মহীৰূহৰ লেখাঃ সাংবিধানিক সংকটৰ গ্রাসত মোদী চৰকাৰ?:: ড° হীৰেন গােহাঁই - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মহীৰূহৰ লেখাঃ সাংবিধানিক সংকটৰ গ্রাসত মোদী চৰকাৰ?:: ড° হীৰেন গােহাঁই

মহীৰূহৰ লেখাঃ সাংবিধানিক সংকটৰ গ্রাসত মোদী চৰকাৰ?:: ড° হীৰেন গােহাঁই

Share This
নতুন প্রজন্মই নাজানে, আৰু বয়স্কসকলে পাহৰিবলৈ ধৰিছে যে এসময়ত ভাৰতৰ এজন প্রধান মন্ত্রী (পিভি নৰসিংহ ৰাও) ভয়ানক দুর্নীতিৰ গােচৰত অভিযুক্ত হৈ আদালতত থিয় দিব লগা হৈছিল। ভােট ক্রয় কৰি দলৰ সংখ্যাগৰিষ্ঠতা অর্জন কৰা বুলি তেওঁৰ বিৰুদ্ধে গুৰুতৰ অভিযােগ উত্থাপিত হৈছিল। আজিও ভাৰতৰ প্ৰধান মন্ত্রী প্রায় তেনে ধৰণৰ অভিযােগত অভিযুক্ত হােৱাৰ উপক্ৰম হৈছে।  সেই পৰিস্থিতিৰ পৰা উদ্ধাৰ পাবলৈ চৰকাৰে লােৱা ব্যৱস্থাই সংকট গাঢ়তৰ কৰিছে। এই সমস্ত কাণ্ড-কাৰখানাত প্রধান মন্ত্রী কাৰ্য্যালয় জড়িত। 

অসমীয়াৰ সুখ-দুখ
চি বি আই সংস্থাটো ভাৰতৰ সর্বোচ্চ অনুসন্ধান সংস্থা। বছা-বছা অভিজ্ঞ আৰক্ষী বিষয়াৰে গঠিত এই বাহিনীটো বিধিমতে সম্পূর্ণ স্বাধীন হােৱা উচিত, যাতে কোনাে ধৰণৰ ৰাজনৈতিক হেঁচাই তাৰ অনুসন্ধান-কাৰ্য্য বিপথগামী বা লক্ষ্যভ্রষ্ট কৰিব নােৱাৰে। কিন্তু কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰৰ দিনতে দুর্নীতি আৰু পক্ষপাতিত্বৰ জগৰত তাৰ সঞ্চালক ৰঞ্জিত সিংহ জগৰীয়া হৈছিল। এইবাৰ তাতকৈও ডাঙৰ কলংকৰ কালিমা তাৰ ওপৰত পৰিল। কংগ্ৰেছৰ দিনৰে পৰা কেতবােৰ আহুকলীয়া আৰু বিজেপিৰ বাবে বপজ্জনক গােচৰ নানা বিভ্রান্তি আৰু চক্ৰান্তৰ ডেওনা পাৰ হৈ চি বি আইৰ হাতত পৰিছিল। তাৰ ভিতৰত ২০০২ চনৰ গুজৰাট নৰমেধৰ কছুমান গােচৰ আছিল— যেনে বর্তমান বিজেপি সভাপতি আৰু তেতিয়া গুজৰাটৰ গৃহমন্ত্রী অমিত শ্বাহক জড়িত কৰা চোহৰাবুদ্দিন সংঘর্ষ-মৃত্যুৰ গােচৰ (Sohrabuddin Encounter Death Case), আৰু হিন্দুত্ববাদী এক সংগঠনে সংঘটিত কৰা মক্কা মছজিদ বােমা বস্ফোৰণ গােচৰ। এইবােৰ শাসক দল তথা চৰকাৰৰ বাবে অতি বপজ্জনক গােচৰ আছিল। কাৰণ গুজৰাট চৰকাৰ, অমিত শ্বাহৰ উপৰি। বিভিন্ন হিন্দুত্ববাদী মিত্র সংগঠন তাত অভিযুক্ত হৈছিল। | চি বি আইৰ সঞ্চালকজনে কিছুমান বিশেষ অনুসন্ধানকাৰী গােট গঠন কৰি নানা আমােলাতান্ত্রিক বাধা-বিঘিনি চেৰাই সেই গােচৰবােৰৰ চুড়ান্ত অভিযােগপত্র (charge-sheet) প্রস্তুতিৰ পিনে আনিছিল।

