Sunday, March 26, 2017

চিন্তন

বিজ্ঞানৰ হিন্দুত্বকৰণ কিয়?
ডাঃ অজিত কুমাৰ পটঙ্গীয়া
আজিকালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই বিজ্ঞান গৱেষণাৰ কথা ক'লেই ভাৰতত বিজ্ঞানৰ গৌৰৱময় ঐতিহ্যৰ কথা কৈ তাৰ আধাৰত বিজ্ঞানীসকলক আগবাঢ়ি যাবলৈ উপদেশ দিয়ে। ভাল কথা। পিছে সেইয়া কেনে ধৰণৰ ঐতিহ্য? কিছুদিনৰ আগতে মুম্বাইত ৰিলায়েন্সৰ আধুনিক চিকিৎসালয় এখনৰ  উৎঘাটন সমাৰোহত দেশৰ বিশিষ্ট চিকিৎসক আৰু চিকিৎসা বিজ্ঞানীৰ উপস্থিতিত প্ৰধানমন্ত্ৰী মোডীয়ে আজিৰ পৰা হাজাৰ হাজাৰ বছৰৰ আগতে ভাৰতবৰ্ষত প্লাষ্টিক চাৰ্জাৰিৰ জৰিয়তে হাতীৰ মূৰ গণেশক সংৰোপন প্ৰাচীন ভাৰতৰ উন্নত প্লাষ্টিক চাৰ্জাৰিৰ নিদৰ্শন বুলি দাবি কৰিছিল। মই তেতিয়া বিদেশত আছিলো। বিদেশৰ বাতৰিকাকতত সৰুকৈ হ'লেও প্ৰকাশ পাইছিল সেই বাতৰি। আমাৰ দেশৰ ৰাষ্ট্ৰপ্ৰধান এজনৰ মুখত তেনেধৰণৰ অবৈজ্ঞানীক কথা শুনি মই বৰ লাজ পাইছিলো। কোৱা হয় 'মৌনতা হৈছে সন্মতিৰ লক্ষণ'। সেই সময়ত ভাৰতৰ বিজ্ঞানী আৰু বৌদ্ধিকমহলত প্ৰধানমন্ত্ৰী মোডীৰ এই অবৈজ্ঞানীক কথাৰ যিদৰে প্ৰবল প্ৰতিবাদ হ'ব লাগিছিল, তেনেধৰণে কোনো প্ৰতিবাদ হোৱা পিচে দেখা নগ'ল।

ইতিমধ্যে গুজৰাটৰ বিজেপি-সংঘ পৰিয়ালৰ চৰকাৰৰ উদ্যোগত ৰাজ্যৰ স্কুল টেক্সট বুক বোৰ্ডৰ দ্বাৰা চাপ্লিমেন্টেৰি লিটাৰেছাৰ হিচাবে অনুমোদিত তেজোময় ভাৰত, বৈদিক গণিত, শিক্ষণ নু ভাৰতীয়কৰণ, বিদ্যালয়:প্ৰভ্ৰুতি নু ঘৰ, শিক্ষণ মা ত্ৰিবেণী, প্ৰেৰণাদীপ আদি কিতাপসমূহত নানা উদাহৰণ দি কোৱা হৈছে যে আধুনীক বিজ্ঞান আৰু প্ৰযুক্তিৰ বহু জ্ঞান আৰু উদ্ভাৱনৰ স্থান হৈছে প্ৰাচীন ভাৰতৰ বৈদিক যুগ আৰু বিশ্বৰ যিকোনো দেশৰে বিজ্ঞান আৰু প্ৰযুক্তিগত আৱিস্কাৰ সকলোৱেই প্ৰাচীন ভাৰতৰ বেদ পুৰাণৰ পৰা নকল কৰা। ঋগবেদত থকা ঘোৰাই নটনাকৈ চলা 'অনশ্ব ৰথ' বৈদিক যুগত ভাৰতৰ মটৰ গাড়ী আছিল, সেই সময়ৰ ষ্টেম চেলৰ গৱেষণাৰ জৰিয়তে মহাভাৰতত গান্ধাৰীৰ গৰ্ভজাত মাংসপিণ্ডৰ পৰা দুৰ্য্যোধনসহ এশ সন্তানৰ জন্ম, শিবই হাতিৰ মূৰ গণেশৰ শৰীৰত প্ৰতিস্থাপন কৰা, অতীতত গো সেৱাৰ দ্বাৰা বন্ধ্যা নাৰীৰ সন্তান লাভ আৰু ভাৰতৰ ১২ জ্যোতিলিংগ প্ৰকৃততে বেদৰ ঐতিহ্য অনুসৰি আনবিক শক্তিকেন্দ্ৰ আছিল আদি প্ৰমাণ-বিচাৰ-বিশ্লেষণহীন নানা নাভূত-নাস্ৰুত কল্প কাহিনীৰে ভৰপূৰ। সেইদৰে আছে টেলিভিছনৰ আৱিস্কাৰ বিংশ শতিকাৰ তৃতীয় দশকত নহয়, মহাভাৰতৰ যুগতে হৈছিল, ধৃতৰাষ্ট্ৰই হস্তিনাপুৰত বহি কুৰুক্ষেত্ৰৰ ধাৰাবিবৰণী সঞ্জয়ৰ দ্বাৰা শুনাটো হৈছে টেলিভিছনৰ জৰিয়তে কৰা লাইভ টেলিকাষ্ট। সেই গ্ৰন্থসমূহৰ লিখনীৰ অনুকৰণত হিন্দুত্ববাদী আদৰ্শৰে দীক্ষিত অন্য কিছুমান লেখকৰ কিতাপ-পত্ৰতো ব্ৰহ্মাস্ত্ৰ মানে এটম ব'ম, 'পুস্পক ৰথ' মানে এৰোপ্লেন, আইভিএফৰ জৰিয়তে কৰ্ণৰ জন্ম হোৱা, অৰ্জ্জুনৰ পৰা বৃহন্নলা হোৱা মানে শল্য চিকিৎসাৰ দ্বাৰা যৌন ৰূপান্তৰ আদি নানা কাহিনী পঢ়িবলৈ পোৱা গৈছে।


