প্ৰৱন্ধ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ইণ্টাৰনেটত সাহিত্য চৰ্চা: এটি ঐতিহাসিক পৰ্যালোচনা
ইন্দ্ৰজিৎ বৰা
"Literature is the artistic record of life......
the only history of human soul" 
- William J. Long 
সাহিত্য মানৱ অন্বেষণৰ পাণ্ডুলিপি । লিও টলষ্টয়ৰ মতে সাহিত্যৰ বিশাল পৰিধিয়ে - আমি কোন আৰু কেনেকৈ - এই দুটা মৌলিক প্ৰশ্ন সাঙুৰি লয় । মানুহৰ ভাৱ আৰু চিন্তাৰ অপৰিসীম পৰিধি আৰু প্ৰকাশভঙ্গীৰ প্ৰতিষ্ঠিত আনুষ্ঠানিকতাৰ মাজৰ নিৰন্তৰ অন্তৰ্দ্বন্দ্বই সাহিত্যৰ বিকাশ ঘটায় । সাহিত্যৰ ক্ৰমবিকাশৰ সতে ৰচনাশৈলীৰ বিবৰ্তনে ভাষালৈয়ো গতিশীলতা আনি দিয়ে । এক কথাত সাহিত্যৰ ঐশ্বৰ্য হ'ল ভাৱ আৰু ভাষাৰ সৰ্বোত্তম সংযোজন ।

কেই শতিকামানৰ আগলৈকে সাহিত্যৰ ভাষা সাধাৰণ নাগৰিকৰ কথিত বা লিখিত ভাষাতকৈ সম্পূৰ্ণ পৃথক আছিল । ভাষা লিখিত ৰূপলৈ আহিল কিন্তু লিখা সামগ্ৰীৰ সীমাবদ্ধতা, সংৰক্ষণৰ প্ৰশ্ন আৰু একান্তভাৱে কলাত্মক উৎকৃষ্ট সাধনৰ প্ৰয়াসত সাহিত্য সংক্ষিপ্ত ৰূপে লিপিবদ্ধ হৈছিল । পাছৰ পৰ্যায়ত ৰাজকীয় পৃষ্ঠপোষকতাত এই সাহিত্য চৰ্চা প্ৰশাসনিক ন্যায্যতা আৰু গোপনীয়তাৰ সপক্ষে ব্যৱহৃত হৈছিল । অসমতো প্ৰাক-ঐতিহাসিক পুৰাতন পদ, শ্লোক বা স্তুতিৰ পৰা আহোম ৰাজত্বকালৰ সাঁচি পাতত লিখা বুৰঞ্জীলৈকে এই সময়ছোৱাৰ সাহিত্য চৰ্চা তেনে আছিল । সাহিত্য চৰ্চা প্ৰথম বাৰৰ বাবে ৰাজঘৰৰ আৱেষ্টনৰ পৰা সমস্ত জনগণৰ মাজলৈ লৈ গৈছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নৱ-বৈষ্ণৱ আন্দোলনে, যি অসমৰ ইতিহাসত প্ৰথম ধৰ্মীয় জাগৰণ তথা সাংস্কৃতিক বিপ্লৱ । তেনেদৰে সমগ্ৰ বিশ্ব ইতিহাসতে সাহিত্য চৰ্চা হৈ পৰিল সামাজিক সাংস্কৃতিক বিপ্লৱৰ প্ৰধান সাৰথি । ফৰাচী বিপ্লৱৰ পৰা আৰম্ভ কৰি বিভিন্ন উপনিৱেশ-বিৰোধী আন্দোলনলৈকে, সাহিত্যৰ প্ৰসাৰতাই তাকেই প্ৰতিপন্ন কৰে । লগে লগে সাহিত্য চৰ্চাৰ লগত প্ৰচাৰধৰ্মীতা সংযোজন হয় । শিক্ষা, আৰ্থ-সামাজিক আৰু সংস্কৃতিক বিকাশৰ ফলত সাহিত্য বিশাল জনগণৰ মাজত সোমাই পৰিল । সাহিত্যৰ এই প্ৰচাৰধৰ্মীতালৈ বিভিন্ন ছপা প্ৰচাৰ মাধ্যমবিলাকে যুগান্তকাৰী ভূমিকা পালন কৰিলে । অসমত ব্ৰাউন চাহাবে ১৮৩৬ চনত ছপাশাল স্থাপন কৰাৰ লগে লগে অসমীয়া ভাষা সাহিত্য চৰ্চাৰ এক নতুন দিগন্ত উন্মোচন হ'ল । অসমীয়া সাহিত্যৰ ইতিহাসৰ দুটা যুগ হিচাবে খ্যাত অৰুণোদয় (১৮৪৬-১৮৮৩) আৰু জোনাকীও (১৮৮৯-১৯০৩) আছিল দুখন বাৰ্তালোচনী । এই আলোচনী কেন্দ্ৰিক যুগবিভাজনৰ বাহিৰেও বাঁহী, ৰামধেনু, প্ৰতিধ্বনিৰ পৰা আজিৰ গৰীয়সী, প্ৰকাশ, সাতসৰীলৈকে - এই বিভিন্ন আলোচনীবোৰৰ অৱদান অপৰিসীম ।