এনে সময়তে চৰকাৰে ৰাকেশ আস্থানা নামৰ এজন গুজৰাট কেডাৰৰ সদস্থ বিষয়াক এইবােৰ গােচৰ তদাৰক কৰিবলৈ চি বি আইৰ “বিশেষ সঞ্চালক”ৰূপে নিযুক্তি দিয়ে। তেওঁক সঞ্চালকৰ পিছতে সংস্থাটোত স্থান দিয়া হল। | চি বি আইৰ সঞ্চালকৰ সন্মতি অবিহনে এনে নিযুক্তি প্রথাসিদ্ধ নাছিল। কিন্তু প্রধান মন্ত্রী কার্যালয়ৰ (PMO) উদ্যোগত এই কাম কৰােৱা হ’ল “অনুসন্ধান ত্বৰান্বিত কৰাৰ” ঘােষিত উদ্দেশ্যৰে। চি বি আইৰ সঞ্চালক এই নিযুক্তিত সুখী নাছিল। তেওঁ লিখিত ভাবে জনাইছিল যে ৰাকেশ আস্থানা উৎকোচ গ্রহণ অপৰাধৰ বাবে ইতিমধ্যে চিবিআইৰ নজৰত আছে। এই কথাত কোনাে গুৰুত্ব দিয়া নহ'ল।

আনহাতে, ৰাকেশ আস্থানাই চি বি আইৰ সঞ্চালক আলােক ৱাৰ্মাৰ বৰুদ্ধে দুর্নীতিৰ অভিযােগ আনি চি বি আইৰ কাম-কাজৰ তদাৰকী কৰাৰ ক্ষমতা থকা Central Vigilance Commission (CVC) লৈ গােপন প্রতিবেদন দাখিল কৰিছিল। সন্দেহ কৰাৰ থল আছে যে কোনাে চনাকি উৎসৰ পৰা তেওঁৰ বিৰুদ্ধে চি বি আইৰ সঞ্চালকে দিয়া দুর্নীতিৰ অভিযােগৰ খবৰ পাই অভিযােগ দুর্বল কৰিবলৈকে তেওঁ সঞ্চালকৰ বিৰুদ্ধে দুর্নীতিৰ অভিযােগ আনিছিল। আস্থানাই এই সংক্রান্তত সঞ্চালকে কেতবােৰ দৰকাৰী ফাইল তেওঁক নিদিয়া বাবেও ন্যায় প্রতিষ্ঠাত বাধা দিয়া বুলি কৈছিল। 

