চিন্তন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

নমামী ব্ৰহ্মপুত্ৰ উৎসৱ আৰু ‘ভেটিভাৰ’ ঘাঁহ
জ্যোতিৰূপম দত্ত
অসমৰ নৈপৰীয়া ৰাইজে প্ৰতি বছৰে লুইতকে ধৰি নানা নৈ-উপনৈৰ বলীয়া বানৰ সংহাৰী ৰূপ অসহায় ভাৱে প্ৰত্যক্ষ কৰে ৷ এইবেলিও বাৰিষা সমাগত ৷ অসমৰ নৈপৰীয়া ৰাইজো ব’হাগৰ পৰা ভাদৰ শেহলৈ বানপানীৰ সৈতে সহাৱস্থান কৰিবলৈ সাজু হৈছে ৷ একে সময়তে চৰকাৰী পৃষ্ঠপোষকতাত সাধাৰণ ৰাইজৰ পৰা কৰ-কাটলেৰে সমৃদ্ধ কৰা চৰকাৰী তহবিলৰ ধন খৰচ কৰিয়েই হওক বা চৰকাৰীভাৱে ব্যৱসায়ীমহলৰ পৰা ‘সাহায্য’ লৈ নমামী ব্ৰহ্মপুত্ৰ উৎসৱৰো পতাৰো জোৰদাৰ প্ৰস্তুতি চলিছে ৷ উৎসৱটোৰ প্ৰকৃত লক্ষ্য কি তাকে লৈও বিতৰ্কৰ জোৱাৰ উঠিছে। কিছুসংখ্যকৰ  মতে, এয়া নদী-পূজনৰ উত্তৰ ভাৰতীয় হিন্দু সংস্কৃতিৰ সাংস্কৃতিক আগ্ৰাসনৰ এক শক্তিশালী খোজ, আন কিছুৰ মতে ব্ৰহ্মপুত্ৰ উৎসৱৰ আলমত অসমক ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰ্যটন মানচিত্ৰত স্থান দিবলৈহে এয়া উপযুক্ত খোজ। উৎসৱ গোটেই ৰাজ্যজুৰি হব, প্ৰায় ২১খন জিলাৰ নৈৰ ঘাটত বা বালিচৰত অসমে আগতে দেখাৰ দৰেই মঞ্চ তৈয়াৰ হব, ভাষণ, সাংস্কৃতিক কাৰ্যসূচী, বালিভাতৰ দৰে খাদ্য-মেলা আদিৰ মাজত এই উৎসৱো প্ৰাণ পাই উঠিব। কিন্তু তাৰ মাজতে ৰাইজে, ইয়াৰ জৰিয়তে অসমৰ ৰাইজৰ দীৰ্ঘদিনীয়া লুইতৰ বলীয়া বানৰ সমস্যাকো এনে দেখনীয়াৰ উদ্যমেৰে ৰাষ্ট্ৰীয় সমস্যা কৰি তাৰ স্থায়ী সমাধানৰ বাবে চৰকাৰে পদক্ষেপ লোৱাটো আশা কৰিছে।

পিছে এই সময়ত অসমৰ ভগ্নপ্ৰায়, জৰাজীৰ্ণ মথাউৰিবোৰ, গৰাখহনীয়াই কালৰূপ ধৰা অঞ্চলসমূহৰ মেৰামতি বা প্ৰতিৰক্ষাৰ বাবে কোনো তৎপৰতা দেখা নাই ৷ চৰকাৰীপক্ষৰ পৰা কাগজে-পত্ৰে দুই এটা বিবৃতি দিয়েই ক্ষান্ত থকা দেখা গৈছে ৷ মথাউৰিবোৰো যেন একাংশ দুৰ্নীতিগ্ৰস্ত কৰ্মচাৰী, ঠিকাদাৰ আৰু স্থানীয় দল-সংগঠনসকলৰ বাবে এজনী খীৰতি গাইহে ৷ মথাউৰি মেৰামতিৰ নামত প্ৰতিবছৰে আবণ্টিত হোৱা ধনৰ সিংহভাগেই এইসকলে নিজলৈ কুক্ষিগত কৰাৰ ফন্দিৰে মেৰামতিৰ কাম লেহেমীয়া বা দুৰ্বলভাৱে সমাধা কৰাৰ অভিযোগ প্ৰায়েই শুনা যায় ৷ ব্যক্তিগত লাভালাভৰ অংক নিহিত হৈ থকাৰ বাবেই তথাকথিত সচেতন মহলেও এই ক্ষেত্ৰত মাত নামাতে ৷ ফলত প্ৰচুৰ সম্ভাৱনীয়তা থকা নৈ এখনে নৈপৰীয়া ৰাইজৰ সম্পদৰূপে বিবেচিত হোৱাৰ সলনি বছৰে বছৰে বিপদহে কঢ়িয়াই আনে ৷ বালিৰ বস্তাৰে গৰাখহনীয়া ৰোধৰ দৰে সাময়িক সকাহৰ কথা চিন্তা কৰাতকৈ প্ৰাকৃতিকভাৱে দীৰ্ঘ্যম্যাদী পৰিকল্পনাৰে গৰাখহনীয়া নিয়ন্ত্ৰণৰ কথাও ভাবিব পাৰি ৷  নৈৰ ওপৰত নদী-বান্ধ সাজি নেচনেল পাৱাৰ গ্ৰীডৰ নেটৱৰ্কেৰে ইয়াৰ বিজুলীৰে ভাৰতৰ অন্য প্ৰান্তৰ চহৰ-নগৰ উজলাই তুলিবলৈ গ্ৰীডৰ কামো সম্পূৰ্ণ হৈ উঠিছে, অথচ সেই নদী সমূহে সৃষ্টি কৰা সমস্যাৰাজিক লৈ ৰাষ্ট্ৰীয় উদ্বিগ্নতা প্ৰকাশ পোৱা নাই। নমানী গংগাৰ প্ৰকল্পৰ সৈতে সাঙুৰি গংগা নিকা কৰা তথা ব্যৱস্থাপনাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে  বহুকোটি টকা মোকোলাই দিয়াৰ বিপৰীতে লুইতৰ বাবে এনে সুখবৰ এতিয়াও দেখিবলৈ পোৱা নাই। নদী ৰাষ্ট্ৰৰ বাবে সম্পদ, বিপদবোৰ অসমীয়াৰহে নেকি বুলিও প্ৰশ্ন উঠিছে। সেয়ে বিকল্প চিন্তাৰে, প্ৰাকৃতিক ভাৱেও খহনীয়া ৰোধৰ বিশ্বৰ ভিন্ন প্ৰান্তত ব্যৱহৃত হোৱা প্ৰযুক্তি তথা কৌশলৰ প্ৰতি ৰাইজে সচেতন দৃষ্টি দিয়াতো প্ৰয়োজনীয় কথা বুলি অনুভৱ কৰিছো।

