Thursday, October 3, 2013

বিতৰ্ক

গান্ধী বনাম নাথুৰাম
এক নীতিমূলক দ্বন্দবাদ

- ভাস্কৰ জ্যোতি হাজৰিকা
জনমানসত এজন ভুল পথিক নাথুৰাম গডচে্ । হিন্দু মৌলবাদী হিচাপে তেওঁক আখ্যা দিয়া হয় । গান্ধীৰ হত্যাৰ পিছত নাথুৰাম গডচেৰ বিষয়ে সকলো তথ্য চৰকাৰে গোপন কৰি ৰখাৰ বাবে জনগণে খুব কমকৈ তেওঁৰ সঠিক তথ্য জানিবলৈ পায় । সেই সময়ত তেওঁ লিখা চিঠি-পত্ৰ সমূহৰ লগতে ন্যায়ালয়ৰ তথ্য-পাতি সমূহ কিছুদিনৰ আগলৈকে সমাজৰ পৰা নিষিদ্ধ কৰি ৰাখিছিল । 

তেওঁৰ লেখাসমূহ যুক্তি সংগত ভাৱে গৱেষণা কৰিলে প্ৰশ্ন হয় যে তেওঁ প্ৰকৃততে হিন্দু মৌলবাদী সঁচাই আছিলনে? ন্যায়ালয়ৰ তথ্য সমূহ ভালকৈ পঢ়িলে পোৱা যায় যে নাথুৰাম এজন অতি শান্ত প্ৰকৃতিৰ ব্যক্তি আছিল । এজন ব্যক্তি হিচাপে জীৱনত কেতিয়াও কাৰো আগত গান্ধীৰ বিষয়ে বেয়াকৈ কোৱা নাছিল, কিন্তু গান্ধীৰ নীতি আৰু সিদ্ধান্তক বিৰোধিতা কৰিছিল, যিবোৰে হিন্দু সমাজত কু-প্ৰভাৱ বিস্তাৰ কৰিছিল বুলি গডচেই অনুভৱ কৰিছিল৷ 

দেশ বিভাজনৰ পিছত পাকিস্তানৰ পৰা খেদি পঠিওৱা হিন্দু ৰিফিউজিসকললৈ সেৱা আগবঢ়াই আছিল । ৰিফিউজিসকলৰ অধিক সংখ্যক হাত কটা, নাক কটা, ধৰ্ষণ হোৱা শিশু কন্যা, বস্ত্ৰহীন মহিলা । তেওঁলোকৰ দুৰ্দশা দেখি নাথুৰামৰ হৃদয় কান্দি উঠিছিল । তৎসত্বেও নাথুৰামে কোনোদিন মুছলিম সকলৰ কোনো এজনকে অপকাৰ কৰা নাছিল । এই সকলো দিশলৈ লক্ষ্য কৰিলে এনে লাগে যেন গডচেক হিন্দু মৌলবাদী বুলি আখ্যা দিয়াটো যেন এক ভুল।

এতিয়া বিশ্লেষণ কৰা হওক গডচে্ কাণ্ডৰ আঁৰৰ কাহিনী-
গান্ধীক কি উদ্দেশ্য আগত ৰাখি হত্যা কৰা হৈছিল তাক আমি ভালকৈ নিৰীক্ষণ কৰিলে দেখা পাওঁ যে, গডচেই জন-সমুদ্ৰৰ মাজত গান্ধীক হত্যা কৰি আত্মসমৰ্পণ কৰিছিল আৰক্ষীৰ ওচৰত । সেয়ে ক’ব পাৰি যে ব্যক্তিগত স্বাৰ্থত জাতিৰ পিতাক হত্যা কৰা নাছিল । সন্ত এজনৰ তেজেৰে দুহাত ৰাঙলী কৰি গডচেই আগতীয়াকৈ জানিছিল যে তেওঁক ফাঁচী দিয়াৰ লগতে গডচে এক কলংকিত অধ্যায় হৈ ৰ’ব । উল্লেখ্য যে গডচেৰ বিষয়ে বিস্তৃত ভবে জনাৰ আগতে আমি জানিব লাগিব গান্ধী হত্যা আঁৰৰ মূল উদ্দেশ্য বা কাৰণ ।