সাহিত্য চিন্তা, জ্ঞান আৰু বিদ্যায়তনিক বা অবিদ্যায়তনিক ক্ষেত্ৰবোৰৰ প্ৰচাৰ মাধ্যমলৈ ৰূপান্তৰ হয় । বিনোদন অথবা মনোৰঞ্জনো সাহিত্যৰ জনপ্ৰিয়তাৰ মাপকাঠি হৈ পৰে আৰু তাৰ প্ৰভাৱ ৰচনাশৈলীতো সন্নিৱিষ্ট হয় । আজি এনে আৱহমান প্ৰক্ৰিয়াৰে অংশ হিচাবে ইণ্টাৰনেটত সাহিত্যচৰ্চা হৈছে । দিজিটেলকৰণত যেনেকৈ পঢ়ুৱৈ সমাজ কাগজৰ পৃষ্ঠাৰ পৰা ইলেক্ট্ৰনিক স্ক্ৰীনলৈ আহিছে, তেনেকৈ লেখকেও কাগজ কলম এৰি কীৱৰ্ড স্ক্ৰীনলৈ ধাৱমান হৈছে । মানব বিকাশে আনি দিয়া এই দিজিটেল বিপ্লৱ আৰ্থনৈতিক তৃতীয়াকৰণৰ অংশ । এফালে যেনেকৈ উদ্যোগিক বিকাশে অনা অৱসৰত সৃষ্টি হোৱা সাহিত্যত সামাজিক বিবৰ্তনৰ প্ৰতিচ্ছবি পোৱা যায়, তেনেকৈ, দিজিটেল সাহিত্য চৰ্চাও এক মুক্তকণ্ঠ অথবা সাম্প্ৰতিক মধ্যবিত্ত সমাজৰ অৱসৰবিহীন যুগসন্ধিৰ এক বিমূৰ্ত প্ৰকাশও হ'ব পাৰে ।

