পলকতে সুখ-দুখৰ বতৰাঃ ২৭জুলাই - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ-দুখৰ বতৰাঃ ২৭জুলাই

পলকতে সুখ-দুখৰ বতৰাঃ ২৭জুলাই

Share This
আজিৰ ভাল খবৰবোৰ
১. ধেমাজি জিলা গ্ৰামোন্নয়ন সমিতি নামৰ এটি স্বেচ্ছাসেৱী সংস্থাৰ সম্পাদক তথা গোগামুখ নিবাসী প্ৰণৱজ্যোতি হাজৰিকাই লা খেতিৰে এজোপা বগৰী গছত কেৱল দুহেজাৰ টকাৰ খৰছত ছমাহতে দুই লাখ টকা পৰ্যন্ত অৰ্জন কৰাৰ বাট মুকলি কৰি আদৰ্শ দেখুৱাইছে। লা-খেতি সাধাৰণতে কুসুম, চেনিলতা, পলাশ, মজ আদি গছতহে বিশেষ প্ৰজাতিৰ অনুজীৱৰ বংশবৃদ্ধিৰে কৰিব পাৰি। ধেমাজি জিলাত বিজ্ঞানসন্মতভাৱে কৰা এইটোৱেই প্ৰথম লাভজনক লা খেতি হিচাবে পৰিগণিত হোৱা এই পদক্ষেপত নৈপৰীয়া ১৭৫জোপা বগৰীগছত লা খেতি কৰা হৈছে। প্ৰতি কেজি লাৰ বজাৰ মূল্য এহেজাৰলৈকে লাভ কৰা সম্ভৱ আৰু এয়া স্বাৱলম্বনৰ বাবে গ্ৰহণ কৰিব এটা গাঁৱলীয়া লোকৰ সুগম পথ বুলিও হাজৰিকাই প্ৰকাশ কৰিছে।

২. মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাতৰ বিষয়টোক স্পৰ্শকাতৰতাৰে বিবেচনা কৰি দেশৰ দ্বিতীয় বৃহৎ চাহ উৎপাদকাৰী এমালগেমেটেড প্লেনটেশ্যনছ প্ৰাইভেট লিমিটেডে চাহ-বাগিচাক ক্ষুদ্ৰ বন্যপ্ৰাণী অভয়াৰণ্যলৈ পৰিবৰ্তনৰ বাবে প্ৰকল্প হাতত লৈছে। অসমৰ ১৭খন চাহ বাগিচাত এই পদক্ষেপ গ্ৰহণ কৰি এলিফেণ্ট কৰিডৰ সমূহক বিশেষভাৱে সেই ৰূপতে ৰখাৰ ব্যৱস্থা কৰাও হৈছে বুলি প্ৰকাশ কৰিছে।


৩. ভট্টদেৱ বিৰচিত ‘কথা ভাগৱত’ৰ দ্বাদশ স্কন্ধ উন্মোচন কৰিলে শ্ৰীশ্ৰী আউনিআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰদেৱ গোস্বামীদেৱে। গুৱাহাটীৰ গীতানগৰ শান্তি আশ্ৰমত শ্ৰীশ্ৰী দামোদৰ দেৱ বঁটা প্ৰয়াত নৰনাৰায়ণ দেৱগোস্বামীক মৰণোত্তৰ ভাৱে প্ৰদান কৰা হয়। শ্ৰীমৎ সদানন্দ ব্ৰহ্মাচাৰীলৈকো সন্মান জনোৱা হয়।

৪. নগাঁও জিলাৰ কঠীয়াতলীত অসম খাদ্য আৰু অসামৰিক খাদ্য নিগম পৰিসীমিতৰ দ্বাৰা চৰকাৰৰ দ্বাৰা ঘোষিত নিম্নতম সমৰ্থন মূল্যত বৰো ধান ক্ৰয় আঁচনিৰ শুভাৰম্ভ কৰা হৈছে। মৰিগাঁৱতো চলি থকা এই আঁচনিৰ অধীনত অহা ৩১জুলাইকৈ উচিত দাম পাবলৈ কৃষক সকলে বৰো ধান বিক্ৰী কৰাৰ সুবিধা লাভ কৰিব।

