বিশ্লেষণঃ ৰাফেলৰ তালফাল:: পৰেশ মালাকাৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্লেষণঃ ৰাফেলৰ তালফাল:: পৰেশ মালাকাৰ

বিশ্লেষণঃ ৰাফেলৰ তালফাল:: পৰেশ মালাকাৰ

Share This
বিগত লোকসভা অধিবেশনৰ সময়তে কংগ্ৰেছৰ নতুন সভাপতি ৰাহুল গান্ধীয়ে দেশৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নিজ ভাষণৰ শেষত আলিংগন কৰাৰ কথাই দেশজুৰি চৰ্চা লাভ কৰিছিল। বহুতেই আলোচনা কৰিছিল, সমালোচনাও। কিন্তু ৰাহুল গান্ধীয়ে প্ৰধান মন্ত্ৰী মোদীক আলিংগন কৰাৰ সময়ত লোকসভাত হৈ থকা হুলস্থূলৰ আগতে মোৰ চকু পৰিছিল অইন এক মহিলাৰ মুখাৱয়বত৷ তেওঁ আছিল প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমণ৷ লোকসভাত দিয়া ভাষণত ৰাহুল গান্ধীয়ে ৰাফেল চুক্তিৰ সন্দৰ্ভত হোৱা বেমেজালি আৰু দুৰ্নীতিৰ অভিযোগ উপস্থাপন কৰিছিল৷ ৰাহুল গান্ধীৰ ভাষণৰ পাছত সীতাৰমণৰ মুখখন কেহৰাজ বৰণৰ হৈছিল৷ সেই মুখখনৰ ছবি এতিয়াও মোৰ চকুত ভাঁহি আছে৷ কিয় তেনে হৈছিল বাৰু? তেওঁ কোন? তেওঁ ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী৷

আচল কথালৈ আহোঁ এতিয়া৷ আপোনালোকে অৰুণ স্বোৰী,প্ৰশান্ত ভূষণ আৰু যশৱন্ত সিংহৰ সংবাদ মেলখন চাইছিল নে ৰাফেলৰ বিষয়ে? অৰুণ স্বোৰী কিমান চোকা মানুহ৷ দিল্লীত থাকোতে সময় পালেই মই নেহৰু পাৰ্কলৈ গৈছিলোঁ৷ অৰুণ স্বোৰীও আহিছিল নেহৰু পাৰ্কলৈ খোজ কাঢ়িবলৈ অকলে অকলে৷ তেওঁ তেতিয়া অটল বিহাৰী বাজপায়ী মন্ত্ৰীসভাৰ মন্ত্ৰী৷ কেতিয়াবা মই তেওঁৰ মুখে মুখে পৰিছিলোঁ, মাতবোলহীন চকুৰ চাৱনীৰেও যে মানুহে ইমান সদ্ভাৱ আৰু সদিচ্ছা প্ৰকাশ কৰিব পাৰে তেতিয়াই গম পাইছিলোঁ৷ খুচুৱন্ত সিঙে অৰুণ স্বোৰীৰ বিষয়ে সুন্দৰ কথা এটা কৈছিল এসময়ত৷ তেওঁ কৈছিল: "অৰুণ স্বোৰীয়ে কি বিষয়ে কয় বা লিখে আপুনি তাত তেওঁৰ ভুল ধৰিব পাৰে, কিন্তু তেওঁ যি ধৰণে যুক্তি প্ৰদৰ্শন কৰে তাত আপুনি খুঁত উলিয়াব নোৱাৰে৷" একেবাৰে সঁচা কথা৷ 

