Friday, July 10, 2015

সাম্প্ৰতিক প্ৰসংগ


ব্যাপমৰ পৰা অসমৰ লোকসেৱালৈঃ
দুৰ্নীতিৰ বলিশালত ভৱিষ্যতৰ প্ৰজন্ম

দীপাংকৰ মল্ল বৰুৱা

আমাৰ সমাজত এনে এটা বিশ্বাস অতি গভীৰ ভাৱে সোমাই আছে যে এটা উচ্চ পদবীত থকা ব্যক্তিয়ে নীতি বহিৰ্ভূত ভাৱে অতি সহজতে নিজৰ অঙহী বঙহী বা সমৰ্থক সকলৰ বাবে চাকৰি যোগাৰ কৰি দিব পাৰে। তেনেদৰে বহুত মানুহে বিশ্বাস কৰে যে চাকৰি পাবলৈ বা টান পৰীক্ষা এটাত উত্তীৰ্ণ হ’বলৈ হ’লে সদায় এটা বক্ৰপথ থাকে, যিটো পথত ধনৰ বিনিময়ত সকলো মেনেজ হৈ যায়। যিকোনো চৰকাৰী কাম কাজত উত্কোচ নিদিলে কাম নহয় বুলিও মানুহৰ এটা বদ্ধমূল ধাৰণা আছে। 

বহু সময়ত এনে বিশ্বাস কাৰ্যক্ষেত্ৰত ৰূপায়িত হোৱাৰ চাক্ষুস অভিজ্ঞতাই মানুহৰ এনে বিশ্বাস আৰু গভীৰ কৰে। এনে বিশ্বাসৰ বশৱৰ্তী হৈয়েই এচাম মানুহে যিকোনো মূল্যৰ বিনিময়ত চাকৰি পোৱাৰ, পৰীক্ষা উত্তীৰ্ণ হোৱাৰ বা চৰকাৰী কাম কাজ সমাধা কৰাৰ সহজ পথ বিচাৰে। মানুহৰ এই স্বভাৱজাত আকৰ্ষণেই হ’ল সমাজত সংঘটিত হোৱা বিভিন্ন কেলেংকাৰীৰ চালিকা শক্তি।


অলপতে সংঘটিত হোৱা মধ্যপ্ৰদেশৰ ব্যাপম কেলেংকাৰী আৰু অসম লোকসেৱা আয়োগৰ কেলেংকাৰীয়ে আমাৰ সমাজৰ কিছুমান ভয়াবহ কেৰোন আঙুলিয়াই দেখুৱাইছে। মধ্যপ্ৰদেশৰ চিকিত্সা বিজ্ঞানৰ বাচনি পৰীক্ষা আৰু অসমৰ লোকসেৱাৰ বাচনি পৰীক্ষা দুয়োবিধেই সমাজ নিৰ্মাণৰ বাবে অতি গুৰুত্বপূৰ্ণ, যিহেতু এনে পৰীক্ষাৰ যোগেদি সমাজত উত্কৃষ্ট সেৱা আগবঢ়াব পৰা চিকিত্সক বা প্ৰশাসনীয় বিষয়া বাচি উলিওৱা হয়। সেয়েহে এনে পৰীক্ষা পৰিচালনা কৰা প্ৰতিস্থান সমূহক ৰাজনৈতিক হস্তক্ষেপৰ পৰা আঁতৰত ৰাখিবলৈ সাংবিধানিক ব্যৱস্থা আছে। কিন্তু অতি পৰিতাপৰ কথা এয়ে যে যিসকল ব্যক্তিয়ে ভাৰতীয় সংবিধানৰ প্ৰতি নিস্থা প্ৰদৰ্শনৰ শপত বাক্য পাঠ কৰি শাসনলৈ আহে, সেই সকল ব্যক্তিয়েই এই প্ৰতিস্থান সমূহ কলুষিত কৰাত মুখ্য ভূমিকা লয়। ব্যাপম কেলেংকাৰীত যিদৰে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালৰ নাম সাঙোৰ খাই পৰিছে সেইদৰে অসম লোকসেৱা আয়োগৰ কেলেংকাৰীত অসমৰ মুখ্যমন্ত্ৰী তথা মন্ত্ৰীসভাৰ একাধিক সদস্যৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপিত হৈছে।

