বিতৰ্ক - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চিলাপথাৰ কাণ্ডই দিয়া ইংগিত আৰু শিক্ষা
(১)

আৱেগবৰ্জিত ঐক্যৰে বিভেদকামীক প্ৰতিহত কৰক
ৰক্তিম গোস্বামী

কোনো বিষয় লৈ জাতি এটাৰ জাগৰণ এদিনত অহা বস্তু নহয়।কথা এষাৰ আছে নহয় 'Consistency is the name of the game' হিন্দু বাংলাদেশীৰ বিষয়টো উথ্থাপিত হোৱাৰ দিনৰ পৰাই মানুহে এতিয়ালৈকে অহৰহ প্রতিবাদ কৰা হ'লে আজি এই পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ কাৰো মৰসাহ ন'হল হয়। আমি 'হিন্দু বাংলাদেশীৰ' ইচ্ছ্যুটো দুদিন চুইংগাম চোবোৱাদি চোবাই স্বভাবজাতভাবে পেলাই দি বেলেগ বেলেগ দিশত নিজৰ আবেগৰ সস্তীয়া দোকানখন মেলি দিলো। একপ্রকাৰে সাধাৰণ ৰাইজে কথাতোক একেবাৰে এলাগীয়ে কৰি পেলালে যি এই দুস্কৃতিাৰীসকলক অফুৰন্ত মনোবল দিলে।এই সুযোগ চৰকাৰেওঁ বৰ ধুনীয়াকৈ ল'লে।দৰাচলতে ঘটনা এটা নঘটালৈকে আমাৰ গা- নলৰে, শ্বহীদ বেদিত হাত নিদিয়ালৈকে চকু খোল নাখায়। ভবিষ্যতৰ বিপদক বুজিবলৈ কৰিবলগীয়া ন্যনুতম মানসিক শ্রমকণো কৰিবলৈ আমৰ যেন এলাহ আৰু ঘটনা ঘটাৰ পিছত কথাই কথাই 'লাচিত'ক টানি আনি বীৰৰ দৰে দম্ভালী মাৰো।

এই বিষয়টো লৈ বা এনে ঘটনা ঘটাৰ ধাৰণা কৰি যোৱা বহুমাহ ধৰি এই বিষয়লৈয়ে নিয়মীয়াকৈ বাতৰি কাকতত লিখি আছো যাতে মানুহক সচেতন কৰিব পৰা যায়। মন্ত্রী হিমন্ত বিশ্ব শৰ্মাকো হিন্দু বাংলাদেশী বিষয়ক ৮ টা প্রশ্নৰ উত্তৰ দিবলৈ প্রত্যাহ্বান জনাইছিলো।এনে কৰাৰ কাৰণ এটাই- অনাগত বিপদক যাতে ৰোধিব পৰা যায় কিন্তু ধৰ্ষণ আদিৰ দৰে ঘটনা লাইভ চাবলৈ পোৱাৰ দিনত বাতৰি কাকত পঢ়ি পিছে সময় নষ্ট কৰে কেইজনে?

জাতিপ্রেম মানে ঘটনা ঘটিবলৈ সুযোগ দি পিছত তেজ এগাল উতলাই লৈ মাৰ-কাত কৰা নহয়। এনে হোৱাহ'লে অসম আজিৰ পৰা ৫০- ৬০ মান বছৰ আগতেই স্বৰ্গ হ'ল হয়।

চিলাপথাৰত যি হ'ল চূড়ান্ত নিন্দনীয়।চিলা পথাৰত (অসময় অন্যান্য চহৰ নগৰত) গণতান্ত্রিকভাবে প্রতিবাদ হৈছে, বিক্ষোভ কৰিছে, প্রশাসনে সহযোগ কৰিছে, দুষ্কৃতিক কৰায়ত্ব কৰিছে, মুখ্য আৰোপিক 'Wanted'কৰিছে। আমি যদি ভবিষ্যতে এনে হোৱা নিবিচাৰো তেনেহ'লে এতিয়া বুজিবলৈ চেষ্টা কৰা উচিত যে ই এটা ৰাজনৈতিক ষড়যন্ত্র আৰু এই ষড়যন্ত্রৰ সফলতাৰ সাৰপানী হৈছে অসমীয়াৰ আবেগ আৰু এইটোৱে কাৰণ যে আমি আমাক চৰকাৰী ষড়যন্ত্রৰ বলীৰ পঠা বনাব নালাগে।ভবিষ্যতে এনে পৰিস্থিতি হয়তো বহু আহিব তাৰ বাবে প্রস্তুতিৰ চাঁবিকাঠি হৈছে জাতীয় সংযম আৰু বুদ্ধিমত্তা।

