Sunday, May 17, 2015

শ্ৰদ্ধাঞ্জলি

 পৰাগদাৰ সন্ধানত...
অজয় লাল দত্ত
(১)
শান্ত সৌম্য চেহেৰাৰ বুদ্ধিদীপ্ত মেধা অসমীয়াজনৰ কথা মনত পেলালেই “বুধবাৰ”, “আগান” আদিলৈ মনত পৰে। সঁচাই কি উত্তাল আছিল সেই পৰিবেশ, বিপন্ন সময়ৰ মাজতো ধীৰ গতিৰে কলম নিগৰাই ধুমুহা আনিছিল পৰাগদাই। অসমৰ মাটিতে কলমৰ শক্তিক লৈ শংকিত হৈছিল শাসক, ৰাষ্ট্ৰ, লুণ্ঠনকাৰী বণিক, বিদ্ৰোহী অথবা ভেশী-ছদ্মবেশী ঘাতক-আততায়ী। আপোচবিহীন সাংবাদিকতাৰ এক অন্য নাম হৈ ১৯৯৬চনৰ ১৭মে'ত ৰাজপথত ঢলি পৰিও জিলিকি উঠিছিল পৰাগদা!

তেজে ধোৱা অসমক লৈ ‘স্বাধীনতাৰ স্বপ্নগাঁথা’ নামৰ উপন্যাসখনত লিখিছিলো- “ৰক্তিমে চোলাৰ তলত ‘চাংলট ফেনলা’খন লুকুৱাই আনিছে। নীলৰ কঁকালৰ খোঁচনিত ‘স্বাধীন অসমৰ অৰ্থনীতি’। আজিকালি সিহঁতে ‘পষেক’ পঢ়ে, ভাৱনাতে চে গুৱেভাৰা হয়, বিদ্ৰোহী হয়। নল বিৰিণাৰ মাজৰ পৰা কনচেংহঁতৰ দৰে সঁচাসচিকৈ গুলী চলোৱাৰ, গ্ৰেনেড দলিওৱাৰ সপোনে হাত বাউল দি মাতে। পানীৰ কলহ লৈ ঘূৰি অহা গাভৰুজাকলৈ চাই সিহঁতৰ ৰ’ লাগিবৰ মন নাযায়। ম’থাউৰিৰ ওপৰেদি মাও জে দুঙৰ লং মাৰ্চটো আগুৱাই নিবৰ মন যায়....”। সঁচাই নব্বৈৰ দশকৰ মাজেদি কৈশোৰ-যৌৱন কটোৱা এচাম সচেতন অসমীয়া যুৱকৰ জীৱনযাত্ৰা এনেকুৱাই নাছিলনে?

“কি কৰো কি নকৰো বুলি এন্ধাৰতে খেপিয়াই ফুৰা দিনবোৰতেই সিহঁতৰ তেজাল যৌৱনত জুই দিবলৈ আহিল, এজাক তৰুণ। নিজেও জীৱনৰ বিলাস সামৰি পৰিবৰ্তনৰ জোৰ লৈ আহিল, তাৰেই পোহৰত কলম চলালে। ইমান পোহৰ, এই দিশে ইমান পোহৰ। হয় তাৰ প্ৰিয় ৰঙবোৰৰ পয়োভৰ। সেউজীয়া, নীলা, ক’লা-কজলাৰে ভৰা সেই ৰঙ। সি মতলীয়া হ’ল, ৰক্তিম উতনুৱা হ’ল। এতিয়া সিঁহতৰ মাথো ভাল লাগে এটাই মাথো ৰং, ক্লেমোফেজ, সিহঁতৰ প্ৰিয় ৰং!” 

