সাম্প্ৰতিক প্ৰসংগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

গ্ৰীছৰ অৰ্থনৈতিক সংকট 
আৰু অসমৰ বিত্তীয় পৰিস্থিতি  
দীপাংকৰ মল্ল বৰুৱা
অসমীয়াত এষাৰ কথা আছে যে আঠুৱা চাইহে ঠেং মেলিব লাগে। অৰ্থাৎ নিজৰ সাধ্য অনুযায়ীহে আনন্দ উপভোগ কৰিব লাগে। কিন্তু যেতিয়া কোনো এজন ব্যক্তি বা কোনো এখন দেশে নিজৰ আয়তকৈ অধিক ব্যয় কৰিবলৈ আৰম্ভ কৰে তেতিয়াই সেইজন ব্যক্তি বা সেইখন দেশৰ বাবে বিত্তীয় পৰিস্থিতিৰ অৱনতি হ’বলৈ ধৰে আৰু এসময়ত বিত্তীয় সংকট আৰম্ভ হয়। এনে সংকটৰ পৰা উদ্ধাৰ পাবলৈ হ’লে দুটাই উপায় আছে, সেয়া হ’ল আয় বৃদ্ধি নতুবা ব্যয় সংকোচন। যেতিয়া এই দুয়োটা উপায় কাৰ্যকৰী কৰিবলৈ অসমৰ্থ হ’লে, সেই ব্যক্তিজন বা দেশখনে দেউলীয়া হোৱাৰ পিনে গতি কৰে।

ইউৰোপ মহাদেশৰ গ্ৰীছ এখন অতি গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰ। প্ৰাচীন সভ্যতাৰ ধ্বজাবাহী এইখন উন্নত দেশ আজিৰ সময়ত চৰম অৰ্থনৈতিক সংকটত পৰিছে। বছৰৰ পিছত বছৰ ধৰি গ্ৰীছ চৰকাৰে আয়তকৈ অধিক ব্যয় কৰি থকাৰ বাবে দেশখনৰ বিত্তীয় পৰিস্থিতি শোচনীয় হৈ পৰিছে। গ্ৰীছ বৃহত্তৰ ইউৰোপিয়ান অৰ্থনীতিৰ অংশ যদিও দেশখনৰ উত্পাদন আৰু উপাৰ্জনে ক্ষমতা ইউৰোপৰ উন্নত দেশ সমূহৰ তুলনাত কম। সেয়েহে বহু বছৰৰ পৰা দেশৰ বাজেট মিলাবলৈ গ্ৰীছ চৰকাৰে অন্য চুবুৰীয়া দেশৰ পৰা ঋণ লৈ আহিছে। আনৰ পৰা ঋণ লাভ কৰিবলৈ হ’লে নিজৰ বিত্তীয় পৰিস্থিতি টনকিয়াল হোৱাটো প্ৰয়োজনীয়। সেয়েহে বিত্তীয় বিপৰ্যয়ত পৰা দেশ এখনে বিত্তীয় পৰিস্থিতিৰ সঠিক প্ৰতিচ্ছবি ডাঙি নধেৰে। ২০১০ চনত দেশৰ বিত্তীয় ঘাটিৰ পৰিমাণ কমকৈ দেখুৱাই গ্ৰীছ চৰকাৰে বিত্তীয় অনিয়ম কৰা বুলি প্ৰমাণিত হোৱাৰ পিছৰে পৰা ঋণদাতা দেশ সমূহ আৰু আন্ত:ৰাষ্ট্ৰীয় মুদ্ৰানিধিয়ে গ্ৰীছক নতুন ঋণ দিবলৈ অস্বীকাৰ কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত দেশখনত মহা আৰ্থিক মন্দাৱস্থাৰ সৃষ্টি হৈছে। ইউৰোপিয়ান ইউনিয়নে ইতিমধ্যে গ্ৰীছক আৰ্থিক অৱস্থা টনকিয়াল কৰিবলৈ ১১০ বিলিয়ন ইউৰো ঋণ হিচাপে আগবঢ়াইছে। এই ঋণৰ চৰ্ত আছিল যে চৰকাৰে কৰ বৃদ্ধি কৰি হ’লেও আয় বৃদ্ধি কৰিব লাগিব আৰু বৃদ্ধ নাগৰিকৰ পেঞ্চনকে ধৰি সকলো অনাৱশ্যকীয় ব্যয় কৰ্তন কৰিব লাগিব।

