মনৰ কথা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

কালাম বনাম দেশৰ অন্য নেতা
ঈশানজ্যোতি বৰা
অনুভৱ হয়,ব্যক্তি এজনক অন্তিম শ্ৰদ্ধা যাঁচিবলৈ গৈ আমি যেন তেওঁক বাৰে বাৰে অপমানহে কৰোঁ৷ পৰহি সন্ধ্যা এটা নিউজ চেনেলে ঘোষণা কৰিলে-“কালাম আৰু নাই৷” আন এটা নিউজ চেনেলত ক্ষন্তেক পাছত ঘোষণা হ’ল-“তেওঁক চিকিৎসালয়লৈ নিয়া হৈছে৷ এতিয়াও আনুষ্ঠানিক ঘোষণা হোৱা নাই৷” মুঠতে চৌদিশে বিভ্ৰান্তিৰ সৃষ্টি৷ ব্ৰেকিং নিউজৰ দপ্‌দপনিত,টি-আৰ-পি উপাৰ্জনৰ অভিলাসী দৌৰত বহু পাছ পৰি গ’ল আব্দুল কালাম৷ এজন বৰেণ্য ব্যক্তিৰ মৃত্যুক যেতিয়া সমাজৰ এচাম ব্যক্তিয়ে ধন ঘটাৰ জখলা হিচাপে ব্যৱহাৰ কৰে,তেতিয়া আৰু তেওঁলোকে আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, আলোচনা-চক্ৰ চোৱাৰ হেঁপাহখিনি লোপ পায়৷ শ্ৰদ্ধা জনাবলৈ যোৱা কেইজনমান নেতা-মন্ত্ৰীৰ ভাৱ-ভংগীমা দেখি লজ্জাবোধ কৰিলোঁ৷ শ্ৰদ্ধা জনোৱাতকৈ ম'বাইলত ফটো উঠাতহে তেওঁলোকৰ তৎপৰতা অধিক।

এজন প্ৰকৃত জন-নেতা আব্দুল কালামৰ ব্যক্তিত্বৰ পৰা অসমৰ নেতা-মন্ত্ৰীসকলে কিবা যে শিকিব,সেইয়া মই আশা নকৰোঁ৷ যিসকল নেতাই প্ৰজাৰ বিপৰ্যয় নিৰ্মূল কৰাৰ পৰিৱৰ্তে উপলুঙাসূচক মন্তব্য কৰাতহে ব্যস্ত থাকে,যিসকল নেতাই পৃথিৱীৰ শ্ৰেষ্ঠতম মানৱীয়তাৰ ধৰ্মক ভৰিৰে মোহাৰি ধৰ্ম আৰু জাত-পাতৰ ৰাজনীতিৰে নিজৰ নিজৰ ভোট-বেংক টনকিয়াল কৰি সমাজত বিভেদৰ সৃষ্টি কৰাতহে অধিক গুৰুত্ব দিয়ে,এম্বুলেঞ্চত জীৱন-মৃত্যুৰ লগত যুঁজি থকা ৰোগীজনতকৈ পঁচিশ-ত্ৰিশখন গাড়ী দৌৰাই ক্ষমতাৰ ৰাজহুৱা প্ৰদৰ্শন কৰাটোহে যিসকল মন্ত্ৰীৰ স্বভাৱ-সেইসকল মন্ত্ৰীক কালামৰ ব্যক্তিত্বই প্ৰভাৱান্বিত কৰিব বুলি ভবাটো ,কালামৰ আদৰ্শ অনুকৰণেৰে সেইসকলে ভাৰতৰ ৰাজনীতিত এক নতুন দিগন্তৰ সূচনা কৰিব বুলি ভবাটো নাইবা ব্যক্তি-বিশেষৰ সংস্কাৰ সাধন হ’ব বুলি ভবাটো আজিৰ তাৰিখত এটা অবাস্তৱ চিন্তা।কালামৰ প্ৰতি গভীৰ শোক প্ৰকাশ,শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন এইবোৰ মাথোঁ সেইসকল নেতাৰ স্বভাৱসুলভ এক যান্ত্ৰিক বহিঃপ্ৰকাশ৷

ভাৰতক লৈ কালামে দেখা সপোনবোৰক বাস্তৱ ৰূপ দিব পাৰিব একমাত্ৰ দেশৰ যুৱচামটোৱে৷ দেশৰ যুৱচামক মুখ্য শক্তি হিচাপে বিবেচনা কৰি তেওঁ ২০২০ত ভাৰতক এখন উন্নত ৰাষ্ট্ৰৰ ৰূপত পৃথিৱীৰ মানচিত্ৰত অংকন কৰিবলৈ উদ্যোগ লৈছিল৷ যুৱ-শক্তি আছিল তেওঁ সকলো আশা-ভৰষাৰ থল৷ ভাৰতবৰ্ষক চুপাৰ-পাৱাৰ দেশ হিচাপে গঢ়ি তুলিবৰ বাবেই তেওঁ আৰম্ভ কৰিছিল “মই মোৰ দেশখনক কি দিব পাৰোঁ?’- আন্দোলনৰ৷ আব্দুল কালামক আদৰ্শ হিচাপে গণ্য কৰা আমি যুৱচামটোৱে যদি প্ৰকৃততেই তেওঁক সন্মান আৰু শ্ৰদ্ধা যাঁচিব বিচাৰিছোঁ তেন্তে আমিও এই আন্দোলনৰ একো একোগৰাকী প্ৰতিনিধি হ’ব লাগিব আৰু অসমকে সাঙুৰি সমগ্ৰ দেশখনৰ প্ৰগতি আৰু উন্নতিৰ হকে “কাম” কৰি যাব লাগিব ৷ তেতিয়াহে আব্দুল কালামে দেখা সপোনবোৰ বাস্তৱায়িত হ’ব ৷ আৰু তেতিয়াহে ২০২০চনত আমি এখন সৱল আৰু শক্তিশালী দেশৰ নাগৰিক হ’ব পাৰিম ৷

No comments:

Post a Comment