উনবিংশ শতিকাৰ কথা, ছশ বছৰীয়া আহোম ৰাজত্বৰ অৱসানৰ পিছত অসমত যেতিয়া কোম্পানিৰ শাসন প্রবৰ্তন হৈছিল তেতিয়া বৃটিছৰ শাসন ব্যৱস্থাটো চলাবলৈ আধুনিক ভাষাৰ জ্ঞান থকা কৰ্মচাৰীৰ প্রয়োজন হৈছিল আৰু বৃটিচসকলে এই অভাব দূৰ কৰিবলৈ বঙ্গৰ পৰা অসমলৈ ব্যাপক হাৰত বঙালী সকলক আনি চাকৰিত মকৰল কৰিছিল। কিন্তু সময় বাগৰাৰ লগে লগে বৃটিছৰ চত্রছায়াত এই বঙালীভাষীসকলৰ আধিপত্য ইমানেই বৃদ্ধি পাইছিল যে এটা সময়ত অথাৎ ১৮৩৬চনত অসমৰ সমূহ স্কুল -আদালতৰ পৰা কুটিল চক্রান্তৰে অসমীয়া ভাষাক আঁতৰাই তেওঁলোকে বাংলা ভাষা প্রৱৰ্তন কৰিছিল। অৱশ্যে বঙালীভাষী সকলৰ এনে আগ্রাসী মনোবৃত্তিক কেৱল অসমীয়াৰ নতুনকৈ ঠন ধৰি উঠা জাতীয়তাদী শ্রেণীটোৱেই নহয়; বৃটিছৰ প্রগতিশীল লোক সকলেও অসন্তুষ্টি প্রকাশ কৰিছিল। অসমত অসমীয়া ভাষাৰ পৰিবৰ্তে বাংলা ভাষা প্রৱৰ্তন কৰা কাৰ্যক প্রথমতে বিৰোধিতা কৰা সকলৰ ভিতৰত অন্যতম আছিল নাথান ব্রাউন আৰু মাইলছ ব্রন্সন আদিলোক। পৰবৰ্তী সময়ত এই বিষয়ক লৈ হোৱা প্রতিবাদ আৰু যুক্তিৰ অন্তত বৃটিছে নিজৰ ভুল স্বীকাৰ কৰি ১৮৭২চনত অসমৰ সমূহ স্কুল আদালতত পুনৰ অসমীয়া ভাষা প্রবৰ্তন কৰে ।
আমাৰ প্রশ্ন,বঙালীভাষী সকলৰ আধিপত্য বিস্তাৰৰ এই মনোবৃত্তিক অসমীয়া জাতিয়ে পাহৰি যোৱাতো উচিত হবনে ? অসমীয়া জাতি বাংলাভাষী আগ্রাসনকলৈ উদ্বিগ্ন হোৱাৰ অন্য এক কাৰণ হৈছে “আমৰা বাঙালী”ৰ দৰে উগ্র জাতীয়তাবাদী বাঙালী সংগঠনবোৰ ।
কেইটামান দশকৰ পূৰ্বে চুবুৰীয়া ৰাজ্য পশ্চিমবঙ্গৰ বৰ্ধমান জিলাৰ শ্রী শ্রী আনন্দমূৰ্ত্তি উপাধিৰে ভূষিত প্রভাত ৰঞ্জন সৰকাৰে অতি সাম্প্রদায়িক বঙালীভাষী সকলক লৈ “আমৰা বাঙালী” নামেৰে এটা ৰাজনৈতিক সংগঠনৰ জন্ম দিছিল। এই সংগঠনটোৰ মূখ্য উদ্দেশ্য আছিল সামাজিক আৰু ৰাজনৈতিক ক্ষেত্রত বঙালীভাষী সকলৰ গৌৰৱ প্রতিষ্ঠা কৰা যদিও , “আমৰা বাঙালী”ৰ hidden agenda হ’ল “বঙালীস্তান” নামেৰ বঙালী ভাষা আৰু সংস্কৃতিক কেন্দ্র কৰি এখন