Friday, January 6, 2017

চিন্তন

ডিজিটেল মাধ্যমৰ আগ্ৰাসন 
আৰু ছপা কিতাপৰ ভৱিষ্যত
দীপাংকৰ মল্ল বৰুৱা
আমাৰ চহৰখনত এটা ৰাজহুৱা পুথিভঁৰাল আছে। চহৰখনৰ ৰাইজৰ এটা বহুদিনীয়া দাবী পূৰণৰ বাবে এই পুথিভঁৰালটো নিৰ্মাণ কৰা হৈছিল। পুথিভঁৰালটোত বহুতো লাগতিয়াল আৰু দুষ্প্ৰাপ্য পুথি আছে। অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাৰে বহুতো পুথি ইয়াত আছে। পুথিভঁৰালটো স্থাপন কৰাৰ সময়ত আশা কৰা হৈছিল যে, চহৰখনৰ মানুহৰ বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত পুথিভঁৰালটোৱে এক বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিব।

এটা পুথিভঁৰাল চলি থাকিবলৈ হ’লে প্ৰথম চৰ্ত হ’ল তালৈ মানুহৰ আহ যাহ হ’বই লাগিব। মানুহে পুথিভঁৰালৰ কিতাপ পঢ়িব লাগিব, পুথিঁৰালটোক কেন্দ্ৰ কৰি এটা অধ্যয়নৰ পৰিৱেশ ৰচিত হ’ব লাগিব। কিন্তু অতি পৰিতাপৰ কথা যে আমাৰ চহৰখনত এটা সুদৃশ্য গৃহত স্থাপন কৰা পুথিভঁৰালটোলৈ কোনো মানুহ নাযায় বুলিবই পাৰি। মই নিজেও এই ক্ষেত্ৰত দোষী। কেৱল লাইব্ৰেৰিয়ান জন হামিয়াই হিকতিয়াই বহি থকা পুথিভঁৰালটোত প্ৰায়ে বিৰাজ কৰি থাকে মৰিশালি সদৃশ নিৰ্জনতা। পুথিভঁৰালটোৰ সংলগ্ন প্ৰেক্ষাগৃহটোত কেতিয়াবা কিবা অনুষ্ঠান পৰা হ’লেহে মানুহৰ কিছু সমাগম হয়।
যোৱা বছৰৰ পৰা মই পুথিভঁৰাল পৰিচালনা সমিতিৰ লগত জড়িত হৈ আছোঁ। সমিতিৰ প্ৰায় প্ৰতিখন সভাতে আলোচনাৰ মুখ্য বিষয় হয়গৈ – পুথিভঁৰালটোলৈ মানুহ কেনেকৈ আনিব পাৰি। বিভিন্ন বয়সৰ পঢ়ুৱৈৰ বাবে উপযোগী কিতাপেৰে ঠাহ খাই থকা পুথিভঁৰালটোৰ প্ৰতি সাধাৰণ মানুহৰ নিৰ্লিপ্ততাই হয়তো পুথি অধ্যয়নৰ প্ৰতি বৰ্ধিত হেমাহিকে প্ৰদৰ্শন কৰিছে।

এইখিনিতে প্ৰশ্ন উত্থাপিত হয় – মানুহে আজিকালি কিতাপ নপঢ়াই হ’ল নেকি? কিতাপৰ প্ৰতি মানুহৰ স্বাভাৱিক আকৰ্ষণ অভাৱনীয় ভাৱে হ্ৰাস পাইছে নেকি? নৱ প্ৰজন্মই কিতাপৰ মূল্য নুবুজা হৈছে নেকি?

