হাস্য-ব্যংগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ধনতন্ত্ৰ দিৱসৰ শুভেচ্ছাৰে 
অজয় লাল দত্ত

ক. পাৰ্ক ভিউ এপাৰ্টমেণ্ট, গুৱাহাটী

পাৰ্ক ভিউ এপাৰ্টমেণ্টত বৰ ধুম-ধামেৰে গণতন্ত্ৰ দিৱসৰ আয়োজন চলিছে । আবাসী সকলৰ মাজত মিউজিকেল চেয়াৰ, শিশুৰ ফেন্সী ড্ৰেছ কম্পিটিচন, ডগি শ্ব। তাৰ বাবে সকলো ব্যস্ত ।তাতে বিগ বাজাৰৰ সৱচে সস্তা দিন।মহিয়ষী আবাসী সকলৰ মাজত প্ৰৱল উত্তেজনা, গণতন্ত্ৰ দিৱসৰ প্ৰাকক্ষণত যে কি বঢ়িয়া দিন আহি গৈছে নহয় । সৱচে সস্তা দিন ! পইচা থাকিল বুলিয়ে উৰুৱাবটো নোৱাৰি ন । সেয়ে দৌৰিছে, শ্বপিংৰ লিষ্ট লৈ…

ৰকিৰ কাৰণে কি কি লাগিব, কালি পুৱাৰ কি দ্ৰেছ..গল পতা..শিকলিত পাৰিলে এইবাৰ ৰাষ্ট্ৰীয় পতাকা এখন আঁৰি দিয়াৰ মন গোস্বামীনীৰ! দেশ-ভক্তি বুলিওটো কথা এটা আছে । তাতে যোৱাবাৰ মুখ অনুষ্ঠানত লাইভৰ মুখ্য-সম্পাদকৰ পৰা বিচাৰকৰ মন জিকাৰ উপায়টোও শিকি ৰাখিচে তেখেতে । পাৰিলে ৰকিৰ গাত মেৰিয়াই দিৱ লগা বস্ত্ৰখনত সংস্কৃতৰ শ্লোক এটা…হেপাঁহটো তেওঁ উমাল কৰি ৰাখিছে, গোপনে ।


লোকৰ লৰাবোৰে ফেন্সী ড্ৰেচ কম্পিটিচনত ভাগ লয় । গোস্বামীনীৰ ঋষভলৈ মনত পৰে । কিনো কৰিব, বৰ্ডিং স্কুলৰ পৰাটো আৰু দিৱস এটা বুলিয়ে ডেৰাডুনৰ পৰা তাক ইয়ালৈ আনিব নোৱাৰি । দেউতাকৰ বৰ মন, তাক তাৰ পৰাই হাভাৰ্ডৰ ফালে পঠাই এম বি এ আদি কৰাই আনিব । আজি কালি যিহে যুগ, ৰাহুল বাবাহঁতৰ নৱ-প্ৰজন্মৰ মাজত দেশীয় শিক্ষা থকাবোৰটো একেবাৰে নাপাত্তাই হৈ গৈছে । দেউতাকৰ বৰ মন, তাক ন-প্ৰজন্মৰ নেতা বনোৱাৰ…সেয়েই তাৰ স্বাৰ্থত মাক-দেউতাক হিচাবে ইমানকন ত্যাগ কৰিবইটো লাগিব !

ঋষভ নাই বুলি জানো মন পেলাই দিলে হব, ৰকি পে হি কনচেনট্ৰেট কৰ…তেওঁ নিজক সকিয়ালে । ৰকিয়ে যোৱাবাৰ চেকেণ্ড হৈছিল, এইবাৰ ফাৰ্ষ্ট নাপালে গোস্বামীয়ে বৰ দুখ পাব । অন্ততঃ সেই চৰম দুখ তেওঁ এনে এটা গণতান্ত্ৰিক দিনক মানুহটোক দিব নোৱাৰে । তেওঁ দুহাত মেলি আলফুলে ৰকিক সাৱটি ললে, আহ বোপাই আহ! হাইকামাণ্ডৰ সতে সনা-পিঠা কৰি থাকি প্ৰভূৱে মোৰ কথা পাহৰিলে, তয়ে মোৰ দেহ লাও…..