অলপতে ভাৰতীয় বিজ্ঞান কংগ্ৰেছৰ ১০৩তম অধিবেশনখন মহীশূৰ বিশ্ববিদ্যালয়ত অনুস্থিত হৈ যায়। এই বিজ্ঞান কংগ্ৰেছকো কেন্দ্ৰত শাসনাধিস্থ গেৰুৱা দলৰ চৰকাৰে হিন্দুত্ববাদৰ প্ৰচাৰক্ষেত্ৰ হিচাবে ব্যৱহাৰ কৰি সমগ্ৰ বিশ্বৰ বিজ্ঞানমহলত ভাৰতবৰ্ষক লজ্জানত কৰিছে। আশ্বৰ্য্যজনক ভাবে এই অধিবেশনতে 'ভগৱান শিব'ক বিশিষ্ট পৰিবেশবিদ হিচাবে প্ৰক্ষেপ কৰি 'গৱেষণাপত্ৰ' পাঠ কৰাৰ লগতে সেই মঞ্চতে 'শঙ্খধ্বনিয়ে পকাচুলি ক'লা কৰে' বুলি দাবী কৰা হয়। এইবোৰ দেখিশুনি নোবেল বটা লাভ কৰা ভাৰতীয় বংশোদ্ভূত বিজ্ঞানী বেংকটৰমণ ৰামাকৃষ্ণই এই অধিবেশনক অভিহিত কৰিছে - 'চাৰ্কাছ'। বিজ্ঞানী বি জি সিদ্ধাৰ্থৰ মতে এইয়া যেন বিজ্ঞান কংগ্ৰেছ নহয়, 'কুম্ভ মেলা'হে। প্ৰখ্যাত বিজ্ঞানী পি এম ভাৰ্গৱৰ মতে এই কামৰ দ্বাৰা ভাৰতীয় বিজ্ঞান কংগ্ৰেছৰ মান-মৰ্য্যদা ধুলিস্যাত কৰা হৈছে।

অৱশ্যে বৰ্ণবৈষম্যবাদী 'হিন্দুত্ববাদী' আদৰ্শত বিশ্বাসী বিজেপি দলটো কেন্দ্ৰত ক্ষমতালৈ অহাৰ পাচত এইয়া তেওঁলোকৰ কোনো নতুন কথা নহয়। ইয়াৰ আগতে বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰৰ আমোলতো মনুসংহিতাৰ অনুকৰণত হিন্দুত্ববাদী আদৰ্শৰ প্ৰসাৰৰ বাবে শিশু অৱস্থাৰ পৰায়েই এটা বিশেষ মানসিক ঠাচত গঢ়ি তুলিবলৈ সৰ্বব্যাপী পৰিকল্পনা গ্ৰহণ কৰিবলৈ শিক্ষামন্ত্ৰনালয় নিজৰ হাতত ৰখাৰ ওপৰত গুৰুত্ব দিছিল বিজেপি-সংঘ পৰিয়ালে। আৰএছএছৰ মুখপত্ৰ অৰ্গেনাইজাৰত আৰ শেষাদ্ৰিচাৰীয়ে মন্তব্য কৰিছিল ''মানৱসম্পদ উন্নয়ণ দপ্তৰ আমাৰ বাবে অৰ্থমন্ত্ৰনালয়তকৈয়ো গুৰুত্বপূৰ্ণ আৰু........এই মন্ত্ৰনালয়ক আমি বিচাৰো আৰএছএছৰ বাবে সংৰক্ষিত থাকক'(দি ষ্টেটছমেন চাপ্লিমেন্ট, ৬ ডিচেম্বৰ, ১৯৯৮)। এনডিএ চৰকাৰৰ সেই কাৰ্য্যকালত এই মন্ত্ৰনালয়টো নিজৰ হাতত পৰাৰ পিচৰ পৰায়েই তেওঁলোকে অত্যন্ত দ্ৰুত ভাবে শিক্ষা পৰিচালনা কৰা সন্থাবোৰৰ মূৰব্বী পদসমূহত নিজৰ মানুহ নিয়োগ কৰি তেওঁলোকৰ সেই দীৰ্ঘম্যাদী পৰিকল্পনা বাস্তৱ ৰূপ দিবলৈ চেষ্টা কৰাৰ আৰম্ভ কৰিছিল। মুম্বাইত অনুষ্ঠিত ইয়াৰ আগৰ ১০২তম বিজ্ঞান কংগ্ৰেছতো ভাৰতবৰ্ষত সাত হাজাৰ বছৰৰ আগৰ বৈদিক বিমান চলোৱাৰ সাধু শুনোৱা হৈছিল, য'ত গৰু আৰু হাতীৰ মুত্ৰ বিমানৰ জ্বালানি হিচাবে ব্যৱহাৰ কৰাৰ কথা উল্লেখ কৰা হৈছিল। সেই কংগ্ৰেছতে মঙল গ্ৰহত ভাৰতীয় ৰজাৰ শিৰস্ত্ৰাণ পোৱাৰ কাহিনীও কোৱা হৈছিল। তেনেহ'লে কি গ্ৰীছ বা অন্য দেশৰ সাধুৰ দৰে আমাৰ দেশতো প্ৰচলিত এনে ধৰণৰ কল্প কাহিনীবোৰেই হৈছে ভাৰতীয় বিজ্ঞানৰ ঐতিহ্য? পৃথিবীত বিজ্ঞানৰ বিকাশৰ ঐতিহ্য আৰু যুক্তি বিজ্ঞানে কিন্তু সেইয়া নকয়।

ভাৰতবৰ্ষৰ অন্যতম শ্ৰেষ্ঠ প্ৰাচ্যবিদ ড: সুনীত কুমাৰ চট্টোপাধ্যায়ৰ মতে ৰামায়ণ কোনো বিশেষ যুগৰ ইতিবৃত্তি নহয়, ই সম্পূৰ্ণ কাল্পনিক। তেওঁৰ গৱেষণামূলক লিখনিত পোৱা যায় যে অযোধ্যাৰ সিংহাসন দখলৰ ষড়যন্ত্ৰ, ৰামৰ বনবাস আৰু বালিৰ পৰা আৰম্ভ কৰি কিষ্কিন্ধ্যাপতিৰ লগত ৰাৱনৰ বিৰোধ - পৃথক পৃথক কাহিনী হিচাবে প্ৰচলিত আছিল। মহাকবি বাল্মিকীৰ কৃতিত্ব হ'ল সীতাহৰণৰ কাহিনীক অৱলম্বন কৰি এই গল্পবোৰ সংযুক্ত কৰি এটা অখণ্ড অতি জনপ্ৰিয় কাহিনী হিচাবে থিয় কৰাতো।  ড: সুকুমাৰ সেনেও দেখুৱাইছে যে বাল্মিকীৰ ৰামায়ণ ৰচনাৰ আগতে দেশে বিদেশে বহুতো পৰস্পৰ বিৰোধী ৰামকথা প্ৰচলিত আছিল। এই ৰামকথাবোৰৰ মাজত বৌদ্ধ সাহিত্য 'জাতকৰ কাহিনী'ত পোৱা তিনিটা গল্প, জৈন সাহিত্যৰ এটা গল্প আৰু ইৰানৰ ভাষাত ৰচিত এটা গল্প উল্লেখযোগ্য।(ৰামকথাৰ প্ৰাক্ ইতিহাস) পিচে বৰ্ত্তমান শিক্ষাই-দীক্ষাই খাম-খুমীয়া কিছুমান প্ৰাপ্তবয়স্ক মানুহৰ দ্বাৰা ভাৰতবৰ্ষত যিবোৰ শিশুমতীয়া জাতক কাহিনী বা সাধুক সত্য হিচাবে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা হৈছে, সি আমাৰ দৰে যুক্তিবাদী আৰু বিজ্ঞান মনস্ক মানুহক আমোদৰ খোৰাক যোগোৱাৰ উপৰিও ইয়াৰ উদ্দেশ্য সম্পৰ্কে চিন্তাম্বিত কৰি তুলিছে।

প্ৰাচীন ভাৰতত জ্ঞান-বিজ্ঞানৰ যি চৰ্চ্চা হৈছিল, সেইবোৰ কোনো অতিপ্ৰাকৃতিক, অবাস্তৱ, দৈবিক বা পৃথিবীৰ অন্য অংশৰ পৰা কোনো বিচ্ছিন্ন বিষয় নাছিল। পৃথিবীৰ মানৱজাতিৰ এক অংশ হিচাবেই ভাৰতীয়সকলে প্ৰকৃতিৰ শক্তিক জনাৰ প্ৰচেষ্টাৰে বিজ্ঞান চৰ্চা কৰিছে। সেই যুগৰ বিচাৰত অত্যন্ত উন্নত মানৰ বিজ্ঞান চৰ্চা ভাৰতত হ'লেও ইতিহাসে দেখুৱাইছে এটা সময়ত সেই বিজ্ঞান চৰ্চা বিস্মৃতিৰ গৰ্ভত লোপ পালে। কিয় এনে হ'ল? আচাৰ্য্য প্ৰফুল্ল চন্দ্ৰ ৰায়ে তেওঁৰ 'হিষ্ট্ৰি অফ হিন্দু কেমেষ্ট্ৰি'ত ইয়াৰ তিনিটা মূল কাৰণৰ কথা উল্লেখ কৰিছে। তেওঁৰ মতে হিন্দুৰ জাতিভেদ প্ৰথা, মনুসংহিতা আৰু তাৰ পৰবৰ্ত্তি পুৰাণবোৰত আচাৰ-ব্যৱহাৰ-ৰীতি-নীতিক ধৰ্ম্মীয় নীতি-নিৰ্দ্দেশনাৰে কঠোৰভাবে বান্ধি দিয়া আৰু বেদান্ত, বিশেষকৈ শঙ্কৰাচাৰ্য্যৰ মায়াবাদৰ দৰে ভাৱবাদী দৰ্শনবোৰৰ প্ৰভাৱেই ইয়াৰ বাবে দায়ী। প্ৰফুল্ল চন্দ্ৰ ৰায়ে গভীৰ দুখৰে কৈছে যে -'প্ৰকৃতিজগতৰ ঘটনাক বুজিবলৈ - কিয় আৰু কেনেকৈ - এই প্ৰশ্ন তোলা, কাৰ্য্য-কাৰনৰ সমন্বয়ক বুজা, এইবিলাক ক্ৰমান্বে মানুহৰ দৃষ্টিৰ পৰা এৰাই গৈ থাকিল। এনেদৰে অতিকল্পনা আৰু অলৌকিক চিন্তাৰ প্ৰতি আকৰ্ষিত হোৱা জাতিৰ মাজত অনুসন্ধিৎসাৰ শক্তি লাহে লাহে শেষহৈ গ'ল, এই পথেৰেই এদিন পৰীক্ষা-নিৰীক্ষা আৰু যুক্তিৰ ভিত্তিত বিজ্ঞান চৰ্চ্চাক ভাৰতে বিদায় জনালে। এজন বয়ল, এজন ডেকাৰ্ট বা এজন নিউটনৰ জন্ম দিয়াটো এই মাটিৰ পক্ষে নৈতিকভাৱে অযোগ্য প্ৰতিপন্ন হৈ পৰিল আৰু ভাৰতৰ নামটো পৰ্যন্ত বিজ্ঞান জগতৰ মানচিত্ৰৰ পৰা মোচ খাই গ'ল।'(হিষ্ট্ৰি অফ হিন্দু কেমিষ্ট্ৰ)

আজি বিজেপি-সংঘ পৰিয়ালে এই অন্ধতাকেই ভাৰতীয়ত্ব বুলি চলাব খুজিছে, ভাৰতবৰ্ষত যিখিনি বৈজ্ঞানিক চিন্তা-চৰ্চ্চা আজিও টিকি আছে তাকো নোহোৱা কৰি মানুহৰ চিন্তাজগতক চূড়ান্ত যুক্তিহীনতা আৰু স্বৈৰতন্ত্ৰৰ অন্ধকাৰ জগতৰ মাজত নিমৰ্জিত কৰিব খুজিছে। সেয়েহে বাৰে বাৰে বিজ্ঞান কংগ্ৰেছৰ মঞ্চত আৰু তেওঁলোকৰ নানা কিতাপ-পত্ৰৰ জৰিয়তে ঐতিহ্যৰ নামত অন্ধতা আৰু বৈজ্ঞানীক যুক্তিৰ পৰিবৰ্ত্তে বিশ্বাসৰ জিগিৰ তুলিছে, যাতে দেশৰ বেছিভাগ মানুহেই সঠিক বিজ্ঞানসন্মত যুক্তিৰ পৰিবৰ্ত্তে মনেগঢ়া আৰু অন্ধতাৰ ধাৰণাকেই বিজ্ঞান বুলি মানি লয়। ইয়াৰ ফলত দেশৰ অভ্যন্তৰত বিজ্ঞান আৰু যুক্তি চৰ্চ্চাৰ কবৰ খন্দা ইতিমধ্যে আৰম্ভ হৈ গৈছে। লেখকসকলৰ এনেধৰণৰ অবৈজ্ঞানীক, অদ্ভূট, অযুক্তিকৰ কথা শিশু-কিশোৰেই নহয় সহজ-সৰল মানুহৰ মনত অন্ধবিশ্বাস আৰু ধৰ্ম্মান্ধতা সৃষ্টি কৰাৰ বাবে যথেষ্ট। ই মানুহৰ চিন্তা জগতত নানা কুসংস্কাৰ, যুক্তিহীনতা, দৈৱ নিৰ্ভৰতা আদি বৃদ্ধি কৰি দেশত স্বৈৰতন্ত্ৰ প্ৰতিষ্ঠাৰ পথ সুগম কৰিব।

এইবাৰ ১০৩তম বিজ্ঞান কংগ্ৰেছৰ অধিবেশনত পৰিবেশ সংক্ৰান্ত গৱেষণাপত্ৰ পঢ়াৰ বাবে নিৰ্দিষ্ট চেমিনাৰত মধ্য প্ৰদেশৰ ব্যক্তিগত বিশ্ববিদ্যালয় ৰেগুলেটৰি কমিছনৰ সভাপতি অখিলেখ পাণ্ডেই এই কামটোকে কৰিব বিছাৰিছিল। তেওঁৰ গৱেষনাপত্ৰৰ বিষয় আছিল 'শিৱ: বিশিষ্ট পৰিবেশবিদ'। সেই গৱেষণা পত্ৰৰ জৰিয়তে শিৱৰ জটাৰ পৰা গংগাৰ উৎপত্তি হোৱাৰ কিংবদন্তি, শিৱৰ বাঘৰ চালৰ আসন, ৰুদ্ৰাক্ষৰ মালা আদি পৰিবেশ সংৰক্ষণৰ উপযোগী আছিল বুলি প্ৰতিপন্ন কৰিব বিছৰা হৈছিল। এনে ধৰণৰ শিৱ সম্পৰ্কে নানা ধৰণৰ কথা গৱেষণা পত্ৰখনত উল্লেখ কৰিলেও তেওঁ কিন্তু তাৰ কোনো যুক্তিসংগত বা তথ্যভিত্তিক বাখ্যা দিব পৰা নাই। অৱশ্যে শেষ পৰ্য্যন্ত তেওঁ ভৰিৰ বিষৰ অজুহাতত চেমিনাৰত উপস্থিত নথকাত তেওঁৰ তথাকথিত 'গৱেষণাপত্ৰ'ৰ সাৰাংশ কেৱল পঢ়ি শুনোৱা হয়। ফলত তেওঁ সেইদিনা উপস্থিত থকা শ্ৰোতাৰ প্ৰশ্নৰ সন্মুখীন হ'ব লগা নহ'ল। কিন্তু সংঘ পৰিয়ালৰ মতলবটো থিকেই সফল হ'ল। উপস্থিত বিজ্ঞানী আৰু পৰিবেশবিদসকল অত্যন্ত বিৰক্ত হৈ এই ধৰণৰ আজব বিষয়ৰ গৱেষণাপত্ৰ বিজ্ঞান কংগ্ৰেছত কেনেকৈ অন্তৰ্ভূক্ত হ'ল এই প্ৰশ্ন তোলাত পৰিবেশ সংক্ৰান্ত বিভাগৰ চেয়াৰমেন গঙ্গাধৰ মিশ্ৰই নিৰ্বিকাৰ ভাবে উত্তৰ দিয়ে গৱেষণাপত্ৰ নিৰ্বাচন কৰাটো তেওঁৰ সম্পূৰ্ণ ব্যক্তিগত অধিকাৰ, গতিকে তাৰ তেওঁ কোনো বাখ্যা দিবলৈ বাধ্য নহয়। ৰাজীৱ শৰ্ম্মা নামৰ এজন আমোলাই এনথ্ৰোপল'জিকেল আৰু বিহেভিয়েৰিয়েল বিজ্ঞান বিভাগৰ চিম্প'জিয়ামৰ মঞ্চত উঠি শংখ বজাবলৈ আৰম্ভ কৰে। তেওঁৰ দাবী শংখ বজালে পকা চুলি ক'লা হয় আৰু অসংখ্য ৰোগ ভাল হয়। তেওঁ বোলে বহুতকে এই পদ্ধতি প্ৰয়োগ কৰি ভাল কৰিছে। ভাৰতৰ নিচিনা এখন দেশত য'ত পদে পদে অন্ধবিশ্বাস বিয়পি আছে তাত এনে ধৰণৰ দাবী কৰা মানুহৰ সংখ্যা কম নহয়। তেনেহ'লে কি এই সকলোবোৰ আহি বিজ্ঞান কংগ্ৰেছৰ মঞ্চত উপস্থিত হ'ব?

সত্যক তুলি ধৰা আৰু কুসংস্কাৰ-অসত্য-অৰ্ধসত্য-মনেগঢ়া ধাৰণাৰ বিৰুদ্ধে যুঁজৰ সুদীৰ্ঘ ঐতিহ্য লৈয়েই বিজ্ঞান আগবাঢ়ি গৈছে। ধৰ্মীয় অন্ধবিশ্বাসৰ বিৰুদ্ধে যুদ্ধ কৰি বিজ্ঞান আগুৱাইছে। বিজ্ঞানক কিংবদন্তী, ধৰ্ম্মীয় ঐতিহ্য বা ধৰ্ম্মবিশ্বাসৰ লগত মিহলোৱা নচলে। কোনো মানুহৰ ব্যক্তিগত বিশ্বাস, আনকি কোনো বিজ্ঞানীৰ ব্যক্তিগত বিশ্বাসো বিজ্ঞান নহয়। বিজ্ঞান হ'ল সুনিৰ্দিষ্ট যুক্তিধাৰাত পৰীক্ষা-নিৰীক্ষাৰ দ্বাৰা প্ৰমাণিত জ্ঞান। গৱেষণা কৰা মানে, মনেগঢ়া কিছু ধাৰণাৰ ভিত্তিত বিজ্ঞানৰ পৰিভাষা ব্যৱহাৰ কৰি এখন গুৰুগম্ভীৰ পেপাৰ লিখি পেলোৱাটো নহয়। গৱেষণাৰ বিজ্ঞানসন্মত ৰীতিনীতি আছে। তাৰ বাহিৰে যিকোনো অভিজ্ঞতা আৰু মতামত বৈজ্ঞানীক গৱেষণা হিচাবে গণ্য নহয়। তেনেহ'লে এই সকলো অবাস্তৱ দাবী সম্বলিত তথাকথিত গৱেষণাপত্ৰ বিজ্ঞান কংগ্ৰেছত পঢ়িব দিয়া হৈছে কিয়? কৰ্তৃপক্ষই কৈছে, তেওঁলোকে বিজ্ঞানক জনপ্ৰিয় কৰিবলৈ এনেধৰণৰ কাম কৰিছে। কিন্তু যদি সেই উদ্দেশ্য বুলি মানিয়ো লোৱা হয় তেনেহ'লো সেই পেপাৰবোৰো বিজ্ঞান হ'ব লাগিব। এনেয়ে ভাৰতত অন্ধবিশ্বাস, কুসংস্কাৰ, বেজালি, ডাইনিবিদ্যা, আনকি উচ্চ শিক্ষিত মানুহ, বিজ্ঞানীয়েও তাবিজ, মাদুলি, পাথৰ আদি পৰিধান কৰাৰ দৰে নানা অবৈজ্ঞানিক আচাৰ-আচৰণ সমাজত বহুল ভাবে বিয়পি আছে। তাৰ ওপৰতে বিজ্ঞানৰ নামত এই ধৰণৰ কাৰু-কাৰ্য্য চলিলে সাধাৰণ মানুহৰ মাজত এইবোৰ আৰু বাঢ়িব।

