Thursday, March 23, 2017

সাম্প্ৰতিক প্ৰসংগ

প্ৰণাম ব্ৰহ্মপুত্ৰ-নমামী ব্ৰহ্মপুত্ৰ
জ্যোতিৰূপম দত্ত

হে মহাবাহু, তোমাক শতকোটি প্ৰণাম ৷

মাতৃহন্তা পৰশুৰামৰ ৰক্তৰঞ্জিত কুঠাৰ হাতৰ পৰা খহাই পাপমোচন কৰা হে ব্ৰহ্মনন্দন, তোমাক প্ৰণাম ৷ পৰশুৰামৰ কুঠাৰৰ ফালেৰে পবিত্ৰ ব্ৰহ্মকুণ্ডৰ পাৰ কাটি দিয়াৰ পাছতে অসমৰ ভুমিৰে বৈ এই প্ৰদেশৰ মাটি সুজলা-সুফলা কৰা হে লৌহিত্য, তোমাক নমস্কাৰ ৷

হে লৌহিত্য, এই অসমৰ সমগ্ৰ জাতি-উপজাতিৰ একতাৰ ডোল হৈ অতদিনে প্ৰবাহমান তোমাৰ পবিত্ৰ জলধাৰালৈ সশ্ৰদ্ধ প্ৰণিপাত ৷ হিমালয়ৰ পৰা বংগোপসাগৰলৈ বিস্তৃত তোমাৰ এই সবল পৰিক্ৰমাৰ কোনো তুলনা নাই ৷

হে মহাবাহু ! ক্ষমা কৰিবা ৷ আমি তোমাক চিনিব নোৱাৰিলো ৷ তোমাৰ অপাৰ শক্তিক জানি-বুজিও উপেক্ষা কৰিলো ৷ তোমাৰ বজ্ৰসংহাৰী জলশক্তিক চীনা ড্ৰেগনে আবদ্ধ কৰি কলুষিত কৰা বুলি জানিও একো কৰিব নোৱাৰিলো ৷ খৰালি কালৰ বিশাল উদং বালিচৰবোৰৰ মাজে মাজে বৈ থকা ক্ষুদ্ৰ জলধাৰাক আমি যেন দেখিও নেদেখাৰ ভাও দিও ৷

হে মহাবাহু, বিশ্বব্যাপি সমাদৃত তোমাৰ সৃষ্টি মাজুলীকে ধৰি বিশ্বৰ ঐতিহ্যমণ্ডিত বহু ক্ষেত্ৰকে আমি বৈষয়িক সুখৰ সম্ভাৰৰ কৰ্ষণৰ আহিলাৰূপে নিৰ্লজ্জভাৱে ব্যৱহাৰ কৰিলো ৷ সামান্য সোঁততে উটি যাব পৰাকৈ মথাউৰি বন্ধাই আমি নিজৰ বাবে নিৰাপদ জনপদত সুউচ্চ অলঙ্ঘ্য অট্টালিকা সাজিলো ৷ গৰাখহনীয়াই সৰ্বস্বান্ত কৰা অলেখ খিলঞ্জীয়া অসমীয়া জাতি-জনজাতিৰ লোকৰ চকুপানীক নেওচা দি জগতৰ ঐশ্বৰ্য্য-বিভূতিৰে নিজৰ বৰপেৰা ভৰোৱাত অকণো কাৰ্পণ্য নকৰিলো ৷

গৰাখহনীয়াৰ গ্ৰাসত পৰি যোৱা দুই দশক ধৰি মথাউৰিত বাস কৰা এমুঠি অসমীয়াৰ কষ্টকৰ জীৱনৰ দুখৰ মালিতা শুনিও অন্তৰ নগলা আমিবোৰে প্ৰতিবাৰে দলিয়াও পাঁচ বছৰীয়া মিছা আশ্বাসৰ ফুলজাঁৰি৷ সেই অজলা, হোজা, অকৰা থলুৱাখিনিক বাৰে বাৰে আভুৱা দি ৰাজপাটত বহিয়েই নিজৰ সাতোজনমলৈ ক্ষয় নোযোৱা সোণৰ সোলেং গোটালো ৷

হে লুইত ! অজস্ৰ নৈ-উপনৈয়ে সমৃদ্ধ কৰা তোমাৰ অফুৰন্ত জলভাণ্ডাৰ চকুৰ আগত ৰাখি এটুপি বিশুদ্ধ পানীৰ বাবে হামৰাও কঢ়া প্ৰজাগণৰ দুখৰ চকুপানীৰ নৈ চকুতেই শুকায় ৷ নিস্বঃ অসমীয়া জনগণৰ শুকান তৃষ্ণাৰ্ত ওঁঠত পিয়াহৰ পানী তুলি দিবলৈ আমি কাগজৰ পাততেই আচনি ৰচি কাগজৰ পাততেই অৰ্বুদসম ধন খৰচ কৰো ৷

হে মহাবাহু ! বাৰিষাকালত তোমাৰ সাগৰ সংকাশ জলধাৰাত প্লাবিত হোৱা গাওঁ-চহৰ চাবলৈ আকাশত হেলিকপ্তাৰৰ খদমদম লাগে ৷ খমখমীয়া কাপোৰ পিন্ধি সংহাৰী বানৰ কবলত পৰি গৃহহীন হোৱা বুভুক্ষু জনসাধাৰণ, বিধ্বস্ত ঘৰ-দুৱাৰ, বাটপথ চাই ঘৰিয়ালৰ চকুপানী টুকো ৷ আনকি বানবিধ্বস্ত অঞ্চলৰ ভোকাতুৰ শিশুৰ মুখৰ পৰা বান-সাহায্যৰ এমুঠি চাউল কাঢ়ি খাবলৈ আমি অকণো দ্বিধাবোধ নকৰো ৷ নিৰালম্ব অৱস্থাত থকা বন্যাক্ৰান্তৰ কান্দোনতো নিৰুদ্বেগ হৈ থকাৰ অভ্যাস আমাৰ ইতিমধ্যে হৈ গৈছে ৷

হে লৌহিত্য, আমাক ক্ষমা কৰিবা ৷ জগত জুৰি বৈজ্ঞানিক চিন্তাধাৰা আৰু প্ৰযুক্তিৰ উন্মেষ ঘটা সময়তো আমি এখন দলং সাজিবৰ বাবে কেইবাদশক সময় লওঁ ৷ তোমাৰ অজস্ৰ সৰু-বৰ উপনৈৰ অপৰ্যাপ্ত জলশক্তিক ব্যৱহাৰযোগ্য শক্তিলৈ ৰূপান্তৰিত কৰাৰ কথা চিন্তা নকৰি নিজৰ ৰাজনৈতিক উচ্চাকাংক্ষাৰ পোহাৰ মেলো ৷

হে বুঢ়া লুইত, তোমাৰ দুপাৰৰ পলসুৱা মাটিত দুহাতেৰে শইচৰ বীজ সিঁচি সোণগুটি বুটলিবলৈ থলুৱা অসমীয়াৰ দেহা-মন সকলো এলেহুৱা ৷ তোমাৰ দুপাৰত সিপাৰৰ বিদেশীয়ে আহি হেনো বুটলিছে সোণৰ চেঁকুৰা ৷

হে মহাবাহু, বৰ্তমান তোমাক লৈ সকলোতে খদমদম লাগিছে ৷ পলে পলে প্ৰতিশ্ৰুতিৰ বন্যাৰ ঢল নামিছে ৷ উৎসৱৰ উৎসাহৰ আতিশয্যত আমি সকলো উটি-ভাঁহি গৈছো ৷ তোমাৰ দুপাৰেৰে পাৰে মসৃণ পথ হব, শদিয়াৰ পৰা ধুবুৰীলৈ জলপথ হব, নদী পৰ্য্যটনৰ বিকাশ হব, কুটীৰ-হস্ততাঁত শিল্পই নতুনকৈ গতি লব, বানপানী ৰোধ হব, দুয়োপাৰ সংযোগী বহু দলঙ হব, আৰ্থ-সামাজিক ব্যৱস্থা উন্নত হ’ব আদি নানা প্ৰতিশ্ৰুতিৰ প্লাৱন শুনিছো, দেখিছো ৷

হে লৌহিত্য, নতুন উৎসৱৰ ধামখুমীয়াত আকৌ এবাৰ উটিম আমি ৷ ৰ’লাৰ চলাই সমান কৰা প্ৰকাণ্ড বালিচৰত হেজাৰ লুমেনছৰ মায়াময় পোহৰত বাদাম চোবাই উচ্চাংগ সংগীতৰ লহৰৰ তালে তালে ভৰি নচুৱাম ৷ খাদ্য মেলাৰ বিপণীৰ দামী সুস্বাদু খাদ্যৰ জুতি ল’ম, অত্যাধুনিক লেজাৰ শ্ব’ চাম, জংঘলী অসমৰ মাটিলৈ নমা বলিউদী তাৰকাক দৰ্শন কৰি এই জীৱন ধন্য কৰিম, চেলফি তুলিম, আনন্দ কৰিম ৷ ৰাজপথৰ পোহাৰীজনীৰ পৰা দুখীয়া শিক্ষকজনৰ তেজ-ঘামেৰে চহকী কৰা চৰকাৰী তহবিলৰ পৰা মুঠিয়ে মুঠিয়ে খৰচ কৰা টকাৰে আয়োজন কৰা উৎসৱৰ মায়াজালত আমি আকৌ এবাৰ আছন্ন হ’ম ৷

উৎসৱ উপলক্ষে আটাইকেইদিন আমাৰ মুখ গহ্বৰত বিদেশী খাদ্য, কৰ্ণকুহৰত বিদেশী বাদ্য ! গৰাখহনীয়াত ঘৰ হেৰুৱাই মথাউৰিৰ কাষৰ উৰুখা পঁজাটোত ধিমিক-ধামাককৈ জ্বলা টিপচাকিৰ পোহৰত চকু দুটা মোহাৰি দুটা কলীয়া আখৰ পঢ়িবলৈ যত্ন কৰা লঘোণীয়া শিশুটিৰ কথাও কেইদিনমানলৈ পাহৰিম ৷ সকলো পাহৰি উৎসৱৰ বাকৰিৰ চকু চাত মৰা ৰঙীন লাইটৰ পোহৰত কেইদিনমানলৈ মতলীয়া হম আমি ৷

হে মহাবাহু ! প্ৰণামো তোমাক ৷ জ্ঞানৰ শলিতা জ্বলাই নতুন উদ্যমেৰে নতুন চিন্তাক আদৰিবলৈ খোজা প্ৰতিজন অসমীয়াক শক্তি দিয়া, বুদ্ধি দিয়া ৷ হে ব্ৰহ্মপুত্ৰ, এসময়ত সিন্ধু বলয়ৰ সকলোৰে মুখে মুখে চলিছিল এই উপত্যকা নিবাসী জাতি-কুলৰ ভেদাভেদ নেওচি শতৰুক সাহসেৰে আগভেটি ধৰা এমুঠি অসমীয়াৰ শৌৰ্যৰ কথা ৷ আমি হয়তো সহজেই পাহৰি গলো, শৰাইঘাটৰ সেই বিজয়ৰ কথা, লাচিতৰ বীৰত্বৰ কথা ৷

আজি বৰ অসমৰ গৰিমা নুবুজা সিন্ধু উপত্যকাৰ পৰা অহা কোনোবা এটি অচিন নাম, অৰ্বাচীন সুৰ এটিত আমি মোহাচ্ছন্ন হব নোখোজো ৷ আমাৰ সিৰাই সিৰাই প্ৰবাহিত হৈ আছে লুইতৰ চিনাকী সুৰ ৷

আমি অসমীয়া, দুখীয়া নাছিলো, নহও কাহানিও ৷...

No comments:

Post a Comment