৫. মৰিগাঁৱত অনুষ্ঠিত হৈ থকা অসম সত্ৰ মহাসভাৰ অধিবশনে অসমৰ প্ৰতিখন সত্ৰকে সাংস্কৃতিক পৰ্যটন ক্ষেত্ৰ ৰূপে গঢ়ি তোলাৰ বাবে আহ্বান জনাইছে।

৬. ওদালগুৰি জিলাৰ ইতিহাসপ্ৰসিদ্ধ সতী বেউলাৰ জন্মস্থান অদলা গাঁৱত শতিকাজুৰি চলি অহা মুক্তেশ্বৰী দেৱালৰ বাবে সংৰক্ষিত ষাঠি বিঘা মাটিত ৰাইজে এইবাৰো সমূহীয়া খেতিত ভাগ লয়। চাৰিখন গাঁৱৰ তিনিশ ৰোৱনী আৰু ডেৰশ হালোৱাই শালিধানৰ খেতিত অৰিহণা যোগায়। উল্লেখনীয় যে, বছৰেকৰ এই উপাৰ্জিত ধন দেৱালৰ বিভিন্ন শুভকৰ্মত খৰছ কৰা হয়।

৭. অসমৰ আগশাৰীৰ প্ৰকাশন গোষ্ঠী ‘বনলতা’ৰ গুৱাহাটী শাখাৰ ৰূপালী জয়ন্তী অনুষ্ঠান কালি গুৱাহাটীত উদযাপন কৰা হয়। অসম বিধান সভাৰ অধ্যক্ষ প্ৰণৱ গগৈ, বিশিষ্ট বুদ্ধিজীৱি কনকসেন ডেকা, ডঃ হীৰেন গোহাঁই, দেৱেন দত্তকে ধৰি সুধীজনে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। উন্মোচিত হয় ‘ভৱিষ্যত অসমৰ দস্তাবেজ’ শীৰ্ষক এখনি গ্ৰন্থও।

৮. সুধাকণ্ঠৰ সৃষ্টিৰাজিক নৱ-প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ লক্ষ্যৰে উত্তৰ গুৱাহাটীৰ ‘জনকল্যাণ ছ’চাইটী আৰু সাংস্কৃতিক বিদ্যালয়’ আৰু ‘বিনায়ক আশাদ্বীপ’ৰ উদ্যোগত অনুষ্ঠিত হৈছিল সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ। এই প্ৰতিযোগিতাত ক শাখাত নলবাৰীৰ বিদ্যাপুৰৰ মহাশ্বেতা শৰ্মা আৰু খ শাখাত বৰপেটাৰ গীতমলয় দাসে শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈছে। প্ৰথম আৰু তৃতীয় শ্ৰেণীৰ শিক্ষাৰ্থীৰ মাজতো উৎসাহিত কৰিবলৈ আয়োজন কৰা প্ৰতিোযোগিতাত উত্তৰ গুৱাহাটীৰ ভূমিকা বৰাই প্ৰথমস্থান লাভ কৰে।

৯. প্ৰধানমন্ত্ৰীৰ ‘মন-কী-বাত’ শীৰ্ষক ৰেডিঅ’ অনুষ্ঠানৰ দশম সংস্কৰণত দিল্লীত বহি উত্তৰ-পূৱৰ উন্নয়ন সাধন সম্ভৱ নহয় বুলি অনুভৱ ব্যক্ত কৰে। বিষয়াসকলক কেৱল ভ্ৰমণ নকৰি সমস্যা সমাধানত হাতে কামে লাগিবলৈকো পৰামৰ্শ দিয়ে প্ৰধানমন্ত্ৰীয়ে। অচিৰেই কেন্দ্ৰই পথ সুৰক্ষা বিধেয়ক প্ৰস্তুত কৰিব বুলিও তেখেতে প্ৰকাশ কৰে।

১০. ধৰ্মীয় অসহিষ্ণুতাক উচটনি দিয়া ৪০টা ৱেবটাইট ব্লক কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশ জাৰি কৰিছে। ইণ্টাৰনেট প্ৰভাইডাৰ সকলক তথ্য প্ৰযুক্তিৰ ২০০৯চনৰ এখন আইনৰ অধীনত এই ব্যৱস্থা কৰিবলৈ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দোহাই দি নিৰ্দেশ জাৰি কৰিছে।

No comments:

Post a Comment