ইতিবাচক পদক্ষেপ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

‘একোডৰা': ভাৰতৰ প্ৰথমখন ডিজিটেল গাঁও
দীপাংকৰ মল্ল বৰুৱা

কেইদিনমানৰ আগতে পৰিয়াল লগত লৈ আমাৰ পিতৃ পিতামহৰ গাঁও খনলৈ গৈছিলোঁ। নলবাৰীৰ পৰা সৰ্থেবাৰীলৈ যোৱা পথত থকা এখন গাঁও নিজ পকোৱা। সেইখন গাঁৱতে দেউতাৰ জন্ম হৈছিল আৰু শৈশৱ কটাইছিল। সৰুতে প্ৰায়েই গাওঁ খনলৈ গৈছিলোঁ। এতিয়া কৰ্মসূত্ৰে নিলগত বাস কৰাৰ বাবে দুই তিনি বছৰৰ মূৰতহে যোৱা হয়।

নলবাৰী চহৰৰ পৰা গাঁওখন অভিমুখে যোৱা ৰাষ্টাটো সৰুৰে পৰা যেনে দেখিছিলোঁ প্ৰায় তেনেই আছে। এতিয়া ৰাষ্টাৰ মাজত ডাঙৰ ডাঙৰ গাঁত হৈ অৱস্থাটো আৰু শোচনীয় কৰি তুলিছে। ঘাই পথৰ পৰা গাওঁখনলৈ সোমাই যোৱা কেঁচা ৰাষ্টাটো প্ৰায় একেই আছে। বহুদিন আগতে অলপ অচৰপ শিল পেলোৱা হৈছিল যদিও মেৰামতিৰ অভাৱত গাড়ী মটৰ ভালদৰে চলাব নোৱৰা অৱস্থা পাইছেগৈ। গাঁও খনৰ পৰিৱেশো প্ৰায় একেই আছে। এতিয়াও বৰষুণ দিলে বোকা পানীৰ বাবে বাটত খোজ পলাব নোৱাৰি। এতিয়াও বহুতো মানুহৰ ঘৰত শৌচাগাৰ নাই। পানীযোগানৰ ব্যৱস্থা নাই। সাধাৰণ বস্তু এপদ কিনিবলৈও দোকান এখন নাই। বিদ্যুত প্ৰায় নাথাকেই। পৰিৱৰ্তনৰ ভিতৰত চকুত পৰিছিল মানুহৰ ঘৰে ঘৰে টেলিভিছনৰ আৰু হাতে হাতে মোবাইল ফোনৰ আগমন হৈছে। কিন্তু বিদ্যুত আৰু মোবাইল ফোনৰ ছিগনেলৰ অভাৱত সেইবোৰো দিনটোৰ বেছিভাগ সময় অকামিলা হৈ থাকে।

এয়াই হয়তো অসমৰ এখন গাঁৱৰ সাধাৰণ পৰিস্থিতি। অসম চৰকাৰৰ গ্ৰামোন্নয়ন নামৰ এটা বিভাগ আছে যদিও গাৱঁৰ উন্নয়নৰ বাবে বিশেষ কিবা কৰিব পাৰিছে বুলি মনে নধৰে। বৰং গাঁৱৰ উন্নয়নৰ নামত আৱণ্টিত হোৱা ধনেৰে দুৰ্নীতি কৰি মন্ত্ৰী বিধায়ক আমোলাই সম্পত্তিৰ বিশাল পাহাৰ গঢ়াৰ বাতৰি পোৱা যায়। আজিৰ দিনত অসমৰ কোনোবা এখন গাঁৱত বাস কৰা মানুহে কল্পনা কৰিব পাৰিবনে যে গাৱঁতে এটা বেংক থাকিব, এ টি এমৰ পৰা পইছা উলিওৱাৰ সুবিধা থাকিব, ৱাই ফাই ইণ্টাৰনেটৰ সুবিধা থাকিব, ছাত্ৰ ছাত্ৰীৰ বাবে আধুনিক 

সকলো সুবিধা থকা শ্ৰেণীকোঠা থাকিব, আধুনিক সুবিধা থকা চিকিত্সালয় থাকিব, মানুহে নগদ ধনৰ সলনি কাৰ্ডৰ সহায়ত বা মোবাইলৰ জৰিয়তে বস্তু বেচা কিনা কৰিব। এয়া হয়তো অসমৰ গাঁৱৰ বাবে এক ৰূপকথাৰ আখ্যান স্বৰূপ হ’ব।