যি কেইটা সংগঠনে শান্তি- সম্প্রীতি বাহাল ৰাখিবলৈ আহ্বান জনাইছে বা কাৰ্যতঃ তেনে কৰিছে তেওঁলোক ধন্যবাদৰ পাত্র।যি এনে কৰা নাই বা হৈ যোৱা বেয়া কামৰ ৰজহুৱা গৰিহনা দিয়া নাই তেওঁলোকৰ আত্মশুদ্ধিৰ প্রয়োজন।

ঘটনাৰ আঁৰত কোন সিওঁ প্রায় স্পষ্ট হোৱাৰ পিছতো যদি ভাবিছে যে এই ঘটনাৰ আলম লৈ বঙালীক শিক্ষা দিয়াৰ নামত গোটেই অসমতে অসমীয়া- বাংলাৰ মাজত এখন সংঘাত হ'ব লাগিছিল তেনেহ'লে তেওঁলোকলৈ মোৰ সমবেদনা থাকিল আৰু যি মোক এইষাৰ কথাৰ বাবে পলৰীয়া জাতীয় বিশেষণেৰে বিভূষিত কৰে তেওঁলোকক কওঁ যে তেওঁলোকৰ এই একে যুক্তিৰে বিষ্ণু ৰাভা, ভূপেন হাজৰিকা, হেমাংগ বিশ্বাস, মহাত্ম গান্ধী আদিওঁ তেনেহ'লে পলৰীয়া ।

শেষত, নিজকে অসমৰ বুলি কোৱা বা অন্তৰৰে ভবা অসমৰ পুৰণি বাংলা সংগঠন বা বুদ্ধিজীবি অথবা বাংলা সৰ্বসাধাৰণ ৰাইজে এই জটিল ক্ষণত যদি ৰাজনৈতক উচতনিত নিজৰ স্থিতি স্পষ্ট নকৰে আৰু অসমীয়াৰ পক্ষত ৰাজহুৱাকৈ থিয় নিদিয়ে তেনেহ'লে এই মৌনতাই তেওঁলোকৰ সুবিধাবাদী চৰিত্রক অসমীয়া ৰাইজৰ আগত ৰাজহৱা কৈ উলংগ কৰিব যি ভবিষ্যতৰ বাবে তেওলোকৰ বাবেই অশুভ।আদৰ্শ-মতবাদকলৈ অঁৰিয়াঅৰি কৰি থকা প্রতিজন অসমীয়াক এতিয়া এক হৈ অসমীয়া আৰু অসমৰ বাবে এক নতুন 'অসমীয়া আদৰ্শ' হৈ থিয় দিবলৈ অনুৰোধ থকিল কাৰণ আমাৰ বিভেদ আনৰ শক্তি।
(২)
ধৰ্মভিত্তিক জাতীয়তাবাদ হব অসমীয়াৰ কবৰ
চাও ময়ূৰ চেতিয়া

"নিখিল ভাৰত বেংগলী উদবাস্তু সমন্বয় সমিতি"য়ে নিজে দাবী কৰা মতে তেওঁলোকে ভাৰতৰ বিভিন্ন অঞ্চলত থকা ৩.৫ কোটি বাংলাদেশী হিন্দু শৰণার্থীক প্রতিনিধিত্ব কৰে। তেওঁলোকৰ মতে এই এটাইখিনি মানুহক ভাৰতৰ নাগৰিকত্ব লাগে। তেওঁলোকে অসম চুক্তি নামানে। যোৱাকালি অহা বাংলাদেশী হিন্দুকো নাগৰিকত্ব দিব লাগে বুলি তেওঁলোকে যুক্তি প্রদর্শন কৰে।