এখন চৰকাৰৰ বাবে জনসাধাৰণৰ ওপৰত অতিৰিক্ত কৰৰ বোজা জাপি দিয়াটো আয় বৃদ্ধিৰ এক সহজ উপায়। গ্ৰীছত ইতিমধ্যে ৪৫% আয়কৰকে ধৰি প্ৰতিজন চাকৰিয়ালে মুঠ আয়ৰ প্ৰায় ৬০% ধন কৰ হিচাপে পৰিশোধ কৰিব লাগে। সেইদৰে উদ্যোগ সমূহেও বৃহৎ পৰিমাণৰ কৰ আদায় দিব লগীয়া হয়। কৰৰ বোজা বৃদ্ধি কৰাৰ ফলত গ্ৰীছৰ অৰ্থনীতি অধিক সংকুচিত হৈ পৰিছে, উত্পাদন বন্ধ হৈ পৰাৰ উপক্ৰম হৈছে, গ্ৰাহকৰ অভাৱত বজাৰ মন্দা হৈ পৰিছে। এনে পৰিস্থিতিত গ্ৰীছ চৰকাৰ সন্মুখীন হৈছে ভয়ংকৰ অগ্নি পৰীক্ষাৰ। ইউৰোপিয়ান ইউনিয়নে গ্ৰীছ চৰকাৰক ঋণ পৰিশোধ কৰিবলৈ দিয়া সময় প্ৰায় উকলি গৈছে। ঋণ পৰিশোধ কৰিবলৈ অপাৰগ হ’লে গ্ৰীছক দেউলীয়া বুলি ঘোষণা কৰা হ’ব আৰু হয়তো ইউৰোপিয়ান ইউনিয়নৰ পৰা দেশখন ওলাই আহিব। তেনে পৰিস্থিতিত গ্ৰীছে ইউৰোৰ সলনি নিজস্ব মুদ্ৰাৰে নিজাববীয়াকৈ দেশৰ অৰ্থনৈতিক উত্থানৰ বাবে চেষ্টা কৰিব লাগিব। ইউৰোপিয়ান ইউনিয়নৰ তৰফৰ পৰা নতুনকৈ ঋণ লাভ কৰিবলৈ হ’লে অধিক কঠোৰ অৰ্থনৈতিক বাধা নিষেধ আৰোপ কৰাৰ চৰ্ত আৰোপ কৰা হৈছে, যাৰ অৰ্থ হৈছে জনসাধাৰণৰ ওপৰত আৰু অধিক কৰৰ বোজা জাপি দিয়া হ’ব। ইতিমধ্যে তীব্ৰ বিত্তীয় সংকটত দাৰিদ্ৰৰ সন্মুখীন হোৱা জনসাধাৰণে এই অতিৰিক্ত বোজা ল’ব পাৰিবলে নাই সেয়া সন্দেহৰ বিষয় হৈ পৰিছে। এনে পৰিস্থিতিত গ্ৰীছৰ প্ৰধানমন্ত্ৰীয়ে গণভোটৰ আহ্বান কৰিছে। জনসাধাৰণৰ ৰায় অনুসৰি গ্ৰীছে নিজৰ ভৱিষ্যতৰ সিদ্ধান্ত ল’ব।

গ্ৰীছৰ এই উদাহৰণৰ পৰা এটা কথাই বুজিব পাৰি যে কোনো এখন দেশৰ চৰকাৰে যেতিয়া আয়ৰ প্ৰতি লক্ষ্য নাৰাখি মইমতালিৰে ৰাজহুৱা ধন খৰছ কৰিবলৈ আৰম্ভ কৰে তেতিয়াই দেশখনৰ অৰ্থনৈতিক পতন আৰম্ভ হয়। উত্পাদন বা উপাৰ্জনৰ উত্স বঢ়োৱাৰ সলনি ৰাজকোষৰ ধন লুণ্ঠনত ব্যস্ত হৈ পৰা চৰকাৰ এখনে দেশৰ পৰিস্থিতি ভয়ানক কৰি তুলিব পাৰে।

