Sunday, January 7, 2018

চিন্তন

প্রস্তাৱিত তিনি তালাক নিষিদ্ধকৰণ আইন: কিছু চিন্তা
পাৰভিন চুলতানা
যোৱা আগস্ট মাহত উচ্চতম ন্যায়ালয়ে এটি ঐতিহাসিক ৰায়দান কৰি একেৰাহে দিয়া তিনি তালাকক নিষিদ্ধ কৰিছিল। সেই পাচঁজনীয়া ন্যায়াধীশৰ ভিতৰত দুইজনে এই সন্দর্ভত এটা আইন বনাব লাগে বুলি মতামত আগবঢ়াইছিল। বেঞ্চৰ এই সংখ্যালঘু সিদ্ধান্তৰ ওপৰত ভিত্তি কৰি যোৱা ২৮ ডিচেম্বৰৰ দিনা কেন্দ্রীয় চৰকাৰে তিনি তালাকক এটি দণ্ডণীয় অপৰাধ কৰি তোলাৰ বাবে প্রস্তুত কৰা খচৰা বিধেয়ক লোকসভাত উত্থাপিত কৰা। সংখ্যাগৰিষ্ঠ চৰকাৰে খুব সহজেই এই খচৰা লোকসভাত অনুমোদিত কৰি লয়। পিছে ৰাজ্যসভাত এই অনুমোদন এনে সহজ নহব বুলি বহুতৰে ধাৰণা। খচৰা বিধেয়কখনৰ নামাঙ্কন কৰা হৈছে ‘The Muslim Women (Protection of Rights on Marriage) Bill 2017’ আৰু ৰবি শংকৰ প্রসাদৰ তত্বাৱধানত আইন মন্ত্রনালয়ে বিলখন প্রস্তুত কৰি ওলাইছে। মন্ত্রীজনৰ মতে উচ্চতম ন্যায়ালয়ে তিনি তালাক নিষিদ্ধ কৰাৰ পিছতো তিনি তালাকৰ বহু ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছে। তেনে ক্ষেত্রত আইন মন্ত্রীজনৰ মতে একমাত্র আইন প্রণয়ন কৰি আৰু কঠোৰ শাস্তিৰ ব্যৱস্থা কৰিহে একেৰাহে তিনি তালাক দিয়া বন্ধ কৰিব পাৰি। 

প্রস্তাবিত বিলখনে বিভিন্ন প্রতিক্রিয়াৰ সৃষ্টি কৰিছে। এই বিলখনে একেৰাহে তিনি তালাক দিয়া প্রথাক এটি জ্ঞাত আৰু জামিনবিহীন অপৰাধ (cognizable and non bailable offence) বুলি ধৰি লৈছে। এটি জ্ঞাত অপৰাধত বিচাৰপতিৰ অনুমতি অবিহনে তদন্ত কৰিব পাৰি আৰু ৱাৰেন্ট অবিহনে গ্রেপ্তাৰ কৰিব পাৰি। আনহাতে এটি অজ্ঞাত অপৰাধক ব্যক্তিগত অপৰাধ বুলি ধৰা হয় যত ভুক্তভোগী আৰক্ষীৰ ওচৰ চাপে আৰু তেতিয়া বিচাৰপতিয়ে গ্রেপ্তাৰিৰ পৰোৱানা জাৰি কৰিব পাৰে আৰু সেই হিচাপে অভিযুক্তক গ্রেপ্তাৰ কৰা হয়। পিছে এই বিলখনে তিনি তালাকক হত্যা, ধর্ষণ, ডকাইতি আদিৰ অপৰাধৰ শাৰীত ৰাখিছে। এতিয়া লৈকে বিবাহৰ লগত জড়িত সমস্যাসমূহ ন্যায়িক তত্বাৱধানত পৰিচালিত হৈছিল। প্রচলিত ধাৰণা আছিল যে দোষী স্বামীকো পত্নীয়ে নিবিচাৰিলে শাস্তি দিয়া নহব। বহুবিবাহ বা বৈবাহিক ধর্ষণৰ ক্ষেত্রতো ন্যায় বিচাৰি পত্নী আদালতৰ কাষ চাপিব লাগিব প্রথমে। কিন্তু নতুন প্রস্তাবিত বিল মতে পত্নীয়ে গোচৰ ৰুজু কৰাৰ দৰকাৰ নাই বা স্বামীক গ্রেপ্তাৰ কৰিবলৈ ভুক্তভোগী পত্নীৰ মতামতৰ কোনো প্রয়োজন নাই। তৎসত্তেও এই বিলখনে তিনি তালাক নিষিদ্ধ কৰাৰ লগতে কিছু ভাল পদক্ষেপৰো ব্যৱস্থা কৰিছে যেনে নাবালক সন্তানৰ দায়িত্ব মাতৃক দিয়া হব আৰু স্বামীয়ে ক্ষতিপূৰণ দিব লাগিব। 

উচ্চতম ন্যায়ালয়ত একেৰাহে দিয়া তিনি তালাকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাত সক্রিয়া ভূমিকা পালন কৰিছিল বেবাক কালেক্টিভ বোলা স্বেচ্ছাসেৱী সংগঠন এটিয়ে। পিছে এই গুৰুত্বপূর্ণ বিল প্রস্তুতৰ সময়ত এওঁলোকৰ পৰামর্শ লোৱা নহল। এই সংগঠনৰ মতে ১৯৩৭ চনৰ শৰিয়ৎ আইনৰ মতে একেৰাহে নহলেও তালাক এক তৰফীয়া হোৱাৰ সম্ভাৱনা বেছি। সৰহ সংখ্যক কেছত স্বামীৰ মৈমতালি মতে বিবাহ বিচ্ছেদ হোৱাৰ সম্ভাৱনা। পুৰুষ আৰু মহিলাক বিবাহ বিচ্ছেদৰ ক্ষেত্রত সমান অধিকাৰ দিয়াৰ এটা উপায় হল Dissolution of Muslim Marriages Act 1939 টো সংশোধন কৰা। এই আইন মতে মুছলিম মহিলা বিবাহ বিচ্ছেদৰ বাবে ন্যায়ালয়ৰ কাষ চাপিব লাগে। সংশোধনৰ জৰিয়তে এই আইনৰ লিংগভিত্তিক বৈষম্য আঁতৰাই পুৰুষ আৰু মহিলা দুয়ো ন্যায়ালয়ৰ কাষ চপা বাধ্যতামূলক কৰি দিলে কেৱল স্বামীৰ পক্ষে খেয়াল খুচিমতে তালাক দিয়া কঠিন হৈ পৰিব। 

বিজেপি চৰকাৰে সদায় ব্যক্তিগত আইনবোৰ আঁতৰাই এটি ইউনিফর্ম চিভিল কোড অনাৰ পৃষ্টপোষকতা কৰিছে। তেওঁলোকৰ মতে ব্যক্তিগত আইনে বহুতকে সমান অধিকাৰৰ পৰা বঞ্চিত কৰিব পাৰে। কিন্তু এইটো কিমানখিনি সম্ভৱ সেয়া চিন্তনীয়। ভাৰতবর্ষত ৰাজনৈতিক সমর্পণ চুক্তিৰ অধীনত বিভিন্ন ৰাজ্যক তেওঁলোকৰ সুকীয়া পৰম্পৰাগত আইন মনাৰ অধিকাৰ দিয়া হৈছিল। যেনে ভাৰত চৰকাৰ আৰু ফ্রান্সৰ মাজত স্বাক্ষৰিত Pondicherry Customary Hindu Law and the Pondicherry (Extension of Laws) Act 1968, যাৰ পিছত পণ্ডীচেৰী, কাৰাইকাল, মাহে আৰু য়ানাম ভাৰতৰ অংগ হৈ পৰিছিল। একেধৰণে অনুচ্ছেদ ৩৭০ আৰু ৩৭১(ক) ৰ জৰিয়তে জম্মু কশ্মীৰ আৰু নাগালেণ্ডক কিছু সুকীয়া অধিকাৰ দিয়া হৈছে। কেন্দ্রীয় চৰকাৰে প্রণয়ন কৰা সকলো আইন এই ৰাজ্যবোৰৰ বিধানসভা প্রণয়ন কৰিলেহে প্রযোজ্য হব। Manipur (Courts) Act 1955 ৰ ৪২তম অধ্যায়মতে উত্তৰাধিকাৰ, বিবাহ, ধর্মীয় আৰু জাতিগত প্রশ্নসমূহ তেওঁলোকৰ পাৰম্পৰিক আইনৰ জৰিয়তে মীমাংসা কৰা হব।

ধর্মৰ ভিত্তিত প্রচলিত ব্যক্তিগত আইনৰ বাহিৰেও বিভিন্ন জিলা পর্য্যায়ত গতানুগতিক ভাৱে চলি থকা আইন আছে। গুজ্জৰ, মেও আদিকে ধৰি ভালে কেইটামান জনজাতিৰ নিজৰ জিলাভিত্তিক বিবাহ, সম্পত্তিৰ উত্তৰাধিকাৰৰ আইন আছে। মুছলমান সম্প্রদায়ৰ কিছু গোট শৰিয়ৎৰ ঠাইত নিজৰ স্থায়ী আইন মানি চলে যেনে খোজা, কুচ্চী মেনন, মোপ্লা মুছলমান ইত্যাদি । উত্তৰ মালাবাৰৰ মোপ্লা মুছলমানসকল মাপিল্লা মাৰুমাক্কাথায়াম আইন, ১৯৩৮ৰ অধীনত যি আইনৰ হিন্দু নায়াৰসকলে মানি চলা মিতাকশাৰা আইনৰ লগত সাদৃশ্য আছে। 

এই সকলোবোৰ পৰিবর্ত্তন কৰি এটি উমৈহতীয়া আইন প্রণয়ন কৰা, যি আইনে ভাৰতবর্ষৰ নৃগোষ্ঠীয়, ভাষিক, ধার্মিক বৈচিত্র্যক সামৰি লব পাৰিব, এটা খুবেই কঠিন কাম। সকলোৱে মানি লব পৰা এনে আইন প্রৱর্তন কৰা এটা ডাঙৰ প্রত্যাহ্বান। তেনে ক্ষেত্রত একমাত্র উপায় হল বিভিন্ন ব্যক্তিগত আইনক সময় সাপেক্ষে সংশোধন কৰি সেই সম্প্রদায়ৰ মানুহবোৰ যেন শোষিত, বঞ্চিত নহয় তালৈ লক্ষ্য ৰখা। তেনে ক্ষেত্রত চৰকাৰে একেৰাহে তিনি তালাক প্রথাক যদি নিষিদ্ধ কৰিব বিচাৰে সেয়া এটা আদৰণীয় পদক্ষেপ। কিন্তু মুছলমান মহিলাক সম অধিকাৰ দিয়াৰ কাৰণে লোৱা পদক্ষেপে মুছলমানৰ বাবে বিবাহ বিচ্ছেদৰ শাস্তি বহু বেছি কঠোৰ কৰি তুলিছে। কোনো সম্প্রদায়ত বিবাহ বিচ্ছেদৰ শাস্তিত স্বামীজন জেললৈ যাব নালাগে। 

প্রস্তাবিত বিলখনকলৈ ইন্দিৰা জাই সিংৰ দৰে বিখ্যাত অধিবক্তা, ফাইজান মুছতাফাৰ দৰে ন্যায়িক বিশেষজ্ঞ আদিয়ে বিভিন্ন কথাত চিন্তা প্রকাশ কৰিছে। আইন মন্ত্রী ৰবি শংকৰ প্রসাদে বিলখন প্রস্তাবিত কৰাৰ সময়ত কৈছে যে উচ্চতম ন্যায়ালয়ৰ দৃষ্টিত তিনি তালাক এটি পাপ। তেনে ক্ষেত্রত এটি আধুনিক ন্যায়িক ব্যৱস্থাত আইনৰ সহায়ত ধর্মীয় নৈতিকতা প্রৱর্তন কৰাযেন ভাৱ হৈছে। ধর্মনিৰপেক্ষ দেশ এখনে পাপ আৰু অপৰাধক একে বুলি ধৰি লব নোৱাৰে। 

চৰকাৰৰ মতে উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পিছতো প্রায় ৬৭টা তিনি তালাকৰ ঘটনা সংঘটিত হোৱাৰ বাবে এই আইন প্রণয়ন কৰিব লগা হল। কিন্তু কেৱল দুই মাহত উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ বিষয়ে দেশৰ মানুহক সজাগ কৰি তোলাটো খুবেই কঠিন। এই বিলক আদৰণি জনোৱা বহুতৰে মতে কঠোৰ শাস্তিৰ ভয়ত এনে ধৰণৰ ঘটনাৰ সংখ্যা কম হব। কিন্তু শাস্তিৰ ভয় যে অপৰাধৰ হাৰ কম নকৰে সেই উদাহৰণ আমি বহু ক্ষেত্রতে পাই আহিছো। ১৬ ডিচেম্বৰৰ ভয়ঙ্কৰ নির্ভয়া কাণ্ডৰ পিছত মহিলা নির্য্যাতনৰ বিৰুদ্ধে আইন আৰু কঠোৰতম কৰি তোলা হয়। কিন্তু নাৰী নির্য্যাতনৰ হাৰ কম হোৱা নাই। যোৱা দশকত ২.২৪ নিযুত মহিলা বিৰোধী অপৰাধৰ ঘটনা ঘটিছে। প্রায় প্রত্যেক ঘন্টাত পাচঁজনী মহিলা নির্য্যাতনৰ বলী হয়। 

প্রস্তাবিত আইনখনত বহু কথা স্পষ্ট নহয়। একেৰাহে তিনি তালাক এটিয়া অবৈধ আৰু তিনিবাৰ নিজৰ পত্নীক একেৰাহে তালাক দিলেও বিবাহ বিচ্ছেদ নহয়। তেনে ক্ষেত্রত তিনিবাৰ তালাক উচ্চাৰণ অপ্রাসংগিক আৰু অপৰাধ হব নোৱাৰে। যেতিয়া তিনি তালাক বিবাহ এটাৰ অন্ত নেপেলাব, তেতিয়া কি অপৰাধত স্বামীজনক গ্রেপ্তাৰ কৰি কাৰাদণ্ড দিয়া হব, এয়া স্পষ্ট নহয়। তিনি তালাকক এটি দণ্ডনীয় অপৰাধ বুলি স্বীকাৰোক্তি দি চৰকাৰে উলেমাসকলৰ দাবী যে দ্বিতীয় খলিফা ওমৰৰ মতে তিনি তালাকে বৈবাহিক সম্বন্ধৰ অন্ত পেলায় কিন্তু যিহেতু এয়া এক নিন্দনীয় পাপ, তিনি তালাক দিয়াজন শাস্তি পোৱাৰ যোগ্য, সেইটোক সহাৰি জনাইছে। এয়া প্রগতিশীল দেশ এখনৰ বাবে ভাল খবৰ হব নোৱাৰে। 

ন্যায়ৰ এটি গুৰুত্বপূর্ণ নীতি হল দোষ প্রমান নোহোৱালৈকে অভিযুক্তক নির্দোষ বুলি ধৰা আৰু দোষ প্রমান কৰাৰ দায়িত্ব আহি পৰে অভিযোগকাৰীৰ ওপৰত। তেনে ক্ষেত্রত মহিলা এজনীৰ বাবে এইটো প্রমান কৰা যে তেওঁৰ স্বামীয়ে তিনি তালাক উচ্চাৰণ কৰিছে খুবেই কঠিন। পিছে উচ্চতম ন্যায়ালয়ৰ ৰায়ক বহু মহিলা এই কাৰণে আদৰণি জনাইছিল যে তেঁওলোক বৈবাহিক সম্পর্কটো শেষ হৈ যোৱা বিচৰা নাছিল। তেওঁলোকে মীমাংসাৰ জৰিয়তে সেই মানুহজনৰ লগত সংসাৰ কৰিব বিচাৰিছিল। তেনে ক্ষেত্রত স্বামীজনক যদি কাৰাগাৰলৈ পঠাই দিয়া হয়, তেন্তে সেই সম্পর্কটো বচাই ৰখা প্রায় অসম্ভৱ হৈ পৰিব। জেলত থাকি স্বামীজনে নিজ পত্নীক ভৰণ-পোষণো দিব নোৱাৰিব। 