সময় আছিল তেতিয়া দেশ বিভাজনৰ । সিদ্ধান্ত লৈছিল ভাৰত চৰকাৰে পাকিস্তানক দেশ হিচাপে গঢ়িবলৈ যি ৫৫ কোটি টকা বিচাৰি আবেদন কৰিছিল সেই আবেদন নাকচ কৰা হ’ব ।কিন্তু  ১৯৪৮ চনৰ ১৩ জানুৱাৰীত চৰকাৰৰ সিদ্ধান্তৰ বিপৰীতে গান্ধীয়ে আমৰণ অনশনত বহাৰ ঘোষণা কৰিছিল আৰু গান্ধীৰ উক্ত ঘোষণাত চৰকাৰে নিজৰ সিদ্ধান্ত সলনি কৰি পাকিস্তানক ৫৫ কোটি টকা দিব বুলি ঘোষণা কৰিছিল । সেই কথা শুনি নাথুৰাম গডচেই সিদ্ধান্ত লৈছিল যে গান্ধীক হত্যা কৰা হ’ব । আকৰ্ষণীয় ব্যক্তিতৰে তীক্ষ্ণবুদ্ধি নাথুৰাম গডচে্ আছিল সেই সময়ৰ এখন জনপ্ৰিয় কাকত ‘অগ্ৰণী’ৰ সম্পাদক (নাৰায়ন আপ্তেৰ সৈতে যুটীয়াভাবে)। গডচেই গান্ধী হত্যাৰ সিদ্ধান্তত অটল থাকি এক ৰাতিৰ ভিতৰতে সম্পদকীয় কলম সলনি কৰি লিখিছিল- ‘গান্ধী স্তব্ধ হ’বই লাগিব । যিকোনো মূল্যৰ বিনিময়ত’ নিজৰ সিদ্ধান্তক সমৰ্থন কৰি লিখিছিল গান্ধী হত্যা প্ৰকৃততে পলম হৈছে । গান্ধী স্তব্ধ হ’ব লাগিছিল বহুদিনৰ আগতেই । নাথুৰামৰ কলম- “মই কেতিয়াও গান্ধীৰ অহিংস নীতিক অসমৰ্থন কৰা নাই । তেওঁ এজন সাধু হ’ব পাৰে কিন্তু তেওঁ কেতিয়াও ৰাজনীতিবিদ নহয় । তেওঁ অসিংহ নীতিয়ে জনসাধাৰণৰ স্বাৰ্থ তথা আত্মৰক্ষা ধাৰণাতো আঁতৰত ৰাখিছিল । অসিংহ নীতিয়ে কেবল জীৱনটো জীয়াই থকাৰ শিক্ষা দিছিল আৰু হিংসাই সদায় নিজৰ ধ্বংস মাতি আনিছিল । দেশ বিভাজনৰ সিদ্ধান্ত এক অদৰকাৰী সিদ্ধান্ত । দেশৰ জনসংখ্যাৰ কিমান শতাংশ মুছলিম সম্প্ৰদায়ৰ আছিল ?  তেওঁলোকৰ বাবে এখন দেশৰ প্ৰয়োজনেই বা কি আছিল ? এইটো এটা কেৱল দাবী আছিল নেকি ? দেশৰ জনগণ তথা চৰকাৰৰ প্ৰতিবাদৰ সত্বেও জিন্নাৰ সাধাৰণ দাবীত গান্ধীয়ে জিন্নাৰ পক্ষ ল’লে আৰু ভাৰতবৰ্ষক দ্বি-খণ্ডিত কৰিলে । 