যােৱা বুধবাৰ ২৪ অক্টোবৰৰ গধুলি চি বি আইৰ সঞ্চালক ৱাৰ্মাই ৰাকেশ আস্থানাক দুর্নীতিৰ অভিযােগত গ্রেপ্তাৰ কৰাৰ অনুমতি বিচাৰি CVC তথা প্রধান মন্ত্রী অনুমােদনৰ (sanction) বাবে জৰুৰী আবেদন দাখিল কৰে। তাৰ পিছত প্রধান মন্ত্রী, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডােৱাল আৰু প্রধান মন্ত্রী কার্যালয়ৰ শীর্ষ বিষয়াই চি বি আইৰ এই সংকটজনক ঘটনাৱলী কেবা ঘণ্টা ধৰি পর্যালােচনা কৰি ৰাতি এক বজাত দুয়ােকে অনির্দিষ্টকাললৈ ছুটি দিয়ে আৰু চি বি আইৰ কাম-কাজ চলাবলৈ নাগেশ্বৰ ৰাও নামৰ এগৰাকী শীর্ষস্থানীয় আৰক্ষী বিষয়াক অন্তর্বর্তীকালীন সঞ্চালক হিচাবে (Interim Director) নযুক্তি দিয়ে। | চি বি আইৰ অন্তর্বিবাদ বা সাম্ভাব্য দুর্ণামৰ অৱসান ঘটাবলৈ এনে জৰুৰী ব্যৱস্থাৰ প্ৰয়ােজন আছিল বুলি চৰকাৰ-পক্ষই দিয়া যুক্তি দেখাত প্রত্যয়জনকেই আছিল। কিন্তু অন্তর্বর্তীকালীন সঞ্চালক নাগেশ্বৰ ৰাৱে কামত যােগ দিয়েই ক্ষীপ্রভাবে কেটামান সিদ্ধান্ত লােৱা কথাই আটাইৰে চকু কপালত তুলিলে। বিশেষ সঞ্চালক আস্থানাৰ বিৰুদ্ধে দুর্নীতিৰ অভিযােগ তদন্তত নিযুক্ত কেবাটাও তদন্তকাৰী দল তেওঁ তুৰন্তে ভংগ কৰি দিয়ে। এজন মূল বিষয়াক একেবাৰে আন্দামান নিকোবৰ দ্বীপপুঞ্জলৈ বদলি কৰা হয়। এনে অদ্ভুত তৎপৰতাই সন্দেহ জগায় যে আস্থানাক দুর্নীতিৰ অভিযােগৰ পৰা মুক্ত কৰিবলৈকে এনে ব্যৱস্থা কৰাৰ প্রয়ােজন হৈছিল। সেই দুর্নীতিৰ তদন্ত কৰিবলৈ সম্পূর্ণ নতুন দল গঠন কৰা হ'ল। 

আচলতে আস্থানাৰ দুর্নীতি সম্পর্কে তদন্তকাৰী দলে ইতিমধ্যে যিবােৰ তথ্যপাতি, সাক্ষ্যপ্রমাণ যােগাৰ কৰিছিল, সেইবােৰ পৰীক্ষা নকৰাকৈ নতুন তদন্তকাৰী দল ভংগ কৰা সমীচিন হােৱা নাছিল। | অনুরূপভাবে সঞ্চালকৰ দুর্নীতি সম্পর্কে আস্থানাই যিবােৰ অভিযােগ আনিছিল, সেইবােৰাে যথাযথ পৰীক্ষা কৰিহে সেই সম্পর্কে সিদ্ধান্ত লােৱা উচিত আছিল। তেনে প্রাথমিক ব্যৱস্থা গ্রহণ নকৰি নতুন তদন্তকাৰী দলৰ হাতত তদন্তটো গতাই দিয়াৰ অভিপ্রায় সন্দেহৰ পৰা মুক্ত হ'ব নােৱাৰে। বৃহস্পতিবাৰে (২৫ অক্টোবৰ) চি বি আইৰ সঞ্চালক আলােক ৱাৰ্মাই উচ্চতম ন্যায়ালয়ত ন্যায় বিচাৰি এখন জৰুৰী আবেদন কৰে। তেওঁ জনায় যে যিহেতু উচ্চতম ন্যায়ালয়ৰ ৰায়মতেই তেওঁক প্রধান মন্ত্রী, বিৰােধী দলৰ নেতা আৰু দেশৰ মুখ্য ন্যায়াধীশৰে গঠিত তিনিজনীয়া কমিটিয়ে দুবছৰৰ বাবে নিযুক্তি দিছিল, আৰু তেওঁৰ দুবছৰীয়া কাৰ্যকালত তেওঁক বদলি কৰাৰ কোনাে সিদ্ধান্ত চৰকাৰে একপক্ষীয়ভাবে ল'ব নােৱাৰে (তেওঁৰ কাৰ্যকাল দুবছৰৰ বাবে চুড়ান্তভাবে নিরূপিত), সেয়ে চৰকাৰৰ উক্ত সিদ্ধান্ত অবৈধ হৈছে। তদুপৰি তেওঁ জনায় যে চৰকাৰৰ বাবে অসুবিধাজনক হৈ পৰা কেতবােৰ তদন্তৰ গতিয়ে চৰকাৰক উদ্বিগ্ন কৰা বাবেই এনে অবৈধ সদ্ধান্ত লােৱা হৈছে।

