সাম্প্ৰতিক প্ৰসংগ - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here
অৰুণা ছানভাগৰ জীৱন আৰু মৃত্যু
দীপাংকৰ মল্ল বৰুৱা
১৮ মে’, ২০১৫ চনৰ ৰাতিপুৱা মধ্য মুম্বাইৰ বিখ্যাত কিং এডৱাৰ্ড মেম’ৰিয়েল হস্পিতালৰ ৪নং ৱাৰ্ডত অৰুণা ছানভাগ নামৰ এগৰাকী ৬৬ বছৰীয়া মহিলাৰ মৃত্যু হ’ল। এইগৰাকী মহিলাই সুদীৰ্ঘ ৪২ বছৰ জুৰি হস্পিতালখনৰ এখন বিচনা অধিকাৰ কৰি আছিল। তেওঁৰ মৃত্যুত হস্পিতালখনৰ চিকিত্সক, নাৰ্চ সকল ম্ৰিয়মান হ’ল। হস্পিতালখনৰ দীৰ্ঘতম সময়ৰ বাসিন্দা এগৰাকীৰ মৃত্যুত আটায়ে অনুভৱ কৰিলে প্ৰিয়জনক হেৰুওৱাৰ বেদনা। হস্পিতাল খনৰ নাৰ্চ আৰু চিকিত্সা কৰ্মী সকলে মিলি তেওঁৰ দেহৰ সত্কাৰৰ ব্যৱস্থা কৰিলে।

১৯৭৩ চনৰ ২৭ নৱেম্বৰৰ দিনা হস্পিতালখনত কনিষ্ঠ নাৰ্চ হিচাপে কৰ্মৰত অৰুণা নিশাৰ সময়ত একেখন হস্পিতালত কাম কৰা চোহনলাল বাল্মিকী নামৰ এজন জামাদাৰৰ আক্ৰমণৰ সন্মুখীন হৈছিল। অৰুণাই কাপোৰ সলাই থকা অৱস্থাতে অতৰ্কিতে চোহনলালে তেওঁক আক্ৰমণ কৰি বলাত্কাৰ কৰিছিল আৰু কুকুৰক বন্ধা পেটীৰে তেওঁৰ ডিঙিত চেঁপা দি তেওঁক হত্যা কৰিবলৈ চেষ্টা কৰিছিল। সেই আক্ৰমণত তেওঁৰ মগজুলৈ অক্সিজেন প্ৰবাহিত হোৱা নলীডাল আঘাটপ্ৰাপ্ত হোৱাত তেওঁৰ মগজু বেয়াকৈ ক্ষতিগ্ৰস্থ হৈছিল। পিছদিনা ৰাতিপুৱা চাফাই কৰ্মী সকলে তেজেৰে লুতুৰি পুতুৰি অৱস্থাত তেওঁক উদ্ধাৰ কৰি একেখন হস্পিতালতে চিকিত্সাৰ ব্যৱস্থা কৰিছিল। সেই সময়ৰ পৰাই প্ৰায় সম্পূৰ্ণ অসাৰ অৱস্থাত সুদীৰ্ঘ ৪২ বছৰ ধৰি অৰুণা শৰ্যাসায়ী হৈ আছিল। 

হস্পিতালৰ কৰ্মীৰ দ্বাৰা নাৰ্চ এগৰাকীৰ ওপৰত হোৱা এই আক্ৰমণে হস্পিতালখনৰ ভাৱমূৰ্তিত আঘাট হানিলে। সেয়েহে তেওঁলোকে বলাত্কাৰৰ কথাটো গোপনে ৰাখিবলৈ চেষ্টা কৰিলে। আৰক্ষীক দিয়া অভিযোগত অৰূনাৰ বলাত্কাৰ হোৱা কথাটো উল্লেখ নকৰিলে। বৰং ঘটনাটো ডকাইতি আৰু হত্যাৰ চেষ্টা বুলিহে অভিহিত কৰা হ’ল। এই ক্ষেত্ৰত হস্পিতাল কৰ্তৃপক্ষই পিছত যুক্তি আগবঢ়াইছিল যে অৰুণাৰ সামাজিক সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখিহে তেওঁলোকে এনে ব্যৱস্থা কৰিছিল। উল্লেখ্য যে সেই সময়ত অৰুণা একেখন হস্পিতালত কাম কৰা চিকিত্সক এজনৰ বাগদত্তা আছিল। দোষী চোহনলালক আটক কৰা হ’ল আৰু বিচাৰৰ অন্তত তেওঁক সাত বছৰৰ বাবে কাৰাগাৰলৈ নিক্ষেপ পৰা হ’ল। কিন্তু বলাত্কাৰৰ গোচৰত আৰোপিত নোহোৱা বাবে চোহনলালৰ কাৰদণ্ডৰ পৰিমাণ কম হ’ল। সাত বছৰ পিছত কাৰাগাৰৰ পৰা ওলাই এতিয়া হেনো চোহনলামে নাম সলনি কৰি দিল্লীৰ কোনোবা হস্পিতালত কৰ্মৰত হৈ আছে।