উল্লেখযোগ্য যে বিশ্বব্যাপি সমাদৃত হোৱা ‘ভেটিভাৰ’ (Chrysopogon Zizanioides) ঘাঁহেৰেও গৰাখহনীয়া ৰোধ কৰাৰ কথা ভাবিব পৰা যায় ৷  বালি-চঁহীয়া নৈপৰীয়া মাটিত ৰোৱাৰ বাবে উপযুক্ত এই ঘাঁহবিধৰ বিশেষত্ব এয়ে যে  ইয়াৰ শিপাবোৰ প্ৰথম বছৰতে মাটিৰ প্ৰায় দহৰ পৰা চৌধ্যফুট ভিতৰলৈ সোমাই যাব পাৰে ৷ এই ঘাঁহবিধে নৈৰ গৰাৰ মাটি খামুচি ধৰি খহনীয়া ৰোধত গুৰুত্বপুৰ্ণ ভুমিকা গ্ৰহণ কৰিব পাৰে ৷ খহনীয়া ৰোধৰ উপৰিও এই ‘ভেটিভাৰ’ ঘাঁহৰ জালিকাসদৃশ শিপাবোৰে জল-সংৰক্ষণৰ ক্ষেত্ৰতো উল্লেখযোগ্য ভুমিকা গ্ৰহণ কৰিব পাৰে ৷ এই ঘাঁহৰ পাতৰ জৈৱিক ভাৱে কীট-পতংগ নিয়ন্ত্ৰণৰো সক্ষমতা বৈজ্ঞানিকভাৱে প্ৰমাণিত হৈছে ৷ ইতিমধ্যে এইবিধ ঘাঁহ ব্যৱহাৰ কৰি ভাৰতৰ কোংকণ ৰে’লৱেই ৰে’ল-লাইনৰ কাষৰ মাটিৰ খহনীয়া প্ৰতিৰোধৰ বাবে  ভূমি সংৰক্ষণত সফলতা লাভ কৰিছে ৷ 

গতিকে চৰকাৰৰ ফালৰ পৰা পৰীক্ষামূলকভাৱে হলেও এনেধৰণৰ বৈজ্ঞানিক দৃষ্টিভংগীৰে অসমৰ বানসমস্যাৰ স্থায়ী সমাধানৰ দিহা কৰা উচিত ৷ অসমৰ সাধাৰণ জনগণক বানৰ কবলৰ পৰা সামান্য হলেও সকাহ দিয়াৰ বাবে চৰকাৰৰ তৰফৰ পৰা এনেধৰণৰ প্ৰয়োজনীয় পদক্ষেপ লোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে ৷   

কেৱল উৎসৱত মতলীয়া হৈ আহি থকা বাৰিষাৰ সমাগত দুৰ্যোগৰ কথাটো পাহৰি যোৱাটো নিশ্চয়কৈ উচিত নহব। মথাউৰিতে বছৰ বছৰ ধৰি বাস কৰিব লগা হোৱা খিলঞ্জীয়া বানত উটি সৰ্বশ্ৰান্ত হোৱা সকলৰ সংস্থাপনৰ বিষয়টোও ব্ৰহ্মপুত্ৰকেন্দ্ৰিক উৎসৱৰ মঞ্চতে আলোচনা কৰি সমাধানসূত্ৰ বিচৰাৰ প্ৰয়োজনীয়তা আছে। ৰাইজ আৰু চৰকাৰে হাতে-হাত ধৰি আগুৱালে নিশ্চয়কৈ অসমৰ সমস্যাবোৰৰ ফলপ্ৰসূ সমাধানৰ বাট যে মুকলি কৰাটো সম্ভৱ হবই, এয়াই সকলোৰে আশা । ইয়াৰ বাবে চৰকাৰক ৰাইজেই বাধ্য কৰাব লাগিব, সেই কথাও কিন্তু নিশ্চিত ।

No comments:

Post a Comment