এই ৩.৫ কোটি বাংলাদেশী হিন্দুৰ বিপৰীতে অসমীয়াভাষী হিন্দুৰ সংখ্যা হৈছে আনুমানিক ১.২ কোটি। এতিয়া কথা হৈছে – কাইলৈ যদি আৰ এছে এছে এই দুই হিন্দু জনগোষ্ঠীৰ ভিতৰত এটাক বাচি লব লগা হয়, কাক বাচি লব? ৩.৫ কোটিক নে ১.২ কোটিক? কোনটো জনগোষ্ঠীয়ে আৰ এছ এছক অধিক শক্তি, অধিক ভোট প্রদান কৰিব? মন কৰক, আৰ এছ এছৰ বাবে অসমীয়া বা বঙালী পৰিচয় মূল কথা নহয়, মূল কথা হিন্দু হোৱাটোহে। অসমীয়া মানুহে যিমানেই চিঞৰ বাখৰ কৰক, এই ৩.৫ কোটি মানুহৰ বিৰুদ্ধে আৰ এছ এছ, বিজেপি কেতিয়াও যাব নোৱাৰে।

ঠিক এই কাৰণটোৰ বাবেই ধর্মীয় পৰিচয়ভিত্তিক জাতীয়তাবাদ মানি লোৱাৰ অর্থই হৈছে অসমীয়া মানুহে নিজৰ কবৰ নিজে খান্দি লোৱা। চিলাপথাৰৰ ঘটনাটোৱে তাৰেই আগজাননী প্রদান কৰিছে।
(৩)
উগ্র জাত্যাভিমান প্রদৰ্শনে কাৰো লাভ নকৰে
আশীষ মজুমদাৰ
সমগ্র অসমজুৰি বঙালী বিদ্বেষৰ জোৱাৰ উঠিছে। বাতৰি কাকত, টিভি চেনেল, ফেচবুক সকলোতে এটাই টপিক বঙালী বিদ্বেষ। অসমীয়াৰ আৱেগ হ'ল ধানখেৰৰ জুইৰ দৰে, হয়তো আৰু দুই তিনিদিনৰ ভিতৰতেই এই আৱেগৰ শাম কাটিব আৰু আমি নতুন ইছ্যু এটা লৈ ব্যস্ত হৈ পৰিম। এতিয়া আৱেগৰ পৰা ফালৰি কাটি কিছুমান কথা অলপ জুকিয়াই চাওঁহক!

সুবোধ বোলা এজন আমদানীকৃত নেতাৰ উচটনিত কেতবোৰ অশিক্ষিত বা অৰ্ধশিক্ষিত মূঢ়মতি বঙালী যুৱকৰ দুষ্কাৰ্য্যৰ বাবে সমগ্র বঙালী জাতিটোক জগৰীয়া কৰাটো সমীচীন নহ'ব। অসমক ভাল পোৱা, অসমীয়াৰ লগত মিলাপ্রীতিৰে বাস কৰা বঙালী মানুহো অজস্র আছে। 

বঙালী সকল নিজৰ ভাষা-সংস্কৃতিক লৈ অতিশয় গোঁড়া যাৰ বাবে তেওঁলোকে ভাৰতৰ কোনো জাতিৰ পৰাই সমাদৰ লাভ কৰা নাই। আমিও আমাৰ মাতৃভাষা অসমীয়াক প্রাণ ভৰি ভাল পাওঁ। কিন্তু নিজৰ ল'ৰা-ছোৱালীক অসমীয়া ভাষাটো শুদ্ধকৈ শিকাবলৈ গৰজ অনুভৱ নকৰোঁ। আমাৰ ল'ৰা-ছোৱালীয়ে অসমীয়া পঢ়িব নাজানে বুলি কৈ সুপ্ত গৰ্ববোধ কৰা মানুহ আমাৰ মাজত বহু ওলাব। কিন্তু বঙালী মানুহৰ ল'ৰা ছোৱালীয়ে ইংৰাজী মাধ্যমত পঢ়াশুনা কৰিলেও বাংলা লিখিব পঢ়িব নজনা সম্ভৱত এজনো নোলাব। আমি হিন্দীভাষী মানুহ এজন লগ পালেই ভুলে শুদ্ধই হিন্দীত কথা পাতোঁ, মানুহজনক অসমীয়া ক'বলৈ শিকিবলৈ সুবিধা নিদিওঁ। কিন্তু হিন্দীভাষী মানুহে বঙালীৰ লগত বঙালীতেই কথা পাতিবলৈ বাধ্য হয়। অসমীয়া উগ্র জাতীয়তাবাদী নেতা সকলৰ ল'ৰা-ছোৱালীবোৰে ইংৰাজী মাধ্যমত পঢ়ে। মাধ্যমিক পৰীক্ষাত ষ্টেণ্ড কৰা ল'ৰা ছোৱালীবোৰৰ অসমীয়া ভাষা সংস্কৃতিৰ ওপৰত জ্ঞানৰ নমুনা দেখিলে বিচুৰ্তি খাব লাগে। জীৱনত এখন অসমীয়া কিতাপ পঢ়ি নোপোৱা অসমীয়া সন্তানে কিন্তু ভাল কেৰিয়াৰ লৈ ডাঙৰ কোম্পানীত ডাঙৰ বাব লৈ আছে। অৰ্ণৱ গোস্বামীক আমি আথেবেথে অসমলৈ মাতি আনি শ্রেষ্ঠ অসমীয়া হিচাপে বঁটা দিলোঁ, সেই অনুষ্ঠানতে গোস্বামীয়ে ভাষণ দিলে ইংৰাজীত! কিমঅধিকম্!