বফৰ্চ কেলেংকাৰীৰ সময়ত অৰুণ স্বোৰী আছিল ইণ্ডিয়ান এক্সপ্ৰেছৰ সম্পাদক৷ বাহ, কি ক্ষুৰধাৰ লেখা! আৰু দেখিছে নে এতিয়াও কি যুক্তিৰে তেওঁ ৰাফেল চুক্তিৰ আঁসোৱাহবোৰ আঙুলিয়াই দেখুৱাইছে৷ ৰাফেলৰ বিষয়ে এতিয়াহে আজি এক, কালি এক কৈ কথাবোৰ ওলাব ধৰিছে৷ কি যে দুনিয়া এইখন!আমি হ’লোঁ কেৰ্কেটুৱা, ৰাজসভাৰ মোল কি বুজিম? বা ইমান ডাঙৰ, ইমান গোপন চুক্তিৰ কি আওভাও পাম? এতিয়ালৈ বাহিৰলৈ যিবোৰ কথা আহিছে সেইবোৰ যুঁকিয়াই চালে আমাৰ দৰে নৰ মনিচৰে দেখোন গাটো কিবা চেবাই যায় , মূৰ আচন্দ্ৰাই কৰে৷ এনেয়ে প্ৰতিৰক্ষা চুক্তিত হোৱা টকা পইচাৰ হিচাপ সাধাৰণ মানুহ এজনে কল্পনা কৰাটোও অসম্ভব৷ আপুনি কিমানলৈ শূন্য দিব? এক লাখ লিখোঁতেই একৰ পিছফালে পাঁচটা শূন্য আৰু ৫৯ হাজাৰ কোটি,বাপৰে! কিন্তু মনত ৰাখিব দেশখনত যদি আপোনাৰ কিবা এটা হক আছে এই টকা পইছাতো আপোনাৰ হক আছে৷ এপইছা,দুপইছা কোনোবাই খালেও খাওক, কিন্তু ইমান টকা পইছাৰ কথাটো আপুনি কেনেকৈ এৰি দিয়ে?সেয়েহে আমাৰ সাধাৰণ মগজুৰে কথাবোৰ জানিবলৈ বিচৰাটো উচিত৷ চৰকাৰে এই চুক্তিখন সন্দৰ্ভত কেনেকৈ বাৰে বাৰে কথা সলাইছে দেখিছে নে?

প্ৰথম যেতিয়া কথাটো ওলাইছিল তেওঁলোকে কি কৈছিল আপোনালোকৰ মনত আছে নে? এইটো প্ৰতিৰক্ষাৰ, দেশৰ সুৰক্ষাৰ কথা,এই চুক্তিৰ কথা ৰাষ্ট্ৰ কৰিলে সকলোৱে জানিব,শত্ৰুৱে লাই পাব৷ গতিকে, এইবোৰ কথা কোনোপধ্যই ৰাজহুৱা কৰিব নোৱাৰি৷ কিন্তু অৰুণ স্বোৰী, যশৱন্ত সিংহ আৰু প্ৰশান্ত ভূষণৰ প্ৰথম সংবাদমেল খনত, দুয়োজন পূৰ্বৰ কেন্দ্ৰীয় মন্ত্ৰীয়ে এই চুক্তিত থকা অনিয়ম আৰু আসোঁৱাহবোৰ তন্নতন্নকৈ আঙুলিয়াই দেখুৱালে৷ এই চুক্তিখন কিমান টকাৰ? এই চুক্তিখনত নিৰ্ধাৰিত ধনৰ মূল্য হ’ল ৫৯০০০.০০ কোটি৷ ইমান টকাৰ প্ৰতিৰক্ষা চুক্তি এখন কৰোঁতে যি প্ৰক্ৰিয়া আৰু পদ্ধতি মানি চলিব লাগে সেই প্ৰক্ৰিয়া আৰু পদ্ধতি মানি চলা হোৱা নাছিল৷ কেনেকৈ? 

এই ধৰণৰ চুক্তি এখনৰ বাবে Cabinet Committee on Securityৰ অনুমোদন অপৰিহাৰ্য৷ এই কমিটিখনত কোন কোন থাকে? প্ৰধান মন্ত্ৰীৰ সভাপতিত্বত অনুষ্ঠিত এই কমিটিৰ সদস্যসকল হ’ল গৃহ মন্ত্ৰী,বৈদেশিক পৰিক্ৰমা মন্ত্ৰী, বিত্ত মন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰী৷ আচৰিত কথা যে ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ লগত ভাৰতৰ প্ৰধান মন্ত্ৰীয়ে ২০১৫ চনৰ এপ্ৰিল মাহত স্বাক্ষৰ কৰা চুক্তিখনত Cabinet Committee on Security এ অনুমোদন জনাইছিল ২০১৬ চনৰ আগষ্ট মাহতহে৷ এই কথাটোৱে কি সূচাই? তাৰমানে প্ৰধান মন্ত্ৰী মোদীয়ে কেবিনেট পদ্ধতিটোক কোনো গুৰুত্ব নিদিয়ে৷ ইমান এটা গুৰুত্বপূৰ্ণ কথা, তাত কেবিনেট কমিটিৰ সদস্যসকলৰ কোনো মতামত নোলোৱাকৈ,আৰু সেই সময়ৰ প্ৰতিৰক্ষা মন্ত্ৰী মনোহৰ পাৰেকাৰৰ অজ্ঞাতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই চুক্তিখন স্বাক্ষৰ কৰিছিল৷ 

কেৱল নিয়মতান্ত্ৰিকভাবে তাৰ ১৬ মাহৰ পাছত, কেবিনেট কমিটিক চুক্তিখন অনুমোদন কৰিবলৈ কোৱা হ’ল৷ চাওকচোন এইটো বাৰু এটা গুৰুতৰ অসাংবিধানিক কথা নহয় নে? হয়, মোদীয়ে হয় বুলি ক’লে তাক নহয় বুলি কোৱাৰ সাহস কোনজন কেন্দ্ৰীয় মন্ত্ৰীৰ আছে? কিন্তু দেখুৱাই হ’লেও নিয়মটোতো মানিব লাগিছিল! তাৰ পিছত আহিল গোপনীয়তাৰ কথাটো৷ চৰকাৰৰ ভাষ্য হ’ল ৰাফেল চুক্তিৰ কথাবোৰ ৰাজহুৱা কৰিব নোৱাৰি কিয়নো ইয়াৰ লগত দেশৰ প্ৰতিৰক্ষাৰ কথা জড়িত হৈ আছে৷ কথা হ’ল কাৰ লগত চুক্তি কৰা হৈছে, কিমান টকাৰ চুক্তি কৰা হৈছে সেইবোৰত কি গোপনীয়তা আছে? গোপনীয়তাৰ কথা থাকিব পাৰে বিমানখনৰ কাৰিকৰী আৰু বৈজ্ঞানিক কথাবোৰলৈহে৷ কিন্তু গোপনীয়তাৰ কথা ইমানকৈ কোৱাৰ কাৰণ বেলেগ৷ ইউ পি এ চৰকাৰৰ দিনত, ২০১২ চনত যেতিয়া ১২৬ খন ৰাফেল বিমান কিনাৰ বাবে চুক্তি হৈছিল, তেতিয়া প্ৰতিখন বিমানৰ দাম ধাৰ্যকৰা হৈছিল ৬৭০ কোটিকৈ আৰু এন ডি এৰ দিনত ২০১৫ চনত কৰা চুক্তি মতে সেই একেখন বিমানৰ দাম হ’লগৈ ১৬৬০ কোটি৷ এতিয়া সকলোৰে প্ৰশ্ন হৈছে মাত্ৰ তিনি বছৰৰ ব্যৱধানত কেনেকৈ কি যুক্তিত এই দাম বৃদ্ধি কৰা হ’ল ? তাৰ কোনো গ্ৰহণযোগ্য আৰু বিশ্বাসযোগ্য ব্যাখ্যা আছে নে? নাই, এতিয়ালৈকে কিন্তু চৰকাৰে তেনে কোনো ব্যাখ্যা দিব পৰা নাই।

তাতোকৈ ডাঙৰ কথা হৈছে ইউ পি এৰ দিনত কৰা চুক্তি মতে উৰিব পৰা অৱস্থাত প্ৰথম বিমান কেইখনমান ফ্ৰান্সৰ পৰা অনাৰ পাছত,বাকী বিমানবোৰ দাছো এভিয়েচনৰ(Dassault Aviation)ৰ সহযোগত ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনস্থ সংস্থা হিন্দুস্থান এৰ’নটিকছ লিমিটেড, হাল(Hindustan Aeronautics Limited)ৰ দ্বাৰা নিৰ্মাণ কৰাৰ কথা আছিল৷ কিন্তু ২০১৫ চনত কৰা চুক্তি অনুযায়ী ৰাফেল বিমানৰ ভাৰতত কৰিবলগীয়া কামৰ বাবে নিয়োগ কৰা হ’ল অনিল আম্বানীৰ ৰিলায়েন্স গ্ৰুপক৷ তাৰ বাবে অনিল আম্বানীয়ে Dassault Reliance Aerospace Ltd নামৰ যৌথ কোম্পেনী এটাই খুলি ল’লে ২০১৭ চনত, নাগপুৰত৷ মন কৰক, আমাৰ দেশৰ প্ৰতিৰক্ষা মন্ত্ৰলায়ৰ অধীনত থকা ৰাজহুৱা খণ্ডৰ ’হাল’ এ আজি ইমান বছৰ ধৰি কিমান যুঁজাৰু বিমান তৈয়াৰ কৰি আহিছে!আৰু ৰিলায়েন্সে এই ঠিকাটো পোৱা বাবেহে নতুনকৈ এনে এটা কোম্পেনী খুলিলে, ইয়াৰ আগলৈ তেওঁলোকে কেতিয়াও এনে কাম কৰিয়ে পোৱা নাছিল৷ এইবোৰ কথা কেনেকৈ ব্যাখ্যা কৰা যায়? চৰকাৰে কি কয়? বোলে নাই ’হাল’ৰ ডাছো এভিয়েচনৰ প্ৰযুক্তি লৈও ৰাফেল বিমান তৈয়াৰ কৰাৰ সামৰ্থ্য নাই৷ প্ৰতিৰক্ষা মন্ত্ৰী সীতাৰমণৰ ভাষ্য৷ কিন্তু ’হাল’ৰ প্ৰাক্তন মূৰব্বী টি সূৱৰ্ণ ৰাজুৱে সৌ সিদিনা কি কৈছে: "আপোনালোকে কয় কি, সম্পূৰ্ণ দেশীয় প্ৰযুক্তিৰে 'হাল'এ যদি ভাৰতীয় বায়ু সেনাৰ প্ৰধান যুজাৰু বিমান, ২৫ টনৰ অত্যাধুনিক চুখয় বিমান তৈয়াৰ কৰিব পাৰে, আৰু ডাছো এভিয়েচনে তৈয়াৰ কৰা মিৰাজ ২০০০ৰ চোৱাচিতা কৰা আৰু তাৰ আধুনিকীকৰণৰ কামো ইমান দিনে কৰিব পাৰিছিল, এতিয়া কি কাৰণে ৰাফেলৰ প্ৰযুক্তি চম্ভালাৰ সামৰ্থ্য ’হাল’ৰ নোহোৱা হ’ল?"

যুক্তিৰ খাতিৰত ধৰি ল’লো ’হাল’ৰ সেই সামৰ্থ্য নাই বুলি৷ ’হাল’ চৰকাৰী সংস্থা নহয় জানো, সামৰ্থ্য নাই যদি তাক সামৰ্থ্যৱান কৰি তোলাত সমস্যা ক’ত? তোমালোকৰ দৰে দেশপ্ৰেমী মানুহ পৃথিৱীত ক'ৰবাত আছে নে? তেনেহ’লে নিজৰ দেশপ্ৰেমৰ পৰকাষ্ঠা নেদেখুৱা কিয়? আনহাতে ক’ত ’হাল’ আৰু ক’ত ৰিলায়েন্স এৰ’স্পেচ লিমিটেড, যাৰ এই বিষয়ে কোনো অভিজ্ঞতাই নাই৷ এটা সাধাৰণ ঠিকা দিওঁতেও দেখোন চৰকাৰে কেইবা বছৰৰো অভিজ্ঞতা বিচাৰে, তেন্তে এই ৫৯০০০ হাজাৰ কোটিৰ ঠিকা এটাত ইমান সোলোক ঢোলোক চৰ্ত কিয়? ঘটনাৰ শেহতীয়া মোৰটোহে আৰু আমোদজনক হৈ পৰিছে৷ ইমান দিনে চৰকাৰে কৈ আছিল যে ৰিলায়েন্সক দাছো এভিয়েচনৰ অফছেট পাৰ্টনাৰ কৰাত ভাৰত চৰকাৰৰ কোনো হাত নাই৷ যিখন চৰকাৰে দুনীয়াৰ নোসোমাবলগীয়া কথাবোৰত সোমায়, সেইখন চৰকাৰে ৫৯০০০ কোটি টকাৰ ঠিকা এটাত দাছো এভিয়েচনে ভাৰতত কাক সহযোগী হিচাপে ল’ব, মানে তাত হস্তক্ষেপ নকৰিব, মই মৰিলেও এই কথা বিস্বাস কৰিব নোৱাৰিম৷ কিন্তু ফ্ৰান্সৰ পূৰ্বৰ ৰাষ্ট্ৰপতি অলাণ্ডে, যাৰ লগত নৰেন্দ্ৰ মোডীয়ে এই চুক্তিখন স্বাক্ষৰ কৰিছিল তেওঁহে গোমৰ ফাঁক কৰি দিলে, তেওঁ কৈছে যে ৰিলায়েন্সৰ নাম চুপাৰিছ কৰিছিল ভাৰতে৷ এতিয়া আপুনি ক’ত মৰে মৰক! তেনেহ’লে কি হ’ল? তাৰমানে দেশৰ স্বাৰ্থ পিছ, ব্যক্তিগত পুঁজিপতিৰ স্বাৰ্থ আগ? এই চৰকাৰখন যে ধনী আৰু ধনীৰ দালালৰ চৰকাৰ তাৰ আৰু কিমান প্ৰমাণ লাগে?দেশপ্ৰেম দেশপ্ৰেম বুলি অনবৰতে আওৰাই থকা সকলে, এতিয়া কি দেশখনকে বিক্ৰী কৰিবলৈ ওলাইছে


(লেখাটি দৈনিক অসম কাকততো প্ৰকাশ পাইছে)
লেখকৰ অসমীয়াৰ সুখ-দুখত প্ৰকাশিত আনবোৰ লেখাৰ বাবে ক্লিক কৰকঃ http://www.xukhdukh.com/search/label/paresh-Malakar

No comments:

Post a Comment