তেওঁৰ দৃষ্টিত "দেশক খণ্ডিত কৰা এজন ব্যক্তি এখন দেশতকৈ কেতিয়াও ডাঙৰ হ’ব নোৱাৰে । গণতন্ত্ৰৰ দেশত সাধাৰণ অভিমানেৰে বিচৰা বস্তু পাৱ নোৱাৰি । কিন্তু জিন্নাই কৰি দেখুৱালে গান্ধীৰ সহায়ত ।তেওঁ মাতৃক দ্বি-খণ্ডিত কৰিলে আৰু এটি অংশ পাকিস্তানক দি দিলে । জাতিৰ পিতা মহাত্মা গান্ধীয়ে পিতৃৰ দায়িত্ব কেৱল পাকিস্তানৰ বাবেহে পালন কৰিলে । তেওঁ আমৰণ অনশনৰ সিদ্ধান্তৰে ভাৰত চৰকাৰক ব্লেকমেইল কৰিলে । আৰু তেওঁ মৃত্যুয়ে দেশৰ অৰ্থনৈতিক তথা ভৌগলিক ক্ষেত্ৰত যথেষ্ট ক্ষতি কৰিব"। 

"আজি মুছলমান সকলে দেশখনৰ এটা নিজা অংশ ল’লে । কাইলৈ হয়তো শিখ সকলে স্বাধীন পাঞ্জাৱৰ বাবে দাবী কৰিব পাৰে । ধৰ্মই এতিয়া এখন দেশ বিচাৰিলে সেই দেশৰ জনগণ বিভিন্ন গোটত ভাগ হৈ নিজ জাতি, নিজ গোষ্ঠীৰ বাবে একোখনকৈ স্বাধীন ৰাজ্য বিচাৰিব । ইয়াত এখন স্বাধীন দেশৰ অৰ্থ ক’ত থাকিল ? কিয় আমি বৃটিছ ঔপনিবেশিক শাসনৰ বিৰুদ্ধে একগোট হৈ সংগ্ৰাম কৰিছিলো ? কিয় আমি হিন্দু-মুছলিম ভাগ হৈ স্বাধীনতাৰ বাবে সংগ্ৰাম কৰা নাছিলো ? ভগত সিঙে কিয় স্বাধীন পাঞ্জাৱৰ বাবে সংগ্ৰাম কৰা নাছিল ? আৰু কিয় সুভাষ চন্দ্ৰ বসুৱে বেংগলৰ বাবে সংগ্ৰাম কৰা নাছিল ? মই ভাৰতৰ জনসাধাৰণৰ সন্মুখত মহাত্মা গান্ধীক হত্যা কৰিম । কাৰণ মই এইটো মোৰ দায়িত্ব বুলি ভাবো ।

যদি মই এই কামটো গোপনে কৰো তেন্তে নিজ বিবেকৰ সন্মুখত এজন দাগী অপৰাধী হৈ ৰ’ম । মই চেষ্টা কৰিম তাৰ পৰা পলাই নাযাবলৈ, মই আত্মসমৰ্পণ কৰিম আৰু মোক ফাঁচী দিয়া হ’ব । এটা হত্যাকাণ্ড আৰু এটা ফাঁচী, এটা হত্যাকাণ্ডৰ বাবে দুজন হত্যাকাৰী মই কেতিয়াও নিবিচাৰো আৰু আপুনি মোৰ এই কাণ্ডত জড়িত হোৱাটো তথা আপোনাৰ সহযোগ নিবিচাৰো ।(এই কথাখিনি তেওঁ লিখিছিল তেখেতৰ সহযোগী নাৰায়ন আপ্তে আৰু বীৰ চবৰকাৰক উদ্দেশ্যি । কাৰণ তেওঁলোকেও গান্ধীৰ নীতিসমূহৰ বিৰোধিতা কৰিছিল । নাথুৰাম গডচেই গান্ধীৰ হত্যাৰ দায়িত্ব সম্পূৰ্ণ নিজাববীয়াকৈ কান্ধ পাতি লৈছিল আৰু নাৰায়ন আপ্তে আৰু বীৰ চৰকাৰৰ পৰা প্ৰতিশ্ৰুতি আদায় কৰিছিল যে তেওঁলোকে সদায় চেষ্টা কৰি যাব দেশখনক এখন শক্তিশালী ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ)।" এয়া হেনো গডচেৰ ভাৱনা!

এনে 
এক কঠোৰ সিদ্ধান্ত লৈ নাথুৰাম গডচেই মানসিকভাবে সাজু হৈ ভাৰতৰ ইতিহাসৰ পৃষ্ঠাত থকা আতাইতকৈ  ডাঙৰ হত্যাকাণ্ডটো সংঘটিত কৰি পেলাইছিল । হত্যাৰ পিছত ন্যায়িক জিম্মাত থকোতে গডচেই নিজা স্বীকাৰোক্তিত উল্লেখ কৰিছিল এনেধৰণে, "১৯৪৮ চনৰ ৩০ জানুৱাৰীত মই পাইছিলো গৈ বিৰলা ভৱন । গান্ধীয়ে এখন খাটৰ ওপৰত বহি গাত ৰ’দ লৈ আছিল । চৰ্দাৰ বল্লভ ভাই পেটেলৰ নাতি তেখেতৰ ভৰিৰ কাষত বহি আছিল। মোৰ হাতত তেতিয়া এটা বন্দুক আছিল । সেই সময়ত মই সহজেই তেওঁক হত্যা কৰিব পাৰিলোহেঁতেন ।কিন্তু মই নিজকে বুজনি দিলো যে তেওঁৰ হত্যা তেওঁ কৰা কৰ্মৰ এক শাস্তি হ’ব লাগিব । তেওঁক হত্যা কৰা সময়ত মই সাক্ষী বিচাৰিছিলো । সেই সময়ত  তাত সাক্ষী হ’ব পৰা কোনো নাছিল । তেওঁক হত্যা কৰাৰ পাছতমই তাৰ পৰা পলাই আহিব বিচৰা নাছিলো আৰু মনত কোনো অনুশোচনা জাগি উঠা নাছিল । কিয়নো মই সেই সময়ত হত্যা কৰাৰ পাছত কাৰ ওচৰত আত্মসমৰ্পণ কৰিলোহেঁতেন ! সন্ধ্যা প্ৰৰ্থনাৰ সময়ত বহু মানুহৰ সমাগম ঘটিছিল তাত । মই থিৰাং কৰিলো গান্ধীক ৩০ জানুৱাৰীৰ সেই ক্ষণতে হত্যা কৰিম ।

গান্ধী দুজনী ছোৱালীৰ কান্ধত ভৰ দি চিৰিয়েদি অলপ আগুৱাই আহিল । মোক মাত্ৰ তিনি ছেকেণ্ডৰ প্ৰয়োজন হৈছিল । মই দুটা চিৰি ওপৰলৈ বগাই গৈ গান্ধীৰ সন্মুখত ৰ’লো । পকেটৰ পৰা ৰিভলভাৰটো উলিয়াই তেওঁ প্ৰণাম জনালো তেওঁ দেশৰ কাৰণে কৰা সেৱা তথা ত্যাগৰ বাবে ।