কিন্তু এই ঘটনাটোৱে চৌবিশ বছৰীয়া নাৰ্চ অৰুণাৰ জীৱনলৈ অমানিশা নমাই আনিলে। তেওঁ হেৰুৱাই পেলালে বাকশক্তি, দৃষ্টিশক্তি আৰু নিজৰ শৰীৰৰ ওপৰত সকলো নিয়ন্ত্ৰণ। হাঁহি মাতি ধেমালি কৰা ছোৱালীজনী হঠাতে এটা উশাহ লৈ থকা মৃতপ্ৰায় প্ৰাণীত পৰিণত হ’ল। অৰুণাৰ দুখীয়া পৰিয়ালটোৱে চিকিত্সাৰ খৰছ বহন কৰিবলৈ অপাৰগ আছিল। চিকিত্সাৰ অভাৱত অৰুণাৰ মৃত্যু নিশ্চিত হৈ পৰিছিল। সেই সময়তে হস্পিতালখনৰ নাৰ্চ সকলে অৰুণাৰ জীৱন ৰক্ষা কৰাৰ দাবীত আৰু হস্পিতালখনত কৰ্তব্যৰত নাৰ্চ সকলৰ সুৰক্ষাৰ দাবীত আন্দোলন আৰম্ভ কৰিলে। সমগ্ৰ মুম্বাই চহৰৰ নাৰ্চ সকলেও এই আন্দোলনলৈ সমৰ্থন আগবঢ়ালে। হস্পিতাল কৰ্তৃপক্ষই নাৰ্চ সকলৰ দাবীৰ আগত সেও মানি মৃত্যুৰ সময়লৈকে অৰুণাৰ চিকিত্সাৰ ব্যৱস্থা ল’বলৈ দায়িত্ব গ্ৰহণ কৰিলে। সেই সময়ৰ পৰাই অৰুণাৰ ঠিকনা হ’ল কিং এডৱাৰ্ড মেম’ৰিয়েল হস্পিতালৰ ৱাৰ্ড নং ৪।

এগৰাকী শিশুৰ দৰেই মৃত্যুৰ সময়লৈকে অৰুণাৰ আল পৈচান ধৰি গ’ল সেই হস্পিতালখনৰ নাৰ্চ আৰু চিকিত্সক সকলে। সাত বছৰ কাল বিছনাত পৰি থকাৰ পিছত ১৯৮০ চনত হস্পিতাল কৰ্তৃপক্ষই অৰুণাক সেই হস্পিতালৰ পৰা আন এখন কম খৰছৰ হস্পিতাললৈ স্থানান্তৰিত কৰাৰ কথা গুণাগঁথা কৰিছিল। কিন্তু সেইবাৰো হস্পিতালখনৰ নাৰ্চ সকলৰ তীব্ৰ প্ৰতিবাদত সেয়া সম্ভৱ হৈ নুঠিল।

