পৰ্যবেক্ষণ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

(প্ৰসংগঃ অইল আৰু নেচনেল বুক ট্ৰাষ্ট)
নিযুক্তিত "ৰাজনীতি" আৰু ৰাজনৈতিক নিযুক্তি
অজয় লাল দত্ত
কোনো এখন চৰকাৰে নতুনকৈ শাসন ভাৰ গ্ৰহণ কৰাৰ পাছত বিভিন্ন নিযুক্তি সমূহৰ সন্দৰ্ভত কাঠগড়াত উঠিব লগীয়া হয়েই। আমাৰ শাসন ব্যৱস্থাটোত যেনেকৈ কিছুমান পদত নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে মুকলি বাছনি প্ৰক্ৰিয়াৰে নিযুক্তি দিয়াৰ ব্যৱস্থা আছে, তেনেকৈ বহু গুৰুত্বপূৰ্ণ শীৰ্ষস্থানীয় পদতো চৰকাৰী মনোনীত প্ৰাৰ্থীৰ নিযুক্তিৰ পোনপটীয়া ব্যৱস্থাও প্ৰযোজ্য হৈ আছে। ৰাজনৈতিক নিযুক্তি হিচাবে কোনো দলৰ ৰাজনৈতিক কৰ্মী বা পৰোক্ষ অনুগতক কোনো একোটা চৰকাৰী তন্ত্ৰ, বৰ্ড, নিকায়, নিগম, ন্যাস আদিৰ দ্বায়িত্ব দি চৰকাৰে নিজৰ মতে চলাবলৈ চেষ্টা কৰাটো কোনো নতুন কথা নহয়। আগৰ চৰকাৰে এনে মনোনীত প্ৰাৰ্থীৰ ঠাইত নিজৰ মনৰ মতন লোকক নিযুক্তি দিয়াৰ বিপৰীতে চৰকাৰ সলনি হ'লে সেইবোৰত নতুন চৰকাৰে সা-সলনি কৰি লোৱাটোৱেই অলিখিত নিয়ম হিচাবে মানুহে দেখি আহিছে। স্বাধীনতাৰ পাছৰ সময়চোৱাত কিছুমান কাৰিকৰীভাৱে অৰ্হতা নথকা ৰাজনৈতিক নমুনাৰ হাতত কাৰিকৰী উদ্যোগ আদিৰ চেয়াৰমেন পদ আদি তুলি দি ৰাজহুৱা খণ্ডৰ উদ্যোগৰ শ্মশান যাত্ৰা কৰোৱাও ৰাইজে প্ৰত্যক্ষ কৰিছে। তাৰ বিপৰীতে ৰাজনৈতিক ভাৱে দ্বায়িত্ব লভিও নিজৰ সু-কৰ্ম আৰু নেতৃত্বৰে ৰাজহুৱা সংস্থা একোটাক গতিশীল কৰি, শক্তিমন্ত কৰি যুগলৈ নাম ৰাখি যোৱা যোগ্য ব্যক্তিৰ উদাহৰণো এই বিশাল দেশতে জিলিকি আছে।

কিন্তু শেহতীয়াকৈ এনে নিযুক্তিৰ কিছু কুচ-কাৱাজে দেশৰ বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আগৰ চৰকাৰবোৰৰ সময়ত হোৱা নিযুক্তিকে ধৰি বিভিন্ন বিষয় সমূহ আজিৰ দৰে চ'ছিয়েল মেডিয়াৰ সক্ৰিয়তা সেই যুগত নাছিল বাবে মানুহৰ দৃষ্টিলৈ বেছিকৈ নাহিছিল। কিন্তু এতিয়া এনে সামাজিক যোগসূত্ৰক সৱল ভাৱে ব্যৱহাৰ কৰি অভিনৱ সাফল্যৰে শাসনলৈ অহা দলটোৱেই খোদ এতিয়া প্ৰতিটো পদক্ষেপতে বা সিদ্ধান্ততে বিপুল ৰাজহুৱা পৰ্যবেক্ষণ তথা পোনপটীয়া জনমত প্ৰৱাহৰ সন্মুখীন হব লগা হৈছে। তথ্য প্ৰযুক্তিৰ সাৱলীল গতিয়ে সাধাৰণ নাগৰিককো তথ্য খানি আনি সহজেই প্ৰশ্নবোধক উত্থাপন কৰিব পৰাকৈ সৱলীকৰণ কৰিছে আৰু ইয়াৰ ফলত সমাজ-শাসন ব্যৱস্থাৰ পৰিচালনা কৰা সকলে নিত্য নতুন এনে প্ৰত্যাহ্বানৰ মুখামুখি হব লগাটো অৱধাৰিত হৈ পৰিছে।