অলপতে আমাৰ চহৰৰ এজন উদীয়মান গ্ৰন্থ ব্যৱসায়ীৰ লগত এই ব্যৱসায়ৰ বৰ্তমান অৱস্থাৰ বিষয়ে আলোচনা কৰিছিলোঁ। তেওঁৰ দোকানখনত থকা বহুত কিতাপ বহুদিন বিক্ৰী নোহোৱাকৈ পৰি আছে। সেই কিতাপখিনি তেওঁ ৰেহাই মূল্যত চহৰখনৰ ৰাজহুৱা পুথিভঁৰালটোত দিব বিচাৰে। তেওঁক বুজালো, যিসময়ত ৰাজহুৱা পুথিভঁৰালত থকা কিতাপখিনি পঢ়িবলৈয়েই মানুহ নাই, সেই সময়ত পুথিভঁৰালটোত অধিক কিতাপ জমা কৰি ৰখাৰ যুক্তি আছেনে?

গ্ৰন্থ ব্যৱসায়ী জনৰ পৰাই গম পালোঁ কিতাপৰ বিক্ৰী হেনো যোৱা কেইটামান বছৰত লেখত লবলগীয়া ভাৱে কমি আহিছে। বিশেষকৈ অসমীয়া কিতাপৰ পাঠকৰ সংখ্যা হেনো লক্ষণীয় ভাৱে হ্ৰাস পাইছে। উঠি অহা ল’ৰা ছোৱালীৰ মাজত অসমীয়া কিতাপ পঢ়াৰ প্ৰৱণতা প্ৰায়েই দেখিবলৈ পোৱা নাযায়। অসমত অসমীয়া কিতাপৰ পাঠক হ্ৰাস হোৱাটো নিশ্চয়কৈ শুভলক্ষণ নহয়। অসমতে যদি অসমীয়া কিতাপৰ বিক্ৰী নহয়, আৰু ক’ত হ’ব? কিন্তু অসমীয়া কিতাপৰ পাঠকৰ সংখ্যা কমি অহাৰ কাৰণটো ফঁহিয়াই চোৱাটো প্ৰয়োজনীয়।

শীতৰ আগমণৰ লগে লগে অসমত গ্ৰন্থমেলাবোৰ আৰম্ভ হয়। গ্ৰন্থমেলাবোৰত মানুহৰ ভিৰ দেখিলে বৰ ভাল লাগে। কিতাপ পঢ়াৰ প্ৰতি মানুহৰ আকৰ্ষণ এতিয়াও শেষ হৈ যোৱা নাই বুলি গম পোৱা যায়। গ্ৰন্থমেলাৰ বিভিন্ন বিপনীত বাৰে ৰহনীয়া কিতাপবোৰ দেখিলে এনে লাগে, ইমান কিতাপ ওলাই আছে যেতিয়া কিতাপৰ পঢ়ুৱৈ নিশ্চয় আছে। কিন্তু যোৱা বছৰ গ্ৰন্থমেলাৰ বিপনীত থকা এজন বিক্ৰেতাৰ পৰা জানিব পাৰিছিলোঁ, আটাইতকৈ বেছি বিক্ৰী হোৱা কিতাপবোৰ হ’ল – সৰু ল’ৰা ছোৱালীৰ বাবে থকা আকৰ্ষণীয় ইংৰাজী কিতাপ, ৰন্ধন প্ৰণালী, ৰাশিফল, নাম প্ৰসংগ আদি জাতীয় অসমীয়া কিতাপবোৰ। তাৰ মাজতে অৱশ্যে কিছুমান কিতাপে আলোড়নৰ সৃষ্টি কৰে। যোৱা বছৰ নতুন লেখক প্ৰতিভূ দত্তৰ ‘ভূ-ভাৰস্ত’ই বিক্ৰীৰ অভিলেখ স্থাপন কৰিছিল। এইবাৰৰ গ্ৰন্থমেলাবোৰতো কেইখনমান নতুন লেখকৰ গ্ৰন্থই সমাদৰ পাইছে। তাৰ ভিতৰত দিগন্ত ভট্টাচাৰ্য, দেবাংগ পল্লৱ শইকীয়া আৰু জ্যোতিৰূপম দত্তৰ ‘অনুভৱৰ আলাপ’ আৰু অভিজিত কলিতাৰ ‘বেলি আৰু ফুলৰ দেশত’ উল্লেখযোগ্য। যশস্বী লেখকৰ উপৰিও নতুন লেখকৰ কিতাপো পঢ়ুৱৈয়ে আদৰি লোৱাটো অসমীয়া সাহিত্য জগতৰ বাবে নিশ্চয় সুখবৰ।