ভাৰতবর্ষই স্বাধীনতাৰ পিছত এটি প্রগতিশীল ন্যায়িক ব্যৱস্থা গ্রহন কৰিছিল। তেনে ক্ষেত্রত প্রায় সময়ে এনে দণ্ডৰ সপক্ষে যুক্তি দি ইছলামিক ৰাষ্ট্রৰ উদাহৰণ ডাঙি ধৰাটো অনুচিত। এটি পৰিপক্ক গণতন্ত্র ফৌজদাৰী আইনৰ ওপৰত যিমান পাৰে কম নির্ভৰ কৰা উচিত। উলেমাসকলৰ লগত বহি নিকাহনামাত তিনি তালাক দিয়া নহব বুলি উল্লেখ কৰা বাধ্যতামূলক কৰিলে সম্প্রদায়ৰ মাজত এই বিষয়ে সজাগতা বিস্তাৰিত হব। 

তিনি তালাকৰ সমস্যা কেৱল এটা আইন শৃঙ্খলাৰ সমস্যা নহয়। ই এটা সামাজিক সমস্যাও। তেনে ক্ষেত্রত কেৱল কঠোৰ শাস্তি বা আইনে এই সমস্যা সমাধান কৰিব নোৱাৰে। ইয়াক দণ্ডনীয় কৰি তোলাৰ বাবে বহু মুছলমান পুৰুষে শাস্তিৰ ভয়ত তালাক নিদি নিজ পত্নীক এনে এৰি যাব পাৰে। এনে ঘটনা প্রায় ঘটা দেখা যায়। তেনে ক্ষেত্রত এনে আইনে সমস্যাৰ সমাধানতকৈ নতুন সমস্যাৰহে সৃষ্টি কৰিব। সামাজিক নিয়ন্ত্রণ আৰু সামাজিক পৰিবর্তনৰ সর্বশ্রেষ্ট আহিলা আইন আৰু শাস্তি নহয়। বাল্য বিবাহ, যৌতুক প্রথা আদিৰ বিৰুদ্ধে থকা আইনে এই সামাজিক কুসংস্কাৰবোৰৰ অন্ত পেলাব পৰা নাই।

তিনি তালাক নিষিদ্ধকৰণৰ আইন এটাৰ প্রয়োজনীয়তা নুই কৰিব নোৱাৰি। কিন্তু তালাকক দণ্ডনীয় অপৰাধ কৰি তোলা পদক্ষেপে বহুতৰে মতে এটা বিশেষ সম্প্রদায়ৰ মানুহক হাৰাশাস্তি হে কৰিব। এই বিলখন প্রস্তুত কৰাৰ সময়তো মুছলমান সমাজৰ প্রতিনিধিত্ব যথোপোযোগী নাছিল বুলি অভিযোগ উত্থাপন হৈছে। দুর্ভাগ্যজনকভাৱে প্রস্তাবিত বিলখনতো যেন চৰকাৰে মুছলিম মহিলাৰ হৈ সিদ্ধান্ত গ্রহণ কৰিছে। মহিলাজনীয়ে তিনি তালাক দিয়া মানুহজনৰ লগত যদি সম্পর্ক শেষ কৰিব বিচাৰি, তাইক সেই সুযোগ নিশ্চয় দিয়া উচিত। কিন্তু যদি তাই আপোচ কৰি সংসাৰ পাতিব বিচাৰে, তাইক সেইখিনি সুযোগো দিয়া উচিত। দৰকাৰ হল সম্প্রদায়ৰ মানুবোৰক একেলগে লৈ বিবাহিত মুছলমান মহিলাৰ অধিকাৰ সুৰক্ষিত কৰা আৰু তেওঁলোকক নিজৰ জীৱনৰ সিদ্ধান্ত লোৱাৰ অধিকাৰ দিয়া। তালাক প্রথা নিয়ন্ত্রণ কৰা এটি যথোপোযোগী আইনে মুছলমান মহিলাৰ অধিকাৰ সুৰক্ষিত কৰিব কিন্তু এই বিলখনে বহু বিতর্কৰ লগতে ঠেক ৰাজনীতিৰ বিষয় হৈ পৰিছে।
(লেখিকা গৌৰীপুৰৰ প্রমথেশ বৰুৱা কলেজৰ অধ্যাপিকা, দুৰভাষ - ৮০১১৯০৩৬২৩, লেখাটি আমাৰ অসম) 

No comments:

Post a Comment