কিন্তু এনে এক ৰূপকথাই সম্ভৱ হৈছে ‘একোডৰা’ নামৰ গুজৰাটৰ এখন গাঁৱত। এই গাঁওখনত আছে আই চি আই চি আই বেংকৰ এটা শাখা। এইটো বেংকত গাঁৱৰ প্ৰায় প্ৰতিজন প্ৰাপ্তবয়ষ্ক মানুহৰ একাউণ্ট আছে। প্ৰতিজন মানুহকে বেংকৰ তৰফৰ পৰা কাৰ্ড আৰু মোবাইল যোগে ধনৰ লেনদেন কৰাৰ প্ৰশিক্ষণ দিয়া হৈছে আৰু সেইবাবে সৰহভাগ মানুহে সাধাৰণ বেচা কিনাৰ পৰা ব্যৱসায়িক আদান প্ৰদানলৈ সকলো নগদ টকা নোহোৱাকৈয়ে কৰে। আই চি আই চি আই বেংকৰ সহযোগত ৱাই ফাই যোগে ইণ্টাৰনেটৰ সুবিধা আগবঢ়োৱা হৈছে। ৱাই ফাই ইণ্টাৰনেটৰ সুবিধা লৈ গাঁৱৰ কৃষকে কৃষি সম্পৰ্কীয় বিভিন্ন তথ্য ঘৰত বহিয়েই লাভ কৰিছে। গাঁৱৰ মানুহে উত্পাদিত শস্য আৰু গাখীৰৰ বিক্ৰী নগদ ধনৰ ব্যৱহাৰ নকৰাকৈ কৰিব পৰা হৈছে। আটাইতকৈ ডাঙৰ পৰিৱৰ্তন আহিছে শিক্ষাৰ ক্ষেত্ৰত। ৱাই ফাই ইণ্টাৰনেটৰ সহায় লৈ গাঁৱৰ বিদ্যালয়ত সম্পূৰ্ণ আধুনিক উপায়েৰে শিক্ষাদান আৰম্ভ হৈছে। পাঠ্যপুথিৰ পাঠৰ বাহিৰেও দৃশ্য শ্ৰব্য মাধ্যমৰ সহায় লোৱা হৈছে। ছাত্ৰ ছাত্ৰী সকলৰ উপস্থিতি, পৰীক্ষাত পোৱা নম্বৰ আদি ডিজিটেল উপায়েৰে সংৰক্ষণৰ ব্যৱস্থা হৈছে। শ্ৰেণীকোঠাই সোমাওঁতেও ছাত্ৰ ছাত্ৰীয়ে পৰিচয় পত্ৰ মেছিনেৰে পাৰ কৰিহে সোমাব পাৰে। এনে ব্যৱস্থাৰ ফলত দ্বাদশ শ্ৰেণীলৈ এইখন গাঁৱত গঢ়ি উঠা শিক্ষা ব্যৱস্থা চহৰতকৈ কোনো গুণে কম নহয়। সংযোগৰ ক্ষেত্ৰত অভূতপূৰ্ব পৰিৱৰ্তন সাধন হোৱা গাওঁখনত বাস কৰা লোক সকলে এতিয়া গাৱঁত থাকিও বৰ্হি জগতৰ লগত সংলগ্ন হৈ পৰিছে। 

উল্লেখ্য যে গুজৰাটৰ এই গাওঁখনে ভাৰতৰ প্ৰথম ডিজিটেল গাঁও হিচাপে স্বীকৃতি পাইছে। প্ৰায় ১২০০ মানুহে বাস কৰা এই গাওঁখন বিশ্বৰ সমুখত গ্ৰাম্য ভাৰতৰ উন্নতিৰ পৰিচয় ডাঙি ধৰিছে। বিশ্বৰ সন্মুখত ভাৰত গাঁৱত বাস কৰা অশিক্ষিত, অপৰিষ্কাৰ মানুহৰ প্ৰতিচ্ছবি এই গাওঁখনে যেন বহু পৰিমাণে সলনি কৰিবলৈ সক্ষম হৈছে। এতিয়া প্ৰশ্ন হৈছে ভাৰতৰ সকলো গাঁৱকে ‘একোডৰা’ৰ দৰে উন্নত কৰিব পৰাটো সম্ভৱ হ’বনে?

আমাৰ অসমৰ গাঁও সমূহৰ আৰ্থ সামাজিক পৰিৱেশৰ যুগ যুগ ধৰি বিশেষ উন্নয়ন হোৱা নাই। উন্নয়নৰ নামত ৰাষ্টা কিছুমান ভাল হৈছে, দলং কিছুমান নিৰ্মাণ কৰা হৈছে। কিন্তু বিশুদ্ধ খোৱাপানী যোগান, অনাময়, চিকিত্সা ব্যৱস্থা, প্ৰাথমিক শিক্ষা, বিদ্যুত যোগান আদিৰ ক্ষেত্ৰত এতিয়াও অসমৰ গাওঁ সমূহ বহুযুগ পিছপৰি আছে। অসমৰ গাঁও ডিজিটেল হোৱাৰ সপোন এতিয়াও যেন সুদূৰ পৰাহত।

কিন্তু ‘একোডৰা’ৰ পৰা আৰম্ভ হোৱা গ্ৰাম্য ভাৰতৰ এনে পৰিৱৰ্তনে আশাৰ সঞ্চাৰ কৰিছে। একোডৰাৰ এনে পৰিৱৰ্তনত গাঁওবাসীৰো বিশেষ অৰিহণা আছে। ব্যৱস্থাগত পৰিৱৰ্তনবোৰ মানুহে গ্ৰহণ কৰাটোৱেই যিকোনো পৰিৱৰ্তন কাৰ্যান্বিত কৰাৰ মূল সমস্যা। একোডৰাৰ মানুহ শিক্ষিত, ভদ্ৰ আৰু কৰ্মী। মানুহৰ এই গুণগত বৈশিষ্ট্য পৰিৱৰ্তনক এক বিশেষ গতি দিছে। অসমৰ গাঁওত এনে পৰিৱৰ্তন সাধন হ’বলৈ হ’লে অসমৰ মানুহেও হয়তো এনে গুণগত বৈশিষ্ট্য সমূহ আয়ত্ব কৰিব লাগিব।

No comments:

Post a Comment