ইতিবাচক পদক্ষেপ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বেংগেলুৰুবাসী অসমীয়া ৰাইজৰ উদ্যোগত  
"ভোগজৰা খাদ্য মেলা-২০১৫"
প্ৰণৱ জ্যোতি বৰা

অসম এচ’চিয়েচন বেংগেলুৰুৰ অন্য এক ব্যতিক্ৰমী প্ৰচেষ্টা৷ ব্যস্ত জীৱনৰ মাজতো যেন সুখৰে এসাজ যতনাই খাৱলৈ বা খুৱাবলৈ পাহৰা নাই বেংগেলুৰু বাসী এমুঠি অসমীয়াই৷ দেহা থাকিলেহে বেহা, গতিকে খোৱাৰ ওপৰতনো যত্ন নোলোৱাকৈ থাকেনো কেনেকৈ ! অকনমান জিভাৰ জুতিৰ বাবে ক্ষুদ্ৰ পানী পুৰি দোকানখনৰ পৰা আৰম্ভ কৰি চহৰৰ পঞ্চতাৰকা হোটেল লৈকে বাদ পৰি নোযোৱা বেংগেলুৰুবাসী অসমীয়াই এইবাৰ অসমীয়া ব্যঞ্জনৰ তৃপ্তি দিলে দুই শতাধিকৰো অধিক অনা-অসমীয়াক৷ প্ৰথম বাৰৰ বাৱে বাংগালোৰৰ মাজ-মজিয়াত ১৯ জুলাই ২০১৫ তাৰিখ দেওবাৰে অসম এচ’চিয়েচন বেংগেলুৰুৱে আয়োজন কৰিছিল "ভোগজৰা খাদ্য মেলা-২০১৫", এই মেলাৰ লক্ষ্য আছিল নিজ নিজ হাতৰে বনোৱা ব্যঞ্জনৰ সোৱাদ সকলোৰে লগত ভগাই এসাজ তৃপ্তিৰে খোৱা৷

খাদ্য মেলা ভাগ অতি ৰোমাঞ্চকৰ কৰিবৰ বাবে ৰান্ধনী সকলৰ মাজত এখন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল৷ প্ৰতিযোগিতাখনৰ ব্যঞ্জনৰ ওপৰত ভিত্তি কৰি দুটা ভাগত বিভক্ত কৰা হৈছিল৷ ভাগ কেইটা আছিল: মূখ্যান্ন সাঁজ(Main course section) আৰু মিষ্টান্ন সাঁজ (Sweet section)। মূখ্যান্ন সাজ তালিকাত ভাত-ৰুটিৰ পৰা আদি কৰি মাছ-মাংসৰ সকলো ধৰণৰ মূল খাদ্য আৰু মিঠা খাদ্যৰ তালিকাত নাৰিকলৰ লাডু, ফল-মূলৰ চালাদ আদিৰ পৰা পায়স লৈকে দেখিবলৈ পোৱা গৈছিল৷ বিশেষ কোনো ধৰাবন্ধা নিয়ম নাছিল বাবে প্ৰতিযোগী সকলে নিজৰ ইচ্ছা অনুযায়ী সুন্দৰ সুন্দৰ ব্যঞ্জনৰ খাদ্য প্ৰদৰ্শন কৰিছিল ৷ প্ৰতিযোগী সকলৰ ব্যঞ্জনৰ সোৱাদ অধিক উন্নত মানদণ্ডৰ কৰাৰ লগতে উৎসাহিত কৰিবৰ বাবে বিচাৰক হিচাপে আমন্ত্ৰণ কৰি অনা হৈছিল দুগৰাকী বিখ্যাত খাদ্যৰ সোৱাদ চাকি চোৱা ব্যক্তি বা খাদ্য ৰসিকক।

তেওঁলোকৰ এজন হৈছে- সুৰঞ্জন সিং জ্বল্লি, যি জন ব্যক্তি খাদ্য জগতত চেফ জ্বল্লি হিচাপে পৰিচিত৷ Chef Jolly বহুতো দেশী-বিদেশী অনুষ্ঠানৰ লগত জৰিত থকাৰ উপৰিও বৰ্তমান দূৰদৰ্শনৰ জনপ্ৰিয় অনুষ্ঠান Junior Master Chef India,1st seasonঅৰ বিচাৰক আৰু বেংগেলুৰুৰে JW Marriott হোটেলৰ Executive Chef হিচাপে আছে ৷

