কোনাে ব্যক্তি বা সম্প্রদায়ৰ ধর্মবিশ্বাসক আমি সন্দেহ বা নিন্দা নকৰোঁ, যিমান খিনিলৈ সি সমাজজীৱনক ক্ষতিগ্রস্ত নকৰে। কিন্তু সাম্প্রতিক কালত ধর্মাচাৰে প্ৰায়ে উগ্ৰ ৰূপ লােৱা দেখিহে আমাৰ মনত উদ্বেগ সৃষ্টি হৈছে।
এজন মনীষীয়ে কিছু অনুকম্পাৰ সুৰত কৈছিল, ‘ধর্ম হৈছে নিৰাশয়ৰ আশ্রয়, হতাশজনৰ সান্ত্বনা, হৃদয়হীন জগতৰ হৃদয়। নানা সামাজিক নিপীড়ন আৰু নিষ্ঠুৰতাই দুর্বহ কৰি তােলা জীৱনত ব্যক্তিয়ে অনুভৱ কৰা অসুখ-অশান্তিৰ পৰা সকাহৰ থলি হিচাবে অগণন মানুহে তাৰ প্রতি ঢাল লয়। সেয়ে তাহানিৰ পৰা শাসকশ্রেণীয়ে ধৰ্মক তাৰ নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰি আহিছে। ধৰ্মৰ নামত ধন-ক্ষমতাৰ আড়ম্বৰেৰে শাসকশ্রেণীয়ে জনসাধাৰণক পােহ মনাই ৰাখিবলৈ চেষ্টা কৰে। সেয়ে বৈদিক যুগৰ শেষ পিনে আচাৰসংস্কাৰৰ প্রাবল্যৰ বিৰুদ্ধে বৌদ্ধ, জৈন আৰু অন্যান্য মতৰ উৎপত্তি আৰু বিপুল প্রসাৰ ঘটে। তেনেকৈ মধ্য যুগৰ ব্রাহ্মণ্য হিন্দু ধৰ্মৰ আড়ম্বৰে। ধর্মক প্রায় ধনবান সকলৰ একচেতিয়া সম্পত্তিত পৰিণত কৰাৰ পিছত ভক্তি আন্দোলনে জনসাধাৰণক আকৃষ্ট কৰা কথা আটায়ে জানে।
সাম্প্রতিক ভাৰততাে ধৰ্মৰ নামত বিৰাট আড়ম্বৰ আৰু ধন-ঐশ্বৰ্য্যৰ চমক দেখুৱাৰ প্রদর্শনি পতা হ'ব ধৰিছে। সেই চমকে জনগণক মােহাবিষ্ট কৰিলেও তেওঁলােকৰ মনৰ অসুখ-অশান্তি দূৰ কৰিব পৰা নাই। সেয়ে এতিয়া চেষ্টা চলিছে অনবৰত আৰু অধিক পৰিমাণৰ ধৰ্মীয় হৈ-চৈ সৃষ্টি কৰা আৰু লগতে মনৰ অসুখ-অশান্তিৰ প্ৰতিকাৰ হিচাপে আন কোনাে ধৰ্মৰ মানুহৰ প্রতি হিংসা-বিদ্বেষ প্রচাৰ কৰাৰ। কোৱা বাহুল্য যে ধৰ্মৰ এনে প্রয়ােগৰ শেষ ফল হ’ব চূড়ান্ত অধর্মপুৰাণত দিয়া কলিযুগৰ বিৱৰণৰ লগত সাইলাখ একে!! ৰাজ্যৰ এগৰাকী মন্ত্রীয়ে ৰাজ্যৰ নানা সমস্যাৰ সমাধানৰ আশাত তেওঁৰ বুদ্ধি-বিবেচনাৰ যথাযথ প্রয়ােগ নকৰি একৈছু দিন ধৰি কিবা মহাযজ্ঞ পাতিছে। বাহিৰৰ পৰা যথাৰীতি দুশজনতকৈ বেছি যাজক এই উদ্দেশ্যে