Wednesday, July 8, 2015

দূৰবীণ

"ব্যাপম"তকৈ ব্যাপক অসমৰ কেইবাদশকৰ নিযুক্তি প্ৰক্ৰিয়া
ভগৎ লাল দত্ত
দেশৰ ৰাষ্ট্ৰীয় ৰাজনীতি আৰু সংবাদ মাধ্যম কঁপোৱা  ব্যাপম নামৰ কেলেংকাৰী এটাৰ নাম ৰাইজে শুনিছেই নিশ্চয়? খানিবলৈ গ'লে অসমতো ব্যাপমৰ নিচিনা কাণ্ড ওলোৱাটো অসম্ভৱ নহয়। দাঠি কব পাৰি, অসমৰ আশীৰ দশকৰ পৰা এতিয়া পৰ্যন্ত সকলো চৰকাৰী চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়াৰ কেচুঁ খানিবলৈ গ'লে সাপ ওলোৱাটো নিতান্তই স্বাভাৱিক হব। অসম আন্দোলনৰ পাছত আন্দোলনৰ নেতা-কৰ্মী, স্বজন-তোষণ, দলীয়-কৰ্মীৰ ৰাজনৈতিক নিযুক্তিৰ বিষয়ে কোনেও নজনা নহয়। এতিয়াও তাৰ পাছৰ হাজাৰ হাজাৰ অবৈধ নিযুক্তি বিষয়ক কেচ, সেয়া শিক্ষকৰ চাকৰিয়েই হওক বা আন বিভাগৰেই হওক উচ্চ ন্যায়ালয়ত চলি আছে। দশক পুৰণি কেচ বোৰত আনকি চৰকাৰী পক্ষক জগৰীয়া সাব্যস্ত কৰি চাকৰি নিয়মীয়াকৰণতে এই গোচৰ বোৰৰ স্ক'পটো শেষ কৰা হয়। তাৰ বিপৰীতে অবৈধ নিযুক্তি কিয় দিয়া হৈছিল, কোনে দিছিল, সেই সকলৰ অপৰাধ সাব্যস্ত কৰণ তথা শাস্তি প্ৰদানৰ বিষয়টো খুৱ সচেতন ভাৱে এৰাই চলা হয়। হাইকৰ্টত কেচ খেলি ভুৱা নিযুক্তি বা অবৈধ নিযুক্তিৰ চাকৰি নিয়মীয়াকৰণৰ লাভজনক বজাৰখনৰ কথাও তদন্তৰ আওতালৈ আহিলে ভূমিকম্প অহাটো স্বাভাৱিক। এই কম্পনত দল-মত-জাতি-ধৰ্ম নিৰ্বিশেষে এই অপ-ব্যৱস্থাৰ পৰা উপকৃত হোৱা সকলৰ ব্যক্তি স্বাৰ্থ বেয়াকৈ বিঘ্নিত হব। তাৰ ফলত অসমতো সেই ন্যায়ৰ পক্ষে দুঃসাহস দেখুবাৱলৈ আগবাঢ়ি যোৱা কোনোবা এটিমান সৌভাগ্যক্ৰমে ওলালেও, তেনে হুইচেল ব্ল'ৱাৰ সকললৈ এই ব্যপমৰ ঘটনাৰ দৰেই অশনি সংকেত বা ঘাতকৰ হাতত বলি হোৱাৰ দুৰ্ভাগ্য নামি অহাটো স্বাভাৱিক হব বুলিও অনুমান কৰি লব পাৰি।

হয়, আলোচনাটোত ব্যাপম কেলেংকাৰীৰ সূত্ৰ ধৰিয়েই অৱতাৰণ কৰা হৈছে। এইটো মধ্য প্ৰদেশত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তি কৰিবৰ বাবে হোৱা পৰীক্ষাৰ সন্দৰ্ভত হোৱা ধনৰ লেনদেনৰ পৰা আৰম্ভ কৰি বহুত ভিতৰলৈকে ৰাজনৈতিক নেতা, আমোলা বিষয়া, অপৰাধী চক্ৰ লেটপেট হৈ পৰা এক বিশাল কাণ্ড। কাণ্ডটোৰ কেন্দ্ৰস্থল মধ্য প্ৰদেশ পেছাদাৰী পৰীক্ষা পৰিষদ (Madhya Pradesh Professional Examination Board) সংস্থাটোৰ হিন্দী নাম Vyavsayik Pariksha Mandalৰ সংক্ষিপ্তৰূপ পৰা ব্যাপম (Vya-Pa-M) নামটো চলন্তি হৈছে। এইটোৰ তদন্ত আৰম্ভ হোৱাৰে পৰা এই বিষয়টোৰ লগত জড়িত বুলি আটক হোৱা মানুহ, সাক্ষীৰ পৰা আৰম্ভ কৰি এই বিষয়টোত অনুসন্ধানমূলক সাংবাদিকতা কৰা সাংবাদিককে ধৰি চল্লিশ জনকৈও বেছি লোক এতিয়ালৈকে মৃত্যুমুখত পৰিছে বুলি বিভিন্ন পক্ষৰ পৰা খবৰ ওলাইছে। এজন-দুজনৰ কিবা দুৰ্ঘটনা হোৱাটো বাৰু কাকতালীয় সংযোগ বুলি মানি ল'লেও নল'লেও অন্ততঃ ভাবিবলৈ মনটোক কিবাকৈ খোঁচ এটা মাৰি চাব পাৰি, কিন্তু চল্লিশ জন?? ইমান মানুহৰ একেলগে ৰাশিফলো নিমিলে কিজানি!! চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তি কৰিবৰ বাবে হোৱা পৰীক্ষাত হোৱা ধনৰ লেনদেনৰ যোগেৰে প্ৰাৰ্থী বাচনিৰ অভিযোগেৰে তদন্ত আৰম্ভ হোৱাৰ পৰা এতিয়া মধ্য প্ৰদেশ পুলিচৰ বাচনিৰ পৰা মধ্য প্ৰদেশত ষ্টেট বেংকৰ বাচনি পৰীক্ষালৈকে এই সংস্থাটো সংযুক্ত থকা নানানটা বিষয়তো গোলমালৰ কথা পোহৰলৈ আহি আছে৷ ব্যাপম কাণ্ডত এতিয়ালৈকে আঢ়ৈহাজাৰ মান মানুহৰ নামত গ্ৰেপ্তাৰী পৰোৱানা জাৰি হৈছে৷ তাৰে দুহেজাৰে ন্যায়িক জিম্মাৰ ৰুটি চিঙি আছে৷ বাকীখিনি পলাতক৷ পিছে বেছিভাগেই পুঠি-খলিহনা, পইচা দি আসন কিনা বা বেলেগৰ হৈ পৰীক্ষা দিয়া ব্যক্তিহে৷ ৰৌ-বাহুৰ নাম ওলোৱাৰ সম্ভাৱনা হোৱাৰ পৰাই জড়িত/সন্দেহজনক বিভিন্ন মানুহৰ ভৱলীলা সমাপ্তি খণ্ড আৰম্ভ হৈ যোৱা বুলি বিভিন্ন মহলে সন্দেহ প্ৰকাশ কৰিছে৷

সমান্তৰালভাৱে অসমতো অসম লোকসেৱা আয়োগ (এ পি এচ চি)ৰ বাচনি প্ৰক্ৰিয়াক লৈ প্ৰশ্ন উঠি আছে। এটা স্তৰত প্ৰতিবাদী কাৰ্যসূচীও চলি আছে। কিন্তু অসম লোকসেৱা আয়োগত যদি ঘূণে ধৰাৰ এতিয়াহে সন্দেহ হৈছে, সেইটো নিৰ্ঘাট ভুল। এতিয়া ৰাকেশ পাল নামৰ ব্যক্তিজনৰ অধ্যক্ষতাতহে এ পি এচ চি দুৰ্নীতিত নিমজ্জিত হৈ গ'ল বুলি কোনোবাই ক'ব খোজে সেইয়া চূড়ান্ত অজ্ঞতা আৰু অসত্য। ইয়াৰ আগতেও তাৰা প্ৰসাদ দাস বুলি আন এজন ব্যক্তিৰ অধ্যক্ষতাৰ কালতো এ পি এচ চি ৰসাতলে গ'ল বুলি চৌদিশে আজিতকৈ কম খবৰ, উত্তেজনা ওলোৱা নাছিল। সেই সময়ৰ বাতৰি কাকতৰ মতে বস্তাই বস্তাই ধনো উদ্ধাৰ হৈছিল বোলে! কিন্তু শেষত গৈ কি হ'লগৈ? সব শ্ৰীময়ী অসমীৰ শীতল পাটীৰ তলত সোমাই পৰিল। গ'ল কথা গুছিল আৰু তাৰ পিছত এ পি এচ চি-ত কি, কেনেকৈ, কোনে কি চলাই আছে বা আছিল তাৰ খবৰ কোনে ৰাখিলে? তাৰ আগৰ দিনবোৰত একা? ইফালে তাৰা প্ৰসাদ দাসে নিৰ্দলীয়কৈ হ'লেও বিধায়কৰ বাবো খাই গ'ল মাজতে।

এ পি এচ চি প্ৰলয়ৰ আৰম্ভণি আজি-কালিৰ নহয়। যদি কাৰোবাৰ সাধ্য আছে ১৯৮৫চনৰ পৰা অসমত নিয়োগ ব্যৱস্থাৰ খাতা-পত্ৰ যদি কিবাকৈ খোলাবৰ ব্যৱস্থা কৰিব পাৰে তেন্তে এই ব্যৱস্থাটো যোৱা ত্ৰিশ বছৰে কেনে চলি আছে তাৰ আচল মেকুৰী তেতিয়াহে জোলোঙাৰ বাজ হ'ব। ১৯৮৫ৰ পিচৰ পৰাই অসমৰ শিক্ষাব্যৱস্থাটোত বাকী একো কামৰ বাবেই যোগ্যতাৰ সমন্ধে প্ৰশ্নবোধক থকা এনেকুৱা কিছুমান মানুহক কণকণ শিশুবোৰৰ জীৱনৰ ভেঁটি গঢ়াৰ কামত নিয়োজিত কৰা আৰম্ভ হ'ল যে সেই ব্যৱস্থাটোৱে কৰা হানি এতিয়াহে লাহে লাহে পূৰণ হ'বলৈ আৰম্ভ হৈছে। অসম আন্দোলনৰ লগত কৰ্মকৰ্তা হিচাপে জড়িত থকা বা তেনেকুৱা লোকৰ অঙহী-বঙহীয়েই এইলোক সকলৰ প্ৰধান যোগ্যতা আছিল। একে সময়তে আমাৰ সেই সময়ৰ অগপৰ নেতা সকলৰ জাতিপ্ৰেমী বন্ধু-বঙহ সকলক বিষয়া আমোলা পৰ্যায়লৈ বাচনি কৰাৰ বাবেই ৰাজনৈতিক-ব্যক্তিকেন্দ্ৰিক কাৰণত অসম লোকসেৱা আয়োগ ব্যৱস্থাটোক অপব্যৱহাৰ কৰাৰ অশুভ পৰম্পৰাটোৱে গা-টঙাই উঠিলে বুলি ক'লে বঢ়াই কোৱা নহয়। সেইসময়ত অপ্ৰতিৰোধ্য জাতিপ্ৰেমী সকলৰ সোঁতক বাধা দিবলৈ বা আপত্তি কৰিবলৈ বোধকৰো কাৰো সামৰ্থ নাছিল। এবাৰ যি ৰাজনৈতিক-ব্যক্তিগত হস্তক্ষেপত বাচনি নিযুক্তিৰ পৰম্পৰাই গা-টঙাই উঠিল যি উঠিলেই. পিছৰ সময়ত চৰকাৰত বহা দল সলনি হোৱাৰ পিছতো সেয়া তেনেকৈ একো সলনি নহ'ল। পৰম্পৰা অটুট ৰাখিলে, পিছৰ কংগ্ৰেছ চৰকাৰেও। "আগৰ কেইবাৰত আমাৰ সমৰ্থক আৰু অঙহী-বঙহীয়ে একো নাপালেই, গতিকে আমাৰ চৰকাৰৰ দিনতে নাপালে কেতিয়া পাব?" ধৰণৰ যুক্তিৰ বাহিৰে বেলেগ কিনো আধাৰ আছিল সেয়া দুৰ্বোধ্য। সেইবাৰ কংগ্ৰেছী আৰু ন-কংগ্ৰেছী যুৱদলে ৰাজ কৰিলে! এবাৰ প্ৰণালীটোত কেৰোণ লগাই দিয়াৰ পিছত আৰু কি লাগে? ৰাজনৈতিক হস্তক্ষেপৰ পিছত দৰদামলৈ আহিবলৈনো কেতপৰ? "আৰে ভাই/চাৰ/দাদা/মহাশয়/..., আপোনাসবৰ কথা মতেই সবকে দি আছো/আছা, আমাকো কেইটামানৰ কোটা দিয়া ..... এইকেইটা প্ৰাইভেট কলেজৰ মেনেজমেন্ট কোটাৰ নিচিনাকৈ আমি এ পি এচ চিত মাখি মাৰি থকা কেইজনৰ বাবে, এইকেইটা অমুকৰ বাবে, এইকেইটা তমুকৰ বাবে ...." ভগাই মেলি কৰাটো সামাজিক প্ৰাণীৰ লক্ষণ! সবেইতো সুখেৰে এমুঠি খাই থাকিব লাগিব! সমান্তৰালভাৱে অসমত অন্যান্য চাকৰিৰ বজাৰো আৰম্ভ গৈ গ'ল, বিশেষকৈ শিক্ষকৰ। এনেকুৱা এটা সময় হৈছিল যে, বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ৰ সমুখৰ পান দোকানতো ধনৰ বিনিময়ত শিক্ষকৰ নিযুক্তি পত্ৰ পোৱা গৈছিল! এ পি এচ চিও পিছ পৰি থকা নাছিল। তেতিয়াই অসমৰ মানুহৰ মনত পইচা দি নিকিনিলে চৰকাৰী চাকৰি পোৱা নাযায় ধাৰণাটো দ লৈকে শিপাই ল'লে। আনফালে পইচাৰ হাত-বাট কৰাৰ হাতে-কামে প্ৰশিক্ষণৰ বাবে ডি-আৰ-ডি-এ (জিলা গ্ৰাম্যোন্নয়ন অভিকৰণ)ৰ কৃপাত পঞ্চায়তীৰাজৰ নামত দুৰ্নীতিৰ যি বিকেন্দ্ৰীকৰণ হ'ল, তাৰ পিছত আৰু মানুহে কামৰ বাবে পইচাৰ লেন-দেন কৰাটো ভাতৰ লগত পানী খোৱা কথা হৈ পৰিল। এ পি এচ চি, শিক্ষক নিযুক্তি, ডি-আৰ-ডি-এ এই সকলোখিনিৰ সংমিশ্ৰণৰ খিচিৰি প্ৰায় কুৰি-পঁচিশ-ত্ৰিশ বছৰ ধৰি যাৰেই চৰকাৰ নহওক কিয় সিদ্ধ হৈ আছিল। আৰু সেই খিচিৰীৰ সোৱাদ আৰু দ লৈকে শিপাই লোৱা ধন নিদিলে একো নহয় ধাৰণাই অসমৰ ৰাজনৈতিক সত্বাটোকেই নহয় সমাজ জীৱনকো ভিতৰলৈকে কলুষিত কৰি পেলালে। অসমত যদি সঁচাই কেলেংকাৰী, দুৰ্নীতি, অনিয়মৰ ঘাই শিপালৈ যাব লাগে তেন্তে এই গোটেই ত্ৰিশ বছৰৰ নিয়োগ ব্যৱস্থাৰ সকলো তথ্য ঘোটলাৰ প্ৰয়োজন আছে। কেৱল অসম লোক সেৱা আয়োগৰে যোৱা ত্ৰিশ বছৰৰ খাতা-পত্ৰ যদি মুকলি হয়, অসমত ব্যাপমকৈও ব্যাপক কাণ্ডৰ মুখামুখি হ'বলৈ সাজু থকা ভাল। মন কৰিব, অসম লোক সেৱা আয়োগে কেৱল অসম প্ৰশাসনীয়ে সেৱাৰ পৰীক্ষা পতাৰ কামটোৱেই নকৰে, চৰকাৰী মহাবিদ্যালয় সমূহৰ শিক্ষক, উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষকৰ পৰা আৰম্ভ কৰি অসম চৰকাৰৰ বিভিন্ন বিভাগৰ আভ্যন্তৰীণ মকৰল-পদোন্নতিলৈকে বহুখিনি বাচনিৰে (প্ৰায় সকলোখিনিয়েই) চোৱা চিতা কৰে।

