পলকতে সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ-দুখৰ বতৰা

পলকতে সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১) পাছপোৰ্টৰ বাবে আ‌ৱেদন কৰা সকলৰ সুবিধাৰ অৰ্থে অতি সোনকালে দেশত আৰম্ভ কৰা হ'ব অনলাইন পুলিছ ভেৰিফিকেছন ব্য‌ৱস্থা । বিগত সময়ত এই পুলিছ ভেৰিফিকেছনৰ বাবেই অতি বিলম্ব হো‌ৱা পৰিলক্ষিত হো‌ৱাৰ পৰিপেক্ষিতত দেশৰ উৰ্ধতম কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছে । এই সুবিধা আৰম্ভ হো‌ৱাৰ লগে লগে বৰ্তমানে হৈ থকা ২০ দিনৰ পৰি‌ৱৰ্তে মাত্ৰ ৫ বা ৭ দিনৰ ভিতৰতে পাছপোৰ্ট পো‌ৱা যাব । চলিত বৰ্ষৰ নভে‌ম্বৰ মাহৰপৰা এই অনলাইন ব্য‌ৱস্থাটো সক্ৰিয় হো‌ৱাৰ যো-জা চলিছে ।
২) ভাৰতৰ ছানীয়া মিৰ্জাই উইম্বলদনৰ মহিলা ডাবছত খিতাপ অৰ্জন কৰি ইতিহাস ৰচনা কৰিছে । এই খিতাপ অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হৈছে ছানিয়া মিৰ্জা। মাৰ্টিনা হিংগিছেৰে সৈতে যুটি বন্ধা ছানিয়াই ৰাছিয়াৰ ইলেনা ভেচলিনা আৰু একাটেৰিনা মাকাৰোভো যুটিটিক ৫-৭, ৭-৬,৭-৫ ব্য‌ৱধানত পৰাস্ত কৰিছিল । উল্লেখ্য যে এই একে টুৰ্নামেন্টতে ভাৰতৰ লিয়েণ্ডাৰ পেজে মাৰ্টিনা হিংগিছৰ সতে যুটি বান্ধি মিক্সড ডাবছৰ চূড়ান্ত বিজয়ী খিতাপ অৰ্জন কৰে । এয়া আছিল ৪২ বছৰীয়া পেজৰ বাবে কেৰিয়াৰৰ ষষ্ঠদশ গ্ৰেণ্ডশ্লাম খিতাপ ।

৩) অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ বাবে আৰু এটা সু-খবৰ কঢ়িয়াই আনিছে প্ৰতিভা‌ৱান পৰিচালক জ্যোতিষ কুমাৰ নাথে । নাথৰ "আঁচোৰ-ষ্ট্ৰক ইন লাইফ" নামৰ চুটি ছ‌ৱিখন জাৰ্মানীত অহা ১৫ জুলাইৰপৰা হ'বলগীয়া ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত প্ৰদৰ্শনৰ বাবে আমন্ত্ৰিত হৈছে ।

No comments:

Post a Comment