটিস্হিত এই বিদ্যালয়খনৰ আৰ্হিতে ইতিমধ্যে অসমৰ চূকে কোণে অসংখ্য জাতীয় বিদ্যালয় গঢ় লৈ উঠিল বিগত ২৫ বছৰত । সেইফালৰ পৰা ‘জাতীয় বিদ্যালয়’ অভিধাটো এটা Brand Name যেনেই হৈছে । ব্ৰেণ্ডেড কোম্পানীবোৰৰ উৎপাদিত সামগ্ৰীসমূহৰ মান (quality) যেনেকৈ পৃথিৱীৰ সকলো ঠাইতে একে, আমি বিচাৰো জাতীয় বিদ্যালয়সমূহৰো ‘এক ব্ৰেণ্ড, এক মান’ (One Brand, One Quality) হওঁক, য’তেই ইয়াৰ অৱস্থিতি নহওক লাগিলে । ই কেৱল মহানগৰকেন্দ্ৰীক হৈ নাথাকক যিহেতু মহানগৰীত বসবাস কৰাৰ সামৰ্থ সকলোৰে নাথাকে । বিগত ২৫ বছৰত জাতীয় বিদ্যালয়েই আমাক এই প্ৰত্যয় দিছে যে শিক্ষানুষ্ঠান হিচাবে ই এটা সফল আৰ্হি (model)। গতিকে প্ৰথম পৰ্যায়ত অন্ত:ত অসমৰ সকলো জিলালৈ ২৫ বছৰৰ এই বৰ্ণিল অভিজ্ঞতাৰ সুফল লৈ আগবাঢ়ি যোৱাৰ পৰিকল্পনা হওঁক । ৰূপালী জয়ন্তীয়ে যদি ৰূপৰ মাধুৰীৰে মহানগৰী জাতিস্কাৰ কৰিছে, সোণালী জয়ন্তী উদ্যাপিত হওঁক অসমৰ প্ৰতিখন জিলাৰপৰা, সোণৰ চিকমিকণিৰে। সন্দেহ নাই যে অন্য জাতীয় বিদ্যালয়সমূহলৈ এইখন জাতীয় বিদ্যালয়ৰ যথাসাধ্য সহযোগ, পৰামৰ্শ, প্ৰশিক্ষণ আদি আগবঢ়াই অহা হৈছে, কিন্তু সেই বিদ্যালয়সমূহৰ মান কোনোপধ্যেই একে বুলি ভাবিব নোৱাৰি । ৰূপালী জয়ন্তীৰ শুভক্ষণত এজন অভিভাবক হিচাপে এয়া আমাৰ এক বহুদিনীয়া প্ৰত্যাশা । মোৰ বিশ্বাস এই প্ৰত্যাশা আন বহুতৰেই মনতো আছে । বৰ্ষজোৰা কাৰ্যসূচীসমূহৰ মাজত এই বিষয়সমূহো আলোচিত হওঁক । ইতিমধ্যে এই বিদ্যালয় গৰকি যোৱা প্ৰতিভাবান ছাত্ৰ ছাত্ৰীসকলেই এই প্ৰত্যাশা অসমৰ সকলো প্ৰান্তৰলৈ আগবঢ়াই লৈ যোৱাত অনুঘটকৰ ভূমিকা গ্ৰহণ কৰিব পাৰে ।

সদৌ শেষত, ৰূপালী বৰ্ষৰ অন্তিম উদ্‌যাপনসমূহত জাতীয় বিদ্যালয় প্ৰতিষ্ঠা কৰাত অগ্ৰণী ভূমিকা থকা সকলো ব্যক্তিক সন্মান আগবঢ়োৱা হওঁক । প্ৰাক্তন শিক্ষকসকলকো উৎসৱ উদ্‌যাপনৰ সকলো কাৰ্যসূচীতে অংশগ্ৰহণ কৰোৱাৰ পৰিকল্পনা হওঁক । অসমীয়া জাতি গঠনত জাতীয় বিদ্যালয়ৰ অৱদান এক প্ৰকৃত অৱদান-- এই কথা প্ৰতিপন্ন হোৱাত নাথাকক অকণো খুত ।

2 comments: