পলকতে সুখ-দুখৰ বতৰাঃ ২৫জুলাই - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ-দুখৰ বতৰাঃ ২৫জুলাই

পলকতে সুখ-দুখৰ বতৰাঃ ২৫জুলাই

Share This
আজিৰ ভাল খবৰবোৰ
১। নাছাৰ মহাকাশত থকা কেপলাৰ টেলিস্ক’পে ব্ৰহ্মাণ্ডত সন্ধান দিছে আন এক পৃথিৱীসদৃশ গ্ৰহৰ৷পৃথিৱীৰ ভূগোল আৰু পৰিৱেশৰ লগত সাদৃশ্য থকা আৰু পৃথিৱীৰ পৰা ১৪০০ আলোকবৰ্ষ আঁতৰৰ ছিগনাছ নক্ষত্ৰমণ্ডলৰ গ্ৰহটোৰ নাম দিয়া হৈছে কেপলাৰ – ৪৫২ বি৷

২ ৷ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে ২০১৫ বৰ্ষৰ “নটসূৰ্য ফণী শৰ্মা বঁটাৰ” বাবে বিশিষ্ট অভিনেতা ভোলানাথ কলিতা আৰু “সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা বঁটা”ৰ বাবে অভিনেতা, প্ৰযোজক ধৰনী বৰ্মনক মনোনীত কৰিছে ৷ অহা ৩১ জুলাইত ৰবীন্দ্ৰ ভৱনত মূখ্যমন্ত্ৰী তৰুন গগৈয়ে এই সন্মানীয় বঁটা দুটি প্ৰদান কৰিব ৷

৩ ৷ বিগত কিছুদিন ধৰি এন আৰ চিক লৈ উদ্বিগ্ন হৈ থকা অসমবাসী ৰাইজলৈ সাময়িক সকাহ৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰ-পত্ৰ দাখিলৰ শেষ সময়সীমা বৃদ্ধি কৰা হৈছে অহা ৩১ আগষ্টলৈ৷ পূৰ্বে ৩১ জুলাইত সময়সীমা নিৰ্ধাৰণ কৰা হৈছিল৷

৪ ৷ দেশৰ দুই কনিষ্ঠতম মেধাৱীৰ স্বীকৃতি লাভ কৰিছে ১৯ বছৰীয়া নিশ্চল নাৰায়ণম আৰু ১৫ বছৰীয়া সুষমা বাৰ্মাই ৷গণিতৰ জিনিয়াছৰূপে প্ৰখ্যাত আৰু গীনিজ বুক ৱৰ্ল্ড ৰেকৰ্ডছৰ দুটাকৈ অভিলেখৰ গৰাকী নিশ্চল উত্তীৰ্ণ হৈছে চাৰ্টাৰ্ড অকাউনটেন্টৰ প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হয় ৷অৱশ্যে ২১ বছৰ হ’লেহে তেওঁ এই পাঠ্যক্ৰম গ্ৰহণ কৰিব পাৰিব৷ আনহাতে লক্ষ্ণৌৰ বাবাচাহেব ভীমৰাও আম্বেদকাৰ বিশ্ববিদ্যালয়ৰ পৰা পি.এইচ.ডি লাভ কৰি বিৰল কৃতিত্ব অৰ্জন কৰিছে সুষমা বাৰ্মাই৷

৫ ৷ সদৌ অসম উশ্বু প্ৰতিযোগীতা যোৱাকালিৰে পৰা আৰম্ভ হৈছে বিশ্বনাথ চাৰিআলিত৷ শোণিতপুৰ জিলা উশ্বু সংস্থাৰ উদ্যোগত অনুষ্ঠিত আৰু অহা ২৬ জুলাইলৈকে চলিবলগীয়া প্ৰতিযোগীতাখনি উদ্বোধন কৰে কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী সৰ্বানন্দ সোনোৱালে৷

৬ ৷ নতুন দিল্লীৰ “মেডিচিন বাবা” নামে প্ৰখ্যাত ওমকাৰ নাথে বিগত আঠ বছৰ ধৰি আঢ্যৱন্তসকলৰ অব্যৱহৃত ঔষধ সংগ্ৰহ কৰি ঔষধ ক্ৰয়ৰ ক্ষমতা নথকা দুখীয়া লোকৰ মাজত বিতৰণ কৰি আহিছে৷ এনে বাতৰিয়ে সমাজলৈ সু-বতৰা প্ৰেৰণ কৰে৷

৭ ৷ ছিপাঝাৰৰ বিশিষ্ট লেখক আৰু শিক্ষক পৱন কুমাৰ কলিতাৰ “নৱ কলেৱৰ ,ৰহস্য আৰু বিশ্বাস” শীৰ্ষক গ্ৰন্থখন উড়িষাৰ ভুৱনেশ্বৰৰ জনপ্ৰিয় উৰিয়া কাকত “দৈনিক সংবাদৰ কাৰ্যালয়ত উন্মোচন কৰা হয় ৷ গ্ৰন্থখন উন্মোচন কৰে কাকতখনৰ সম্পাদক ৰঞ্জন পাটনায়ক, পৌৰোষ আৰু স্বৰাজৰ সম্পাদক অচিত মহান্তি আৰু ড0 গোড়া হৰিদাসে৷

৮ ৷ অসম সত্ৰ মহাসভাৰ ৫০ সংখ্যক অধিৱেশন খন আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে মৰিগাৱত অনুষ্ঠিত হৈছে৷

৯ ৷ বিগত পাঁচ বছৰৰ ভিতৰত সৰ্বনিম্ন হৈছে সোণৰ দাম৷ সোণৰ মূল্য ভাৰতীয় বজাৰত প্ৰতি দহ গ্ৰামত ২৫,০৫০ টকালৈ হ্ৰাস হয়৷ সোণৰ লগতে ৰূপৰ মূল্যও প্ৰতি কিলোগ্ৰামত আজি ৩৪০০০ টকালৈ হ্ৰাস পাইছে৷

১০ ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সদ্যঘোষিত স্নাতক পৰীক্ষাত কলা শাখাত “শ্ৰেষ্ঠ স্নাতকৰ” সন্মান লাভ কৰা দীপাৱলী কুৰ্মীক মৰাণ প্ৰেছ ক্লাবৰ লগতে কুৰিটা সংগঠনে সম্বৰ্দ্ধনা জ্ঞাপন কৰে৷ উল্লেখ্য যে শিক্ষাৰ লগতে সাহিত্যৰ ক্ষেত্ৰতো দীপাৱলীৰ দখল আছে৷
-আজিৰ ভাল খবৰ যুগুতালে বিপাশা বৰাই।

No comments:

Post a Comment