দেশৰ অৰ্থনৈতিক সুস্থিৰতাৰ বাবে ঘৰুৱা উত্পাদন বৃদ্ধি হোৱাটো অতি আৱশ্যকীয়। দেশত ব্যৱসায় বাণিজ্যৰ বৃদ্ধিয়ে ঘৰুৱা উত্পাদন বৃদ্ধিত অৰিহণা যোগায়। কিন্তু দেশত ব্যৱসায় বাণিজ্যৰ পৰিৱেশ গঢ়ি উঠাটো তেতিয়াহে সম্ভৱ, যেতিয়া দেশৰ চৰকাৰ বা অৰ্থনৈতিক ব্যৱস্থাৰ ওপৰত বিনিয়োগকাৰী সকলৰ আস্থা থাকিব। এখন দেশে আনৰ ওপৰত নিৰ্ভৰ কৰি কেতিয়াও অৰ্থনৈতিক কৰাল গ্ৰাসৰ পৰা মুক্ত হ’ব নোৱাৰে। নিজৰ ভৰিত নিজে থিয় হ’ব নোৱৰা দেশৰ বাবে পতন অনিবাৰ্য।

আজিৰ সময়ত আমাৰ ৰাজ্যখনতো অৰ্থনৈতিক সংকটৰ কথা সঘনাই শুনিবলৈ পোৱা যায়। আমাৰ ৰাজ্যত উত্পাদন আৰু উপাৰ্জনৰ উত্স সীমিত হোৱাৰ বাবে প্ৰতি বছৰে কেন্দ্ৰীয় অনুদানৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। ভৌগলিক ভাৱে দেশৰ এটা চুকত আৰু যোগাযোগৰ দৃষ্টিৰে দুৰ্গম এলেকাত অৱস্থিত হোৱা বাবে অসমে বিশেষ ৰাজ্যৰ মৰ্যাদা উপভোগ কৰি আছে। কেন্দ্ৰীয় আঁচনি সমূহৰ ৰূপায়নৰ বাবে ৰাজ্যখনে এতিয়ালৈ ৯০ শতাংশ ধন অনুদান হিচাপে আৰু ১০ শতাংশ ধন ঋণ হিচাপে লাভ কৰি আছে। কিন্তু ৰাজ্যখনৰ আয় অনুযায়ী ব্যয় অধিক হোৱা বাবে প্ৰতি বছৰে বিত্তীয় ঘাটি বৃদ্ধি পাই আছে। কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুদান কমকৈ পালে ৰাজ্যখনত হাহাকাৰ লাগে।

এইখিনিতে প্ৰশ্ন হয়, প্ৰাকৃতিক সম্পদত অতি চহকী, সাৰুৱা কৃষি ভূমিৰে ভৰা আমাৰ ৰাজ্যখন স্বাধীনতাৰ প্ৰায় সাতটা দশকৰ পিছতো কিয় পৰমুখাপেক্ষী হৈ থাকিব লগীয়া হৈছে। উল্লেখ্য যে স্বাধীনতাৰ সময়ত অসমৰ জনমূৰি আয় দেশৰ গড় জনমূৰি আয়তকৈ অধিক আছিল আৰু অসম জনমূৰি আয়ত দেশৰ এখন আগৰণুৱা ৰাজ্য আছিল। কিন্তু প্ৰগতিৰ দৌৰত এতিয়া প্ৰায়বোৰ ৰাজ্য অসমতকৈ বহুত আগুৱাই গ’ল। প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ হৈ থাকিও অসম আজি কেন্দ্ৰৰ অনুগ্ৰহত চলি থকা দুখীয়া ৰাজ্যত পৰিণত হৈছে।