ভাৰতৰ ৰাজনীতিত নিৰ্বাচন জিকিবলৈ ধনবলৰ এক বিশেষ গুৰুত্ব আছে। প্ৰায় এক চতুৰ্থাংশ অশিক্ষিত আৰু এক তৃতীয়াংশ দাৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা মানুহৰ দেশখনত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত সৃষ্টি কৰা নিৰ্বাচনী চমক আৰু বিনামূলীয়াকৈ বিৰতণ কৰা আঠুৱা, সূতা, কম্বল, মদে একোটা দলৰ বাবে নিৰ্ণায়ক স্থিতি লোৱা দেখা য়ায়। সেয়েহে নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ প্ৰতিটো ৰাজনৈতিক দলৰে শকত দলীয় পূঁজিৰ প্ৰয়োজন হয়। ১৯৭০ চনত তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে কৰ্প’ৰেট গোষ্ঠীৰ পৰা ৰাজনৈতিক দললৈ আগবঢ়োৱা অনুদান আইনী ভাৱে বন্ধ কৰাৰ পিছৰে পৰা পূঁজি সংগ্ৰহত ব্যাপক দুৰ্নীতি আৰম্ভ হয়। এতিয়া ৰাজ্যবোৰত যিকোনো প্ৰকাৰে দুৰ্নীতিৰ যোগেদি ধন আহৰণৰ এক প্ৰতিযোগিতা আৰম্ভ হৈছে। কৰ্প’ৰেট গোষ্ঠীৰ পৰা পিছদুৱাৰেদি অনুদান সংগ্ৰহ কৰাৰ উপৰিও ৰাজহুৱা ধন, উন্নয়ন পুঁজিৰ ধনো নীতি বৰ্হিভূত ভাৱে ৰাজনৈতিক কাৰণত ব্যৱহাৰ হ’বলৈ লৈছে।

ভাৰতৰ যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাত কেন্দ্ৰত শাসনাধিস্থ দলে বহু সময়ত ৰাজনৈতিক কাৰণত ৰাজ্যৰ নিজ দলীয় মুখ্যমন্ত্ৰী সকলৰ ওপৰত নিৰ্ভৰশীল হ’ব লগীয়া হয়। এখন ৰাজ্যত নিৰ্বাচনী সফলতাৰ বাবে দলৰ কেন্দ্ৰীয় নেতৃত্বই মুখ্যমন্ত্ৰীজনক কিছুমান বিশেষ সুবিধা প্ৰদান কৰে। অসমৰ ক্ৰমাগত নিৰ্বাচনী সাফল্যৰ বাবেও কেন্দ্ৰত দহ বছৰ শাসন চলোৱা কংগ্ৰেছ নেতৃত্বই অসমত চলা বিত্তীয় খেলিমেলিৰ বিষয়টো আওকান কৰি আছিল। অন্ধ্ৰপ্ৰদেশত কংগ্ৰেছৰ উত্থানৰ বাবে কেন্দ্ৰৰ আশিষধন্য হৈ ৰাজাশেখৰ ৰেড্ডীয়ে ব্যাপক দুৰ্নীতিৰ সুযোগ পাইছিল। সেইদৰে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ চৌহানে লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ বাবে বিশাল সাফল্য আনি দিয়াৰ বাবে তেওঁৰ প্ৰতি কেন্দ্ৰীয় নেতৃত্ব সদয় হৈ আছিল। ৰাজ্যত শক্তিশালী স্থিতিত উপনীত হোৱা কেইবাজনো মুখ্যমন্ত্ৰী এতিয়া হৈ পৰিছে অপশাসন আৰু দুৰ্নীতিৰ পৃষ্ঠপোষক। এই সকল মুখ্যমন্ত্ৰীয়ে সাংবিধানিক সীমা অতিক্ৰম কৰিও মইমতালিৰে শাসন চলাই গৈছে। একোজন শক্তিশালী মুখ্যমন্ত্ৰীয়ে এখন ৰাজ্যক যিদৰে সাফল্যৰ শিখৰত উপনীত কৰাব পাৰে, ঠিক সেইদৰে তেনে মুখ্যমন্ত্ৰীয়ে সাংবিধানিক ক্ষমতাৰ অপব্যৱহাৰ কৰি ৰাজ্যখনত চলা দুৰ্নীতি আৰু লুণ্ঠনৰ প্ৰধান পুৰোহিত হৈ পৰিব পাৰে।