এই পটভূমিত কজলাৰঙী পোচাকত কলিজা বান্ধি হাবিত সোমোৱা তেজাল যৌৱনবোৰৰ কথা পাহৰি আধুনিক অসমৰ ইতিহাস আজি যি দৰে সম্পূৰ্ণ নহয়, সেইদৰেই অসমৰ স্বকীয়তা, স্বাধীন পৰিচয়ৰ সংজ্ঞা দিয়া আৰ্থ-সামাজিক-ৰাজনৈতিক ইতিহাসক পৰাগ কুমাৰ দাসৰ চিন্তা-স্ৰোতক বাদ দি কল্পনা কৰিব নোৱাৰি। স্বতন্ত্ৰ জাতীয় চেতনাৰ বাহক নিৰ্ভীক অসমীয়া বুদ্ধিজীৱিজনৰ চিন্তা আৰু কৰ্মৰ সঠিক মূল্যায়ন আজিকোপতি আমাৰ জাতিটোয়ে কৰিব পৰা নাই বুলি অনুভৱ কৰো। তেওঁৰ কৰ্মৰাজি আৰু জাতীয় ভূমিকাক সংবিধান বিৰোধী বিচ্ছিন্নতাবাদী মতৰ ছাপ মাৰি গণসমাজৰ পৰা আঁতৰাই ৰখাৰ এক বৌদ্ধিক অপচেষ্টাক প্ৰতিহত কৰাৰ প্ৰত্যাহ্বান বিশ্লেষণাত্মক নজৰেৰে নতুন পুৰুষেই গ্ৰহণ কৰিব লাগিব।

(২)
পৰাগদাক হেৰুৱাই হোমেন বৰগোহাঞি ডাঙৰীয়াই লিখিছিল — “পৰাগ কুমাৰ দাস কেৱল এজন প্ৰতিভাৱান তৰুণ সাংবাদিকেই নাছিল, তেওঁ আছিল বিৰাট পৰিৱৰ্তনৰ পৰিকল্পনা কৰিব পৰা আৰু তাৰ কাৰণে জীৱনৰ সকলো সুখ-স্বাচ্ছন্দ্য ত্যাগ কৰিব পৰা এজন সাহসী, চিন্তাশীল মানুহ”। যুক্তি আৰু বস্তুনিষ্ঠ বিশ্লেষণেৰে অসমীয়াৰ স্বকীয় পৰিচয়, স্বাৱলম্বী অৰ্থনীতিৰে এক শক্তিশালী জাতি গঢ়াৰ সপোনৰ আলোক দেখুৱাই সৰ্বস্ব ত্যাগ কৰি যোৱাজনৰ প্ৰতি ন্যায়-প্ৰাপ্তি আজিও আমি অৰ্জন কৰি লব পৰা নাই, এয়াও আমাৰ বাবে কিমান দুৰ্ভাগ্যজনক কথা, অনুভৱ কৰিব পাৰেনে?

জনপ্ৰিয় মাধ্যমত উপলদ্ধ সূত্ৰৰ পৰা জানিব পৰা মতে অভিযোগৰ আঙুলি উঠা চাৰিজন ঘাতকৰ তিনিজনেই ইতিমধ্যে নিহত হৈছে। উনৈশ বছৰৰ পাছতো ভাৰতীয় ন্যায় ব্যৱস্থাই পৰাগদাৰ হত্যাকাৰীক শাস্তি দিব বুলি আশা কৰি থকা ‘অতিপাত আশাবাদী’ সকলেও হেনো এতিয়া মাথো সপোনহে দেখে, অসমত এনে দিনো আহিব, চহৰে-নগৰে খলকনি লগাই ভ্ৰাম্যমাণৰ নাটক চলিব, “মৃদুল ফুকনে যেতিয়া মুখ খুলিব”! সঁচাই হত্যাকাৰীয়ে বিবেক দংশনত ভোগাৰ দুৰাশাৰ বাহিৰে একো এটা আশা ন্যায় ব্যৱস্থাই আমাক দিব নোৱাৰাটোৱে বাৰু সঁচাই সমাজৰ কোনটো দিশৰ উন্মোচন কৰিছে? সিও আজিৰ এক গুৰুত্বপূৰ্ণ প্ৰশ্ন!