এটা কথা মানিবই লাগিব যে, মানুহৰ দৰে শিয়ান জীৱৰ সমাজত সকলো ফুটা কাহানিও বন্ধ নহয়েই কিন্তু সেইবুলি ফুটা দেখিলেও বন্ধ কৰাৰ চেষ্টা নকৰিব নে? কিমানটা ফুটালৈকে বাচন এটা ফুটা বুলি নোকোৱাকৈ থাকিব পাৰি? এটা ফুটা থকাও ফুটায়েই, হয়তো তলিত নে ওপৰত সেইটো লৈ ব্যৱহাৰিকতাৰ তৰ্ক কৰিব পাৰে। ফুটা দেখা নোপোৱাকৈও যদি উৰুখি থকাৰ সন্দেহ হয়, তেতিয়াও ব্যৱস্থা বিচৰা ভাল। এতিয়া ফুটাৰ ঠিলা সাজিবলৈ কুঁহিলা কাটোতে ভিতৰত ভলুকা বাঁহৰ গাঁঠি নোলায়তো?

(পুনঃশ্চ - কেৱল নিয়োগ-পদোন্নতি বা এ পি এচ চিয়েই বা কিয়? অতুল বৰা বুলি এজন ব্যক্তি চিকিৎসাবিজ্ঞান শিক্ষা বিভাগৰ নিৰ্দেশক হৈ থাকোতে অসমতো চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ বিষয়ে ব্যাপমৰ দৰে ব্যাপক স্তৰত হেন্দোলনি নুঠিলেও গণ্ডগোলৰ খবৰ ওলাইছিল। অৱশ্যে তেতিয়া আজিৰ দৰে গৰম খবৰ উলিয়াবলৈ উকমুকাই থকা মাধ্যমো ইমান নাছিল। বিষয়টো লৈ আইন-আদালতী স্তৰো পাইছিলগৈ। তাৰ পিছত আৰু সকলো ঠিক হৈ গ'ল আৰু আজিলৈকে একো গণ্ডগোল হোৱাই নাই নে কি? সেই সময়ত তেনেকৈ নাম লগাবলৈ সুবিধা পোৱা বুলি চিনাক্ত হোৱা সকলৰ কি হ'ল কোনোবাই খবৰ ৰাখিছে নে? সেই সকলৰ কাৰো নাম কটা যোৱাৰ কথা বিচাৰিলে নাপাব কিজানি! বাটা কোম্পানীলৈ গৰু এটা নি ভৰাই দিয়াৰ পিছত জোতা হৈ ওলাই নহাকৈ নথকাৰ দৰেই গল্প। তাৰ আগত বা পিছত কি হৈছিল সেইবোৰৰ কোনে কি খবৰ ৰাখিছে?

হিমন্ত বিশ্ব শৰ্মা স্বাস্থ্য মন্ত্ৰী হোৱাৰ প্ৰথম ভাগত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ বাচনি পৰীক্ষাত বেলেগৰ হৈ বেলেগে পৰীক্ষা দিয়া ধৰণৰ ঘটনা কিছুমানে খলকনি লগাইছিল। এই বছৰো এজন প্ৰাৰ্থীয়ে উত্তৰ প্ৰদেশৰ চিকিৎসক এজনক পৰীক্ষা দিবৰ বাবে ভাৰা কৰি উত্তীৰ্ণ হৈ নাম লগোৱাৰ সময়ত ধৰা পৰাৰ খবৰ এটা ওলাইছিল। মানে কাৰবাৰ কিছুমান চলি আছেই, কিছু বেলেগকৈ হ'লেও। 'দুৰ্ভাগ্যবশতঃ' এই 'বেচেৰা' জন ধৰা পৰি গ'ল। চিকিৎসাবিজ্ঞান আৰু অভিযন্ত্ৰণৰ দৰে পেছাদাৰী শিক্ষাত নামভৰ্তিৰ সময়ত জাতিগত সংৰক্ষণৰ আসন কেইখনৰ বাবে প্ৰমাণ পত্ৰৰ জালিয়াতি হোৱাৰ কথা মাজে মধ্যে ওলাই থাকে। জাতিগত প্ৰমাণপত্ৰৰ সৰ্বাধিক জালিয়াতি হয় বোধকৰো অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে 'নন-ক্ৰীমি-লেয়াৰ'ৰ প্ৰমাণ কৰাত। অনুসূচীত জাতি-জনজাতিৰ প্ৰমাণ পত্ৰৰো জালিয়াতি নহয় সেইটো নহয়। এই ক্ষেত্ৰত মালদাৰ পাৰ্টি পালে সেইবোৰতো জাতিবোৰৰ সংগঠনেই খীৰতি গাইৰ দৰে সেইবোৰ পাৰ্টিক ব্যৱহাৰ কৰাৰ উদাহৰণো আছে, (অপকাৰ নকৰাৰ নিশ্চিতি প্ৰদানেৰে)! অপব্যৱহাৰ হোৱা আন এটা সুৰুঙা হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ বাকী ৰাজ্যকেইখনৰ বাবে থকা সংৰক্ষিত আসন, এইবোৰত বহুত সময়ত 'প্ৰভাৱশালী ব্যক্তি'ৰ লগত সমন্ধ থকা অসমৰে স্থায়ী বাসিন্দাই নামভৰ্তি কৰে। এনেকুৱা জালিয়াতি কাণ্ডবোৰ অসমত সংগঠিত ৰূপত হোৱাৰ কথা এতিয়ালৈকে জনা নাযায় যদিও সন্দেহৰ উৰ্ধত ৰাখিব নোৱাৰি। সতৰ্ক হৈ থকা বেয়া নহয় নিশ্চয়। )

No comments:

Post a Comment