কাকতালীয়ভাবে এই অভিযােগৰ গুৰুত্ব বৃদ্ধি কৰা কেতবােৰ সাম্প্রতিক ঘটনাই আলােক ৱাৰ্মাৰ যুক্তি সমর্থন কৰা যেন লাগে। কেইদিনমান আগতে প্রাক্তন কেন্দ্রীয় মন্ত্রী আৰু বৰিষ্ঠ ৰাজনীতিবিদ যশােৱন্ত সিংহ, অৰুণ শ্বৌৰী আৰু প্রখ্যাত আইনজীৱী প্রশান্ত ভূষণে চি বি আইৰ সঞ্চালকক লগ ধৰি নানা প্রত্যায়িত দলিল সহ এক বৃহদাকাৰ আবেদন দাখিল কৰে, য'ত ৰাফাল যুদ্ধবিমান ক্ৰয়ৰ বাবে প্রধান মন্ত্রীয়ে ফ্রান্সৰ লগত কৰা নতুন চুক্তিত দুর্নীতি হৈছিল বুলি তথ্যপ্রমাণ থকাৰ কথা তিনিওজনে সংবাদমেলত ঘােষণা কৰিছিল। সঞ্চালক ৱাৰ্মাই নিজৰ দায়িত্ব বুলি বােধ কৰি আনুষ্ঠানিকতাৰে আবেদনখন গ্ৰহণ কৰি তদন্ত প্রতিশ্রুতি দিছিল। চৰকাৰৰ দৃষ্টিত ইও বার্মাৰ পক্ষপাতিত্ব প্রমাণ কৰে। কিন্তু নিৰপেক্ষজনৰ বিচাৰত সেইটো সঠিক নহয়। | এতিয়া উচ্চতম ন্যায়ালয়ে ৱাৰ্মাৰ জৰুৰী আবেদনৰ প্রতি তৎকালেই সঁহাৰি দি কৈছে যে তাৰ সাৰভাগ (substance) ১২ নৱেম্বৰত ন্যায়ালয়ে বিবেচনা কৰিব। কিন্তু নতুন অন্তৱৰ্তীকালীন। সঞ্চালক নাগেশ্বৰ ৰাৱে লােৱা তাৎক্ষণিক সিদ্ধান্তবােৰৰ (যেনে আস্থানাৰ বিৰুদ্ধে পূর্বৰ তদন্তকাৰীদল ভংগ কৰা) সবিশেষ প্রয়ােজনীয় দলিল সহ উচ্চতম ন্যায়ালয়ক দাখিল কৰিব লাগিব। অর্থাৎ নাগেশ্বৰ ৰাওৰ তাৎক্ষণিক সিদ্ধান্ত ন্যায়ালয়েও পােনচাতেই মানি লবলৈ টান পাইছে। অৱশ্যে তাক অবৈধ বুলিও ঘােষণা কৰা নাই।