স্বাধীনতাৰ পিছত পূৰ্ৱবংগৰ লগত থকা অসমৰ বাণিজ্যিক পথ সমূহ ৰুদ্ধ হৈ পৰিল। আগতে পূৰ্ব বংগৰ ঢাকা, ময়মনসিংহ, ছট্টগ্ৰাম আদিৰ লগত থকা বেহা বেপাৰৰ সম্পৰ্ক সমূহ নাইকীয়া হ’ল। মাথোন কেই কিল’মিটাৰমান বহল কুকুৰাৰ ডিঙি (Chicken Neck) সদৃশ স্থলভাগেৰে অসম দেশৰ বাকী অংশৰ লগত সংযোজিত হোৱাৰ বাবে অসমৰ ঔদ্যোগীকৰণ, ব্যৱসায় বাণিজ্য আদি সকলো মন্থৰ হৈ পৰিল। বৃটিছ ৰাজৰ সময়তে স্থাপন কৰা উদ্যোগ সমূহেই মূলত: অসমৰ অৰ্থনীতি কোনোমতে ধৰি ৰাখিলে।

আজিৰ সময়ত অসমৰ মুঠ ঘৰুৱা উত্পাদন দেশৰ ভিতৰতে পিছপৰা। ৰাজ্যখনলৈ প্ৰতিবছৰে যথেষ্ট কেন্দ্ৰীয় পুঁজি আৱণ্টিত হয় যদিও আঁচনি প্ৰস্তুত আৰু কাৰ্যকৰীকৰণৰ অসমৰ্থতাৰ বাবে যথেষ্ট পুঁজি অব্যৱহৃত হৈ ঘূৰি যায়। ব্যৱহৃত হোৱা পুঁজিৰ বিপৰীতেও বহু সময়ত ৰাজ্য চৰকাৰে ব্যৱহাৰিক প্ৰমাণ পত্ৰ দিবলৈ অসমৰ্থ হয়। অলপতে ‘কেগ’ৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে অসম চৰকাৰে ১২ হাজাৰ কোটি টকাৰ ব্যৱহাৰিক প্ৰমাণ পত্ৰ দিব পৰা নাই আৰু ৰাজকোষৰ পৰা উলিয়াই নিয়া প্ৰায় বহু টকাৰ কোনো হিচাপ নাই। ৰাজহুৱা ধন ব্যৱহাৰৰ ক্ষেত্ৰত এনে ব্যাপক খেলিমেলিয়ে ৰাজ্যখনৰ বিত্তীয় শৃংখলাহীনতা উদঙাই দেখুৱাইছে। কেন্দ্ৰৰ পৰা উন্নয়নৰ আঁচনিৰ বাবে অহা পুঁজি অন্য কামত ব্যয় হৈছে, উন্নয়নৰ বাবে দিয়া ধন বেংকত ফিক্সড ডিপোজিট কৰি সুদ উপাৰ্জন কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰক আৱণ্টিত ধন ব্যৱহাৰৰ হিচাপ দিব নোৱৰাৰ বাবে নতুন আৱণ্টন বন্ধ হৈ আছে। ফলত উন্নয়ন মূলক প্ৰকল্প, সামাজিক হিতৰ বাবে প্ৰৱৰ্তিত আঁচনি সমূহ বধাপ্ৰাপ্ত হৈছে। বিত্তীয় ব্যৱস্থাৰ এনে খামখেয়ালিয়ে ৰাজ্যখনৰ অৰ্থনীতিৰ বাবে ভয়ংকৰ সংকেট কঢ়িয়াই আনিছে।

এটা কথা নিশ্চয়কৈ ক’ব পৰা যায় যে কেন্দ্ৰৰ পৰা পুঁজি আৱণ্টন কম হোৱাৰ সময়ত কোনো উত্পাদন বা উপাৰ্জন বৃদ্ধি নোহোৱাকৈ ৰাজ্যচৰকাৰে ৰাজকোষৰ ধন মইমতালিৰে খৰছ কৰি থাকিলে অচিৰেই ৰাজ্যখনৰ ৰাজকোষ উদং হৈ পৰিব আৰু শিক্ষক কৰ্মচাৰীক দৰমহা দিবলৈও ধনৰ নাটনি হ’ব। আৰ্থিক সংকটত পৰা ৰাজ্য চৰকাৰে নিশ্চিত ভাৱে তেনে পৰিস্থিতিত কেন্দ্ৰৰ পৰা অধিক অনুগ্ৰহ বিচাৰিব। আঁচনি বহিৰ্ভূত এনে অনুদান নিশ্চয়কৈ ঋণ হিচাপেহে আহিব। তেনে পৰিস্থিতিত ঋণ পৰিশোধ কৰাৰ অতিৰিক্ত বোজাই ৰাজ্যখনক আৰু অধিক বিত্তীয় সংকটলৈ ধাৱমান কৰিব।