১৮৪৬ চনত অৰুনোদয়ে সূচনা কৰিছিল অসমত বাতৰিকাকতৰ ছপা আৰু প্ৰকাশ । বৰ্তমান অসমীয়া ভাষাত মুঠ ৩০ খনতকৈ বেছি বাতৰিকাকত আৰু বহু আলোচনী আছে । এই আধুনিক গনমাধ্যমবিলাক ভৌগলিক হেঙাৰ, সাংস্কৃতিক আৰু ভাষিক বিভিন্নতাৰ হেতু এক আশাপদ স্তৰলৈকে প্ৰচাৰিত হোৱা নাছিল । ১৯৫৮ চনত স্থাপিত অসম প্ৰকাশন পৰিষদে সূচনা কৰা ছপা আৰু প্ৰকাশন উদ্যোগে এক নিজস্ব পৰিচয় দাঙি ধৰিবলৈ লওতেই দিজিটেল সম্প্ৰসাৰণ এক তৎকালীন প্ৰত্যাহ্বান হৈ পৰিলেও বহু আশাৰ ৰেঙনিও কঢ়িয়াই আনিছে । প্ৰায় দুই দশকৰ আগতেই ইণ্টাৰনেট বিপ্লৱে বিশ্বৰ বিভিন্ন প্ৰান্তত সূচনা কৰা নতুন সম্ভাৱনাই শেহতীয়াকৈ হ'লেও অসমৰ প্ৰচাৰ মাধ্যমৰো পৰিভাষা সলনি কৰিছে । দুৰন্ত আৰু পৰিৱৰ্ধিত সম্প্ৰসাৰণ ক্ষমতাৰে, অনলাইন চচিয়েল মেদিয়াই লেখক আৰু পঢ়ুৱৈৰ মাজৰ পৰস্পৰ সংযোগ আধিক সুদৃঢ় কৰি তোলে । আগতে ছপাৰ প্ৰকাশনে প্ৰকাশৰ অযোগ্য বুলি ভবা বহু কিতাপেই অনলাইন স্থান লৈছে আৰু পুৰণি পাণ্ডুলিপিৰ পুনৰুজ্জীৱন হৈ মূলসুঁতিলৈ উলাই আহিছে । সংযোগৰ দ্ৰুত গতিয়ে কিতাপৰ প্ৰকাশনলৈয়ো গতি আনি দিছে । একেৰাহে যোৱা কিছুবছৰৰ দেশভিত্তিক পঢ়ুৱৈ জৰীপ অনুসৰি ছপা বাতৰিকাকত বা আলোচনীৰ ঠাইত অনলাইন মাধ্যমত উপলব্ধ তথ্য, বাতৰি বা সাহিত্যই বিশেষকৈ যুৱসমাজক আকৰ্ষিত কৰা দেখা গৈছে । অনলাইন সামাজিক মাধ্যমবিলাকে একালৰ ছপাৰ মাধ্যমে লৈ থকা গনমাধ্যমৰ ক্ষেত্ৰখন আগ্ৰাসন কৰাৰ পথত ।

ইণ্টাৰনেটত সামাজিক মাধ্যম বা চচিয়েল মেদিয়া হ'ল ইণ্টাৰনেট ভিত্তিক আহিলাসমূহেৰে গঢ়ি তোলা সামাজিক সংযোগ মঞ্চ, যাৰ যোগেদি অংশগ্ৰহনকাৰীসকলে বিভিন্ন কলা সাহিত্যৰ সৃষ্টি আৰু বিনিময় কৰিব পাৰে । সামাজিক মাধ্যমৰ এই ক্ষেত্ৰখন গতিশীল আৰু ই সমসাময়িক ঐতিহাসিক পৰিস্থিতিৰ দ্বাৰা পৰিশোধিত আৰু ভৱিষ্যতৰ সম্ভাৱনাপূৰ্ণ সমলেৰে ভৰপূৰ । আচলতে এই অনলাইন সামাজিক মাধ্যমবিলাক হ'ল পৰম্পৰাগত গনমাধ্যমৰ অসম্পাদিত ৰূপ ।শেহতীয়া বিবৰ্তন হিচাবে ব্ল'গিঙে বিশাল অংশগ্ৰহন আৰু আলোচনাৰ সুবিধাৰে ৰাজনৈতিক, বানিজ্যিক আৰু সন্মিলিত সংস্কৃতিলৈ পৰিৱৰ্তন অনিছে । বিশ্বজুৰি প্ৰতিদিনে বিভিন্ন সামাজিক সংযোগৰ পৃষ্ঠাবোৰত কোটি কোটি পষ্ট বা ব্ল'গৰ যোগেদি চিন্তা, ভাৱ আৰু এক প্ৰাথমিক স্তৰৰ সাহিত্যৰ প্ৰকাশ আৰু প্ৰচাৰৰ সুবিধা আহিছে । ভাৰতবৰ্ষতো বৰ্ধিত সামাজিক মাধ্যমে নব্য মুক্তিকামী জন পৰিমণ্ডলত এক বিশেষ অৱস্থান গ্ৰহন কৰিছে । ভাৰতবৰ্ষত এতিয়াও কেবা কোটি ইণ্টাৰনেট ভোক্তা আছে যদিও মুঠ জনসংখ্যালৈ ইণ্টাৰনেটৰ সম্প্ৰসাৰণ উদ্যোগী ৰাষ্ট্ৰৰ তুলনাত তেনেই নগণ্য । গৰিষ্ঠ সংখ্যক ইণ্টাৰনেটৰ ভোক্তাই চহৰীয়া মধ্যবিত্ত হোৱাৰ বাবে চচিয়েল মেদিয়াই জনমানসত মধ্যবিত্তীয় এক সুকীয়া আত্মপ্ৰকাশক সামগ্ৰিক জনমত হিচাবে প্ৰতিষ্ঠা কৰিছে ।