অৰুণাৰ অৱস্থাৰ কোনো পৰিৱৰ্তন নোহোৱা বাবে তেওঁক ইচ্ছাকৃত ভাৱে মৃত্যুদান দিয়াৰ কথাও চৰ্চালৈ আহিছিল। চিকিত্সা শাস্ত্ৰ অনুসৰি অৰুণাৰ অৱস্থাৰ শুধৰণি হোৱাৰ কোনো আশা নাছিল। অৰুণাৰ এগৰাকী বান্ধৱী, সাংবাদিক পিংকী ৱিৰাণীয়ে ২০১০ চনত ন্যায়ালয়লৈ অৰুণাক মৃত্যুদান দিয়াৰ বাবে আবেদন কৰিছিল। তেওঁৰ যুক্তি আছিল যে, যিহেতু অৰুণাৰ ভাল হৈ উঠাৰ কোনো আশা নাছিল, সেয়েহে তেওঁক কষ্ট দি জীয়াই ৰখাতকৈ শান্তিৰে মৰিবলৈহে দিয়া উচিত। দেশত এইদৰে মৃত্যুদান দিয়াৰ কোনো আইন নথকাৰ বাবে ন্যায়ালৈয়ে বিষয়টো উচ্চতম ন্যায়ালয়লৈ ঠেলিলে। উচ্চতম ন্যায়ালয়ে ২০১০ চনৰ ১৭ ডিছেম্বৰ তাৰিখে এই আবেদৰ ভিত্তিত হস্পিতাল কৰ্তৃপক্ষ আৰু মহাৰাষ্ট্ৰ চৰকাৰৰ পৰা অৰুণাৰ শাৰীৰিক অৱস্থাৰ বিষয়ে প্ৰতিবেদন বিচাৰিলে। তিনিজনীয়া চিকিত্সকৰ দল এটাই অৰুণাৰ শাৰীৰিক অৱস্থা পৰ্যবেক্ষণ কৰি এই বুলি প্ৰতিবেদন দাখিল কৰিলে যে অৰুনাৰ অৱস্থাৰ উন্নতি হোৱাৰ কোনো আশা নাই।

উচ্চতম ন্যায়ালয়ে ২০১১ চনত ৭ মাৰ্চ তাৰিখে দিয়া এটা ৰায়ত পিংকী ৱিৰাণীয়ে দাখিল কৰা অৰুণাৰ মৃত্যুদানৰ আবেদন খাৰিজ কৰিলে। কিন্তু একেটা ৰায়দানতে উচ্চতম ন্যায়ালয়ে পৰোক্ষ মৃত্যুদানৰ সপক্ষে ৰায় দিলে। পৰোক্ষ মৃত্যুদান ব্যৱস্থাত ৰোগীক এনেবোৰ খাদ্য আৰু চিকিত্সাৰ পৰা বঞ্চিত কৰিব পাৰি যিবোৰ ৰোগীৰ জীৱন ধাৰণ কৰি থাকিবলৈ অত্যাৱশ্যকীয় নহয়। অৰুণাৰ মৃত্যুদানৰ আবেদন খাৰিজ হোৱাৰ পিছত কিং এডৱাৰ্ড মেম’ৰিয়েল হস্পিতালৰ নাৰ্চ সকলে আনন্দতে হস্পিতালখনত মিঠাই বিতৰণ কৰে। তেওঁলোকে হেজাৰ কষ্ট সহিও যেন অৰুণাক জীয়াই ৰাখিব বিচাৰিছিল। বিছনাত নিৰ্জীৱ কাঠৰ দৰে পৰি থকা অৰুণাৰ মৃত্যু কোনেও কামনা কৰা নাছিল।

হস্পিতালখনৰ নাৰ্চ, চিকিত্সক সকলে এটা মানৱ জীৱন আসন্ন মৃত্যুৰ পৰা ৰক্ষা কৰি ৰাখিবলৈ যি অহোপুৰুষাৰ্থ কৰিলে সেয়া মানৱতাৰ এক উত্কৃষ্ট নিদৰ্শন। এই ক্ষেত্ৰত হস্পিতাল কৰ্তৃপক্ষৰ সহযোগিতাও শলাগিবলগীয়া। ঘৰৰ মানুহেও পাহৰি যোৱা, অলৰ অচৰ মৃতপ্ৰায় অৰুণাক সুদীৰ্ঘ ৪২ বছৰ কাল জীয়াই ৰখা হ’ল সম্পূৰ্ণ বিনামূলীয়া চিকিত্সাৰে। এই দীঘলীয়া সময়চোৱাত হস্পিতালখনত বহুতো নতুন চিকিয়্সক, নাৰ্চ আহিল। আগৰ বহুজন আঁতৰি গ’ল। কিন্তু অৰুণা এক জীৱন্ত কিম্বদন্তী হৈ হস্পিতালখনৰ ৪ নং ৱাৰ্ডৰ বিছনাত জীয়াই থাকিল সকলোৰে অতুলনীয় সেৱা আৰু শুশ্ৰূষাৰ বলত। ১৮ মাৰ্চ তাৰিখে ৰাতিপুৱা হৃদযন্ত্ৰ বিকল হৈ প্ৰাকৃতিক ভাৱে অৰুণা ছানভাগৰ মৃত্যু হ’ল।