বিজেপি ক্ষমতাত বহাৰ পাছৰ পৰা ভাৰতীয় স্বাভিমানৰ নামত শিক্ষাৰ ক্ষেত্ৰক তেওঁলোকৰ হিন্দুত্ববাদী ৰাজনীতিৰ এজেণ্ডা অনুসৰি গঢ় দিবলৈ ককালত টঙালি বান্ধি লৈছে। মানুহৰ মাজত ধৰ্মীয় সম্প্ৰদায়গত বিভেদ সৃষ্টিৰ অন্যতম হাতিয়াৰ হিচাবেই তেওঁলোকে উগ্ৰ হিন্দুত্বৰ ঢ়ৌ সৃষ্টি কৰিব বিছাৰিছে। পিচে ই অকল ভোটবেঙ্কৰ নিৰ্ব্বাচন জিকাৰ ৰাজনীতিৰ কৌশল বুলি ভাবিলে ভূল হ'ব। এই সৰ্বনাশী যড়যন্ত্ৰ লক্ষ্য বহু দূৰ বিস্তৃত। বিজেপিৰ ধৰ্ম্মীয় পুনৰোত্থানৰ লক্ষ্য হৈছে আমি ধৰ্ম্ম-কৰ্ম্মত মতি হৈ 'সকলো ঈশ্বৰৰ বিধান', 'আপোন ভালেই জগত ভাল' বুলি সকলো ধৰণৰ অন্যায়-অত্যাচাৰ স্বাভাৱিক বুলি মানি লৈ তাক মূৰ পাতি চলি যাম আৰু সমগ্ৰ বিশ্বৰ শোষক পুঁজিপতি-ক'ৰ্প'ৰেটবোৰে আমাক লুটিপুটি খাব। ইয়াৰ জৰিয়তে পুঁজিপতি-বহুজাতিক কৰ্প'ৰেটসন্থা-ক'লাবেপাৰী শ্ৰেণীৰ শোষণৰ বিৰুদ্ধে মানুহৰ প্ৰতিবাদী সত্তাটোক ধ্বংস কৰিবলৈ মানুহক প্ৰকৃত 'মানুহ' হিচাবে গঢ়ি উঠাৰ প্ৰক্ৰিয়াটোকে নোহোৱা কৰি এক ধৰ্ম্মান্ধতাৰ বাতাৰৰণ সৃষ্টিৰে দেশত এসময়ৰ জাৰ্মাণিৰ দৰে স্বৈৰতন্ত্ৰ বা ফেচীবাদী সমাজ ব্যৱস্থা আনিবলৈ বিছৰা হৈছে। জাৰ্মাণ ফেচীবাদৰ হোতা হিটলাৰৰ মতে -'কোনো প্ৰশ্ন নকৰিবা। এক আৰু সৰ্বোচ্চ কতৃত্বক মানি লোৱা।' আজি জেএনইউকে ধৰি বিভিন্ন ঠাইত বিজেপিৰ এই কুটিল চক্ৰান্তৰ বিৰুদ্ধে প্ৰগতিশীল যুব প্ৰজন্মৰ প্ৰতিবাদী কন্ঠক চেপি ৰাখিবলৈ চৰকাৰৰ দ্বাৰা যি চেষ্টা কৰা হৈছে সি দেশত ফেচিবাদ অহাৰ পূৰ্বাভাষ। যি জাৰ্মাণ ফেচীবাদ আৰু ইয়াৰ নায়ক হিটলাৰক ৰঁমাৰোলা, আইনষ্টাইন, বাৰ্ট্ৰাণ্ড ৰাছেল, ববীন্দ্ৰনাথ ঠাকুৰৰ দৰে মহান লোকসকলে তীব্ৰ ধিক্কাৰ দিছে, সেই হিটলাৰৰ 'আৰ্য্য তেজ বিশুদ্ধ তেজ', 'আৰ্য্য সংস্কৃতি বিশুদ্ধ সংস্কৃতি'ৰ তত্বক গ্ৰহণ কৰি বিজেপি-সংঘ পৰিয়ালে তেওঁলোকৰ 'গুৰু' হিচাবে মানি আগবাঢ়িছে। অথচ সমগ্ৰ বিশ্ব আনকি হিটলাৰৰ নিজৰ দেশ জাৰ্মাণীৰ গৰিষ্ঠসংখ্যকলোকেই আজি তেওঁৰ 'আৰ্য্য তত্ব' প্ৰত্যাখান কৰাৰ ওপৰিও তাৰ আলমত কঢ়িয়াই অনা ফেচীবাদক প্ৰচণ্ড ভাবে ঘৃণা কৰে। ৰঁমা ৰোঁলাই কৈছিল -'ফেচীবাদৰ মুখা এটি নহয় দুটি।...ইয়াৰ দেহত থাকে কেতিয়াবা সামৰিক বেশ.....আৰু কেতিয়াবা ধৰ্ম্মযাজকৰ পোচাক।' আৰু সাহিত্যিক প্ৰেমচন্দৰ ভাষাত -'ফেচীবাদ সদায় আহে সংস্কৃতিৰ মুখা পিন্ধি।' দাৰ্শনিক বাৰ্ট্ৰাণ্ড ৰাছেলৰ মতে -'ফেচীবাদ প্ৰথমে এজন দাৰ্শনিকৰ হাতত ধৰি আহে। তাৰ পাছত আৱেগ উন্মত্ত জনতাই ফেচীবাদক কান্ধত বহুৱায়। সৰ্বশেষত ফেচীবাদে ঘাটকৰূপে জোঁট বান্ধে।'  আজি আমি গেৰুৱা দলৰ এই হিন্দুধৰ্ম্ম আৰু আৰ্য্য সংস্কৃতি প্ৰেমৰ মুখাৰ আৰৰ কুটিল চক্ৰান্তক বুজিব লাগিব আৰু ইয়াৰ বিৰুদ্ধে সমগ্ৰ দেশজুৰি সচেতন মানুহৰ তীব্ৰ মতাদৰ্শগত গণতান্ত্ৰিক সংগ্ৰাম, সোচ্চাৰ প্ৰতিবাদ আৰু প্ৰতিৰোধৰ বাবে আগবাঢ়ি আহিব লাগিব। ইয়াৰ লগতে বিভিন্ন ধৰ্ম্ম-ভাষা-সংস্কৃতিৰ মিলন থলি এইখন 'বৈচিত্ৰ্ৰৰ মাজত ঐক্য থকা' ভাৰতবৰ্ষত হিন্দু, মুছলমান,খ্ৰিষ্টিয়ান আদি সকলো ধৰ্ম্মালম্বীলোকৰ জীৱন ধাৰণৰ প্ৰক্ৰিয়া, আচাৰ, অনুস্থান, উৎসৱত সকলো সম্প্ৰদায় মানুহৰ মাজত ঘনিষ্ঠ নিবিড় সাংস্কৃতিক-সামাজিক যোগসূত্ৰ আমি গঢ়ি তুলিব লাগিব। লগতে হিন্দু-মুছলমান, সংখ্যাগুৰু-সংখ্যালঘু নিৰ্বিশেষে জনজীৱনৰ পৰা সকলোপ্ৰকাৰৰ ধৰ্ম্মীয় উগ্ৰতাক বিচ্ছিন্ন কৰিব লাগিব। এই কঠিন দায়িত্ব পালন কৰিব পাৰিলেহে আমি আহিব ধৰা বীভৎস পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সক্ষম হ'ম। আজি ভাৰতবৰ্ষত শোষণমূলক সমাজ ব্যৱস্থা বৰ্ত্তাই ৰখাৰ স্বাৰ্থত ভাৰতীয়ত্ব আৰু হিন্দু ধৰ্ম্মৰ নামত ফেচিবাদী সমাজ প্ৰতিষ্ঠা কৰিব বিছৰা হিন্দুত্ববাদৰ প্ৰবক্তাসকলেও মনত ৰখা ভাল যে পৃথিবীত এতিয়ালৈকে কোনো দেশতে ফেচীবাদী ৰাজনীতি দীৰ্ঘদিনৰ বাবে সফল হোৱাৰ নজিৰ নাই। ইতিহাস বৰ নিষ্ঠুৰ। যিদিনা জনগণৰ সন্মুখত প্ৰকৃত সত্য উন্মুচিত হ'ব সেইদিনা জণগণে তেওঁলোকক ইতিহাসৰ কাঠগৰাত ঠিয় কৰায়েই ক্ষান্ত নাথাকে, হিটলাৰ-মুছলিনী আৰু অন্য ফেচীষ্টবোৰক জাবৰৰ দমলৈ দলিয়াই দিয়াৰ দৰে তেওঁলোককো ইতিহাসৰ জাবৰৰ দমলৈ দলিয়াই দিব।  
লেখক সমাজ-ৰাজনৈতিক বিশ্লেষক আৰু আমেৰিকান ডেন্টেল ক্লিনিকৰ সঞ্চালক। 
ফোন: ৯৪৩৫৭০৪০৯০

5 comments:

  1. ধন্যবাদ

    ReplyDelete
  2. ভয়ত কম্পমান বাওঁপণ্ঠি । সেয়ে এনেকুৱা আবুল তাবোল

    ReplyDelete