ভাৰা কৰি অনা হৈছে। ৰাজ্যখনৰ উন্নতি, নিবনুৱাক সকাহ দিয়া, এনে আঁচনিৰ বাবে তেওঁৰ হাতত থকা ৰাজকোষৰ তলা খুলি দিয়া নাই, যজ্ঞ পাতিছে। যদি যজ্ঞ কৰিয়েই অসমৰ গুৰুতৰ সমস্যাবােৰ শেষ হৈ যায়, তেন্তে ৰাজনীতিত কিয় নমা হ’ল? ৰাজনীতি বাদ দি ধর্মতে মন পুতি লাগিলেই হয় দেখােন।
আমাৰ এষাৰ প্রবচন আছে, ‘ধৰ্মৰ ঢােল বতাহত বাজে", তাৰ এক আচৰিত প্রমাণ উল্লেখ কৰিবলৈ বাধ্য হ'লোঁ। মহানগৰৰ এখন হাস্পতালে ৰােগীৰ চিকিৎসা, সেৱা-শুশ্রুষাত আশাশুধীয়া আন্তৰিকতা দেখুৱাই ৰােগী আৰু সাধাৰণ ৰাইজৰ শ্ৰদ্ধা আকর্ষণ কৰিছিল। এদিন খবৰ কাগজত পঢ়িলোঁ যে তাৰ চিকিৎসক সকলে ৰােগী সকলৰ অসুখৰ নিৰাময় বিচাৰি যজ্ঞঃ পাতিছে!! আধুনিক চিকিৎসা বিজ্ঞান বিজ্ঞান-নিৰ্ভৰ। তাত দেবদেবীৰ পূজা বা যাগ-যজ্ঞৰ বিধান নাই। দৰাচলতে সেইবিলাকৰ পৰা চিকিৎসাবিদ্যাক দূৰত ৰাখিবলৈকে আধুনিক চিকিৎসা বিজ্ঞানৰ বিকাশ ঘটিছে। তেনেস্থলত এই ঘটনাটো চিকিৎসা বিজ্ঞানৰে এবিধ ডাঙৰ বিকাৰ বা ৰােগ যেন নালাগে জানাে?
ধৰ্মৰ ঢােল ইমান জোৰেৰে বজোৱা হৈছে যে মহানগৰত মাইকৰ গর্জন যথেষ্ট হােৱা বুলি ভবা হােৱা নাই। শুনিছে, কোনাে-কোনাে টিভি চেনেলে কলকাতালৈ কেমেৰা-টেমেৰাৰ সৈতে এদল মানুহ পঠিয়াইছে তাৰ উন্মাদনা ইয়ালৈ আমদানি কৰিবলৈ। | ধৰ্মৰ বায়ুৱে এতিয়া অসমীয়াকে বেছি ক্ষতি কৰিব। অভিবাসী মুশ্লিম মানুহে কাম কৰি ধন উপার্জন কৰিলে আমাৰ চকু পােৰে। কিন্তু তেওঁলােকৰ খৰচান্ত হােৱা উৎসৱ কম, বছেৰেকত তিনি-চাৰিটা। এতিয়া অসমীয়াই দুর্গা, লক্ষ্মী, সৰস্বতী পূজাতে মন তাপৰিব পৰা নাই। সাৱটি লৈছে চ’থ পূজা, বলে’ বম, হনুমান জয়ন্তী, আৰু দুগণ্ডামান পূজা। তাত বেছিভাগ মানুহৰে পকেটৰ ধন যায়, পকেটলৈ ধন নাহে। এই বিষয়ে আমি সজাগ হম কেতিয়া? |ইমানতে পৰকালৰ চিন্তা এৰি আমি ইহকালৰ উন্নতি, শ্রীবৃদ্ধি, সংকটমােচনৰ চিন্তা কৰা ভাল। নতুবা জীৱন্ত অৱস্থাতে আমাৰ পৰলােকপ্রাপ্তি ঘটিব।
বিশ্বায়নৰ প্ৰতিস্রোত?