পতাকা উত্তোলন কৰিব, শ্ৰীৰামপুৰ গেটৰ পৰা পুৱাই আহি পাব লগা সভাপতি চাৰে । যুটীয়া সম্পাদক ইঞ্জিনীয়াৰ চাৰ আজি ৰাতি কাৰ্বি পাহাৰৰ পৰা আহি পাইছেহি ! জালানৰ দোকানৰ পৰা মিঠাই তথা পেকেট লান্সৰ সু-ব্যৱস্থা কৰা হৈছে ।

চিকিৰিউটি সকলক সাৱধান কৰি দিয়া হৈছে-যাতে ফাল্টু মানুহ, ভিক্ষাৰী আদি যাতে কাৰ্যসূচীৰ সময়ত পাৰ্ক ভিউ এপাৰ্টমেণ্টৰ চৌহদৰ ভিতৰত কিয় ওচৰে পাজৰেও দেখা পোৱা নাযায় । চেক্ৰেটৰীয়ে সকিয়াই দিছে খোৱাবস্তু থাকি গলে লাগিলে ডাষ্টবিনত দলিয়াই দিবি, তথাপি এই ভিক্ষাৰী সোপাক…নাই কোনো পধ্যেই নিদিবি, চাল্লা, খাব খাব, পেকেটবোৰ যত তত পেলাব…হাইজিন নজনাৰ জাত ! তেওঁ ভোৰভোৰাই থাকিল…..

চিকিউৰিটি নগেনে সৰু সৰুকৈ কলে, সঁচাই হাইজিনটো কিন্তু তামাম দৰকাৰী বস্তু, কি কৱা হ্যে তালুকদাৰ ?  তালুকদাৰে সাদিনখন পঢ়ি আছিল, সি মূৰ দুপিয়াই সম্পাদকীয়টোলৈ আঙুলিয়াই দেখুৱালে..এইয়া চা বাপু, ইয়াত হাইজিনৰ ওপৰতে এখন মনোগ্ৰাহী ৰচনা দিছে বাইদেৱে।তঁহতহে শিকবা নৰা ! অযথা গালি শুনবা লাগা হয় ।

আচলতে গণতন্ত্ৰ দিৱসৰ প্ৰাক্-মুহূৰ্তত বৰ সময়োপযোগী ৰচনাখনত নগেনে মূৰটো জুবিয়াই দিলেহি । লিখা কথা খিনিত ৰস পাই কলে- সঁচাই চোতাল তথা পদূলি মূৰৰ ৰাস্তা পৰ্যন্ত সাৰি পুচি ৰখা অসমীয়া গঞা ৰাইজে কিন্তু আমেৰিকান ষ্টেনডাৰ্দৰ হাইজিন ৰক্ষা কৰিব নোৱাৰাটোৰ সমান ডাঙৰ সমস্যা কিন্তু এইসময়ত অসমত কিন্তু ময়ো দেখা নাই হ্যে তালুকদাৰ!….

খ. শিৱসাগৰ

বাতৰি কাকতখনত চকু ফুৰাই বাপুকনে হুমুনিয়াহ কাঢ়িলে । নহব বুইছা নহব । নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচনী আয়ুক্ত ভি এছ কুৰেশ্বীয়ে ভোটাৰ দিৱস উপলক্ষে কি কৈছে শুনাহে । দেশৰ দুৰ্নীতিৰ আটাইতকৈ ডাঙৰ উৎসটো হৈছে নিৰ্বাচন । ৫-১০ কোটি টকা ব্যয় কৰি নিৰ্বাচনত জিকি অহাজনে বিষয়া সকলক মাতি পুনৰ সেই ধন আৰ্জনৰ বাবে দুৰ্নীতিত লিপ্ত হবই । খৰচৰ সৰ্বোচ্চ সীমা আয়োগে নিৰ্ধাৰণ কৰি দিয়াৰ পাছতো নিৰ্বাচনত কোচি কোটি টকাৰ খৰচ কৰাটো কমা নাই । তাৰ বাবে আয়োগে সুকীয়া গোট গঠন কৰিলেও সি পৰ্যাপ্ত হোৱা নাই..সেয়ে তেওঁ ভোটাৰৰ সজাগতা বৃদ্ধিৰ ওপৰত গুৰুত্ব দিছে । ….সমাজৰ কথাত চিঞৰি বাখৰি লেখা-মেলা-আলোচনা কৰি থকা সকলে যে ভোট দিবলৈ নাযায়…তাত তেওঁ দুখ প্ৰকাশ কৰিছে..বোলো শুনিছানে পোনাকনৰ মাক ।

পোনাকনৰ মাক ভেকাহি মাৰি ওলাই আহিল…হৈছে হৈছে..কোনোবা নেতা হৈছে,বিষয়া হৈছে দাৰোগা হৈছে..কৰিছে আৰ্জিছে খাইছে । তাতে নো মোক টেটুফালি চিঞৰিছে কিয়? ইমান গণ্ডগোলবোৰ চাবলৈ কিয় চতুৰ্থ স্তম্ভৰ ৰখীয়া কিবা সাংবাদিকবোৰ কলৈ গল?                     পোনাকনক কিমান বুজালো বোলো তোৰ লগৰে হেৰিৰ পুতেক সেই কেইদিন নো হৈছিল, ফটো মাৰি মাৰি পেপাৰলৈ পঠাইছিল, পাছত সেই ঠিকাদাৰবোৰে পেপাৰ খুলিবলৈ লোৱাৰ পাছতে পাই গল নহয়, ভাল চাকৰি । এতিয়া মোবাইল লৈ ফোন এটা কৰে বোলে-বিডিঅ চাৰ, হেৰি নহয়, নিউজ এটা পাইছো, বোলো কি কৰে? সন্ধিয়ালৈ বিডিঅৰ ঘৰত হাজিৰ ।

দোপত-দোপে ভনীয়েকৰ নামত ঠিকাত ধৰি দেখা নাই, ৰাজকীয় বিয়া দিলে, বিয়া পাতিলে। চেণ্টাৰটো মাতি ললে, চাৰিচকীয়া আনো আনো..আমাৰ তাৰ চোৱা, কাম ধাণ্ডা নাই, জাতীয়তাবাদী কৰে…দেশ উদ্ধাৰ কৰিব..সিদিনা ৰাতি কামৰ বিনিময়ত খাদ্যৰ চাউল ধৰিছিল নহয়..ৰাতি ৰাতি খপিয়া পিটি, কি হল…পুলিচ আহিল, সাংবাদিক আহিল সব-ফাচ পুচ্ !এইবোৰ লেকচাৰ মোক নিদিব বুইছে। বাপেক-পুতেকৰ লেকচাৰ শুনি শুনি মোৰ চৰু নচলে, পইচা লাগে বুজিছে পইচা!

পিতেকক কব, বোলো হেৰিৰ লগতে লাগ, কেচ তেচবোৰ ধৰ তঁহতি, লাভ লয় সিহঁতে । তাৰ লগ লাগ, অন্ততঃ চতুৰ্থ স্তম্ভৰ ওপৰতে নৃত্য কৰি দুপইচা আৰ্জন কৰিব পাৰিবি । বুজালে বুজাব..নহলে কালিৰ পৰা পেপাৰো বন্ধ..কি চাই আছে..হাতত থকা খন দিয়ক..মই মাছ বাছো । এই বয়সত মই কলপাত কাটি আনি মাছ বাচিব নোৱাৰো..দিয়ক বুলিছো নহয়…চোঁচা মাৰি হাতৰ পৰা থপিয়াই নিয়া কাকতখন ফাটি যায়…এটুকুৰা বাপুকন দাইটিৰ হাতত লাগি থাকি আহে…বাকী কাকতখন খুড়ীটিৰ হাতত….!

গ. মুম্বাই

সাগৰ তীৰৰ জিকমিকীয়া অফিচলৈ বুলি মাৰ্চিডিজৰ পাছৰ চিটত বহি বিশিষ্ট উদ্যোগপতি খাণ্ডেলৱালে লেপটপত টপাটপ হিচাব মিলাই আছে । শাসনত থকাক ৫৪০, মেইন অপজিচন ২৭০, বাকী বোৰক চানা-ভূজীয়া বিলোৱাদি অলপ অলপ দিলেই হব । টোটেল বাজেট ৯০০ কোটিৰ.. লোকসভা নিৰ্বাচন আহি আছে । কোম্পানীৰ বৰ্ডৰ পৰা এপ্ৰুভ কৰা লোৱা হলেই ।