ভাৰতীয় সংবিধানে নাগৰিকক জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰিছে যদিও ইচ্ছামৃত্যু বা মুমুৰ্ষ ৰোগীক মৃত্যুদানৰ অধিকাৰ প্ৰদান কৰা নাই। উচ্চতম ন্যায়ালয়ে এতিয়াও এই বিষয়ত চূড়ান্ত সিদ্ধান্ত দিব পৰা নাই। মৃত্যুদান সম্পৰ্কীয় আইন দেশত নথকাৰ বাবে ২০১১ চনত উচ্চতম ন্যায়ালয়ে পৰোক্ষ মৃত্যুদানৰ ৰায়টোও বিবাদিত হৈ পৰিছে। সমগ্ৰ বিষয়টো এতিয়াও উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বেঞ্চৰ বিচাৰাধীন হৈ আছে। 

এগৰাকী নিশ্চিত মৃত্যুমুখী ব্যক্তিক সসন্মানে মৃত্যুদান দিয়া উচিত নে অনুচিত সেয়া হয়তো এক সামাজিক বিতৰ্কৰ বিষয়। এনে সংবেদনশীল বিষয় এটা আইনৰ অধীনলৈ অনাৰ আগতে এনে আইনে সৃষ্টি কৰিব পৰা সামাজিক প্ৰভাৱৰ বিষয়ে বিষদভাৱে অধ্যয়ন কৰাৰ প্ৰয়োজন আছে। সেইদৰে চিকিত্সা বিজ্ঞানে কেনে অৱস্থাত থকা ৰোগী এজনক এনে মৃত্যুদানৰ উপযুক্ত বুলি বিবেচনা কৰিব পাৰে সেই কথা পুংখানুপুংখ ভাবে জনাৰ প্ৰয়োজন আছে। অন্যথা এই আইনৰ অপপ্ৰয়োগে সমাজ জীৱনলৈ বিভীষিকা মাতি আনিব পাৰে।

অৰুণা ছানভাগ এক বিশ্ব অভিলেখৰ অধিকাৰী হৈছে। বিশ্বৰ দীৰ্ঘতম সময় মুমুৰ্ষ অৱস্থা বা ‘কোমা’ত থকা ব্যক্তি হিচাপে তেওঁ স্বীকৃতি পাইছে। কিং এডৱাৰ্ড মেম’ৰিয়েল হস্পিতালখনে ৮২ বছৰ জুৰি কোমাত থকা ৰোগী গৰাকী জীয়াই ৰাখি এক অসাধ্য সাধন কৰিছে।

তেওঁৰ ঘটনাটোৱে এনে ৰোগীক মানৱতাৰ দৃষ্টিকোনৰ পৰা মৃত্যুদানৰ ঔচিত্যৰ বিষয়টোত নতুনকৈ বাদ বিবাদৰ সূত্ৰপাত কৰিছে। কিছুসংখ্যক লোকে এই বিষয়ত অনতিপলমে এখন উপযুক্ত আইনৰ পোষকতা কৰিছে। কিন্তু ৰাজনৈতিক ভোটৰ সমীকৰণত ব্যস্ত আইন প্ৰণেতা মন্ত্ৰী সাংসদ সকলে এই সংবেদনশীল বিষয়টোৰ ওপৰত কিমান গুৰুত্ব দিয়ে সেয়া লক্ষণীয় হ’ব।
লেখকৰ ঠিকনাঃ দুলীয়াজান, ফোন: ৯৪৩৫০৩৯৮২০

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages