Friday, March 10, 2017

প্ৰৱন্ধ

জোনমণি দাসৰ কবিতা
ডo কমল কুমাৰ তাঁতী
সুদীৰ্ঘকালৰ এক পৰিক্ৰমাৰ মাজেদি বিকশিত আৰু বিস্তাৰিত হোৱা অসমীয়া কবিতাই নিজস্ব পৰ্বান্তৰৰ মাজেদি সাম্প্ৰতিক সময়তো এক উচ্চস্তৰৰ কলাৰ সাধনা আৰু নিৰ্মাণ অব্যাহত ৰাখিব পাৰিছে ৷ তেনে পৰ্বান্তৰৰ বিভিন্ন ৰূপ, ৰস আৰু প্ৰক্ৰিয়াবোৰৰ আস্বাদন কৰিবলৈ যাওঁতে প্ৰায়েই এটা নাম আমাৰ সন্মুখলৈ আহে, যি এক উজ্জ্বল সম্ভাৱনাৰ সাক্ষৰ বহন কৰাৰ লগে লগে, সমসাময়িক এদল তেনেই নতুন, অথচ প্ৰতিভাৱান কবিৰ প্ৰতিনিধি হিচাপে জিলিকি উঠিছে ৷ 

নতুন প্ৰজন্মৰ অসমীয়া কবিসকলৰ অন্যতম প্ৰতিনিধিস্বৰূপ কবি জোনমণি দাসে তেওঁৰ শেহতীয়া দুখন কাব্য-সংকলন “উৰণীয়া ছাঁ” (প্ৰকাশক: পেপিৰাছ, গুৱাহাটী; প্ৰকাশকাল: ২০১৬) আৰু “নিনাদিত নিৰ্জনতা”ৰ (প্ৰকাশক: পাঞ্চজন্য, গুৱাহাটী; প্ৰকাশকাল: ২০১৭) জৰিয়তে আমাক কেৱল মুগ্ধ কৰাই নহয়, বৰং কাব্যগ্ৰন্থ দুখনৰ জৰিয়তে কবি হিচাপে জোনমণিৰ (শেহতীয়াভাৱে আহৃত) কাব্যিক-পৰিপক্কতা আৰু কাব্যিক-মননশীলতাও অসমীয়া সাধাৰণ পাঠকৰ চকুত উজ্জ্বলতৰ হৈ পৰিছে ৷ প্ৰায় এটা দশকৰো অধিক কাল ধাৰাবাহিকভাৱে কাব্য-চৰ্চা অব্যাহত ৰখা জোনমণিৰ কবিতা অসমৰ আগশাৰীৰ কাকত-আলোচনীসমূহত নিয়মিত ৰূপত প্ৰকাশিত হৈ অহাৰ লগে লগে জোনমণিয়ে নিজৰ কবিতাৰ বাবে ঈৰ্ষণীয়ভাৱে এচাম সুৰুচিপূৰ্ণ পাঠকৰ নিয়মিত সহাঁৰিও পাবলৈ সক্ষম হৈছে ৷ যিকোনো এজন তৰুণ কবিৰ বাবে এয়া নিশ্চয় খুবেই উৎসাহজনক ৷ 

অসমীয়া কবিতাৰ প্ৰাচুৰ্যময় ঐতিহ্যৰ প্ৰতি শ্ৰদ্ধাশীল এই নতুন কবিয়ে যেতিয়া ঘোষণা কৰে এইবুলি – “পানীৰ সোঁতে আমাক সোঁৱৰাই গ’ল - / কবিৰ মৃত্যু নাই / কবিতাই কবিৰ অমৃত !; তেতিয়া আমি মুগ্ধ হওঁ - কবিতাৰ প্ৰতি থকা তেওঁৰ অসীম ভালপোৱা লক্ষ্য কৰি; যি আমাক সোঁৱৰাই দিয়ে অনবৰতে – কবি আৰু কবিতা মৃত্যুহীন ! লোক-জীৱন আৰু লোক-সংস্কৃতিয়ে সমৃদ্ধ কৰা এটি মন লৈ অসমীয়া কবিতাৰ কিছু অনাৱিস্কৃত, অতুলনীয় শাহ আমাৰ সন্মূখত সহজ-সৰলভাৱে মুকলি কৰাৰ লগে লগে, তেওঁ আমাৰ হাতত তুলি দিয়ে এনে কিছু মণি-মুকুতা; যাৰ বাবে আমি সাধাৰণ পাঠক ৰৈ থাকোঁ আৰু সন্মূখৰ নতুন বাটটোলৈ চাই থাকোঁ ৷

জোনমণি দাসৰ কবিতা-পঠনৰ অভিজ্ঞতা থকা যিকোনো এজন ৰুচিশীল পাঠকেই অনুভৱ কৰিব – তেওঁৰ নাতিদীৰ্ঘ কবিতাসমূহৰ চুম্বকীয় শব্দৰ খেল যেন লগা জগতখনত অন্তৰ্নিহিত হৈ থকা অনন্য কাব্যিক সৰলতা আৰু অনিৰ্বচনীয় ৰূপকৰ সমাহাৰ ৷ দুয়োখন কাব্য-সংকলনত সন্নিবিষ্ট কবিতাগুচ্ছৰ মাজেৰে কবি জোনমণিয়ে সাম্প্ৰতিক অসমীয়া ভাষাৰ কিছুমান সুন্দৰ, অথচ বিস্মৃতপ্ৰায় মটিফৰ পুন:ব্যৱহাৰ কৰিছে – যিয়ে তেওঁৰ কবিতাক কৰি তুলিছে অ-উপমেয় ৷

নৱ্যৰূপত প্ৰবলতৰ হোৱা উদাৰতাবাদ আৰু সাম্ৰাজ্যবাদৰ অৰ্থনৈতিক নীতিসমূহৰ কেকোঁৰা-চেপাত সাংস্কৃতিক আৰু ৰাজনৈতিকভাৱে বিপৰ্যস্ত হোৱা অসমীয়া মূলসুঁতিৰ দৰিদ্ৰ আৰু নিম্ন-মধ্যবিত্ত লোকসকলৰ লোক-জীৱন আৰু জীৱন-সংগ্ৰামবোৰ মূৰ্ত হৈ উঠিছে জোনমণি দাসৰ সাম্প্ৰতিক কবিতা-গুচ্ছত ৷ কবিৰ কাব্য-ভাষা সুকীয়া আৰু নিয়ন্ত্ৰিত হোৱাৰ বাবে তেওঁ বাছি লোৱা কাব্য-শৈলীয়ে কবিতাবোৰক সুখপাঠ্য আৰু বহু সময়ত স্মৰণীয় কৰি তুলিছে ৷ 

অসমীয়া লোক-জীৱন, লোক-স্মৃতি আৰু লোক-বিস্মৃতিয়ে কবিৰ আত্মাক চুই যোৱাৰ বাবে তেওঁৰ কবিতাবোৰ হৈ পৰিছে অতীত আৰু বৰ্ত্তমানৰ অসমীয়া জনজীৱনৰ একো একোখন সঁচা, জীয়া ছবি ৷ কবিতাবোৰত প্ৰায়েই সবল ৰূপত পৰিস্ফুট হৈ উঠিছে কবিৰ সহজ-সৰল আবেগ-অনুভূতিসমূহৰ একো একোটা উজ্জ্বল প্ৰতিবিম্ব; যিয়ে অস্পষ্টভাৱে তেওঁৰ কবিতাক কৰি তুলিছে সাবলীল আৰু বক্তব্যপ্ৰধান ৷ ইতিমধ্যে বিস্মৃতপ্ৰায় হোৱা অসমীয়া লোক-জীৱনৰ কিছু অনাবিল মূহুৰ্ত মূৰ্ত হৈ উঠিছে জোনমণিৰ কবিতাত - এনেদৰে – “ঢোলৰ মাতত ধনচেং তোলৈ মনত পৰে / কেতেকীৰ মাতত ফুলচেং সোঁ চকু মোৰ লৰে” (কেতেকী মাতৰ মায়া); “আঘোণ দেখি মোৰ চৰণীয়া চকুৱে / আইদেউৰ চাৱনিত উৰিবলৈ ল’লে / চকু নহয় যেন চাতকহে !” (ৰুণ দিয়া ৰাতিৰ এপৃষ্ঠা); “জাক ভাঙি অকলশৰে উৰি যোৱা / চৰাইৰ এটাৰ উৰণীয় মাতে / গোমচেং পিন্ধাই মোৰ সোঁৱৰণিক !” (জীনছৰ জেপত) ৷

জোনমণি প্ৰেমিক কবি ৷ মানৱীয় আৰু চিৰন্তন প্ৰেম আৰু তাৰ সৈতে যুক্ত হৈ থকা আশা-নিৰাশা, প্ৰাপ্তি-অপ্ৰাপ্তি আৰু বিষাদ-আকাংক্ষা আদিয়ে কবিৰ মনোজগতত তোলপাৰ লগাই ৰাখিছে আৰু সেইবোৰৰে বহুকেইটা সুন্দৰ-অনুভূতিপ্ৰৱণ প্ৰতিবিম্ব উজ্জ্বল হৈ উঠিছে তেওঁৰ প্ৰেমৰ কবিতাসমূহত - এনেদৰে – “সৌ বাঁহ গছবোৰত কঁপি থকা / কুঁহিপাতবোৰৰ দৰেই ময়ো বসন্তৰ প্ৰেমিক / … চৰাইৰ চিঞৰত য’ত এদিন জিৰাব / ভাগৰুৱা সূৰ্য …” (সাৰাংশ); “চকুত চকু থৈ / মৌনতাৰ ভাষাৰে মই তেওঁক সুধিলোঁ : / ভালপোৱাৰ ভূগোল আছেনে ? / তেওঁ চাৱনিৰ শৰেৰে শালি পেলালে / মোৰ ৰক্তজবা যেন হৃদয় !” (ভালপোৱা); “চৰাইৰ মাতটোৱে মোক / আঙুলিত ধৰি লৈ যায় তেওঁৰ / ছায়াৰ কাষলৈ” (সৰাপাতত); “তাঁতৰ পাতত বহি বহি কিমান ফুল বাছিবা ? / বুকুৰ বসন্ত ঘূৰি গ’লে ফিৰাই জানো আনিব পাৰিবা ?” (চাতক চৰাইৰ গান); “কেতেকীয়ে কান্দিব বসন্ত আহিব কুলিয়ে লগাব মাত / দিন বাৰ লেখি ময়ে বান্ধিম তোৰ সেওঁতাত সেন্দুৰৰ বাট …” (কথোপকথন); “মই মোৰ বুকুখন / তোমালোকক দিলোঁ / মই নাথাকিলেও ধপধপনিবোৰে প্ৰেমৰ কথা ক’ব” (ঐহিক) ৷

জোনমণি অনুভূতিপ্ৰৱণ আৰু কোমল অন্তৰৰ কবি হোৱা সত্ত্বেও, তেওঁৰ কবিতাত অনেক সময়ত সদৰ্থকভাৱে প্ৰতিবিম্বিত হৈছে সমসাময়িক বাস্তৱৰ জঁটিল প্ৰতিচ্ছবি, কিয়নো কোনো কবিয়েই সমসাময়িক সমাজ-বাস্তৱতাক আওকাণ কৰি থাকিব নোৱাৰে ৷ এই কবিতাসমূহৰ জৰিয়তে স্পষ্ট হৈ উঠা কবিৰ কিছু স্পষ্ট বক্তব্যও আমাৰ চকুত পৰিছে – যাৰ লগে লগে কবি হিচাপে জোনমণি অধিক পৰিপক্ক হৈ উঠিছে আৰু তেওঁৰ কবিতা পূৰ্বতকৈ অধিক মননশীল হৈছে ৷ তেনে এটা উদাহৰণ হৈছে ‘হঠাৎ আকাশত বাঘ’-শীৰ্ষক কবিতাটো ৷ সমসাময়িক ৰাজনৈতিক-অৰ্থনৈতিক জঁটিলতাই মানুহৰ সাধাৰণ জীৱনযাত্ৰা বিপদসংকুল কৰিব বিচাৰিলেও, সাধাৰণ মানুহে যে তাৰ বিৰুদ্ধে নিজৰ প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তোলে, তাকেই যেন নিজৰ কাব্যিক কুশলতাৰে উনুকিয়াই দিছে কবিয়ে - এনেদৰে – “হঠাৎ আকাশত বাঘ ৷ গোজৰণিত কঁপিল বতাহ ৷ / ভয় নাই - / পোহৰে পানীত ডেউকা মেলিছে ৷ / উঠি গৈ তাই খিৰিকি খুলিছে ৷ / আইনাৰ চকুত ওপঙি উঠিছে / পাৰ হৈ যোৱা ৰাতিটোৰ প্ৰতিবিম্ব …” (হঠাৎ আকাশত বাঘ) ৷ 

আশাবাদ আৰু ভৱিষ্যতৰ দিনবোৰত অটল বিশ্বাসী কবিয়ে নিজৰ কবিতাৰ জৰিয়তে পৃথিৱীৰ মানুহক উৎসাহ যোগাই যাবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে এনেদৰে – “মই থিয় হওঁ আৰু আকাশ চাওঁ - / সূৰ্য ক’ত ? সূৰ্য ৷ মোৰ হেঁপাহৰ সেই লাইসেউজীয়া সূৰ্য !” (জেঠী এটাই টিকটিকাই উঠে); “আৰু সেইদিনাৰ পৰাই / চৰাইবোৰেও চকুত পুহিবলৈ শিকিলে / সিহঁতৰ উৰণীয়া স্বপ্ন” (পানী-পুৰাণ); “মই ৰাতিৰ এহাল চকু হ’ব খোজোঁ / ৰাতিবোৰেও চাব খোজে অশ্বাৰোহী সূৰ্য ৷” (ৰাতিবোৰ) ৷

কবিৰ ভাষা ৰসঘন আৰু ভাৱঘন; আৰু সেয়ে তেওঁৰ কবিতাই মানুহৰ মননক চুই যাব পাৰিছে ৷ সেইবাবেই জোনমণিয়ে যোৱা এটা দশকত তেওঁৰ নিজস্ব এক পাঠকসমাজ গঢ়ি তুলিব পাৰিছে ৷ মানুহৰ মন-প্ৰাণ চুই যোৱা তেওঁৰ কবিতাৰ দুটামান স্তৱক ইয়াত তুলি দিয়াৰ লোভ সামৰিব নোৱাৰিলোঁ – “এপাহ ফুল / এদিন মোৰ বুকুৰ হাড়ত ফুলিছিল ৷ / সেই ফুলৰ গৰ্ভলৈ নামি আহিছিল / তোমাৰ আকাশ ৷” (কথন-৩); “ঢৌৰ সপোন মোৰ নাই ৷ / ঢৌবোৰেহে উটুৱাই উটুৱাই মোক / তোমাৰ স্মৃতিৰ পাৰলৈ লৈ যায় …” (ঢৌ); “সপোনত নেদেখা সপোনটো দেখা / সেই দুটা সেন্দুৰী পুঠিহেন চকু / চাবলৈ আহি মই চেঁচা হৈ পৰিলোঁ / চতিয়নাতলৰ ছাঁখিনিৰ দৰে …” (চকু দুটা, চৰাইজনী আৰু চাকিটো) ৷

কাব্য-সংকলন দুখনত সন্নিবিষ্ট কেইবাটাও কবিতাৰ জৰিয়তে কবি জোনমণিয়ে নিজৰ নিৰ্মাণ-কুশলতা আৰু লোক-অভিজ্ঞতাৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে ৷ পাঠকসকলে তেওঁৰ কবিতা পাঠ আৰু ৰসাস্বাদনৰ জৰিয়তে অনিন্দ্যসুন্দৰ আৰু বাছকবনীয় কিছু বিৰল অভিজ্ঞতাৰ সৈতে মুখামুখি হ’ব পাৰিব বুলি আমাৰ বিশ্বাস ৷ 

তৎসত্ত্বেও কওঁ যে, কবি জোনমণিয়ে নিজস্ব এটা কাব্য-ভাষা নিৰ্মাণ কৰাৰ বাবে অধিক যত্নপৰ হোৱাটো উচিত হ’ব, কিয়নো তাৰ জৰিয়তেহে তেওঁ নিজৰ কবিতাক এক উচ্চতৰ মানদণ্ডলৈ লৈ যাবলৈ সক্ষম হ’ব পাৰিব ৷ মোৰ ধাৰণা, তেতিয়াহে আমি কবিৰ অনাগত কাব্য-যাত্ৰাক আৰু অধিক সফল বুলি ক’ব পাৰিম ৷ কবি জোনমণিলৈ আমাৰ অলেখ শুভকামনা থাকিল ৷ 

No comments:

Post a Comment