আৰু আন গৰাকী ব্যক্তি হৈছে-চেফ বিজয় ভাস্কৰণ, তেখেতে Chennai Catering Institute অ'ৰ পৰা সোণৰ পদক লাভ কৰিছিল ৷ বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী অনুষ্ঠানে আয়োজন কৰা খাদ্য মেলাৰ লগত প্ৰত্যক্ষ ভাৱে জড়িত থাকি খাদ্য জগতত প্ৰায় ৩০ বছৰৰ অভিজ্ঞতা সম্পন্ন কৰে৷ বৰ্তমান বাংগালোৰত Le Meridien হোটেলৰ খাদ্য বিভাগৰ মুৰব্বী হিচাপে আছে।

প্ৰতিযোগিতাৰ আৰম্ভণিতে দুয়ো গৰাকী বিচাৰকে প্ৰতিযোগী সকলক উদ্দেশ্য কৰি শুভেচ্ছা মূলক বক্তব্য আগবঢ়াইছিল৷ Doctor, Software Engineer,Lecturer,Entrepreneur, Yoga specialist, Beautician আৰু অন্যান্য কৰ্ম ক্ষেত্ৰৰ লোক আহি মুঠ ৩০ গৰাকী প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰিছিল৷

প্ৰতিযোগিতা খনত ব্যঞ্জনৰ সোৱাদ লবলৈ মানুহৰ হেতা ওপৰা লাগিছিল৷ নালাগিব নো কিয় ! কাটা নিমকি, নাৰিকলৰ লাডু, খোলা পিঠা, বিভিন্ন ধৰণৰ চাউল সিজোৱা, নানা সোৱাদৰ নানা তৰহৰ কুকুৰাৰ মাংস, মাটিৰ কলহত বাঁহৰ গাজ দিয়া গাহৰিৰ মাংস, কলপাতত দিয়া ভকুৱা মাছ, পানী পিঠা, ৰুটি, সৰিয়হ দিয়া মাছৰ জোল, টেঙা আৰু কচু গুটি দি বনোৱা ৰৌ মাছৰ জোল, কোমোৰাৰ সৈতে ৰন্ধা হাঁহৰ মাংস, কাজি নেমু, ভোত জলকীয়া, গোল নেমু, বাহৰ গাজ দিয়া কুকুৰাৰ মাংস, বিভিন্ন প্ৰকাৰৰ মিঠাই, পায়স, পকা কঠাল আৰু ডালীমৰ চালাদ, আইচ ক্ৰীম আৰু বহুতো দেশী-বিদেশী ব্যঞ্জনৰে ভৰি পৰিছিল ভোগজৰা খাদ্য মেলাৰ থলী ৷

প্ৰতিযোগিতা উন্নত মানৰ হোৱাৰ উপৰিও অসমীয়া পুৰুষ-মহিলাই নিজ নিজ হাতৰে যতনাই ইমান ধুনীয়াকৈ সজাই থৈছিল যে দেখা লোকৰ জিভাৰ পানী মুখৰ ভিতৰতেই জোৱাৰ উঠিছিল৷ বিচাৰক কেইগৰাকীয়ে প্ৰতি গৰাকী প্ৰতিযোগীৰ কাষলৈ গৈ তেওঁলোকে সজাই ৰখা ব্যঞ্জনৰ সোৱাদ লোৱাৰ উপৰিও কেনেকৈ বনাইছে আৰু কি কি কৰিলে অধিক তৃপ্তিময় হব পাৰে তাৰ ওপৰতো দিহা পৰামৰ্শ দিছিল ৷