বৃহৎ ৰাষ্ট্র গঠন কৰা। “আমৰা বাঙালী”ৰ এই প্রস্তাৱিত ৰাষ্ট্রৰ ভৌগোলিক মানচিত্রখনত কেৱল অসম আৰু ত্রিপুৰা ৰাজ্যই অন্তৰ্ভূক্ত হোৱা নাই। চুবুৰীয়া ৰাষ্ট্র বাংলাদেশ , নেপালৰ জাপা জিলাকে ধৰি মেঘালয়ৰ সমতলভূমি আৰু বিহাৰ তথা ঝাৰখণ্ডৰ বৃহৎ এলেকাকো মানচিত্রত সামৰি লৈ সাংগাঠনিক কাম-কাজ চলাই গৈছে ।সত্তৰ দশকৰ শেষৰফালে অৰ্থাৎ অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ সময়ত এই সংগঠনটোৱে অসমৰ বঙালীভাষী অধ্যুষিত এলেকাবোৰত ব্যাপক অসমীয়া বিৰোধী প্রচাৰ চলোৱাৰ লগতে দলটোৰ সাংগঠনিক ভেটি গঢ়িবলৈও যৎপৰোনাস্তি চেষ্টা কৰিছিল।
আজিৰ তাৰিখতো অসমত এই সাম্প্রদায়িক সংগঠনটোৰ অস্তিত্ব নুই কৰিব নোৱাৰি।উল্লেখ্য যে, অসমক সাঙুৰি বঙালীভাষী সকলৰ সুকীয়া ৰাষ্ট্র গঠনৰ আকাংক্ষা নতুন চিন্তা নহয়।দেশ বিভাজনৰ সময়ত ধৰ্মভিত্তিক শাসনব্যৱস্থা প্রৱৰ্তন কৰি বঙ্গৰ সৈতে অসমক সামৰি “বঙ্গ-ই-ইসলাম”নামৰ ৰাষ্ট্র গঠন কৰিবলৈকো কুজ-কাৱাজ চলিছিল । “THE MILLAT OF ISLAM AND THE MENANCE OF INDIANISM” নামৰ পুস্তিকাখনত এই BLUE PRINT ৰ বিষয়ে ভালদৰে উল্লেখ আছে । সেয়ে থলগিৰি অসমীয়াই আজি আশংকা কৰিছে , লাখ লাখ বাংলাদেশীক অসমত নতুনকৈ সংস্থাপন দিয়াৰ পৰিকল্পনাৰ অন্তৰালত কেৱল নিৰ্যাতিত হিন্দুৰ প্রতি মানবীয়তা প্রদৰ্শন নহয় অসমীয়া জাতিক সমুলঞ্চে নি:শেষ কৰাৰ এক গভীৰ ষড়যন্ত্র আছে। অমসত অসমীয়া ভাষীসকল সংখ্যা লঘিষ্ঠ হোৱাৰ লগে লগে ভাষা ভিত্তিত ৰাজ্য গঠনৰ প্রাসঙ্গিকতা ক’ত থাকিব ??
চিন্তা হয়, অসমীয়া ভাষীক সংখ্যালঘু হ’লে কত থাকিব ৰাজনৈতিক অধিকাৰ? কিছু দশকৰ পূৰ্বে ত্রিপুৰাৰ কট্টৰ হিন্দু সাম্প্রদায়িক নেতা বিজন বাসুৰ নেতৃত্বত জন্ম হোৱা সশস্ত্র সংগঠন United Bengal Liberation Front য়ে নিৰীহ খিলঞ্জীয়া মানুহৰ ওপৰত যিদৰে উৎপীড়ন তথা হত্যাযজ্ঞ চলাইছিল অনাগত সময়ত অসমতো যে তেনেকুৱা পৰিবেশ এটা নাহিব সেই নিশ্চয়তা কোনে দিব ?