বঙালী সকল সম্প্রসাৰণবাদী, তেওঁলোকে উপাধিৰ অলপ মিল পালেই টানি আঁজুৰি বঙালী কৰিব খোজে। আমি আকৌ আঁতৰাই নিজে সংকুচিত হৈ থাকি হে ভাল পাওঁ। সেয়ে বৰ অসমখন আজি টুকুৰা টুকুৰ হ'ল। মজুমদাৰ, দাস, দত্ত, চক্রৱৰ্তী, ভট্টাচাৰ্য, মালাকাৰ আদি উপাধিৰ মানুহ দেখিলেই আমাৰ মনত প্রশ্ন উদয় হয় অসমীয়া নে বঙালী? আমিনো সংকোচনবাদী হোৱাতকৈ বঙালীৰ দৰে সম্প্রসাৰণবাদী নহওঁ কিয়? আনৰ সকলো বস্তুৱেই দেখোন আমি নকল কৰি আছোঁ! সেয়ে বন্ধু, উগ্র জাত্যাভিমান প্রদৰ্শন কৰি আমাৰ একো লাভ নহয়।

যিহেতু বঙালী উদ্বাস্তু সমিতি নামৰ অখ্যাত সংগঠন এটাই অসমীয়াৰ স্বাভিমানত আঘাত হানিছে আৰু তেওঁলোকৰ দুষ্কাৰ্য্যৰ বাবে অসমৰ পৰিস্থিতি অগ্নিগৰ্ভ হৈছে এতিয়া জুই নুমুওৱাৰ কামটো সেই সংগঠনটোৱেই কৰিব লাগিব। তেওঁলোকে কৃতকৰ্মৰ প্রায়শ্চিত্ত হিচাপে তলৰ তিনিটা পদক্ষেপ লওক!
১) বঙালী উদ্বাস্তু সংগঠনটোৰ পলাতক নেতা সুবোধ বিশ্বাসে আছু তথা অসমবাসীৰ ওচৰত নিঃচৰ্ত ক্ষমা বিচাৰক আৰু আত্মসমৰ্পণ কৰক!
২) চিলাপথাৰৰ আছু কাৰ্যালয় আৰু শ্বহীদ বেদী পুনৰ্নিৰ্মাণ কৰক।
৩) অসমত তেওঁলোকৰ সংগঠন ভঙ্গ কৰক!
এই তিনিটা কাম যদি তেওঁলোকে নকৰে তেনেহ'লে অসমৰ বাংলাভাষী বুদ্ধিজীৱি আৰু আন বঙালী সংগঠনবোৰে স্বতঃস্ফুৰ্তভাৱে ওলাই আহি বঙালী উদ্বাস্তু সমিতিৰ কাৰ্যালয় সমূহ উৎখাত কৰক আৰু সুবোধ বিশ্বাসক কৰায়ত্ত কৰিবলৈ চৰকাৰক সহায় কৰক! সংঘৰ্ষৰে কোনো সমস্যাৰ সমাধান নহয়। সেয়ে কোনেও যাতে উচটনিমূলক মন্তব্য নিদিয়ে। গঠনমূলক পৰামৰ্শ দিব পাৰে।
(৪)
সাৱধান হ হেৰ' অসমীয়া
বিনয় কৃষ্ণ তামুলী ফুকন
ছহিদৰ বেদীত বহিৰাগতৰ কুঠাৰাঘাট
বৰ ঘৰত সোমাই 
আইক আঘাট?কোন হেৰ' তহঁত
কৰ মৰসাহ?
এদিন অসমীয়া ভাষাক
নিঃশেষ কৰাৰ চক্ৰান্ত কৰিছিল
বিহ মেটেকাৰ দৰে গজি
অসমৰ পথাৰত
বট বৃক্ষৰ দৰে পোখা মেলিব খোজে আজি ৷
চানি ধৰিব খোজে ৰঘূমলাৰ দৰে
জাতীয় অহংকাৰৰ প্ৰতীক
আৰু খহাই দিব পাৰে
জয় আই অসম লিখা পতাকা
ইমান স্পৰ্ধা?
সহনশীলতা মানে নহয়