প্ৰতিযোগিতাৰ শেষত ফলাফল নিৰূপণ কৰিবলৈ বিচাৰক কেইজনৰ বাবে বৰ কঠিন হৈ পৰিছিল কাৰণ সকলোয়েই বৰ সুন্দৰকৈ যতনাইছিল আৰু সুন্দৰকৈ উপস্থাপন কৰিছিল, তেওঁলোকৰ মতে সকলোয়েই পুৰস্কাৰৰ যোগ্য ৷ যিহেতু প্ৰতিযোগিতা সেইহে নিয়ম অনুযায়ী দুটা ভাগত বিভক্ত- মূখ্যান্ন সাঁজ (Main course section) আৰু মিষ্টান্ন সাঁজ(Sweet section) ৰ বাবে ৬জনক পুৰস্কাৰ প্ৰদান কৰা হয়৷ মূখ্যান্ন সাঁজ বিভাগত স্থান পোৱা সকল : বনশ্ৰী শৰ্মা(প্ৰথম স্থান), বিভাস হাজৰিকা(দ্বিতীয় স্থান), মৃনালী শৰ্মা(তৃতীয় স্থান) আৰু মিষ্টান্ন সাঁজ বিভাগত স্থান পোৱা সকল: ড০ মনিদীপা দাস(প্ৰথম স্থান), সাগৰীকা গোস্বামী(দ্বিতীয় স্থান), ববী ৰয়চৌধৰী(তৃতীয় স্থান)৷ ইয়াৰ উপৰিও আৰু দুগৰাকী প্ৰতিযোগীক বিশেষ কাৰণত পুৰস্কাৰ প্ৰদান কৰা হয়৷ তেওলোকৰ এজন হৈছে ড০ সিমান্ত শৰ্মা, (সুন্দৰ উপস্থাপন কৰোতা)৷ ড০ শৰ্মাই মাটিৰ কলহত (সৰু ঘট) বাহৰ গাজ দি গাহৰি মাংস বনাই পানী পিঠাৰ সৈতে প্ৰদৰ্শন কৰিছিল৷ আৰু আন গৰাকী প্ৰতিযোগী হৈছে মন্তী বৰকটকী(সুন্দৰ অসমীয়া জাতীয় খাদ্য উপস্থাপন কৰোতা) ৷ মন্তী বৰকটকীয়ে চাহ, খোলা পিঠাৰ পৰা আৰম্ভ কৰি কাঁহৰ কাহী বাটিত সম্পূৰ্ণ অসমীয়াৰ এসাঁজ ৰাজ-হাঁহৰ মাংসৰ সৈতে উপস্থাপন কৰিছিল আৰু লগত মুহুদিৰ বাবে তামোল-পানৰে ভৰি থকা বঁটাতো দিবলৈও নাপাহৰিছিল ৷

ইয়াৰ উপৰিও Magic Holidays নামৰ এটা ট্ৰেভেল কোম্পানীয়ে প্ৰতিযোগী সকলৰ মাজতে আয়োজন কৰা Lucky draw winner হিচাপে ৰাজদীপ ক'ৰক Magic Holidays ৰ তৰফৰ পৰা এক আকৰ্ষণীয় Holiday offer coupon প্ৰদান কৰে ৷

প্ৰতিযোগিতাত স্থান প্ৰাপ্ত সকলক অসম এচ’চিয়েচন বেংগেলুৰুৰ তৰফৰ পৰা আকৰ্ষণীয় পুৰস্কাৰ আগ বঢ়োৱাৰ লগতে অসম আড্ডাৰ তৰফৰ পৰা gift hamper আৰু Magic Holidays ৰ তৰফৰ পৰা আকৰ্ষণীয় Holiday offer coupon প্ৰদান কৰা হয় ৷

বিচাৰকে কোৱাৰ দৰেই, সকলোয়েই পুৰস্কাৰৰ যোগ্য৷ বেংগেলুৰু চহৰৰ Dimond District অ'ৰ ক্লাব হাউছৰ প্ৰেক্ষাগৃহত সঁচাই এক ভাবিৱ নোৱাৰা আনন্দৰ উখল-মাখল পৰিবেশৰ সৃষ্টি হৈছিল ৷ অসম এচ’চিয়েচন বেংগেলুৰুৰ দ্বাৰা আয়োজন কৰা "ভোগজৰা খাদ্য মেলা-২০১৫" ৰ অন্য এজন আয়োজক ৰঞ্জন গোস্বামীয়ে খাদ্য মেলা ভাগ সফল ভাবে পৰিচালনা কৰাত শাৰিৰীক আৰু আৰ্থিক ভাৱে সহায় সহযোগিতা আগবঢ়োৱা সকলোকে ধন্যবাদ জ্ঞাপন কৰে ৷ আৰু অহা ১৯ অক্টোবৰৰ পৰা ৫ দিনীয়া কাৰ্য-সূচীৰে আৰম্ভ হব লগীয়া "বৃহৎ বাংগালুৰু সাৰ্বজনীন অসমীয়া সমাজৰ শ্ৰী শ্ৰী দুৰ্গা পূজা ২০১৫" ত সকলোৰে উপস্থিতি আৰু সহযোগিতা আন্তৰিকতাৰে কামনা কৰে ৷
লেখক  বেংগেলুৰু, কৰ্ণাটক নিবাসী, মোবাইল +৯১-৭২০-৪৪৬-৮০১৯

No comments:

Post a Comment