মন কৰিবলগীয়াযে, আজিৰ সময়ত অসমীয়া পাঠকৰ সংখ্যা কমি আহিছে যদিও অসমীয়া কিতাপৰ লেখকৰ সংখ্যা চকুত লগাকৈ বাঢ়িছে। ভিন ভিন বিষয়ত বহুতো আকৰ্ষণীয় অসমীয়া কিতাপ ছপা হৈ ওলাইছে। শুনিবলৈ পোৱা মতে বহুতো নতুন লেখকৰ কিতাপ প্ৰকাশ কৰাটো এটা চখত পৰিণত হৈছে। পাঁচখন কিতাপ প্ৰকাশ কৰি সাহিত্যিক পেঞ্চনৰ দাবীদাৰ হ’বলৈও বহুতো লেখকে নিজাববীয়া প্ৰচেষ্টাৰে হ’লেও কিতাপ প্ৰকাশ কৰিছে। কিন্তু সেই হিচাপে কিতাপৰ বিক্ৰী হেনো সন্তোষজনক নহয়। অৰ্থাৎ কিতাপৰ আধিক্যয়ো অধিক পাঠক সৃষ্টি কৰিবলৈ সমৰ্থ হোৱা নাই। বহুতো ভাল ভাল কিতাপ পাঠকৰ চকুত নপৰাকৈ থাকি গৈছে। বহু পৰিশ্ৰম কৰি লিখি নিজৰ গাঁঠিৰ ধন ভাঙি ছপা কৰি উলিওৱা নতুন লেখকৰ বহুতো কিতাপ বিক্ৰীৰ অভাৱত পণ্ডশ্ৰম হয়। কিছু সচেতন লোকে এই বুলিও মন্তব্য কৰা শুনিছোঁ যে, অসমত এতিয়া পাঠকতকৈ লেখকৰ সংখ্যা বেছি হৈছে। অসমীয়া ভাষাত নতুন লেখকৰ আবিৰ্ভাৱ হোৱাটো নিশ্চয়কৈ ভাষাটোৰ বাবেই এটা শুভলক্ষণ। লেখকৰ আধিক্যৰ বাবে হয়তো পাঠকৰ প্ৰয়োজনীয়তাতকৈ অধিক পৰিমাণৰ কিতাপ বজাৰলৈ আহিছে। চাহিদাতকৈ যোগান বেছি হোৱা বাবে কিতাপৰ বিক্ৰী আশানুৰূপ হোৱা নাই।