শিৰ নত কৰি জীয়াই থকা 
জাতীয়তাবাদক অপমান কৰি
ছহিদ বেদীত কুঠাৰাঘাট
লাগিলে সি হওক
তেজৰ সহোদৰ
নকৰ কদৰ
হোৱা নাই হেৰ'
অসমীয়া এতিয়াও জঠৰ
বহিৰাগতৰ কৰিবলৈ পদ লেহন
আকাল হোৱা নাই
বীৰ লাচিতৰ
চিলাৰাই, সাধনী 
নতুবা সেই ভগদত্তৰ ৷
মহাভাৰতৰ ঘটোৎকচৰ
বল হেৰুৱালি জানো
অসমীয়া ডেকা দল?
সাৱধান হ হেৰ'
বান্ধ কঁকালত ভীমৰ বল
ৰাতিতে গঁড় বন্ধা জাতি আমি
বান্ধিব পাৰিবই লাগিব
জাতীয় স্খলন ৷
ছহিদৰ আত্মাৰ বলিদানক
কোনে কৰিবলৈ কৰে সাহ অপমান?
ৰাখ হেৰ' জাতিৰ মান 
নহ'লে লুটিব ভঁৰালৰো ধান 
"মান"ৰ দৰে ইহঁতৰো নাই সন্মান ৷
কেৱল সুজলা সুফলা শস্য শ্যামলা
মাটিৰ লোভ
খিলঞ্জীয়াৰ ভেটি দখলৰ ফন্দীত 
খেলিব পাৰে ইহঁতে শুকুনিৰ পাশা
পুৰণ হ'বলৈ নিদিবি হেৰ' 
ইহঁতৰ আশা ৷
মনত পেলা এবাৰ
ত্ৰিপুৰাত খিঞ্জীয়াৰ হাঁহাকাৰ ৷
জানক সকলোৱে
অসমীয়া এটা জাতিৰ নাম
গোষ্ঠী সংঘাটৰ স্থান নাই তাত
কিন্তু আইক কৰিলে অপমান
সাৰি নাযাব কোনো 
চক্ৰান্তকাৰী
দূষ্কৃতিকাৰী
অসমীয়াই জানে 
কাক কেনেকৈ দিব লাগে মান ৷
সাৱধান হ হেৰ'
অসমীয়া ডেকা দল
দলিয়াই থৈ সংগঠন-সংঠনৰ মোহৰ
একেটা ছাতিৰ তলত
সমৱেত হআকৌ এবাৰ চিঞৰ
উদ্দাৰ্ত কণ্ঠে
জয় অসমৰ জয়
জয় অসমীয়াৰ জয় ৷
জয় আই অসম ৷৷

1 comment:

  1. Sir u r Right but everybody like Bengali because their behavior n morality . If u go outside assam everybody like Bengali . It's weird to heard that rest of Indian don't like Bengali because they love their culture . Bengali love their culture n Respect other culture too . Bengali never spread hate against any language . Bengali are not 'gura' not fundamentalist or orthodox because Bengali always fight against evil e.g sati , widow remarriage , humanity , casteism etc .
    We never interfere other lifestyle n we love to live our own normal life . Thank u sir

    ReplyDelete