কিন্তু দুজনী ছোৱালী এজনী বিপদজনকভাৱে গান্ধীৰ নিচেই কাষত আছিল । মোৰ শংকা হৈছিল গান্ধীক গুলী কৰিলে ছোৱালীজনীও আঘাতপ্ৰপ্ত হ’ব । সেয়ে মই আৰু এখোজ আগুৱাই গৈ গান্ধীক সেৱা কৰিছিলো আৰু নিচেই কাষত থকা ছোৱালীজনীক সামান্য হেচুকি আঁতৰাই দিছিলো । তৎ-মুহূততে মই গান্ধীক গুলীয়াই দিলো । সেই সময়ত গান্ধী শাৰীৰিক ভাৱে বহু দুৰ্বল আছিল আৰু মুহূৰ্ততে তেখেতৰ মুখত পৰা এটি মৃদু শব্দ ওলায় আহিল ‘আহঃ’ (তাৰ প্ৰমাণ আছে যে, গান্ধীয়ে কেতিয়াও ‘হে’ ৰাম’ বুলি কোৱা নাছিল)। গান্ধী ঢলি পৰিল আৰু এটি মহান অধ্যায়ৰ সমাপ্তি ঘটিল ।  

মই ৰিভলভাৰটো দাঙি পুলিচ পুলিচ বুলি চিঞৰিব ধৰিলো । কিন্তু ৩০ ছেকেণ্ড সময়লৈকে কোনো আগবাঢ়ি নাহিল । মই উপস্থিত থকা জনগণৰ ওপৰত দৃষ্টি নিক্ষেপ কৰি এজন আৰক্ষী বিষয়াক দেখিবলৈ পালো । মই তেখেতক ইংগিত দিলো যে মোক গ্ৰেপ্তাৰ কৰক । তেখেত আগুৱাই আহি মোৰ হাত ধৰিলে আৰু দ্বিতীয় এজনে মোৰ ৰিভলভাৰত ধৰাত মই সেইটো এৰি দিলো ।" 

এনে এটি মানসিক দ্বন্দৰে ভৰা পৰিস্থিতিৰ মাজেৰে নিজকে আগুৱাই আনি গান্ধী হত্যাৰ দৰে চৰম সিদ্ধান্ত ল’বলৈ বাধ্য হৈছিল নাথুৰাম গডচে্ । গডচেই কৈ যোৱা কথাখিনিত তেখেতৰ মনৰ ভাৱ স্পষ্ট আছিল যেন একমাত্ৰ দেশ আৰু জাতিৰ বাবেহে তেওঁ এই ঘটনাটো সংঘটিত কৰিছিল । নাথুৰাম গডচে্ ভাৰতীয় জনগণৰ বাবে এজন খলনায়ক যদিও কিছুমান যুক্তিৰে ভৰা তেওঁৰ কথাৰ মনৰ ভাৱকো আমি অনুধাৱন কৰি চোৱাতো একো দোষণীয় নহয় নিশ্চয়৷

গান্ধী আৰু গডচেৰ কৰ্ম আৰু চিন্তাক সময়েই বিচাৰ কৰিব৷

(সম্পাদকীয় টোকাঃ লেখক হাজৰিকাৰ মনৰ চিন্তাক হয়তো একাংশ ভাৰতীয়ৰ মনত চলি থকা এটা প্ৰৱাহ বুলি গণ্য কৰিব পাৰি৷ এই লেখা প্ৰকাশৰ দ্বাৰা গডচেৰ চিন্তাক মহান কৰা বা গান্ধীহত্যাক সমৰ্থন কৰা নহয়৷ জনপ্ৰিয় মাধ্যমত চলি থকা চিন্তা-স্ৰোতক লোকচক্ষুলৈ তুলি ধৰাহে৷ এই লেখাই অসমীয়াৰ সুখ দুখৰ ভাৱনাক প্ৰতিনিধিত্ব নকৰে৷)

2 comments:

  1. প্ৰৱন্ধটোত ইতিহাসৰ নিৰ্মোহ বিশ্লেষণ কৰিব বিচৰা হৈছে.....

    ReplyDelete
  2. ভাল লাগিল ৷ যিকোনো এটা ঘটনাৰ নিৰ্মোহ বিশ্লেষণৰ দ্বাৰাহে প্ৰকৃত সত্য অনুধাৱন কৰিব পাৰি ৷

    ReplyDelete