টকা পহোচাই দিয়াৰ কাম কৰাৰ বাবে চচিয়ালাইট বোৰ বেচ সজাগ ! তেওঁলোকেই আমাৰ জীৱনৰ ভোটা তৰা । একোজনী ৰাডিয়া, আমাৰ সমাজৰ আশাৰ কিৰণ ! ধীৰুভাই আমাৰ বাণিজ্য পতি সকলৰ বাটকটীয়া….কেনেকৈ ধনেৰে চৰকাৰী নীতি বনাব পাৰি, তেওঁ দেখাই থৈ গৈছে..গণতন্ত্ৰক কেনেকৈ ধনেৰে চলাব পাৰি তাৰ পথ দেখুৱাই গৈছে…ইমান ভাল ব্যৱস্থা কৰি যোৱা বাবে গণৰাজ্য দিৱসৰ দিনা তেওঁলৈ চালাম জনাইছো ।

খাণ্ডেলৱালে নতুন ক্ষেত্ৰ এখনত বাণিজ্য বিস্তাৰ কৰিব, বহুজাতিক কোম্পানী, বিনিয়োগকাৰীৰ পৰা ইতিমধ্যেই টকা আহিছেই..তেওঁ হিচাবটো ভালকৈ বুজাই দিছে..ভাৰতত লোকচানৰ কোনো কথাই নাহে…প্ৰথম ৯০০ কোটি পাৰ্টিবোৰক দিয়ক, যি পাৰ্টিয়েই শাসনলৈ নাহক কিয় অহা দহ বছৰৰ বাবে আমাৰ ব্যৱসায়ৰ ক্ষেত্ৰখনক টেক্স হলিডে দিবই দিব…পৰিবহন চাবচিডিৰ নামত চৰকাৰী ধনো দিব..বেপাৰ কৰিলেই হল…দহবছৰত ৯০০০কোটিৰ ৰিটাৰ্ণ মাত্ৰ নিৰ্বাচনী বিনিয়োগৰ পৰাই আহিব…বগা চাহাববোৰে প্ৰজেকচনটো ভালকৈ বুজিলে..বৰ্ড মিটিংৰ টেবুল গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত চাপৰিৰে ধপধপাই উঠিল…!

ঘ. আমাৰ গাঁও

কলা খগেন কাইক দেখি মাত নিদি নোৱাৰিলো…ঐ কাই কলৈ যাৱ? উত্তৰঃ নকবি আৰু দে গাটো ভাল নহয় অ । বোলো, সেইটো সোধা নাই. যাৱ কলৈ, কাণৰ ওচৰত গৈ চিঞৰি কলো। উত্তৰঃ কাণেৰে নুশুনো নহয়, তোৰ ভাল ন? বোলো খগেন কাই মেচিন এটা নলৱ কিয়, কাণেৰে শুনা মেচিন, কাণৰ কাষত চিঞৰি লগতে হাতেৰে ইচাৰা কৰি বুজালো ।

খগেনে বুজি উঠিল- ধন কত পাবি ধন? বুঢ়া আঙুলিটোৰ লগত তৰ্জনীটো ঘঁহাই উত্তৰ দিলে ।

বোলো-ইলেকচন আহি আছে, নেতাৰ পৰা লৈ লবি, হাত আৰু মুখেৰে বুজোৱাৰ চেষ্টা চলালো ।

উত্তৰঃ ধেৎ সেইটোত কম্বল আৰু মদহে দিয়ে। কেতিয়া আহিব সেইটো ? আগৰ খন কম্বল কেতিয়াবাই ফাটিল, বৰ ঠাণ্ডা পৰিছে, ফটাকেঠা গাত লৈ তাৰ ওপৰত বস্তা দুটামান লৈহে তত পাইছো ।বোলো আহিব আহিব সোনকালেই চিন্তা নকৰিবি!এইবাৰ কেচ লবি মানে ধনেই লবি, ইচ্ছা মতে অন্ততঃ কিবা কিনিব পাৰিবি…সি মূৰ দুপিয়ালে, ধন লাগে বুইছ, ধন যাৰ মুলুক তাৰ, সি বিৰবিৰালে ।

বোলো খগেনকাই যাওঁ- হাতখন দে, চেক এটাকে দিও, হো গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা, লাহেকৈ কলো ।খগেনেও কি জানো বুজি পালে, মোৰ হাতখন খামুচি ধৰি কৈ উঠিল- হয় হয় ধনতন্ত্ৰ দিৱসৰ শুভেচ্ছা…..হে হে !যাওঁ দেই । পতাকা উঠোৱা চাওগৈ, তই হবলা নাযাৱ ?
(পূৰ্ব প্ৰকাশঃ সাহিত্য.অৰ্গ, ফেব্ৰুৱাৰী ২০১২, লিংকঃ https://goo.gl/hsLrwf)

No comments:

Post a Comment