জীৱনৰ অনুভৱঃ (চিকিৎসক দিৱস বিশেষ) - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

জীৱনৰ অনুভৱঃ (চিকিৎসক দিৱস বিশেষ)

জীৱনৰ অনুভৱঃ (চিকিৎসক দিৱস বিশেষ)

Share This
ৰাজদূত লৈ অহা ভগৱান
দেৱাংগ পল্লৱ শইকীয়া
এতিয়াও মনত আছে। আমাৰ ওচৰে পাজৰে থকা তিনিখনমান গাঁও মিলি ডাক্তৰ আছিল এজনেই। ৰাজদূত লৈ আহে। লগত মূগা ৰঙৰ চামৰাৰ বেগ এটা। গৃহস্থক গৰম পানী আনিবলৈ দি সেই পানীত ফিৰিছ ফিৰিছকৈ ছিৰিঞ্জ ষ্টেৰিলাইজ কৰে। নিডলটো পানীৰ বাতিটোত থওঁতে সামান্য কিটিংকে শব্দ এটা হয়। ফিৰিছ ফিৰিছ শব্দৰ লগত গৰম পানীৰ বাতিত ঢৌ উঠা ফেনখিনি চাবলৈ আৰু এই কিটিংকৈ উঠা শব্দটো শুনিবলৈ মোৰ ভাল লাগে। তাৰ পিছত তেখেতে বেজী দিয়ে। বেজী দিয়াৰ পাছত চোলাৰ হাতদুখন কোঁচাই ষ্টিলৰ ফিটাৰ ঘড়ীটো সামান্য ঝুনঝুননি উঠাকে পিছলৈ নি লৈ চাবোনেৰে হাত ধোৱে। লাক্স। লাক্সৰ গোন্ধে মলমলাই থকা হাতদুখন মচি বহী এখনৰ পিছফালৰ পাতত দৰৱ লিখে। সুন্দৰ আখৰ। সেইখন লিখি উঠি চাহ খায় ঘিলাপিঠা, লুচি আদিৰে। পিঠা হ'লেও এটা এৰিব, লুচি হ'লেও এখন। কেচ থাকিলে যায়গৈ, ন'হলে দে'তাৰ লগত কথা পাতে।

মই ষষ্ঠমানত চাগৈ তেতিয়া ! পৰিয়ালৰে তেতিয়াৰ দিনত আৰ্থিকভাৱে দূৰ্বল মানুহ এঘৰলৈ দে'তাই ডাক্তৰক মাতি আনিলে। ৰাতি এঘাৰটা মানত। তেখেত আহিল। ৰোগী চালে। বেজী দিলে তিনিটামান । তাৰ পিছত ওপৰত বৰ্ণনা কৰাখিনি কৰিলে। মাথোঁ ইয়াত চাহৰ সলনি কেঁঞা তামোল ।

গৃহস্থৰ হাতত পইচা নাছিল। তেওঁ অতি দোষী দোষী ভাৱেৰে "বেয়া চেয়া নাপাব" জাতীয় কিবা এটা কৈ টকা দহটা তামোলৰ বঁটাটোত থলে। দে'তাই ক'লে- ৰ'ব মই চাওঁ। ডাক্তৰে হাত এখনেৰে নালাগে বুলি ইংগিত দি সেই একেখন হাতেৰেই নিজৰ জেপ খুচৰি পঞ্চাশ টকাৰ নোট দুখন ওলিয়ালে আৰু বঁটাত থকা দহ টকাৰ লগত মিলাই এশ দহ টকা কৰি একেটা বঁটাতে ওলোটাই গৃহস্থলৈ আগুৱাই দিলে - এইটো ৰাখক। ৰাতিপুৱাই দৰৱ কেইটা আনিব । মই পাৰিলে পাক এটা মাৰিম।

গৃহস্থই চকুপানী টুকিলে। ৰাতি বাৰমান বাজিছিল তেতিয়া।

সাধু নহয় । মই নিজ চকুৰে দেখা । আৰু তেতিয়াৰ দিনত তেখেতৰ এইটো এটা সামান্য উদাহৰণ ।

হয়, ভগৱানে ৰাজদূত এখন লৈ ৰুগীয়া মানুহৰ ঘৰে ঘৰে ঘূৰি ফুৰিছিল ।

No comments:

Post a Comment