কেইদিনমান আগতে চাকৰি সূত্ৰে অসম সাহিত্য সভাৰ অনুদান প্ৰকল্পৰ শুভাৰম্ভ অনুস্থানটোত উপস্থিত থকাৰ সৌভাগ্য হৈছিল। অসম সাহিত্য সভাই শতবাৰ্ষিকী উদযাপনৰ লগত ৰজিতা খুৱাই বিশ্বৰ এশখন প্ৰসিদ্ধ গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰি ছপা কৰি উলিওৱাৰ এক অভিলাষী প্ৰকল্প আৰম্ভ কৰিছে। এই প্ৰকল্পৰ জৰিয়তে ভৱিষ্যতেও ভাল ভাল কিতাপ অনুবাদ কৰি অসমীয়া সাহিত্যক সমৃদ্ধ কৰাৰ পৰিকল্পনা লোৱা হৈছে। অইল ইণ্ডিয়াৰ তৰফৰ পৰা সামাজিক দ্বায়বদ্ধতা শিতানত এই অনুবাদ প্ৰকল্পলৈ ৫০ লাখ টকাৰ বৰঙণি আগবঢ়োৱা হৈছে। অইলৰ অধ্যক্ষই অসম সাহিত্য সভাৰ সভাপতিৰ হাতত প্ৰথম কিস্তিৰ ধন অৰ্পন কৰা অনুস্থানটোত মই উপস্থিত আছিলোঁ। সেই সভাত অসম সাহিত্য সভাৰ সভাপতি ডা° ধ্ৰুৱজ্যোতি বৰাই অসমীয়া ভাষাত নতুন নতুন আংগিকৰ গ্ৰন্থ ৰচনাৰ প্ৰয়োজনীয়তাৰ বিষয়ে কৈছিল। তেওঁ নিজেই অসমৰ তৈল উদ্যোগক সমল হিচাপে লৈ এখন নতুন উপন্যাস লিখাৰ পৰিকল্পনাৰ কথা সদৰি কৰিছিল। বিভিন্ন বিষয়ৰ সাহিত্য সৃষ্টিৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰিবলৈ সাহিত্য সভাৰ সভাপতি গৰাকীয়ে সকলোলৈ আহ্বান জনাইছিল। বিশ্বৰ বাচকবনিয়া গ্ৰন্থ সমূহৰ অসমীয়া অনুবাদে নিশ্চয়কৈ অসমীয়া সাহিত্য সমৃদ্ধ কৰিব। কিন্তু এইখিনিতে প্ৰশ্ন হয়, গ্ৰন্থ প্ৰকাশেৰে কেৱল সাহিত্যৰ ভঁৰাল সমৃদ্ধ হ’লেই হ’বনে? সেই সাহিত্যৰ ৰস সেৱন কৰিবলৈ সেই অনুপাতে পাঠকৰ সৃষ্টি নহ’লে এই প্ৰচেষ্টাও অথলে যোৱাৰ সম্ভাৱনা আছে। অসম সাহিত্য সভাই গ্ৰন্থ সৃষ্টিৰ উদ্যমৰ লগতে নতুন পাঠক সৃষ্টিৰ বাবেও প্ৰচেষ্টা হাতত লোৱাৰ দিন আহি পৰিছে। এই ক্ষেত্ৰত সাম্প্ৰতিক সময়ত অসম সাহিত্য সভাৰ নিশ্চয়কৈ এক গুৰু দ্বায়িত্ব আছে।

এই কথা সত্য যে, আধুনিক জীৱন শৈলীত মানুহৰ কিতাপ পঢ়াৰ সময় আশাতীত ভাৱে কমি গৈছে। সেয়েহে কেৱল অসমীয়া কিতাপৰ ক্ষেত্ৰতে নহয়, সকলো কিতাপৰে বিক্ৰী হ্ৰাস পাইছে। কিতাপ পঢ়া মানুহৰ অভাৱে দেশ বিদেশৰ বহুতো ডাঙৰ ডাঙৰ পুথিভঁৰালত হাহাকাৰৰ সৃষ্টি কৰিছে। পাঠকৰ অভাৱত বহুতো পুথিভঁৰাল বন্ধ কৰি দিবলগীয়া হৈছে। আজিৰ সময়ত উচ্চ মধ্যবিত্ত শ্ৰেণীয়ে কিতাপ পঢ়াতকৈ মানুহে টেলিভিচন আৰু ইণ্টাৰনেটক মনোৰঞ্জন আৰু জ্ঞান অৰ্জনৰ আহিলা কৰি হিচাপে গ্ৰহণ কৰিছে। মনোৰঞ্জন আৰু জ্ঞান বুটাম টিপিলেই পোৱাৰ ব্যৱস্থা হোৱাৰ পৰা ছপা আখৰৰ কিতাপৰ প্ৰতি মানুহৰ ধাউতি কমিছে। আগতে মানুহে সযতনে ঘৰত সংৰক্ষণ কৰি ৰখা অভিধান এখনো মোবাইল ফোনতে পাব পৰা হোৱাৰ পিছত ছপা কিতাপৰ প্ৰয়োজন বহু পৰিমাণে কমি গৈছে। আজিৰ সময়ত বিশ্বৰ বহুতো গ্ৰন্থ ডিজিটেল ৰূপত কম্পিউটাৰ আৰু মোবাইলত পঢ়িব পৰা হোৱাৰ পৰা বহুতো মানুহে ছপা কিতাপ পঢ়াৰ সলনি ইলেক্ট্ৰনিক মাধ্যম যোগে পঢ়িবলৈ লৈছে। ই- লাইব্ৰেৰী ব্যৱস্থাৰ দ্বাৰা বিশ্বৰ বিভিন্ন ঠাইৰ উত্কৃষ্ট গ্ৰন্থ সমূহ কম খৰছতে কম্পিউটাৰ যোগে পঢ়াৰ সুবিধা হৈছে। কিতাপ পঢ়িব পৰা নানান ডিজিটেল সঁজুলি বজাৰলৈ আহিছে, যিবোৰৰ যোগেদি বজাৰৰ দামতকৈ বহুত কম খৰছতে মনে বিচৰা কিতাপ পঢ়িব পাৰি। এই কথা ষ্পষ্ট হৈ পৰিছে যে, অনাগত দিনত নতুন প্ৰজন্মই হয়তো ছপা কিতাপতকৈ ডিজিটেল মাধ্যমত অধিক পঢ়াশুনা কৰিব। আজিৰ পৰিস্থিতিত ছপা কিতাপতকৈ অসমীয়া কিতাপৰ ডিজিটেল পুথিভঁৰাল গঢ় দি উলিওৱাটো অধিক আৱশ্যকীয় হৈ পৰিছে। অসম সাহিত্য সভাই বছা বছা অসমীয়া কিতাপৰ ডিজিটেল ৰূপ দিয়াৰ বাবে চিন্তা চৰ্চা কৰা উচিত। অনাগত দিনত ছপা কিতাপতকৈ ডিজিটেল মাধ্যমত অধিক পাঠকৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে।