অনলাইন সামাজিক মাধ্যমবিলাকৰ একান্ত ব্যক্তিগত ক্ষেত্ৰখন পৰম্পৰাগত আৰু প্ৰতিষ্ঠিত মাধ্যমৰ ক্ষেত্ৰত প্ৰযোজ্য আইনগত সঞ্চালনৰ পৰিধিৰ বাহিৰত । উচ্চতম ন্যায়ালয়ে প্ৰচাৰ মাধ্যমৰ স্বাধীনতাক অনুচ্ছেদ ১৯(১)(ক)ৰ বাক স্বাধীনতাৰ অধিকাৰ আৰু অনুচ্ছেদ ১৯(১)((ছ)ৰ কাৰ্যনিৰ্বাহ আৰু বৃত্তিৰ অধিকাৰৰ সংযোজন বুলি আখ্যা দিছে । এই দুয়োটা অধিকাৰেই প্ৰধানকৈ সংবিধানৰ ১৯(২) নং অনুচ্ছেদৰ দ্বাৰা নিৰ্ণীত যুক্তিসংগত প্ৰতিবন্ধকতাৰ দ্বাৰা সঞ্চালিত । আনহাতেদি, উচ্চতম ন্যায়ালয়ে তথ্য প্ৰযুক্তি আইনৰ ৬৬-ক অনুচ্ছেদক অসাংবিধানিক আখ্যা দিয়াৰ লগে লগে অনলাইন বাক স্বাধীনতা আৰু মুক্ত প্ৰকাশ সুৰক্ষিত হ'ল । কিন্তু, আইন আৰু প্ৰশাসনিক হস্তক্ষেপৰ পৰা মুক্ত এই চচিয়েল মেদিয়াত মাৰ্জিত আৰু নৈতিকতাৰ ব্যতিক্ৰমে সমাজৰ প্ৰবৃত্তিগত বাস্তৱকে প্ৰতিফলিত কৰে । ইণ্টাৰনেটৰ সামাজিক মাধ্যম যেন বাস্তৱিক সমাজৰে এক ই-সংস্কৰণ । কিন্তু, সাহিত্য যদি সামগ্ৰিক চিন্তাজগতৰ অনুভৱৰ এক ব্যক্তিগত প্ৰকাশ হয়, তেন্তে তাত অমানৱীয় প্ৰবৃত্তিৰ কোনো স্থান নাই ।