(৩)
পৰাগ দাস কোন আছিল? অসমক তেওঁ কি দি থৈ গৈছিল? ইণ্টাৰনেট আৰু চ’ছিয়েল মেডিয়াত সঘন পৰিভ্ৰমণকাৰী নতুন প্ৰজন্মই সতকাই এই প্ৰশ্ন তোলে। আজি কুৰিৰ দেউনা পাৰ হোৱা সকলৰ বেছি ভাগেই অসমখনৰ সেই জটিল কালচোৱাত খুৱেই কম বয়সীয়া আছিল। সেয়ে পৰাগদাৰ বিষয়ত নতুন প্ৰজন্মৰ মাজতো সামাজিক যোগসূ্ত্ৰৰ মঞ্চত আগ্ৰহ দেখিবলৈ পোৱাতো অতিশয় ইতিবাচক কথা বুলি বিবেচনা কৰিছো। সেইসকলৰ বাবেই এতিয়া পৰাগদাৰ ৰচনা-সমগ্ৰ অনলাইন পুথিভঁৰাল বা ইউনিকোডীয় সংস্কৰণত ৰখাতো প্ৰয়োজনীয় হৈ পৰিছে। কালৰ বুকুত যাতে বুলেটৰ আঘাতে নিঠৰ কৰা পৰাগদাৰ চিন্তা-স্ৰোত অবিৰত হৈ বৈ থাকিব পাৰে তাৰ বাবে এয়া সঁচাকৈয়ে কৰণীয়।

সাহিত্য.অৰ্গ নামৰ মাহেকীয়া অনলাইন আলোচনীখনে পৰাগদাৰ নিৰ্বাচিত লেখনি সমূহৰ ইউনিকোডীয় ৰূপত সংৰক্ষণৰ ব্যৱস্থা কৰিছে। ইংৰাজীলৈকো অনুবাদৰ প্ৰকল্প হাতত লব পাৰিলে ভাল হয়, বিশ্ব সমাজৰ আগ্ৰহীজনকো তেওঁৰ চিন্তাৰ ফচল সমূহৰ সোৱাদ দিয়াৰ কথা চিন্তা কৰা উচিতেই। ফেচবুকৰ জৰিয়তে সংগঠিত “অসমীয়াত কথা-বতৰা” গোটৰ পৰা গঢ় লোৱা ভাষা সাহিত্য সন্মিলনী, অসমে ৰাজগড়স্থিত শ্বহীদ স্থলীত নৱ-প্ৰজন্মৰ মাজত পৰাগদাৰ স্মৃতি সজীৱ কৰি ৰখাৰ বাবে বিগত বৰ্ষত স্থাপন কৰিছে এটি আবক্ষ মূৰ্তি। এই উপলক্ষত প্ৰকাশিত স্মৰণিকাখনিত ‘অসম বাণী’ৰ সম্পাদক দিলীপ চন্দনে সেই পদক্ষেপত সন্তোষ প্ৰকাশ কৰি লিখিছিল-“য’ত তেওঁক আততায়ীয়ে নিৰ্মম নিষ্ঠুৰতাৰে হত্যা কৰিছিল, সেইখণ্ড ঠাইত উন্নত শিৰেৰে তেওঁৰ প্ৰতিমূৰ্তি দণ্ডায়মান হৈ সোঁৱৰাই থাকিব সঁচা সাংবাদিকতাৰ কথা, সত সাংবাদিকতাৰ কথা আৰু জনতাৰ বাবে গণমুখী সাংবাদিকতাৰ কথা।” সঁচাই পৰাগদা অসমত সাংবাদিকতাৰ নিকা আৰু আপোচবিহীন মূৰ্তি হৈ চিৰদিন উজলি থাকক।

তেখেত কেৱল সাংবাদিকেই আছিলনে? দিল্লী স্কুল অৱ ইকনমিকচৰ স্নাতকোত্তৰ হৈ পেশাগত ভাৱে লাভ কৰা গুৱাহাটী ষ্টক এক্সছেঞ্জৰ মহাপ্ৰৱন্ধকৰ চাকৰি ত্যাগ কৰি, কলমৰ আগেৰে আদৰ্শ আৰু চেতনাৰ স্ৰোত বোৱাই সমাজ পৰিবৰ্তনৰ সপোন দেখা এজন ৰূপান্তৰৰ সাধক আছিল পৰাগদা। অসমৰ জনজাতীয় ৰাইজৰ আশা-আকাংক্ষা, মাটিৰ অধিকাৰ, সম্পদৰ অধিকাৰক লৈ পৰাগদাই লিখি যোৱা বিশ্লেষণাত্মক লেখনিৰ প্ৰাসংগিকতা আজিও আছে। চৰ-চাপৰিৰ অভিবাসী ন-অসমীয়া সকলৰ জীৱন-যাত্ৰা আৰু আধুনিক অসমীয়া জাতি গঠনৰ বিষয়ত “প্ৰান্তিক”ত প্ৰকাশিত প্ৰৱন্ধই আজিও অসমৰ ঐক্য-সংহতিপূৰ্ণ-সাম্প্ৰদায়িক সম্প্ৰীতিৰ এনাজৰীৰ সূতাডাল আগুৱাই দিবলৈ সক্ষম। অসমৰ প্ৰাকৃতিক সম্পদৰ ওপৰত অধিকাৰ, উপনিবেশিক ধাৰাৰ শোষণ-নিষ্পেষণ, অনা-অসমীয়া বণিকৰ হাতত লুণ্ঠিত হোৱা অসমৰ অৰ্থনীতি, স্বৈৰাচ্ছাৰী অসমীয়া ৰাজনৈতিক শ্ৰেণী তথা শাসকৰ বিৰুদ্ধে কলমেৰে যুক্তিৰে এঘড়ী যুঁজদি নাম ৰাখি গৈছিল পৰাগদাই। অসমত ৰাষ্ট্ৰৰ দমনমূলক নীতিৰ ফলত হোৱা ব্যাপক মানৱ অধিকাৰ হননৰ বিৰুদ্ধে মানৱ অধিকাৰ সন্দৰ্ভত জাগৰণ অনাৰ আগৰণুৱা আছিল পৰাগদা। স্বেচ্ছাচাৰী শাসকৰ হাতত হৃত হবলৈ ধৰা গণতান্ত্ৰিক অধিকাৰৰ বাবে অসমৰ বৌদ্ধিক শক্তিক একেখন মঞ্চলৈ আনি থিয় কৰাব পৰা নেতৃত্বৰ গুণ, লুইতৰ বুকুৱেদি সাউদৰ নাও মেলি বৰ্হি-বিশ্বৰ সতে অৰ্থনীতিৰ পোহাৰ মেলাৰ সপোন দেখা মানুহ আছিল সেইজনা শান্ত-সৌম্য পৰাগ কুমাৰ দাস।

সশস্ত্ৰ বিপ্লৱী সকলৰ সৈতে থকা পৰাগদাৰ মৌলিক মতাদৰ্শৰ ভিন্নতাক কিন্তু অসমৰ বুদ্ধিজীৱি সকলে আজিও ফঁহিয়াই দেখুৱাবলৈ যেন নাৰাজ! সাৰ্বভৌম স্বাধীন অসমৰ সপক্ষে চলা সশস্ত্ৰ সংগ্ৰামৰ বিপৰীতে পৰাগ দাসৰ দৰ্শন আছিল ভাৰতৰ ভিতৰত থাকিয়ে নিজৰ জাতীয় অধিকাৰ সাব্যস্ত কৰাটোহে। স্বাধীন অসমৰ ঐতিহাসিক নাৰ্যতাক স্বীকাৰ কৰিও তেওঁ কিন্তু ফেডাৰেল ব্যৱস্থাৰে সম্পদৰ অধিকাৰ আৰু বিচ্ছিন্নতাৰ অধিকাৰেই যে যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত যুক্ত হোৱা প্ৰদেশবোৰক উপযুক্ত মৰ্যদা প্ৰদান কৰাব পাৰে বুলি বিশ্বাস কৰিছিল আৰু সেই মতাদৰ্শৰ বৌদ্ধিক-গণতান্ত্ৰিক সংগ্ৰাম অব্যাহত ৰাখিছিল। অসম সকলো স্তৰৰ সৰ্ব-সাধাৰণক জাতীয় সমস্যা, সংগ্ৰাম, জাতীয় সম্পদ লুণ্ঠন, হিন্দী সম্প্ৰসাৰণবাদ আদি বিষয়ৰ প্ৰতি সচেতন তথা উদ্বুদ্ধ কৰাত সফল হৈছিল। অসমক মৰ্যদা সহকাৰে ভাৰতৰ সৈতে যুক্ত হৈ থকাৰ সম্ভাৱনা প্ৰকট কৰা তেখেতৰ “স্বাধীনতাৰ প্ৰস্তাৱ” নামৰ গ্ৰন্থও হৈ পৰিছিল ৰাষ্ট্ৰ দৃষ্টিত নিষিদ্ধ ঘোষিত। “চাংলট ফেনলা” উপন্যাসত বিদ্ৰোহীৰ অমানৱীয় কৰ্মকাণ্ডকো তেওঁ সৱলভাৱে সমালোচনা কৰিছিল। তথাপি বহুতেই তেওঁৰ সৃষ্টিৰাজিক উদেশ্যপ্ৰণোদিত ব্ৰেণ্ডিঙেৰে অপ-মূল্যায়ন কৰাৰ প্ৰচেষ্টা চলাইছিল। তেখেতৰ “স্বাধীন অসমৰ অৰ্থনীতি”, “নিষিদ্ধ কলম আৰু অন্যান্য”, “ৰাষ্ট্ৰদোহীৰ দিনলিপি”কে ধৰি গ্ৰন্থৰাজি আৰু অন্যান্য প্ৰকাশিত প্ৰৱন্ধ তথা লেখাত অসমৰ নতুন প্ৰজন্মই পাব পাৰে চিন্তাৰ অলেখ সমল। ৰচনা সমগ্ৰৰ পুনৰ প্ৰকাশ অথবা অনলাইন সংস্কৰণ ব্যৱস্থাৰে পৰাগদাৰ চিন্তা-চেতনাক নতুন পুৰুষৰ হাতত তুলি দিয়াৰ কথাও চিন্তা কৰিব লাগিব। আৰু এই দ্বায়িত্ব লব লাগিব, তেখেতৰ অনুৰাগী, গুণমুগ্ধ আৰু সচেতন অসমীয়া সকলেই।

এতিয়াও মনত আছে, স্কুলৰ পৰীক্ষাৰ শেষৰ বন্ধত গুৱাহাটীৰ গ্ৰন্থমেলালৈ ঢাপলি মেলাৰ কথা। তেতিয়া উদাংশ্ৰী প্ৰকাশন নামেৰে এটা প্ৰকাশন সংস্থা খুলি নিজাকৈ কিতাপ প্ৰকাশ আৰু “আগান” নামৰ বাৰ্তালোচনীৰ প্ৰকাশৰ ব্যৱস্থা কৰিছিল পৰাগদাই। সৰু ল’ৰা আছিলো যদিও প্ৰতিবছৰেই সেই প্ৰকাশনৰ ষ্টলত গৈ সময় কটাইছিলো আৰু আগ্ৰহেৰে তেখেতৰ কথালৈ কানপাতি থাকিছিলো। তেতিয়াই এদিন তেখেতে কৈছিল- “পাৱাৰ জোতা পিন্ধি কিতাপ নিবলৈ অহা ল’ৰাবোৰলৈ মন কৰিবা, তেওঁলোকেই অৰণ্যৰ বিপ্লৱী, চিনিবা”। তেতিয়া আমিও দুচকুৰে সেই বিপ্লৱীসকলক ভৰি চাই চিনিবলৈ চেষ্টা কৰিছিলো। সঁচাই পৰাগদাই দিয়া ইংগিতৰ দৰেই কেৱল ভৰিৰ জোতা আৰু খোজ নিৰীক্ষণ কৰিয়েই, সলনি হোৱা বিপ্লৱৰ ৰূপ-ৰেখাবোৰ আমি সকলোৱেই চিনিব পাৰিছো।

ৰাইজ সচেতন হওক, অধ্যয়ন কৰক, নিৰীক্ষণ কৰক আৰু সততা-নিষ্ঠাৰে, তথ্য আৰু যুক্তিৰ ভেঁটিত স্বাৱলম্বী অসমৰ ভৱিষ্যত নিৰ্ণয় কৰক, ন-পুৰুষেও জাতীয় দায়বদ্ধতাৰে অধ্যয়নপুষ্ট হৈ হাত উজান দিয়ক। তেনে কৰিলে পৰাগদাৰ দৰে চিন্তাশীল, আপোচবিহীন চিন্তাবিদৰ আত্মত্যাগ নিশ্চয়কৈ সফল হবই, সেয়াও নিশ্চিত।

No comments:

Post a Comment