সমস্ত ঘটনাৱলী আচলতে আৰম্ভ হৈছিল চৰকাৰে “বিশেষ সঞ্চালক হিচাবে ৰাকেশ আস্থানাক নিযুক্তি দিয়াত। আস্থানা গুজৰাট কেডাৰৰ বুলি ইতিপূর্বে উল্লেখ কৰা হৈছে। গুজৰাটত ২০০২ চনৰ গােব্রা-কাণ্ডৰ অনুসন্ধানৰ পৰা আৰম্ভ কৰি নানা তদন্তৰ দ্বাৰা তেওঁ তেতিয়া গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থকা নৰেন্দ্র মােদী ডাঙৰীয়াৰ আস্থাভাজন আৰু প্রিয়পাত্র হৈছিল। বিপক্ষ দলবােৰে অভিযােগ কৰিছে যে আলােক ৱাৰ্মাৰ নেতৃত্বত হৈ থকা যিবােৰ তদন্তই মােদী চৰকাৰক সংকটত পেলাব পাৰে, তাৰ পৰা মােদী চৰকাৰক বচাবলৈকে কৰিৎকর্মা আস্থানাক হঠাতে “বিশেষ সঞ্চালক” হিচাবে চি বি আইত নিযুক্তি দিয়া হৈছিল, আৰু দায়িত্ব লৈয়েই তেওঁ আলােক ৱাৰ্মাৰ বিৰুদ্ধে সাক্ষ্যপ্রমাণ যােগাৰ কৰাত লাগি গৈছিল। অভিযােগৰ সত্যাসত্য ১২ নৱেম্বৰ তাৰিখেহে বা তাৰ কিছুকাল পিছতহে জনা যাব। কিন্তু সন্দেহ নাই যে মােদী চৰকাৰক সি ঘােৰ সংকটৰ আৱৰ্ত্তত নিক্ষেপ কৰিব পাৰে।


সেয়ে অলপ দূৰলৈ চাই বিবেচনা কৰিলে ধাৰণা হয় যে এই ঘটনাই এক সাংবিধানিক সংকটৰ সূচনা কৰিব পাৰে। কাৰণ বিজেপি দল এতিয়া এনেকুৱা হৈ থকা নাই যে কেনেবাকৈ নৰেন্দ্ৰ মােদীয়ে বিদায় ল'ব লগা হ'লে তেওঁৰ ঠাই ল'ব পৰা কোনাে ব্যক্তি দলটোত আছে। | জ্যেষ্ঠসকলক ইতিমধ্যে দৃশ্যপটৰ পৰা আঁতৰাই দিয়া হৈছে। বিৰােধী দলবােৰ দুর্বল। পৰৱৰ্ত্তী নির্বাচনাে সমাগত। ক্ষমতাসীন চৰকাৰ সংকটাপন্ন হলে দেশৰ শাসনভাৰ ৰাষ্ট্রপতিয়ে কাক অর্পণ কৰিব?

চৰকাৰে দেশৰ সকলাে ক্ষমতাশালী অনুসন্ধানকাৰী সংস্থা আৰু দপ্তৰবােৰৰ নিৰপেক্ষতা ক্ষুন্ন কৰি কেৱল নিজা সংকীর্ণ ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰা বুলি ইতিমধ্যে অভিযােগ উঠিছে। চি বি আইৰ সাম্প্রতিক ঘটনাৱলীয়ে তাক যেন নিশ্চয়তা প্রদান কৰিলে। সংযােজন ও ওপৰৰ কথাখিনি লৰালৰিকৈ লিখা বাবে এটা গুৰুত্বপূর্ণ। তথ্য বাদ পৰি গ'ল। উচ্চতম ন্যায়ালয়ৰ ৰায়ত কোৱা হৈছে যে চি বি আইৰ সঞ্চালক আলােক ৱাৰ্মাৰ বিৰুদ্ধে কৰা অভিযােগবােৰ ১৪ দিনৰ ভিতৰত চি ভি চিয়ে তদন্ত কৰি এটা প্রাথমিক প্রতিবেদন দিব লাগে। এই প্রক্রিয়া হ’ব উচ্চতম ন্যায়ালয়ৰ এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নিৰীক্ষণত। অর্থাৎ ৰাকেশ আস্থানাই তােলা অভিযােগবােৰৰ ভিত্তি আছে নে নাই, তাক নিশ্চিত কৰিব লাগিব। যিহেতু সঞ্চালকজনৰ ভূমিকা ন্যায়সংগত আছিল নে নাই এই তদন্তই নিশ্চিত কৰিব, সেয়ে এই তদন্তটো এইক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ বুলি ধাৰণা কৰিব পাৰি।
(লেখাটি আমাৰ অসম কাকততো প্ৰকাশ পাইছে। লেখকৰ মৌখিক অনুমতিক্ৰমে xukhdukh.com ত ইউনিকোড সংস্কৰণ প্ৰকাশ কৰা হৈছে।)

No comments:

Post a Comment