আজিৰ দ্ৰুতগামী জীৱনধাৰাত মানুহে লিখা আৰু পঢ়াৰ অভ্যাস প্ৰায় হেৰুৱাই পেলাইছে । তেনেস্থলত, ইণ্টাৰনেট আৰু বিশেষকৈ চচিয়েল মেদিয়া জনপ্ৰিয় হৈ পৰাৰ লগে লগে সাহিত্য সৃষ্টি তথা প্ৰকাশৰ এখন নতুন মঞ্চ কিন্তু সৃষ্টি হৈছে। দেশ বিদেশত বাস কৰা অসমীয়া সকলকে ধৰি বহুতে চচিয়েল মেদিয়াৰ জৰিয়তে অসমীয়াত সাহিত্য চৰ্চা কৰিবলৈ আৰম্ভ কৰিছে । অসমৰ বাহিৰত থকা বহুতো অসমীয়াই ইণ্টাৰনেটৰ মাধ্যমেৰে অসমীয়া পুনৰ নিয়মীয়াকৈ পঢ়িবলৈ লৈছে । যোৱা সময়ছোৱাত প্ৰতিভাশালী আৰু উদ্যোগী যুৱ প্ৰজন্মই অসমীয়া ভাষা-সাহিত্যৰ দিজিটেলকৰণলৈ বিশেষ অৰিহণা যোগালে । এতিয়া শব্দৰ দৰে অনলাইন অসমীয়া অভিধান, অসমীয়া লিপিৰে ইণ্টাৰনেটত সমল আহৰণ আৰু আনকি কীৱৰ্ড আৰু স্ক্ৰীনেৰে অসমীয়াত সাহিত্য চৰ্চা কৰিব পাৰি। লেখাবোৰ ইউনিকোডলৈ ৰূপান্তৰিত কৰি ই-আলোচনীৰ আৰ্কাইভত সংৰক্ষিত কৰিব পাৰি ।

অসমীয়া ভাষাৰ অনলাইন ই-আলোচনী বিলাকৰ ভিতৰত অন্যতম হ'ল অসমীয়া, অভিজ্ঞান, আখৰ, আমি অসমীয়া, আৰম্ভনি, বৌদ্ধিক বিচাৰ, এনাজৰী, জোনাকিৰ বাটেৰে, ফেঁহুজালি, সৃষ্টিৰ জিলিকনি, কবিতা, মেজিকেল আচাম, মনিকূট, মুম্বাই চানেকি, মুক্ত চিন্তা, এনইফোকাচ, এনইযাইন, অসমীয়াৰ সুখ-দুখ, নীলা চৰাই, প্ৰজন্ম, সেউজ চিন্তা, সেউজী ধৰণী, চচিয়েল চইন্স ৰিচাৰ্চাৰ, সুবাস, দি থাম্প প্ৰিণ্ট, সাহিত্য, সমাহাৰ, সন্ধান আৰু য়ুৰ ষ্টুৰি । তাৰোপৰি, অকনিৰ জেউতি, বিস্ময়, বুনিয়াদ, জীৱন, মহেকীয়া অনুভূতি, মৌচাক, নতুন আৱিষ্কাৰ, নন্দিনী, প্ৰতিচ্ছবি, ৰংমন, স্বাস্থ্য আৰু দীৰ্ঘজীৱন, সঁফুৰা আদি ছপা আকাৰে প্ৰকাশ হোৱা আলোচনীৰ ইণ্টাৰনেট সংস্কৰণও আছে । অসমীয়া ভাষাৰ মুঠ ত্ৰিছখনমান বাতৰিকাকতৰ প্ৰতিখনৰে ইণ্টাৰনেট সংস্কৰণ আছে ।আজিকালি সকলো ছপাকৰা আলোচনী, বাতৰি কাকত আদিয়েও নিজাকৈ ৱেবছাইট ৰাখে, তেওঁলোকৰ সমন্তৰাল ভাবে একোটা অনলাইন উপলব্ধ সংষ্কৰণ উলিয়ায় আৰু লেখা মেলাও ই-মেইল যোগে গ্ৰহণ কৰে। লগতে ফেচবুক আদিত তেওঁলোকৰ পে’জ বা গ্ৰুপ একোটাও থাকে। তাৰোপৰি ‘অসমীয়াত কথা বতৰা’, ‘আখৰুৱা’ আদি ফেচবুক বা ব্ল'গৰ বিভিন্ন জনপ্ৰিয় পৃষ্ঠাবিলাকত অথবা বিভিন্ন চচিয়েল মেদিয়াৰ গোটবোৰত বহুত লেখা অনলাইন প্ৰকাশ হয় ।