আজিৰ সময়ত ভাৰতৰ শাসন ব্যৱস্থাত গা কৰি উঠা আন এটা পৰম্পৰা হ’ল পৰিয়ালকেন্দ্ৰিক ৰাজনীতি। কংগ্ৰেছ দলে বহু বছৰ ধৰি এনে ৰাজনীতিয়েই কৰি আহিছে। বহু কেইখন ৰাজ্যত একেটা পৰিয়ালৰ ব্যক্তিয়ে উত্তৰাধিকাৰী সূত্ৰে শাসন চলাই আছে। কেইবাটাও ৰাজনৈতিক দলৰ চালিকা শক্তিয়েই হ’ল পৰিয়ালকেন্দ্ৰিক ৰাজনীতি। এনে ব্যৱস্থাত এটা দলৰ সমস্ত ক্ষমতা আৰু সম্পদ এটা পৰিয়ালৰ হাতত পুঞ্জীভূত হৈ থাকে। এনে ক্ষমতাৰ অধিকাৰী সকলে গণতান্ত্ৰিক মূল্যবোধক পদাঘাট কৰি নিজৰ স্বাৰ্থ ৰক্ষাৰ বাবে কাম কৰিবলৈ কুণ্ঠাবোধ নকৰে। উচ্চ শিক্ষা বা প্ৰশাসনীয় সেৱাৰ দৰে সমাজৰ বাবে গুৰুত্বপূৰ্ণ বিষয় সমূহতো পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ প্ৰভাৱ দেখা যায়। মধ্যপ্ৰদেশৰ ৰাজ্যপালৰ পুত্ৰই ব্যাপম কেলেংকাৰী ৰাজভৱনৰ পৰা পৰিচালিত কৰিছিল আৰু ব্যাপক ধনৰ লেনেদেনত জড়িত আছিল বুলি অভিযোগ উত্থাপিত হৈছে। সেইদৰে অসমৰ লোকসেৱা আয়োগৰ পৰীক্ষাতো বহুতো প্ৰভাৱশালী ব্যক্তিৰ অঙহী বঙহীয়ে বক্ৰপথেৰে স্থান লাভ কৰাৰ বিষয়ে অভিযোগ উঠিছে।