অসম অৰ্থনৈতিক উন্নয়নত পিছপৰি থকাৰ কাৰণ কেৱল ভৌগলিক অৱস্থানেই নহয়। ৰাজ্যখনৰ আৰ্থ সামাজিক পৰিৱেশো ইয়াৰ বাবে জগৰীয়া। ভয়ানক নিবনুৱা সমস্যাৰে নিমজ্জিত ৰাজ্যখনত উদ্যোগপতি ব্যৱসায়ী সকলক খীৰতি গায় হিচাপে ব্যৱহাৰ কৰাৰ প্ৰৱণতা গা কৰি উঠিছে। ব্যৱসায়ী সকলৰ পৰা বলপূৰ্বক ধন দাবী, সময় অসময়ে আন্দোলন, বন্ধ, বিক্ষোভ আদিয়ে ৰাজ্যখনত ব্যৱসায় বাণিজ্যৰ বাবে সুচল পৰিৱেশ সৃষ্টি হ’বলৈ দিয়া নাই। পৰিস্থিতিৰ উন্নতিৰ বাবে চৰকাৰৰ তৰফৰ পৰাও বিশেষ কোনো সদিচ্ছা প্ৰতিফলিত হোৱা নাই। কেৱল ভোট বেংকৰ প্ৰতিপালনত ব্যস্ত হৈ থকা চৰকাৰ খনে ৰাজ্যখনৰ উন্নয়নতকৈ পৰৱৰ্তী নিৰ্বাচন জিকাৰ অংকতহে অধিক আগ্ৰহী হৈ পৰিছে।

গ্ৰীছৰ অৰ্থনৈতিক সংকটে এই কথাকে প্ৰতিপন্ন কৰিছে যে আনৰ ওপৰত নিৰ্ভৰশীল হৈ চিৰদিন চলিব পৰা নাযায়। স্ব নিৰ্ভৰশীল হ’ব নোৱৰা দেশ বা ৰাজ্য এখনৰ বাবে আঠুৱা চাই ঠেং নেমেলিলে বিত্তীয় সন্তুলন বজাই ৰখাটো সম্ভৱপৰ নহয়। সেয়েহে বিত্তীয় শৃংখলা বজাই ৰখাটো অতি প্ৰয়োজনীয়। কিন্তু আমাৰ নিৰ্বাচনকেন্দ্ৰিক শাসন ব্যৱস্থাত চৰকাৰে বিত্তীয় অনুশাসন মানি চলাৰ পৰম্পৰা দেখিবলৈ পোৱা নাযায়। অসমৰ দৰে কেন্দ্ৰৰ অনুগ্ৰহত বৰ্তি থকা ৰাজ্য সমূহৰ বাবে বিত্তীয় শৃংখলাৰ গুৰুত্ব আটাইতকৈ বেছি। কাৰণ কেন্দ্ৰই দিয়া ধনৰ হিচাপ দিয়াটো অনিবাৰ্য।

গ্ৰীছৰ অৰ্থনৈতিক পৰিস্থিতিয়ে ইতিমধ্যে সমগ্ৰ বিশ্বকে জোকাৰি গৈছে। গ্ৰীছৰ অৰ্থনৈতিক সংকটৰ পৰা অসম চৰকাৰে কিবা শিক্ষা ল’ব পাৰিবনে?

লেখক দুলীয়াজান নিবাসী। ফোন: ৯৪৩৫০৩৯৮২০

No comments:

Post a Comment