অসমৰ কিছুমান অঞ্চলৰ খোৱাপানীত ফ্লৰাইডৰ বৰবিহ থকা বুলি বাতৰি কাকতৰ শিৰোনাম দখল কৰা সতকাই দেখা পোৱা যায়। বহু লোকেই এই নিৰৱ আৰু শ্ল' পইজন সদৃশ মিনাৰেল সেৱন কৰি আছে আৰু ই দীৰ্ঘদিনত জনজীৱনৰ বাবে এক ভয়াবহ স্বাস্থ্য প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। সেয়ে বিষয়টোত জন-সচেতনতাৰ বাবে আজিৰ এই লেখাটি প্ৰস্তুত কৰা হৈছে।
বিশ্ব স্বাস্থ্য সংস্থাৰ মতে খোৱা পানীত প্ৰতিলিটাৰত ১মিলিগ্ৰামৰ কম ফ্লৰাইড থাকিব লাগে৷১.১ৰ পৰা ২ মিলিগ্ৰামৰ ফ্লৰাইড থাকিলে সেই পৰিমাণ 'উচ্চ' বুলি গণ্য কৰা হয়৷ ২.১ ৰ পৰা ৫ মিলিগ্ৰামৰ ফ্লৰাইড থাকিলে সেই পৰিমাণ 'অতি উচ্চ' বুলি গণ্য কৰা হয়৷ ৫ মিলিগ্ৰামৰ ওপৰত ফ্লৰাইড থাকিলে সেয়া 'অতি বিপদজনক ভাবে উচ্চ' বুলি গণ্য কৰা হয়৷আনহাতে কোনো কোনো ঠাইত প্ৰতিলিটাৰ পানীত ৪৮মিলিগ্ৰাম পৰ্যন্ত ফ্লৰাইড পোৱা গৈছে৷ভাৰতকে ধৰি বিশ্বৰ ২৩খন দেশত ফ্লুৰ'চিচ ৰোগ দেখা যায়৷এক তথ্যমতে অসমক ধৰি ভাৰতৰ ১৬খন প্ৰদেশত ৬২লাখ ভূক্তভোগীৰ ভিতৰত ৬লাখৰো অধিকজন হ'ল শিশু৷পৰিতাপৰ কথা আমাৰ দেশৰ ৫০শতাংশ ভূগৰ্ভস্থ জলত থকা ফ্লৰাইডৰ পৰিমাণ বিপদ সীমাৰ ওপৰত৷কিন্তু সেই অনুপাতে জন সচেতনতা বা চৰকাৰী আঁচনিৰ সৎপ্ৰয়োগ হোৱা পৰিলক্ষিত হোৱা নাই৷
ফ্লুৰ'চিচক উজু ভাষাত বুজাবলৈ হলে কব লাগিব যে উচ্চ পৰিমাণৰ ফ্লৰাইডযুক্ত খোৱা পানীৰ দীৰ্ঘ সময়ৰ ব্যৱহাৰৰ ফলত হোৱা শাৰীৰিক অপকাৰসমূহৰ চিকিৎসকে দিয়া নাম হ'ল ফ্লুৰ'চিচ৷ৰোগৰ লক্ষণসমূহক তিনিটা শ্ৰেণীত বিভক্ত কৰিব পাৰি৷ (১) ডেন্টেল ফ্লুৰ'চিচ (২) স্কেলিটেল ফ্লুৰ'চিচ (৩) নন স্কেলিটেল ফ্লুৰ'চিচ৷
ৰোগৰ উৎপত্তিৰ কাৰণ হ'ল ফ্লৰাইড দাঁতত, হাঁডত, মাংসপেশিত আৰু নাড়ীৰ মিউক'চাত জমা হোৱাৰ ফলত হোৱা ক্ষতি৷জীৱনৰ প্ৰাৰম্ভিক দহটা বছৰত আৰু পুষ্টিহীনতাত ভোগা মাতৃৰ সন্তানে ফ্লুৰ'চিচ ৰোগত সহজে আক্ৰান্ত হয়৷ পোনতে দাঁতত হালধীয়া,মূগা বা ক'লা ৰঙ ধৰিব আৰম্ভ কৰে৷ দাঁতত গাঁত হবলৈ ধৰে আৰু দন্তক্ষয় হবলৈ ধৰে৷ ক্ৰমে হাঁডৰ বিষ, গাঁঠিৰ বিষ, মাংসপেশিৰ বিষ আৰু হাঁডৰ গঠন বা আকৃতিৰ বিসংগতি হবলৈ ধৰে৷ আঁঠুৰ হাঁড়, ৰাজহাঁড়,কিলাকুটি বেকা হবলৈ ধৰে৷হাতৰ বা ভৰিৰ কোনো অংশৰ হাঁড় অস্বাভাবিকভাবে বাঢ়িবলৈও ধৰে৷ অকালবাৰ্দ্ধক্য হ'ল ফ্লুৰ'চিচৰ পৰিমাণ৷ কেটেৰেক্ট, দৃষ্টিশক্তি হ্ৰাস, গৰ্ভপাত, সন্তানহীনতা আদিও ফ্লুৰ'চিচৰ ফলত হোৱা দেখা যায়৷ ফ্লুৰচিচ আক্ৰান্ত (এণ্ডেমিক) অঞ্চলত পেটৰ বিষ,বমি,আভোক, শৌচ এবাৰ কঁচা-এবাৰ পনীয়া হলে, পেটত বায়ু অধিক হলে জানিব লাগিব সেয়া ফ্লৰাইডে ৰোগীৰ পাক প্ৰণালীত কৰা অপকাৰৰ ফলত হৈছে৷ এইবিলাক নন স্কেলিটেল ফ্লুৰ'চিচৰ লক্ষণ৷
খোৱা পানীৰ ওপৰিও ঔদ্যোগিক প্ৰদূষণে নিৰ্গত কৰা পাৰিপাৰ্শ্বিকতাত উৎপন্ন হোৱা ফ্লৰাইডেও ফ্লুৰ'চিচ কৰিব পাৰে৷সীমিত পৰিমাণৰ টুথপেষ্টত থকা ফ্লৰাইডে দন্তক্ষয় ৰোধ কৰাৰ বিপৰীতে অধিক পৰিমাণৰ ফ্লৰাইডে দাঁতৰ অনিষ্ট কৰে৷কোনো শীতল পানীয় বা খাদ্য সামগ্ৰীত ফ্লৰাইড থাকিলে তাক ব্যৱহাৰ নকৰাই শ্ৰেয়৷
ফ্লুৰ'চিচৰ চিকিৎসাতকৈ ৰোগৰ প্ৰতি লবলগীয়া সতৰ্কতাৰ বেচি আৱশ্যক৷এবাৰ পংগুত্বক সাবতি লোৱা বা দাঁতসমূহ বিনষ্ট হোৱাৰ পিছত কোনো চিকিৎসাই আৰোগ্য প্ৰদান কৰিব নোৱাৰে৷অতি সাধাৰণভাৱে ৰোগত ভোগাসকলক কেলচিয়াম, ভিটামিন- চি, এন্টি অস্কিটেন্ট আৰু দাঁতৰ ৰঙক আবুৰ কৰা চিকিৎসা আদি প্ৰদান কৰা হয়৷
ৰোগ নোহোৱাকৈ থাকিবলৈ হলে 'ডিফ্লৰাইডেশ্বন'ৰ আৱশ্যক৷ ফ্লৰাইড নোহোৱা পানী খাবলৈ হলে ঘৰুৱাভাবে বা ৰাজহুৱাভাবে চৰকাৰে আক্ৰান্ত অঞ্চলসমূহত ফিল্টাৰৰ ব্যৱস্থা কৰিব লাগিব৷তেনে প্ৰদূষিত অঞ্চলৰ মাতৃসকলে শিশু সন্তানক পানীৰ সলনি মাতৃদুগ্ধ পান কৰাওক৷
দুই ধৰণৰ ফিল্টাৰ বৰ্তমান প্ৰচলিত - ( ১) ব'ন চাৰকোল (২) নালগোডা এক্টিভেটেড এলুমিনিয়াম চালফেট৷আকৌ যদি এণ্ডেমিক অঞ্চলত বেলেগ ঠাইৰ পৰা বিশুদ্ধ পানী আনি যোগান ধৰিলে বেচি খৰচ নহয় - তেনে ব্যৱস্থাও জনস্বাস্থ্য কাৰিকৰী বিভাগে কৰিব পাৰে৷
জানিবলৈ পোৱা মতে অসমৰ নগাওঁ আৰু কাৰ্বি আলং এই জিলা দুখনত অঞ্চলভেদে খোৱা পানীত থকা ফ্লৰাইডৰ পৰিমাণ হ'ল প্ৰতি লিটাৰত ২৫মিলিগ্ৰাম৷অনুমান কৰা মতে অসমত ফ্লুৰ'চিচৰ ভূক্তভোগীৰ সংখ্যা কমেও একলাখ হব আৰু তাৰে অৰ্ধেক হব মহিলা৷এই ফ্লুৰ'চিচৰ বিৰুদ্ধে যুঁজিবলৈ জনস্বাস্থ্য কাৰিকৰী বিভাগ, স্বাস্থ্য বিভাগ,সমাজ কল্যাণ বিভাগৰ ওপৰিও চৰকাৰৰ সদিচ্ছাৰ একান্ত প্ৰয়োজন৷
No comments:
Post a Comment