বিশ্বায়নক এক সর্ব্যাপি, সর্বগ্রাসী ধাৰা তথা উপাখ্যান (narative) কৰিবলৈ যিমানেই প্রচাৰ কৰা নহওক, সি যে ঈপ্সিত ফল বিশ্বজনতাৰ হাতলৈ আনি দিয়া নাই, সেই সত্য এতিয়া প্রকট। বিশ্বায়নৰ সোঁতৰ বিপৰীতে বিভিন্ন দেশত বিভিন্ন ধৰণে উগ্র প্রতিক্রিয়া আৰম্ভ হৈছে। ব্রিটেনত ইউৰােপীয় সংঘৰ পৰা প্ৰস্থানৰ সপক্ষে হােৱা গণভােটৰ কথা (Brexit) আটায়ে জানে। আমেৰিকাতাে ৰাষ্ট্রপতি ট্রাম্পে মার্কিন সমশক্তি প্রদর্শনেৰে আৰু আমেৰিকা বিশ্বৰ বৃহত্তম উপভােক্তা বজাৰ হােৱাৰ সুযােগ ব্যৱহাৰ কৰি বিশ্বায়নৰ মূল-সূত্র অবাধ বাণিজ্য বাতিল কৰি আমেৰিকাৰ ব্যৱসায় আৰু আমেৰিকাৰ সমাজৰ লাভক অগ্রাধিকাৰ দিছে। বিশ্বায়নৰ ফলত অনিবাৰ্য হৈ উঠা বিভিন্ন দেশৰ মাজত ব্যাপক প্ৰব্ৰজনক বিভিন্ন দেশৰ উগ্র সোঁপন্থী দলবােৰে বিৰােধিতা কৰি জনপ্রিয়তা অর্জন কৰিছে। এইবােৰ বিশ্বায়নৰ সোঁতৰ ওলােটা খুন্দা বুলিব পাৰি।
কিন্তু অনুন্নত দুর্বল দেশবােৰৰ সাধ্য নাই অকলে বিশ্বায়নৰ ক্ষতিকৰ দিশবােৰ বন্ধ কৰাৰ। উন্নতিসমৃদ্ধিৰ মুখ দেখিব বুলি ফুচুলাই সকলাে দুর্বল দেশৰ অর্থনৈতিক সার্বভৌমত্বৰ অৱসান ঘটোৱা হ'ল। বিশ্ববাণিজ্যৰ এনে কিছুমান কঠোৰ নিয়মেৰে সিহঁতক বান্ধি পেলােৱা হ’ল যে সিহঁতে বিশ্ব বজাৰৰ নানা উঠানমাত বাধা দিব নােৱাৰে। তদুপৰি আন্তর্জাতিক পুঁজিৰ প্রচণ্ড লুণ্ঠনত বাধা দিয়াৰ ক্ষমতাও সিহঁতে হেৰুৱালে। সেয়ে 'Make in India' আদি ধ্বনি অসাৰ প্রতিপন্ন হৈছে।
বাপুহে, তােমালােকে কাক আদেশ দিছা Indiaত কিবা make কৰিবলৈ ? আন্তর্জাতিক পুঁজিক ? সিহঁতৰ তেনে গৰজ পৰা নাই। স্বদেশী বৃহৎ পুঁজিপতিক? সেই মহাত্মা সকলে তােমালােকৰ সহায়তে ভাৰতৰ বেংক ব্যৱস্থা লুটি-পুতি দেউলিয়া দশাত পেলালে। Indiaত কিবা make নকৰাকৈয়ে ঠগবাজিৰেই মুনাফাৰ পাহাৰ গঢ়ি আছে। ব্যৱসায় সুচল কৰিবলৈ GST আৰােপ। সর্বসাধাৰণে GST টাঙোনত কিন্তু ধোঁৱা-কোৱা দেখিছে। GSTয়ে কত বস্তু সস্তা কৰিব, প্রতিবিধ সামগ্ৰীৰ দাম বৃদ্ধি কৰিছে।
সেয়ে বিশ্বায়নৰ প্রতিস্রোত বুলি ভাবিলে কথাটো এবিধ উপাখ্যানহে হ'ব। কাৰণ এই ধৰণৰ প্ৰতিস্রোতে তৃতীয় বিশ্বৰ দেশ সমূহৰ উপকাৰ সধাৰ কোনাে আশা এতিয়ানাই। বিশ্বায়নটো এটা নৈর্ব্যক্তিক আৰু লেকাম নােহােৱা প্রক্রিয়া নহয়। ই হৈছে বৃহৎ আন্তর্জাতিক পুজিয়ে নিজৰ মুনাফাৰ হাৰ অটুট ৰাখিবলৈ World Bank, Intemational Monetary Fund 74 World Trade Organization G73160 91270 কৰা এক বিশেষ অর্থনৈতিক তথা বিত্তীয় ব্যৱস্থা। তাৰ লক্ষ্য আন্তর্জাতিক পুঁজিৰ লাভ-উপার্জনৰ ধাৰা অব্যাহত ৰখা।
কিন্তু সমাজবাদী সকলে বহু যুগ ধৰি কৈ আহিছে যে যি ৰূপেই ধাৰণ নকৰক, পুঁজিবাদ কেতিয়াও সংকটমুক্ত হ'ব নােৱাৰে, এটা পর্যায়ত তাৰ অন্তর্বিবােধ তীব্র হ’বই। আন্তর্জাতিক পুঁজিৰ এটা পর্যায়ত বিভিন্ন শক্তিশালী পুঁজিবাদী ৰাষ্ট্ৰৰ মাজত প্রতিদ্বন্দ্বিতাই বিশ্বযুদ্ধৰ ৰূপ লৈছিল। আজি সেয়ে সিহঁতে হাত মিলাই তেনে এক ক্ষয়ংকৰ সংঘাত এৰাবলৈ চেষ্টা কৰিছে আৰু এক উদাৰ বিশ্বাত্মবােধৰ মৰীচিকা সৃষ্টি কৰিছে। সিহঁতে লুণ্ঠন কৰা দেশবােৰৰ নাচ-গান আদি সংস্কৃতিক বিশ্ব দৰবাৰলৈ নিয়াৰ ভাওনা পাতি তাৰ জনগণৰ ভড়ালত সিন্ধি দিয়াৰ ব্যৱস্থা কৰিছে।
কিন্তু হেন সময়তে সমাজবাদৰ নেতা মুখস্থ কৰা চীনৰ পুঁজিৰ আগ্রাসী ৰূপে উন্নত পুঁজিবাদী দেশবােৰত আশংকাৰ জন্ম দিছে। আশীৰ দশকত জাপানী পুঁজিৰ বিস্তাৰৰ বাবে আমেৰিকাত জাপানক ঘােৰ দৈত্য-দানৱৰ ৰূপ দিয়া প্ৰচাৰ চলিছিল। এতিয়া চীনৰ বিৰুদ্ধে তেনেকুৱা প্ৰচাৰেই চলােৱা হৈছে। ৰাষ্ট্রপতি ট্রাম্পে চীনৰ পৰা ৰপ্তানি হােৱা সামগ্রীত চৰা হাৰৰ কৰ আৰােপ কৰিছে। চীনেও যথাসাধ্য প্রতিবিধান লৈছে। কিন্তু এই দ্বন্দ্ব সমাধান সহজে নহ'ব। অথচ আমেৰিকাৰ বিস্তৰ ব্যৱসায় নানা কাৰণত চীনৰ ওপৰত নিৰ্ভৰশীল। হয়তাে তথ্য-প্রযুক্তিৰ ন-ন দিশ মার্কিন গৱেষণাগাৰত আবিষ্কাৰ হৈছে, কিন্তু তাৰ ব্যৱহাৰিক ৰূপ (যেনে যন্ত্রপাতি) চীনত নির্মিত হৈছে। বহুত মার্কিন ব্ৰেণ্ডৰমটৰগাড়ী নির্মিত হৈছে চীনৰ কাৰখানাত, তাৰ তাৰীয়া মজুৰিৰ সুবিধা ল’বলৈ। সেয়ে চীনৰ বিৰুদ্ধে লােৱা পদক্ষেপে আমেৰিকাকো কিছু পৰিমাণে ক্ষতিগ্রস্ত কৰিছে। ক্লিণ্টনৰ দিনৰে পৰা গলাগলি-কোলাকুলি কৰি ভাৰত আমেৰিকাৰ প্ৰতিৰক্ষা ব্যৱস্থাৰ সমর্থক আৰু অংশীদাৰ হৈ পৰিল। ফল এতিয়া ভাৰতে পাবলৈ ধৰিছে। আমেৰিকাই ফটোৱা দিছে শত্রুদেশ ইৰানৰ পৰা ভাৰতে তেল কিনিব নােৱাৰিব। অথচ ভাৰতৰ প্রয়ােজন হােৱা তেলৰ ১০% আহে ইৰানৰ পৰা, কিছু সুলভ মূল্যত।
বিশ্বায়নৰ ফলতে ভাৰতৰ লাখ-লাখ কৃষকৰ কৃষি বিপুল লােকচানৰ সন্মুখীন হৈছে। কেবা লাখ কৃষকে দিনতে এন্ধাৰ দেখি আত্মহত্যা কৰিছে। আন্তর্জাতিক অর্থনীতিৰ অন্তহীন মন্দাৱস্থাৰ বাবে ভাৰতৰ কর্মসংস্থান পুতৌ লগা। ২ কোটি নতুন কর্মসংস্থানৰ প্রতিশ্রুতি দিয়া প্রধানমন্ত্রীয়ে কেইলাখ মানাে নতুন কর্মসংস্থান সৃষ্টি কৰিব পৰা নাই। তাৰ মাজতে কাত-ক'ৰবাত তৃতীয় বিশ্বৰ শ্রমিকে উন্নত পুঁজিবাদী দেশত কিবা-কিবি সুবিধা লাভ কৰিবও পাৰে। কোৱা হয় যে সেইবােৰ দুর্বল দেশত আন্তর্জাতিক পুজিয়ে সৃষ্টি কৰা অর্থনৈতিক খৰাঙৰ প্রতিষেধক হৈছে তাৰ শ্ৰমিকে উন্নত দেশত কর্মসংস্থান লাভ কৰা। কিন্তু তেওঁলােকে উন্নত দেশৰ শ্ৰমিকে কৰিবলৈ এৰা কামবােৰহে দখল কৰিছে। তদুপৰি বিশ্ব বাণিজ্য সংস্থাই পুঁজি অবাধ বিচৰণ বাধ্যতামূলক কৰিছে, কিন্তু শ্রম বা শ্ৰমিকৰ আন্তর্জাতিক বিচৰণক বৈধতা দিয়া নাই কাৰণ উন্নত দেশত ঘাঁটি থকা আন্তর্জাতিক পুঁজিয়ে নিজ দেশৰ শ্ৰমিকৰ খং তােলাব খােজা নাই ভােটৰ কথা আছে। অর্থাৎ বিশ্বায়ন এক নিমজ, নিৰীহ প্রক্রিয়া নহয়, সকলাে ওলট-পালট কৰা, সংকট আৰু দুর্যোগভৰা এক প্রক্রিয়া। সেয়ে বিশ্বায়নৰ হাঁহিউঠা সাধু’ আমাৰ নাতি-পুতি সকলে এদিন কৌতুকেৰে শুনিব বুলিহে ধাৰণা হয়।
নাগৰিকত্ব আইন সংশােধনৰ ভাবুকি
ভাৰতীয় জনতা পার্টিয়ে গুৰি ধৰা নাগৰিকত্ব আইন সংশােধনী বিধেয়কৰ ভাবুকি দুই প্রকাৰৰ প্ৰথমটো হৈছে ই ভাৰতৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰ সলাই তাত এক ধর্মীয় ৰাষ্ট্ৰৰ চাবমােহৰ মাৰি দিব, আৰু দেশখনক ধর্মীয় অসহিষ্ণুতা, অৱদমনৰ পিনে আৰু এখােজ আগুৱাই নিব। কাৰণ এই বিধেয়কখনে কেৱল এটা ধর্মকে এঘৰীয়া কৰি ৰাখিছে, যদিও পাকিস্তান, বাংলাদেশ আদি দেশত ধর্মীয় নিপীড়নত জৰ্জৰিত কিছুমান মুশ্লিম সম্প্রদায়াে আছে। আমি এখন আধুনিক ধর্মনিৰপেক্ষ ৰাষ্ট্ৰৰ পিনে আগুৱাব খােজোঁ, ৰাষ্ট্ৰৰ লগত ধৰ্মৰ লেটি-পেটি নিবিচাৰোঁ।
দ্বিতীয়তে এই বিধেয়কখনে নিশ্চিতভাবে থলুৱা জনগােষ্ঠীবােৰক সংখ্যালঘূত পৰিণত কৰিব। আজিকালি তেওঁলােকক খিলঞ্জীয়া হিচাবে সাংবিধানিক সুৰক্ষা দিয়াৰ কথা উঠিছে। ইও এক ধৰণৰ মৰণ-ফান্দ। এটা উদাহৰণ দিয়া যাওক। ধৰা হওক ৰাজ্যৰ ৭০% সমষ্টি খিলঞ্জীয়াৰ বাবে সংৰক্ষিত কৰা৷ হ’ল। কালক্ৰমত হিন্দু বাংলাদেশী লাখে লাখে। নাগৰিক হােৱাৰ ফলত সেইবােৰত বাঙালী সকলেই সংখ্যাগৰিষ্ঠ ভােটাৰ হ’ল। তেতিয়া তাৰ ‘খিলঞ্জীয়া প্রার্থীয়েও তেওঁলােকৰ কথামতেহে চলিবলৈ বাধ্য হ’ব, খিলঞ্জীয়াৰ স্বাৰ্থত নহয়। তেনেহ'লে এনে সংৰক্ষণৰ পৰা কি লাভ হ’ল ?
তদুপৰি সাংবিধানিক ৰক্ষাকবচে আত্মসন্তুষ্টি ভাব অনাৰ পিছত ৰাজ্যৰ সা-সুবিধাৰ সিংহভাগ শিক্ষিত আৰু স্বচ্ছল মধ্যবিত্তই দখল কৰিব উত্তৰ-পূবৰ পাহাৰী ৰাজ্য কেইখনত একোটাকৈ জনজাতীয় জনগােষ্ঠী সাংবিধানিকভাবে সম্পূর্ণ সুৰক্ষিত। তাত ৰাজনৈতিক ক্ষমতা তেওঁলােকৰ হাতৰ পৰা পিছলি যােৱাৰ কোনাে আশংকা নাই কিন্তু তাত গাঁওবাসী ৰাইজৰ ৬০% দাৰিদ্ৰ সীমাৰ তলত বাস কৰে। ওপৰৰ শ্ৰেণীৰ মানুহ নিজক লৈয়ে ব্যস্ত। আনহাতে তাতাে ভাৰতীয় বৃহৎ পুঁজিয়ে অর্থনীতিৰ আচল নিয়ন্ত্রণ নিজৰ হাতত ৰাখিছে। সেয়ে সাংবিধানিক ৰক্ষাকবচৰ বিৰােধিতা নকৰিলেও মই তাক অসমীয়া থলুৱা ৰাইজৰ সুৰক্ষাৰ সর্বঢ়াক মন্ত্র বুলি নাভাবে।
তদুপৰি অসমৰ জনসংখ্যাৰ বাকী সকলৰ লগত আমাৰ চিৰস্থায়ী ব্যৱধান ৰক্ষাৰাে মই বিৰােধী। তেওঁলােকৰ লগত আমাৰ যােগাযােগ নাথাকিলে, তেওঁলােকৰ সুখদুখৰ সমভাগী হ’ব নােৱাৰিলে, তেওঁলােকক এদিন আমাৰ ক্ষমতাৰ অংশীদাৰ নকৰিলে, সময়ত সি ভয়ংকৰ Time: bomb হৈ উঠিব। মনত ৰখা ভাল তেওঁলােকো নাগৰিক।
সেয়ে সদ্যহতে সাংবিধানিক সুৰক্ষাৰ টোপটো নিগিলি নাগৰিকত্ব আইন সংশােধনৰ প্ৰস্তাৱটোবাতিল কৰাতহে অসমৰ থলুৱা ৰাইজে শক্তি নিয়ােগ কৰ৷ উচিত। পিছৰ পদক্ষেপ কি হয় দেখা যাব।
No comments:
Post a Comment