এনে পৰিস্থিতিত অসমীয়া কিতাপৰ চাহিদা কম হোৱাটো একো আচৰিত নহয়। কিন্তু এই কথাও সত্যযে অসমত এতিয়াও সৰ্ব সাধাৰণ মানুহে কিতাপ পঢ়িবলৈ ডিজিটেল মাধ্যমলৈ ঢাপলি মেলা নাই। তথাপিও অসমীয়া কিতাপৰ চাহিদা কিয় কমিছে সেই কথাটোৰ এক বস্তুনিষ্ঠ অধ্যয়ন আৰু আলোচনা হোৱা উচিত। এটা কথা ঠিক যে, অসমত গাঁৱে ভূঞে, চহৰে নগৰে শিক্ষাৰ মাধ্যম লাহে লাহে ইংৰাজী হৈ পৰিছে। অসমৰ চৰকাৰী বিদ্যালয় সমূহৰ দুৰৱস্থাৰ বাবে এতিয়া ৰাজ্যখনৰ চুকে কোণে স্থাপন হোৱা ব্যক্তিগত খণ্ডৰ ইংৰাজী বিদ্যালয় সমূহলৈ ছাত্ৰ ছাত্ৰীয়ে ঢাপলি মেলিছে। শুনিবলৈ বেয়া হ’লেও, যিসকল বিভিন্ন কাৰণত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নাম ভৰ্তি কৰিবলৈ অসমৰ্থ বা যিসকলৰ ওচৰে পাজৰে এতিয়াও ব্যক্তিগত খণ্ডৰ সুবিধাজনক বিদ্যালয় স্থাপন হোৱা নাই, তেওঁলোকৰ ল’ৰা ছোৱালীয়েহে চৰকাৰী অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়ি আছে। নতুন প্ৰজন্মই অসমীয়া মাধ্যম এৰি ইংৰাজী মাধ্যমলৈ ঢাপলি মেলাৰ লগে লগে অসমীয়া কিতাপ পঢ়া মানুহৰ সংখ্যাযে স্বাভাৱিক ভাৱে হ্ৰাস পাইছে সেই কথা সহজতে বুজিব পাৰি। আৰু কেই বছৰমানৰ পিছত অসমীয়া কিতাপ পঢ়া মানুহ এটা বয়সৰ তলত পাবলৈ নাইকীয়া হ’ব যেন লাগে।

অসমীয়া কিতাপৰ পাঠকৰ সংখ্যা কমি অহাৰ আন এটা কাৰণ হৈছে আজিৰ সময়ত আকৰ্ষণীয়কৈ ছপা হৈ ওলোৱা ইংৰাজীকে ধৰি বিভিন্ন ভাষাৰ কিতাপ সহজতে পাব পৰা হৈছে। বহু ক্ষেত্ৰত অসমীয়া কিতাপে ছপাৰ গুণাগুণ, বেটুপাতৰ ডিজাইন আদিত ইংৰাজী কিতাপৰ লগত ফেৰ মাৰিব নোৱাৰে। তদুপৰি ইংৰাজী লেখকৰ দুষ্প্ৰাপ্য গ্ৰন্থবোৰ সহজলভ্য হোৱাৰ লগে লগে অসমীয়া কিতাপৰ এচাম পাঠক ইংৰাজী কিতাপমুখী হৈছে। অনলাইন যোগে অৰ্ডাৰ কৰি ঘৰতে কিতাপ অনাই ল’ব পৰাৰ সুবিধা থকা বাবে ইংৰাজী আৰু আন ভাষাৰ কিতাপৰ চাহিদা বাঢ়িছে। কিন্তু অসমীয়া কিতাপৰ অনলাইন বজাৰখন এতিয়াও যথেষ্ট সীমিত হৈ আছে। যিসময়ত বিশ্বৰ যিকোনো ঠাইত বাস কৰা মানুহ এজনে অনলাইন বিপনীৰ জৰিয়তে যিকোনো ভাষাৰ কিতাপ এখন ঘৰতে পোৱাৰ সুবিধা হৈছে, সেই সময়ত অসমীয়া কিতাপৰ বজাৰখন কেৱল অসমতে সীমাবব্ধ হৈ আছে।

আন এটা মনকৰিবলগীয়া কথা হ’ল আধুনিক যোগাযোগ মাধ্যম ফেইচবুকে সাহিত্য সৃষ্টি আৰু প্ৰকাশৰ এখন নতুন ক্ষেত্ৰ তৈয়াৰ কৰিছে। ফেইচবুক যোগে অসমীয়া ভাষাত মনৰ ভাৱ প্ৰকাশ কৰাৰ সুবিধা হোৱাৰ পৰা বহুতো মানুহে অসমীয়াত লিখিবলৈ আৰম্ভ কৰিছে। দেশ বিদেশত বাস কৰা বহুতো অসমীয়া মানুহেও ফেইচবুকৰ জৰিয়তে নতুনকৈ সাহিত্য চৰ্চা আৰম্ভ কৰিছে। অসমীয়া ভাষাত নতুন লেখকৰ সৃষ্টিত ফেইচবুকে যথেষ্ট সহায় কৰিছে। ফেইচবুকতে সাহিত্য চৰ্চা আৰম্ভ কৰা বহুতেই এতিয়া ছপা মাধ্যমতো সুলেখক হিচাপে প্ৰতিস্থা লাভ কৰিছে। সেইদৰে ফেইচবুকে নতুন নতুন অসমীয়া পঢ়ুৱৈৰ সৃষ্টি কৰিছে। অসমৰ বাহিৰত থকা বহুতো অসমীয়া মানুহে ইলেক্ট্ৰনিক মাধ্যমৰ জৰিয়তে আকৌ অসমীয়া নিয়মীয়াকৈ পঢ়িবলৈ লৈছে। অসমীয়াত বহুতো ই আলোচনী প্ৰকাশ হৈ ওলাইছে। বহুতো জ্ঞান গৰ্ভ প্ৰৱন্ধ, গল্প , কবিতা, উপন্যাস ইলেক্ট্ৰনিক জগতত অসমীয়া ভাষাত নিতৌ প্ৰকাশ পাব লাগিছে। ফেইচবুকে অসমীয়া সাহিত্যত এক নৱজাগৰণৰ সৃষ্টি কৰিছে বুলি ক’লেও বঢ়াই কোৱা নহয়। কিন্তু ফেইচবুকৰ এই জনপ্ৰিয়তাই ছপা আখৰৰ কিতাপৰ পাঠকৰ সংখ্যা কিছু পৰিমাণে হ’লেও হ্ৰাস কৰিছে। ফেইচবুকত যেতিয়াই মন যায় তেতিয়াই মনৰ ভাৱ প্ৰকাশ কৰৰ সুবিধা থকা বাবে পৰম্পৰাগত ছপা মাধ্যমলৈ লেখা পঠিওৱাতকৈ মানুহে ফেইচবুকত লেখা প্ৰকাশ কৰিবলৈ লৈছে। ছপা কিতাপৰ বিক্ৰী কমি অহাৰ এইটোও এটা কাৰণ হ’ব পাৰে। এই কথাও সত্য যে ই-কিতাপৰ জনপ্ৰিয়তাই ছপা আখৰৰ কিতাপৰ বৈশিষ্ট কেতিয়াও ম্লান কৰিব নোৱাৰে। এতিয়াও নতুন ছপা কিতাপৰ সুগন্ধি লৈ পঢ়াৰ আমেজ বহুতো পাঠকৰ বাবে অতুলনীয়। সেই বাবেই কিতাপৰ মাদকতা এতিয়াও মৰহি যোৱা নাই। ডিজিটেল মাধ্যমৰ আগ্ৰাসনৰ মাজতো এতিয়া এচাম এনে পাঠক আছে যিসকলে হাতত কিতাপ এখন তুলি ল’লেহে পঢ়াৰ আনন্দ পায়। সেয়েহে ছপা কিতাপৰ চাহিদা কেতিয়াও শেষ হৈ নাযায়। কিন্তু অসমীয়া ভাষাত ছপা কিতাপৰ মৰ্যদা অক্ষুন্ন ৰাখিবলৈ হ’লে হাতে কামে লাগিবৰ হ’ল।