পৰিৱৰ্তন সদায় ঐতিহাসিকভাৱে ইতিবাচক । ক্ৰমাগত ভাবে মানুহে এই নব্য মাধ্যমৰ উপকৰন সমূহক অপৰিহাৰ্য বুলি গণ্য কৰিবলৈ আৰম্ভ কৰিছে । অসমীয়া মাধ্যমৰ দুৰাৱস্থা বা অসমীয়া ভাষা কোৱা বা লেখা মানুহৰ সংখ্যা কমি আহিছে বুলি হতাশাত ভোগাৰ বিপৰীতে নব্য মাধ্যমত বহুজনে নতুনকৈ অসমীয়া ভাষাত, অসমীয়া লিপি ব্যৱহাৰ কৰি লিখিবলৈ আৰম্ভ কৰিছে। সহজলভ্য নব্য মাধ্যমৰ পৰস্পৰ-সংযুক্ত ক্ষেত্ৰখনত, দৈনন্দিন জীৱনৰ ব্যস্ততাই সাহিত্য চৰ্চাৰ ক্ষেত্ৰত পৰম্পৰাগত কাগজ-কলমে কৰা চৰ্চাই আনি দিয়া অজুহাতৰ অৱকাশ নাই । বৰঞ্চ, কৰ্মময় জীৱনৰ বৰ্ধিত ব্যস্ততাৰ সঙ্গী হৈ পৰিছে সাহিত্য চৰ্চা আৰু পঠন - কাৰ্যালয়ৰ বিৰতি বা আহৰি, বাচ, মেট্ৰো আনকি উৰা জাহাজতো লেপ-টপ বা মোবাইলতে অনলাইন আলোচনী অথবা ই-বুক উপলব্ধ।

ইণ্টাৰনেটৰ আগমনে সাহিত্য শৈলী, কলা-সংস্কৃতি আৰু সামগ্ৰিক ভাৱ-ধাৰাৰ কিবা নতুন যুগৰ সূচনা কৰিছে নেকি? চচিয়েল মেদিয়াত প্ৰকাশ হোৱা লেখাবোৰ অনিয়মিতভাৱে মুক্ত, প্ৰাৰম্ভিক তথা একান্ত ব্যক্তিগত আৰু আনহাতে প্ৰতিষ্ঠিত ই-আলোচনীত প্ৰকাশিতবোৰ সম্পাদিত । তথাপি ই প্ৰাৰম্ভিক স্তৰতে সাহিত্যৰ আনুষ্ঠানিকতাৰ বাহিৰত এক অনিয়মিত জন পৰিমণ্ডল সৃষ্টি কৰি সীমান্তবৰ্তী হিচাবেই সাহিত্যৰ মূল সুঁতিৰ ওপৰত নিঃসন্দেহে প্ৰভাৱ পেলাব । কী ৱোৰ্ড আৰু স্ক্ৰিন লৈ কৰা সাহিত্য চৰ্চাও সাহিত্যৰ ধাৰাবাহিকতাৰ এক যুগসন্ধি মাথো আৰু সাহিত্যৰ প্ৰচাৰধৰ্মিতাৰ এই উত্থানে সাহিত্য সৃষ্টিৰ ৰচনাশৈলী অথবা ভাৱধাৰাক কোন দিশে পৰিচালিত কৰিব, সেয়া হয়তো সময়েহে ক'ব । এটা কথা ঠিক যে মানৱীয় সীমাবদ্ধতাৰ প্ৰত্যোত্তৰ হিচাবে ঠিয় দিয়া উত্তৰ-আধুনিকতাৰ ভাবধাৰা আৰু সামাজিক মাধ্যমৰ পৰিস্থিতিগত ৰচনাশৈলী সমাগত দিনৰ দিজিটেল সাহিত্যত পৰিস্ফুট হ'ব । তেনেকৈ, ছপা মাধ্যমৰ দৰে ইণ্টাৰনেটতেও সাহিত্য চৰ্চাৰ আৱহমান ধাৰাৰ সৈতে যোগসূত্ৰ ৰক্ষা কৰিবই লাগিব ।

No comments:

Post a Comment