ভাৰতত ৰাজনৈতিক ভাৱে প্ৰভাৱশালী লোকৰ দ্বাৰা ক্ষমতাৰ অপব্যৱহাৰ নতুন কথা নহয়। স্বাধীনতাৰ পিছৰে পৰা বিভিন্ন নেতাই, বিভিন্ন সময়ত ক্ষমতাৰ অপব্যৱহাৰ কৰি আহিছে। ১৯৮৫ চনত অসমত অগপ চৰকাৰ স্থাপন হোৱাৰ পিছৰে পৰা নিযুক্তিৰ ক্ষেত্ৰত শাসকীয় দলৰ ক্ষমতাৰ অপব্যৱহাৰ ব্যাপক ৰূপত আৰম্ভ হয়। অসম আন্দোলনত সহযোগ কৰা বহুতো লোকলৈ কৃতজ্ঞতাৰ চিন স্বৰূপে অগপ চৰকাৰে চৰকাৰী চাকৰি আগবঢ়োৱাৰ কথা জনা যায়। অসম লোকসেৱা আয়োগৰ বাচনিতো চৰকাৰী হস্তক্ষেপ সেই সময়তে আৰম্ভ হৈছিল আৰু পিছলৈ কংগ্ৰেছ চৰকাৰেও সেই পৰম্পৰা ভংগ কৰা নাছিল। বহুতো কথা সাধাৰণ মানুহে গমেই পোৱা নাছিল। বিভিন্ন সময়ত উত্থাপিত হোৱা অভিযোগ সমূহো সময়ত ফুটুকাৰ ফেন হৈছিল। কিন্তু এতিয়া দিন সলনি হ’ল। ঘৰে ঘৰে টেলিভিছন, ইণ্টাৰনেট হোৱাৰ পৰা মানুহ সামাজিক আৰু ৰাজনৈতিক ভাৱে যথেষ্ট সচেতন হ’ল। তথ্য জনাৰ অধিকাৰ আইনখনে (RTI) মানুহক পৰ্দাৰ আঁৰৰ ঘটনাবোৰৰ বিষয়ে জানিবলৈ সহায় কৰিলে। এই আইনখনৰ জৰিয়তে আহৰণ কৰা তথ্যকে অস্ত্ৰ হিচাপে লৈ এক জাগৰণৰ সৃষ্টি হৈছে আৰু এনে কেলেংকাৰী সমূহ জনতাৰ সন্মুখত সোনকালেই প্ৰকট হৈ পৰিছে। ব্যাপম কেলেংকাৰীত ডা° আনন্দ ৰায় আৰু আশীষ চতুৰ্বেদীয়ে তথ্য জনা আইনৰ অধীনত দেখুওৱা তত্পৰতাই বিশেষ ভূমিকা গ্ৰহণ কৰিছে। সেইদৰে অসমতো অখিল গগৈয়ে তথ্য জনা আইনৰ যোগেদি অসম লোকসেৱা বাচনি পৰীক্ষাৰ বিষয়ে বহুতো গোপন তথ্য উদ্ঘাটন কৰিছে। এনে কেলেংকাৰী সমূহৰ বিষয়ে জনসাধাৰনক অৱগত কৰোঁৱাত বিদ্যুতীণ সংবাদ মাধ্যমে বিশেষ ভূমিকা গ্ৰহণ কৰিছে। গতিকে আজিৰ সময়ত পৰ্দাৰ সিপাৰে চলি থকা দুৰ্নীতি প্ৰকাশ পাবলৈ বেছি দিন নালাগে।

ব্যাপম আৰু অসম লোকসেৱা আয়োগৰ বাচনি প্ৰক্ৰিয়াৰ দৰে কেলেংকাৰীৰ আটাইতকৈ ক্ষতিকাৰী দিশতো হ’ল, চিকিত্সা বিজ্ঞান আৰু প্ৰশাসনীয় সেৱাৰ দৰে ছাত্ৰ ছাত্ৰীৰ সপোনৰ পেছা সমূহত সংঘটিত দুৰ্নীতিয়ে ভৱিষ্যত প্ৰজন্মলৈ এক অতি ক্ষতিকাৰী বাৰ্তা কঢ়িয়াই লৈ যাব পাৰে। ধন নহ’লে বিদ্যা বা প্ৰতিভাৰ কোনো কাম নাই বুলি উঠি অহা প্ৰজন্মই বিশ্বাস কৰিবলৈ লয়, এয়া সমাজৰ বাবে এক ভয়ংকৰ ভৱিষ্যতৰ আগজাননী হ’ব। ধনৰ বিনিময়ত ভাল দৰমহা আৰু সা সুবিধাৰ চাকৰি যোগাৰ কৰি লোৱা সকলৰ পৰা ল’ৰা ছোৱালীয়ে ভুল উদাহৰণ আৰু ধ্বংসকাৰী অনুপ্ৰেৰণা গ্ৰহণ কৰিব পাৰে। লুণ্ঠিত মানবীয় মূল্যবোধ, অৱনমিত শিক্ষাৰ মানদণ্ড আৰু এক দুৰ্নীতিসমৃদ্ধ ভৱিষ্যতৰ সম্ভাৱনাই ভৱিষ্যতৰ প্ৰজন্মক বলিশাললৈ ঠেলি দিব পাৰে।

সেয়েহে এতিয়া সময়ৰ দাবী হ’ল সমাজৰ ভৱিষ্যত ধ্বংস কৰিব পৰা এই ভয়ংকৰ কেলেংকাৰী সমূহৰ উচিত তদন্ত হ’ব লাগে আৰু যিসকল অপৰাধী বুলি প্ৰমাণিত হয়, তেওঁলোকক কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে। ৰাজনৈতিক নেতা সকলো এনে শাস্তিৰ পৰা সাৰি যাব নালাগিব।
লেখক দুলীয়াজান নিবাসী আৰু ফোন: ৯৪৩৫০৩৯৮২০

No comments:

Post a Comment