আমি সৰু থকা সময়ত বিয়া সবাহ, জন্মদিনত কিতাপ উপহাৰ দিয়াৰ প্ৰথা চলিছিল। এই প্ৰথাৰ যোগেদি বজাৰত কিতাপৰ চাহিদৰ সৃষ্টি হৈছিল। পিছে ৰং চঙীয়া উপহাৰৰ সামগ্ৰীবোৰ কম দামতে বজাৰতপাব পৰা হোৱৰ পৰা লাহে লাহে ব্য়ক্তিগত উপহাৰ হিচাপে কিতাপ উপহাৰ দিয়া নিয়মটো নাইকীয়া হ’ল। মানুহে চীন দেশৰ পৰা অহা সস্তীয়া, আকৰ্ষণীয় উপহাৰৰ সামগ্ৰীবোৰ আকোৱালি লোৱাৰ ফলত বিদেশৰ কোম্পানী চহকী হ’ল, কিন্তু আমাৰ থলুৱা কিতাপৰ বজাৰখন যথেষ্ট ক্ষতিগ্ৰস্থ হ’ল। আমি সকলোৱে নিজকে এবাৰ প্ৰশ্ন কৰি চাব পাৰোঁ - অসমীয়া কিতাপৰ চাহিদা বৃদ্ধি কৰিবলৈ হ’লে আকৌ কিতাপ উপহাৰ দিয়াৰ নিয়মটো আৰম্ভ কৰিব নোৱাৰিনে? উপহাৰ হিচাপে কিতাপৰ আদান প্ৰদানে এহাতে কিতাপৰ চাহিদা বৃদ্ধি কৰিব আৰু আনহাতে হয়তো এচাম নতুন পঢ়ুৱৈৰ সৃষ্টি কৰিব। নতুন পঢ়ুৱৈৰ সৃষ্টি হ’লে হয়তো এলাগি হৈ পৰা পুথিভঁৰাল সমূহতো নতুন প্ৰাণৰ সঞ্চাৰ হ’ব।

No comments:

Post a Comment