“ভাৰতীয় নাগৰিকত্ব সংশোঘনী বিধেয়ক ২০১৬” আইন হলে আটাইতকৈ বেছি ক্ষতিগ্রস্ত থলগিৰি অসমীয়াই যে হ’ব সেই কথাত কোনো সন্দেহ নাই ।
প্রথম কথা, অসম তথা উত্তৰ পূৱলৈ উন্মুক্ত আন্তৰ্জাতিক সীমান্তৰে চুবুৰীয়া ৰাষ্ট্র বাংলাদেশৰ পৰা নিতৌ অনুপ্রবেশ ঘটিয়েই আছে। গত চাৰিটা দশক অসমীয়াই এই জলন্ত সমস্যাৰ সৈতে অকলেই যুঁজ দি আহিছে। ঐতিহাসিক ছয়বছৰীয়া ছাত্র আন্দোলনৰ একমাত্র কাৰনো আছিল অবৈধ বিদেশী । দেশ বিভাজনৰ সময়তো অসমেই অকলে লক্ষ্য লক্ষ্য ভগনীয়াৰ বোজা লব লগলীয়া হৈছিল যাৰ পৰিণতিত অসমীয়া জাতিৰ কেৱল ভাষা-সংস্কৃতিয়েই নহয় ৰাজ্যখনৰ ৰাজনীতি তথা অৰ্থনীতিতো ইয়াৰ বিৰূপ প্রভাব পৰিছিল।ভগনীয়াৰ বোজা দেশৰ সকলো ৰাজ্যই সমানে ভগাই লব লাগে বুলি তেতিয়াৰ অসমৰ মুখ্যমন্ত্রী গোপীনাথ বৰদলৈয়ে দেশৰ তদনীন্তন প্রধানমন্ত্রী জৱহৰলাল নেহৰুলৈ পত্র লেখাৰ বাবে ভৎসনাহে শুনিব লগীয়া হৈছিল। আজি হতাশাব্যঞ্জকভাবে অসমৰ ৰাজনীতিৰ ওপৰত অসমীয়াই নিয়ন্ত্রণ হেৰুৱাব লগীয়া হৈছে। প্রতিটো নিৰ্বাচনৰতে অসমীয়াৰ ভোট এতিয়া political factor নহয়।কিছুদিনৰ পূৰ্বে শৰ্মা উপাধি এজন মন্ত্রীয়ে এই কথা ৰাজহুৱাকৈ কৈয়ে পেলালে। অদূৰ ভৱিষ্যতে অসমীয়া সংখ্যালঘু হৈ পৰিলে কি হব অসমৰ ভৱিষ্যত ?? উন্মুক্ত সীমায়েদি অসমলৈ আজিও নিতৌ কিমান বাংলাদেশীৰ অবৈধ প্রব্রজন ঘটি আছে সেই তথ্য ভাৰত চৰকাৰে ৰাজহুৱা নকৰিলেও বাংলাদেশৰ Bangladesh Board of Statics নামৰ বিভাগটোৰ এক প্রতিবেদনত শেহতীয়াভাবে বহুত চাঞ্চল্যকৰ তথ্য প্রকাশ পাইছে। সেয়ে থলগিৰি অসমীয়া আজি নিজৰ অস্তিত্বক লৈ আতংকিত।
আমি বিচাৰো যিসকল বঙালীভাষীয়ে প্রকৃতাৰ্থত নিজকে অসমীয়া বুলি ভাবে তেঁওলোকেও নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ বিৰোধিতা কৰক। নিৰ্যাতিত প্রতিজন হিন্দুৰ প্রতি আমাৰ সহমৰ্মিতা আছে। পৃথিৱীৰ কোনোৱেই মানৱ অধিকাৰৰ পৰা বঞ্চিত নহওঁক সেইয়া আমাৰ সদায় কাম্য। কিন্তু ধৰ্মৰ ভিত্তিত আন কোনো দেশৰ নাগৰিকলৈ ভাৰতত নাগৰিকত্ব প্ৰদানৰ নামত, অসমতে অসমীয়াৰ অস্তিত্ব বিপন্ন হবলৈ কোনো পধ্যেই দিব নোৱাৰি, সেই কথাও কিন্তু নিশ্চিত।
No comments:
Post a Comment