সাধাৰণতে কোনো সংস্থাৰ নিযুক্তি প্ৰক্ৰিয়াৰ বাবে বিজ্ঞাপন প্ৰকাশ পোৱা বা তাত ধাৰ্য কৰা মতে অৰ্হতা থকা সকলে আবেদন কৰি মুকলি প্ৰতিযোগিতাৰ পৰিৱেশত লিখিত পৰীক্ষা, শৈক্ষিক পঞ্জীৰ সাফল্যৰ ভিত্তিত পোৱা নম্বৰ, অতিৰিক্ত অৰ্হতা, মৌখিক সাক্ষাতকাৰ আদিৰ ভিত্তিত নিযুক্তি প্ৰক্ৰিয়া স্বচ্ছকৈ চলিলে নাগৰিক সমাজেও সন্তোষ প্ৰকাশ কৰে। এনে চৰকাৰী চাকৰিৰ বাবে নিৰ্বাচন কৰাৰ গুৰুত্বপূৰ্ণ দ্বায়িত্ব বহন কৰা সাংবিধানিক সংস্থা এপিএছচি, মধ্য-প্ৰদেশৰ ৰাজ্যিক সংস্থা ব্যাপম আদিত ফাদিল হোৱা সুৰুঙা আৰু কেলেংকাৰীৰ বাতৰিয়ে এনে প্ৰতিষ্ঠিত প্ৰক্ৰিয়াত থকা বিশাল আঁসোৱাহৰ কথাই আজি মানুহক উদ্বিগ্ন কৰি তুলিছে। প্ৰতিবাদ কৰিছে, ন্যায়ালয়ৰ দুৱাৰ খটথটাইছে, আৰু নাগৰিক সমাজৰ এনে হেঁচাৰ বাবেই এতিয়া শাসনৰ জৰী হাতত থকা সকলেও এনে প্ৰক্ৰিয়াবোৰক ত্ৰুটি মুক্ত কৰাৰ বাবে পদক্ষেপ লবই বুলিও ঘোষণা কৰিবলৈ বাধ্য হৈছে। ভৱিষ্যতে সাধাৰণ যি কোনো লোকেই কেৱল নিৰ্ধাৰিত আপু পূৰ্ব ঘোষিত মেধা জোখা মাপকাঠিৰ ভিত্তিত নিজৰ যোগ্যতাৰে সৰু-বৰ চাকৰিৰ বাবে সুবিধা পাবই লাগিব সেই কথা নিশ্চিত কৰাটো এতিয়া আমাৰ সমাজৰ বাবেই এক প্ৰত্যাহ্বান হৈ উঠিছে।

আনহাতে ৰাজনৈতিক নিযুক্তি হোৱা ডাঙৰ ডাঙৰ পদৰ ক্ষেত্ৰত অৰ্হতা বা মেধাৰ এনে কোনো পূৰ্ব ঘোষিত মাপকাঠি নিৰ্দিষ্ট নাথাকে। এনেবোৰ পদ সাধাৰণতে একৰ পৰা পাঁচ বছৰ পৰ্যন্ত হোৱাৰ বাবে এনে পদ সাময়িক ভাৱে আৰোহণ কৰাৰ দৰেহে হয় আৰু এনেবোৰ "চাকৰি"তকৈ পদবোৰৰ স্থান লোকচক্ষুত খুৱেই উচ্চ হোৱাৰ বাবে ইয়াৰ আকৰ্ষণ বেলেগ ধৰণৰ হয়। পদমৰ্যদা, ক্ষমতা আৰু সামাজিক স্থিতি উন্নীত কৰি দিব পৰা পদবোৰৰ অধিক লোভনীয় হয় আৰু এই ক্ষেত্ৰত আচল দৰমহাৰ স্কেলৰ কথাটো একেবাৰেই গৌণ হৈ পৰে!

কেৱল সুদক্ষ প্ৰাক্তন খেলুৱৈহে ক্ৰীড়া সংগঠক বা প্ৰশাসক হব লাগে বিষয়ত যেনেকৈ দেশত বিতৰ্কৰ অন্ত নাই, তেনেদৰেই সাহিত্য সংগঠক বা প্ৰকাশন ব্যৱস্থাপনা সংস্থাৰ দ্বায়িত্বৰ বাবে খ্যাতিমান সাহিত্যিক হোৱাটোৱেই একমাত্ৰ অৰ্হতা হব লাগে নে প্ৰকাশন, বিতৰণ আদিৰ ব্যৱহাৰিক তথা ব্যৱসায়িক দিশৰ অভিজ্ঞতাও প্ৰয়োজন তাৰো চিন্তাৰ অৱকাশ নিশ্চয়কৈ আছেই! তথাপি অসমৰ শৈক্ষিক আৰু ক্ৰীড়া ক্ষেত্ৰক ৰাজনৈতিক ব্যক্তিৰ হাতোৰাৰ পৰা মুক্ত কৰাৰ বাবে বহুদিনৰ পৰাই দাবী আৰু প্ৰচেষ্টা চলি থকাৰ পাছত এতিয়া অসমৰ স্কুল, কলেজৰ গভৰ্নিং বডিৰ পৰা প্ৰত্যক্ষ ৰাজনীতিত জড়িত ব্যক্তিক আঁতৰোৱাৰ বাবে প্ৰশংসনীয় প্ৰচেষ্টা হাতত লোৱা হৈছে বুলি জানিব পাৰিছো। কিন্তু ক্ৰীড়া ক্ষেত্ৰ এতিয়াও এনে প্ৰচেষ্টাৰ পৰা আঁতৰতেই আছে। বাকী ৰাজহুৱা আৰু চৰকাৰী নিকায়, বৰ্ড, নিগম, ট্ৰাষ্টৰ উপদেষ্টা, চেয়াৰমেন আদি লাভজনক মানে বিভিন্ন অৰ্থনৈতিক আৰু সামাজিক সা-সুবিধা পাব পৰা পদ ৰাজনৈতিক নিযুক্তিৰেই চলিয়েই আছে। কোনো দলৰ এজন আঁতৰিছে,  আন এজনে সেই পদ-সুবিধা ভোগ কৰিছে, যদি শাসক সলনি হৈছে, তেন্তে হয়তো পদলৈ আহিছে নতুন দলৰ নতুন দলীয় নেতা! কোনো কোনোজন আকৌ শাসনত দল সলনি হলেও একেৰাতিতে শাসকীয় দলৰ প্ৰিয়ভাজন হৈছে, তেওঁ একে স্থানতে ৰৈছে! বিৰোধী দলৰ হলেও ব্যক্তিগত বন্ধুত্ব-সম্পৰ্কৰ খাতিৰতো আঁতৰ নকৰা, সকলোৱে মিলিজুলি চলাৰ এটা  ব্যৱস্থা তৈয়াৰ হৈছে। সেয়ে ৰাজনীতি কৰা মানুহবোৰে সেয়ে নিজৰ শ্ৰেণীস্বাৰ্থ ৰক্ষাৰ বাবেই এই প্ৰক্ৰিয়াটোৰ বিৰোধিতা  কৰা নাই বা নকৰেই!

সাধাৰণ নিযুক্তি প্ৰক্ৰিয়া একোটা চলিলে তাত বিজ্ঞাপনৰ ভিত্তিত আবেদন কৰিব লগা হয়। পদ একোটাৰ বাবে নুন্যতম অৰ্হতাখিনি নাথাকিলে নহয়েই। আৰু নুন্যতম অৰ্হতা থাকিলেও সেই পদ বা দ্বায়িত্ব তেওঁৰ ব্যক্তিগত কেৰিয়াৰৰ বাবে লাভজনক হব বুলি গণ্য নকৰাকৈ কোনো মানুহেই তাৰ বাবে চেষ্টা নচলায়। একোটা পদৰ বিপৰীতে আজিৰ প্ৰতিযোগিতামূলক কেৰিয়াৰ সৰ্বস্ব পৰিবেশত একে লেভেলৰ বহু কেইজন ব্যক্তিয়েই তেনে প্ৰচেষ্টা হাতত লয়। কোনো বিশাল সংস্থাৰ মুৰব্বী বা শীৰ্ষ পদবীৰ প্ৰক্ৰিয়াত প্ৰাৰ্থীৰ তালিকাখন দেখি, কোনো লোকৰ প্ৰচাৰিত সুনামৰ বিপৰীতে, ভূ-ৰখা লোকে আগতীয়াকৈ এই পদৰ বাবে অমুকেই উপযুক্ত ব্যক্তি বুলি ভাবিবলৈ লয়।  লাগিলে তেওঁৰ সতে প্ৰতিযোগিতা কৰা সকলৰ শৈক্ষিক-পঞ্জী বা অতিৰিক্ত অৰ্হতা, অভিজ্ঞতা সমূহ বেছিয়েই হওক বা ৰাজহুৱা ইমেজ বনোৱাৰ প্ৰচেষ্টাৰ অভাৱত সেইবোৰ লোকচক্ষুলৈ নাহে বা অজানা হৈয়ে ৰয়। এইখিনিতে পাব্লিক ৰিলেচন তথা জনমানসত ভাৱমূৰ্তি নিৰ্মাণৰ কাৰকটো পোহৰলৈ আহে! ফলত যেতিয়া ফলাফল ঘোষণা হয়, তেতিয়া জনমানসে আগতীয়াকৈ পূৰ্ববৰ্তী ধাৰণা কৰা ব্যক্তি গৰাকীয়ে যেতিয়া পদটো নাপায় তেতিয়া সকলোৱে একেমুখেই কয় 'তেওঁক বঞ্ছিত কৰা হ'ল, কিবা পলিটিক্স সোমাল!'... 'পলিটিক্স নোসোমোৱা হ'লে আৰু এওঁ নাপায়নে'!

এতিয়া প্ৰশ্ন হয়, এই পলিটিক্স সোমোৱা মানেনো কি? মানুহে প্ৰকাশ কৰা ভাৱটো হ'ল- ভিতৰি কিবা নিশ্চয় খেলিমেলি হৈছে! ভিতৰত সোমাই প্ৰক্ৰিয়া একোটাক কক্ষচ্যুত কৰাটোকে মানুহে বাৰু নিযুক্তিত "ৰাজনীতি" বুলি ভাবিবলৈ ধৰিছে নেকি? "ৰাজনৈতিক নিযুক্তি" বুলিলে তেতিয়া হ'লে ধাৰণাটোৱেই দেখোন "সঠিকজনক নিদিয়া" নিযুক্তিয়েই তাৰ সংজ্ঞা হব নেকি! এইটো কথা ঠিক, সকলো সম-অৰ্হতা থকাৰ পাছতো কোনো এটা পদ, বিশেষকৈ শীৰ্ষ পদৰ নিৰ্বাচন কিছুমান অপ্ৰকাশিত কাৰকে নিৰ্ধাৰণ কৰে। আজিৰ দৰে জটিল সময়ত কোনেও সাধাৰণতে এনেকুৱা উ্চ্চাকাংখিত পদ কাকো উপযাচি নিদিয়ে, সেই কথা নিশ্চিত! আপোনাক কিবা এটা লাগে বুলি ভাবিলে, প্ৰথমে লক্ষ্য স্থিৰ কৰিব লাগিব। তাৰ পাছত অৰ্জুনৰ দৰে কেৱল চৰাইৰ চকুত দৃষ্টি দি চলে-বলে কৌশলে, নীতি-কূটনীতিৰে তাৰ বাবে অনুকূল পৰিবেশৰ সৃষ্টি কৰি লাগিব, লক্ষ্যপ্ৰাপ্তিৰ বাবে। যিহেতু আপোনাৰ প্ৰতিযোগী সকলেও তাকে কৰিবই, গতিকে সেই দৌৰত ভাগ লম বুলি ভাবিলে আপুনিও দৌৰিবলৈ বাধ্য!

ৰাজনৈতিক নিযুক্তিৰ বাবে অৱশেষত "ৰজাই ভাল দেখে যাক" নীতিয়েই প্ৰযোজ্য হব সেয়াও সকলোৱে জনা কথা। এতিয়া ৰজাৰ দৃষ্টিত ভাল দেখাকৈ ভৰসাযোগ্য হৈ উঠাতো এই ক্ষেত্ৰত হৈ পৰিব ব্যক্তি এগৰাকীৰ কৃৰ্তিত্বই। তাৰ বাবে তেওঁ দলটোৰ প্ৰত্যক্ষ ভাৱে দলীয় নেতাই হওক, বৰঘৰৰ মানুহেও হওক বা পৰোক্ষভাৱে দলীয় নীতি বা প্ৰপাগাণ্ডা বহন কৰি নিব পৰাকৈ চকুমুদি নিৰ্ভৰ কৰিব পৰা লোক হওক। যি উপায়েৰেই নহওক, তেওঁ পৰিগণিত হব লাগিব সেই সিদ্ধান্তৰ ক্ষণত যোগ্যতম ব্যক্তি! বহুতো নিকায়, বৰ্ড, ট্ৰাষ্ট আদিৰ পৰা আৰ্থিক আমদানি, সেইবোৰৰ সৰু-বৰ পদত নিযুক্তি, দৈনিক কামকাজত নিজৰ হস্তক্ষেপ কিমান সুচল হব সেই কথাবোৰ নিশ্চিত কৰিহে  ৰজাই সিদ্ধান্ত লয়। আৰু কেতিয়াবা কাৰোবাক কিবা এটা দি ইমেজৰ ডেমেজ কণ্ট্ৰল কৰিব লগাও হয়। কাৰোবাক পুৰস্কৃত, কাৰোবাক পাখি কাটিব লগা ৰাজনৈতিক হিচাবো এনে নিযুক্তিৰ বাবে কাৰক হৈ পৰে, আৰু সেই সন্ধিক্ষণত ৰজাৰ ভৰসা জিনিব পৰা গৰাকীয়েই নিযুক্তি লাভ কৰি শেষ হাঁহি মাৰিবলৈ সক্ষম হয়।

একেই ফৰ্মূলাৰ আঁত ধৰিয়ে আনুষ্ঠানিক শিক্ষাৰ অৰ্হতা উচ্চতৰ মাধ্যমিক পাছ হোৱাৰ স্বত্বেও দেশৰ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী হবলৈ সক্ষম হোৱা বুলি স্মৃতি ইৰাণীৰ ফালেও মানুহে আঙুলি তোলে। দেশৰ শিক্ষাৰ জগতখনক গেৰুৱাকৰণৰ গোপন মিছন সাৰ্থক কৰাৰ বাবে সংঘ পৰিবাৰৰ ভৰসাযোগ্য হোৱাৰ কাৰকেই ইয়াৰ অনুঘটক বুলিও সমালোচক সকলে দাবী কৰে। আনফালে পুনেৰ ফিল্ম এণ্ড টেলিভিচন ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ অধ্যক্ষ ৰূপে নিযুক্ত হোৱা "মহাভাৰতৰ যুধিষ্ঠিৰ খ্যাত" গজেন্দ্ৰ চৌহানৰ নিযুক্তিয়েও প্ৰতিবাদৰ খলকনি তুলিছে। ত্ৰিশ বছৰতকৈ অধিক কাল চলচ্চিত্ৰ জগতৰ সৈতে জড়িত থকা চৌহানক বিজেপি দলৰ হোৱা বাবেই নিযুক্তি দিয়াৰ অভিযোগ তুলিছ বিৰোধীসকলে। আনকি নুন্যতম অৰ্হতালৈ প্ৰশ্ন তুলিব নোৱাৰিলেও কিন্তু, প্ৰতিষ্ঠানটোৰ পূৰ্বৰ অধ্যক্ষ সকল গৰিমাৰ সৈতে তেওঁ খাপ খোৱা নাই অভিযোগটো এতিয়া কোনেও খণ্ডন কৰিব পৰা নাই। অসমতো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিচালনা কৰা বৰ্ডত ৰাজ্যপালে নকৈ নিযুক্তি দিয়া সকলৰ নামক লৈও প্ৰশ্ন উঠিছে, ইয়াতো জনমানসত পূৰ্বৰে পৰা থকা সুনামৰ অভাৱ তথা গৰিমাৰ প্ৰশ্নই জড়িত হৈ আছিল! মন কৰিব এতিয়া শাসন হেৰুৱাই সমালোচক হৈ পৰা সকলে কিন্তু এতিয়াও ৰাজ্য চৰকাৰৰ বিভিন্ন পদ, বৰ্ড, নিগম, উন্নয়ন পৰিষদ আদিত ৰাজনৈতিক নিযুক্তিৰে দশকতকৈ অধিক কাল উঠি ৰজা, বহি ৰজা হৈ থকা দলীয় নেতা-মুখপাত্ৰ-কৰ্মী সকল কিমান আচলতে গৰিমামণ্ডিত, সেই কথা উনুকিয়াব বিচৰা নাই! এয়াও এক সুবিধাবাদৰেই নামান্তৰ নহয়নে?

অসমত মুখ্য-কাৰ্যালয় থকা ৰাজহুৱা খণ্ডৰ তৈল প্ৰতিষ্ঠান "অইল"ৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰূপে নিযুক্তিৰ বাবে পিএছইবিয়ে পূৰ্বতেই নিৰ্ধাৰিত প্ৰক্ৰিয়াৰে গৈ ৰূপশিখা বৰা শইকীয়াৰ নাম চূড়ান্ত কৰিছিল। কিন্তু শেষ সময়ত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা হোৱা হ্স্তক্ষেপত আন এজনে নিযুক্তি লাভ কৰাত, অসমীয়া বুলিহে তেখেতক বঞ্চিত কৰা বুলি অসমীয়া সমাজৰ মাজত ক্ষোভৰ উদ্গীৰণ হোৱা দেখা গৈছে। মন কৰিবলগীয়া, তেখেতে একান্ত নিজস্ব মেধাৰ ভিত্তিত কৰ্পৰেট জখলতা বগাই গৈ বিত্ত বিভাগৰ সঞ্চালক পদত অধিষ্ঠিত হৈছিল। এই পদটোৰ নিযুক্তিও আচলতে চিএমডিৰ দৰেই ৰাষ্ট্ৰপতিয়েই দিয়াই, একেই কেন্দ্ৰীয় চৰকাৰৰ পৰামৰ্শ মানিয়েই।  ৰাজনৈতিক দলে চলোৱা চৰকাৰ এখনৰ এনে পৰামৰ্শও ৰাজনৈতিক "সদিচ্ছা"ৰ পৰা মুক্ত কেতিয়াও হব নোৱাৰে। ব্যক্তিগত ভাৱে তেখেতৰ স্বামী নয়নমণি বৰা ডাঙৰীয়াও অইলৰ একালৰ অধ্যক্ষ আছিল আৰু চৰকাৰী কোম্পানী এটা চলাই নিয়াত চৰকাৰৰ "ভৰসাযোগ্য" হিচাবে প্ৰতিপন্ন কৰাৰ কৌশল তথা ব্যৱস্থাপনা সেয়ে দুয়োৰে বাবেই অজানা নহয়। পূৰ্বৰ আন দলৰ চৰকাৰৰ ভৰসাৰ থল বা সদিচ্ছা প্ৰাপ্ত বুলি গণ্য হোৱা একে ব্যক্তিকে সলনি হোৱা চৰকাৰেও একে ভৰসাত লব বুলি কোনো স্বতঃসিদ্ধৰীতি নাই। সেয়ে ৰাজনৈতিক সদিচ্ছা প্ৰাপ্তিত 'সেই সময়'ত সফল গৰাকীক চেৰাই 'এই সময়ত'  কোনো সফলতৰ ব্যক্তিয়ে "জোৰ যাৰ মুলুক তাৰ" কৰি পদটো হস্তগত কৰিলে। সেয়ে এতিয়া আমি তাত পলিটিক্স সোমাল, অসমীয়াক বঞ্চিত কৰা হ'ল বুলি হায়ৈ-বিয়ৈ কৰিছোহঁক! অসমীয়া হোৱা বাবে বঞ্চিত হব লগা হোৱা হ'লে জানো একেই ৰাষ্ট্ৰপতিয়ে দিয়া নিযুক্তি লাভ কৰিবলৈ দুয়োগৰাকী লোকেই সমৰ্থ হ'লহেতেননে? সেয়ে বিষয়টোত আচলতে অসমীয়া হোৱা-নোহোৱাটো অতিশয় গৌণ কথাহে, যাৰ বাবে হৈ-ছৈ কৰি আমি ৰজাৰ ভৰসাযোগ্যতম বিবেচিত হোৱাৰ ভিতৰুৱা প্ৰতিযোগিতাখন অথবা তাৰ অপ্ৰকাশিত ৰাজনৈতিক কাৰকৰ মূল বিষয়টোকেই তল পেলাই দিয়া নাইনে?

একেদৰেই স্ব-গৰিমা আৰু সৃষ্টিৰে মহীয়ান হোৱা "দেওলাংখুই", "মাকাম" আদিৰ স্ৰষ্টা, অসমীয়া সাহিত্যিক ৰীতা চৌধুৰীক নেচনেল বুক ট্ৰাষ্টৰ সঞ্চালিকা পদত তিনি বছৰৰ বাবে অধিষ্ঠিত কৰাত সন্তোষ পাইছো। তাৰ বিপৰীতে কিন্তু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে চৌধুৰী ডাঙৰীয়ানী বিজেপি দলৰ নেতাৰ পত্নী হোৱাৰ সুবাদতে এই পদত নিযুক্তি পোৱা বুলি প্ৰচাৰ কৰা দেখা গৈছে। অসমৰ অইলত, দুলীয়াজানত কোন এই হিন্দীবলয়ৰ লোক বুলি হোৱা প্ৰতিক্ৰিয়াৰেই প্ৰতিবিম্ব এতিয়া হিন্দী-ইংৰাজীৰ বিশাল সাহিত্যৰ পথাৰত কোন এই প্ৰান্তীয় নাৰী বুলি এখেতৰ ক্ষেত্ৰতো দেখিবলৈ পোৱা গৈছে! অথচ "মাকাম"ৰ জৰিয়তে আন্তৰ্জাতিক বিষয় এটা উত্থাপন কৰা, সাহিত্য অকাডেমীৰ বঁটা বিজয়ী, দীৰ্ঘদিনৰ অধ্যাপনাৰে শৈক্ষিক দিশৰ অভিজ্ঞতা, নিজৰ সাধনা, শৈলী আৰু চৰ্চাৰে অসমৰ ৰাইজৰ চকুত আৰু হৃদয়ত একক পৰিচয় সৃষ্টি কৰা অসম আন্দোলনৰ নেত্ৰী ৰীতা চৌধুৰীৰ ব্যক্তিগত "জীৱনপঞ্জী"ৰ সুনামৰ বিষয়ে কিন্তু ৰাষ্ট্ৰীয় মেডিয়া আচৰিত ভাৱে নিশ্চুপ হৈ থাকিল। অসমৰ সচেতন সুধী সমাজে, তেখেতে যদি এই পদৰ বাবে আবেদন কৰাৰ পাছতো যদি নিৰ্বাচিত নোহোৱাৰ বতৰা পালেহেতেন তেতিয়াহে আচৰিত হ'লহেতেন, আন এগৰাকী যোগ্য অসমীয়াক বঞ্চিত কৰাত পুনৰ অভিমান কৰিলেহেতেন। শেহতীয়াকৈ দিল্লীত তেখেতৰ উপন্যাস "মাকাম"ৰ ইংৰাজী অনুবাদ গ্ৰন্থক খোদ কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙদেৱে উন্মোচন কৰিছিল। দেশৰ পূৰ্ব প্ৰান্তৰ পৰা গৈ দিল্লীৰ কেন্দ্ৰীয় মঞ্চত গৈ পৰিচয় গঢ়িবলৈ চলোৱা এই প্ৰচেষ্টাও চাগৈ এনে সমল, সুবিধা, সুযোগ নথকা বহুতো খাৰখোৱা সাহিত্যিকৰ বাবে ইৰ্ষাৰ বিষয়েই। যদি নিজৰ সমলেৰে এইদৰে প্ৰচেষ্টা নচলায়, তেন্তে আমাৰবোৰ ঠাইৰ পৰা ভাৰতীয় মূলসূঁতিত স্থান পাবলৈ লোকসকল সক্ষম হবইবা কেনেকৈ? বহুতেই হয়তো নাজানে, তেখেতে উচ্চ লক্ষ্যৰে নিজৰ সৃষ্টিৰাজি, কৰিব খোজা কামবোৰক, কৰ্মপঞ্জী, প্ৰাপ্তিক http://www.ritachowdhury.in বেৱচাইটৰ যোগেদি অসমৰ দুৱাৰডলি পাৰ কৰাই বিশ্বমুখী কৰি তুলিছিল আৰু এই প্ৰচেষ্টা হঠাত আজিৰ নহয়। ইংৰাজী অনুবাদ, প্ৰকাশিত উপন্যাসৰ ইউনিকোডকৰণ আদি সময়োপযোগী পদক্ষেপ লোৱাৰ লগতে "আধাৰশিলা" অনুষ্ঠানৰ যোগেদি নতুন চাম লেখক প্ৰেৰণা যোগাবৰ বাবেও প্ৰচেষ্টা চলাইছিল। তেখেতে নিজৰ সৃষ্টি, সাধনা আৰু প্ৰচেষ্টাৰে "নেচনেল বুক ট্ৰাষ্ট"ৰ দৰে ৰাষ্ট্ৰীয় গ্ৰন্থ আন্দোলনৰ নেতৃত্ব পাব পৰাকৈ সময়ৰ শৰ মাৰি দেশৰ ৰাজনৈতিক নেতৃত্বৰ ভৰসাযোগ্য হিচাবে নিজকে প্ৰতীয়মান কৰিব পাৰিছে তাত কোনো সন্দেহ নাই। অনুকূল পৰিবেশত নিজৰ দক্ষতা প্ৰতিপন্ন কৰাটো দুৰ্বলতা নহয়, স্মাৰ্টনেচৰহে পৰিচয় সেই কথাও ৰাইজে অনুভৱ কৰিব লাগিব। শিলচৰৰ সন্তান নিৰ্মলকান্তি ভট্টাচাৰ্য (১৯৯৮-২০০২)ৰ পাছত দ্বিতীয়গৰাকী অসমীয়া হিচাবে আৰু প্ৰথম অসমীয়া মহিলা হিচাবে এই শীৰ্ষ পদত উপবিষ্ট হোৱাৰ বাবে তেখেতলৈ আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো।

যি সকলে এই আসনৰ প্ৰতিযোগিতাখনত হাৰিছে, তেওঁলোকে কৰ্ম-অভিজ্ঞতা বা সৃষ্টিৰাজিৰ  বা "কিচমত কানেকচন"লৈ আঙুলিয়াই বঞ্চিতৰ ক্ষোভ উজৰাৰ বাহিৰে কৰিবই বা কি? ইংৰাজীত তেখেতৰ কৰ্মৰাজিৰ বিষয়ে অনলাইনত সবিশেষ থকাৰ পিছতো সেইবোৰ নপঢ়ি, ৰাষ্ট্ৰীয় মেডিয়াই কেৱল শাসকীয় দলীয় নেতাৰ পত্নীৰ টেগটোহে প্ৰচাৰ কৰাটো অতিশয় দুভাৰ্গ্যজনক।  আনকি এগৰাকী সাহিত্যিকৰ স্ব-গৰিমাত আঘাত হনা হেন এনে অপপ্ৰচাৰৰ বিৰুদ্ধে অসমীয়া সাহিত্যৰ পাঠক সমাজেহে বিৰোধ প্ৰকাশ কৰিছে আৰু ইংৰাজী কাকতৰ অনলাইন চাইটত গৈ মন্তব্য প্ৰদান কৰি গুণগ্ৰাহী পাঠকৰ দ্বায়িত্ব পালন কৰিছে। অথচ অসমীয়া কাকতে এই ৰাজনৈতিক লিংকটোৰ অদৃশ্য কাৰকৰ কথা ঘূণাক্ষৰেও উল্লেখ কৰিবলৈ নাৰাজ হোৱা দেখিবলৈ পোৱা গ'ল! এই ক্ষণতে, এয়া  মোদী ডাঙৰীয়াৰ বদান্যতাৰ ফলহে আৰু ইয়েই এই চৰকাৰখন যেন অসমীয়া বিৰোধী নহয়, এয়াই প্ৰমাণ; বুলিবলৈকো আনকি বিজেপিৰ একাংশ অনলাইন কৰ্মী আগবাঢ়ি অহাটো বৰ দৃষ্টিকটু হৈ ধৰা দিছে। ইয়েই দলৰ সৈতে সু-সম্পৰ্ক থাকিলে বা ৰাজনৈতিক নেতৃত্বৰ সদিচ্ছাৰ পাত্ৰ হব পাৰিলে "অসমীয়া" হোৱা-নোহোৱাটো যে আচলতে যে একেবাৰে গৌণ কথা সেইটোকেই প্ৰতীয়মান কৰা নাইনে? অসমীয়া বিৰোধী ইমেজৰ ডেমেজ কণ্ট্ৰলৰ সুযোগো এই নিযুক্তিৰ ক্ষণতো ৰাজনৈতিক মাইলেজৰ সম্ভাৱনাৰ বাবে ইতিবাচক কাৰক যে হৈ উঠা নাছিল বুলিও কোনে নুই কৰিব?

যি কি নহওক, দেশৰ শিক্ষাৰ জগতখনক গেৰুৱাকৰণ কৰিব বিচৰা মিছনত নমাৰ অভিযোগ উঠা মন্ত্ৰালয়টোৰ অধীনত দেশৰ গ্ৰন্থৰ জগতখনক আৰু পঠন আন্দোলনক এতিয়া কি দিশ দিয়ে, কোন দিশে নিয়ে, সেয়া আহিবলগীয়া সময়ত অতিশয় গুৰুত্বপূৰ্ণ হব। দক্ষতা প্ৰতিপন্ন কৰাৰ বাবে সঠিক সময়ত সময়ৰ শৰ মৰাৰ কৃৰ্তিত্বক 'চল চাই কঠীয়া পৰা' বুলি কবলৈ বিচৰা সকলকো কামৰ জৰিয়তেই প্ৰত্যুত্তৰ দিব লাগিব। ৰাষ্ট্ৰীয় গ্ৰন্থ আন্দোলনৰ দ্বায়িত্ব লৈ উত্তৰ-পূৱৰ আঠোখন ৰাজ্যৰ জনজাতি-জনগোষ্ঠীয় ভাষাৰো অনুপম লোকগাঁথা, সৃষ্টিৰাজিক দেশৰ অন্য প্ৰান্তীয় ভাষা তথা ইংৰাজীলৈ অনুবাদেৰে উলিয়াই নি উত্তৰ-পূৱ সন্দৰ্ভত ছবিখনৰ ইতিবাচক সা-সলনি কৰিবই লাগিব। কলিকতাতেই ভাৰতৰ শেষ বুলি ভবা সকলৰ চিন্তাক অমূলক প্ৰমাণ কৰি "ৱৰ্ল্ড বুক ফেয়াৰ" দৰে গ্ৰন্থৰ বৰ্ণাঢ্য অনুষ্ঠানে অসম তথা উত্তৰ-পূৱৰো প্ৰান্ত গৰকাব লাগিব। আমাৰ অঞ্চলৰ মানুহৰ গ্ৰন্থপ্ৰীতি তথা অধ্যয়নৰ প্ৰতি স্পৃহাক জগতক জনোৱাৰ লগতে আন্তঃৰাষ্ট্ৰীয় গ্ৰন্থ সম্ভাৰৰ বিশাল পৃথিৱীখনকো আমাৰ দুৱাৰডলিত আনি থিয় কৰোৱাৰ বাবে অহা এই সুবৰ্ণ সুযোগকো ব্যৱহাৰ কৰিবই লাগিব। সুধাকণ্ঠৰ দিনতে সত্ৰীয়া-শংকৰী লোকসংস্কৃতিক য়ুগলৈ ৰাষ্ট্ৰীয় স্বীকৃতি পোৱাৰ ব্যৱস্থা কৰাৰ দৰেই গ্ৰন্থৰ জগততো শীৰ্ষ পদবীত থাকি অসম তথা অঞ্চলটোৰ বাবে যুগলৈ প্ৰভাৱ থাকি যোৱা যোগাত্মক সিদ্ধান্ত তথা পদক্ষেপ কাৰ্যকৰী কৰিলেহে অসমীয়া এগৰাকীয়ে শীৰ্ষ পদ পোৱাত ৰাইজে প্ৰকাশ কৰা সন্তোষ সাৰ্থক হব। প্ৰযুক্তিময় পৃথিৱীৰ প্ৰতিদিনৰ লোকচক্ষুৰ সমুখত ক্ৰমাত  সকলো কামেই সুক্ষ্ম পৰ্যবেক্ষণত থাকিব। নিযুক্তিত 'ৰাজনীতি' আৰু ৰাজনৈতিক নিযুক্তি দুয়োটাই যিহেতু দুয়োফালে ধাৰ থকা কৰতৰ নিচিনা, সেয়ে চকীৰ বাবে সেইখন চলালে, তাৰ সৈতে যুক্ত আলোচনা-সমালোচনাৰ যন্ত্ৰণাবোৰলৈকো কিন্তু সদায়েই সাজু হৈ থাকিব লাগিব, সেয়াও নিশ্চিত!

No comments:

Post a Comment