মনৰ কথাঃ ডাঃ মিৰাকল আৰু শেষ ছোৱালীজনীলৈ শান্তিৰ নোবেল বঁটা:: নয়ন দেৱ চৌধুৰী - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ ডাঃ মিৰাকল আৰু শেষ ছোৱালীজনীলৈ শান্তিৰ নোবেল বঁটা:: নয়ন দেৱ চৌধুৰী

মনৰ কথাঃ ডাঃ মিৰাকল আৰু শেষ ছোৱালীজনীলৈ শান্তিৰ নোবেল বঁটা:: নয়ন দেৱ চৌধুৰী

Share This
কিণ্ডলটোত পঢ়িমেই বুলি ৰাখি থোৱা বহুখিনি কিতাপৰ মাজত এখন হ’ল “The Last Girl"। ইৰাকৰ য়েজিদি (Yazidi) সম্প্ৰদায়ৰ এগৰাকী প্ৰচণ্ড সাহসী নাৰী নাদিয়া মুৰাদৰ (Nadia Murad Basee) আত্মজীৱনী এইখন৷ সন্ধিয়াৰ বাতৰি চাই “The Last Girl“খনৰ কথাটো ঘপহকৈ মনলৈ আহিল৷ এইবাৰৰ শান্তিৰ ন'বেল বঁটা ঘোষণা কৰা হৈছে৷ এইবাৰ এই বঁটা যুটীয়াভাৱে আগবঢ়োৱা হৈছে এই নাদিয়া মুৰাদ আৰু কংগোৰ ডেনিছ মুকৱেগেলৈ (Denis Mukwege)৷ ন’বেল কমিটিৰ ভাষাতেই দুয়োকে এই বঁটা দিয়া হৈছে তেওঁলোকৰ “efforts to end the use of sexual violence as a weapon of war and armed conflict৷"

মধ্য আফ্ৰিকাৰ কংগোৰ তেষষ্ঠি বছৰীয়া ডেনিছ মুকৱেগে পেচাত এগৰাকী চিকিৎসক৷ তেওঁ এজন Gynecologist৷ বিভিন্ন গোষ্ঠীগত সংঘৰ্ষ, গৃহযুদ্ধত জৰ্জড়িত এখন দেশ কংগো৷ সাধাৰণতে এনে পৰিস্থিতিত মহিলা আৰু শিশু সকলেই আটাইতকৈ বেছি হিংসাৰ চিকাৰ হয়৷ ধৰ্ষণ আৰু যৌন নিৰ্যাতন হৈ পৰে যুদ্ধৰ এক অস্ত্ৰ৷ মুকৱেগেৰ ভাষাতেই .. “Rape is a weapon of mass destruction৷“ নিজৰ হাস্পতালত যৌন হিংসাৰ বলি হোৱা হাজাৰ হাজাৰ কন্যা শিশু-মহিলাক এতিয়ালৈকে চিকিৎসা প্ৰদান কৰিছে ডাঃ মুকৱেগেই৷ নিজৰ জীৱন বিপন্ন কৰিও তেওঁ এই কাম কৰি আছে যোৱা দুই দশক জুৰি৷ ইতিমধ্যে এবাৰ হত্যাৰ প্ৰচেষ্টাও হৈছে তেওঁৰ ওপৰত৷ তেওঁৰ নিজৰ জীৱনটো কথমপি ৰক্ষা পৰিলেও তেওঁৰ দেহৰক্ষী এজন নিহত হৈছে এই আক্ৰমণত৷ ৰাষ্ট্ৰ সংঘৰ বিশেষ শান্তিৰক্ষী বাহিনীয়ে তেওঁ আৰু তেওঁৰ হাস্পতালখনক সুৰক্ষা দিয়ে বৰ্তমান৷ বিকৃত কামনাৰ বলি হৈ বিধস্ত হোৱা নাৰী শৰীৰবোৰক অস্ত্ৰোপচাৰৰ কৌশলেৰে নতুনকৈ গঢ় দিয়া ডাঃ মুকৱেগেক জনা যায় “Doctor Miracle" হিচাপে৷ তেওঁৰ জীৱনক আধাৰত ডকুমেণ্টৰী এখন‌ও আছে; নাম কি জানে? ..“The Man who Mends Women!"

আন দহজনী ছোৱালীৰ দৰেই শৈশৱত নাদিয়া মুৰাদৰ সপোনবোৰ আছিল তেনেই সাধাৰণ৷ এগৰাকী শিক্ষিয়ত্ৰী হোৱাৰ সপোন আছিল তেওঁৰ আৰু নহ’লে এখন বিউটি পাৰ্লাৰ খোলাৰ৷ চিৰিয়াৰ সীমান্তবৰ্তী উত্তৰ ইৰাকৰ এক পাহাৰীয়া অঞ্চলত আছিল তেওঁলোকৰ গাওঁখন৷ এক সুখী, শান্ত আৰু সাধাৰণ জীৱন যাত্ৰা৷ ধুমুহাজাক আহিল ২০১৪ চনৰ আগষ্ট মাহত৷ ক’লা পতাকা উৰুৱাই আইচিচৰ (ISIS) গাড়ীবোৰ প্ৰবেশ কৰিলে তেওঁলোকৰ গাঁৱত৷ প্ৰথমতে পুৰুষ আৰু বয়সীয়াল মহিলা সকলক পৃথক কৰি নিৰ্বিচাৰে গুলী চলাই হত্যা কৰা হ’ল৷ কমবয়সীয়া ছোৱালী যিমান আছে সকলোকে অপহৰণ কৰি লৈ অহা হ’ল জেহাদী সকলৰ ’Sabaya’ বা যৌন দাসী হিচাপে ব্যৱহাৰ কৰিবলৈ৷ এই আক্ৰমণটোত নাদিয়াৰ মাতৃ আৰু ছজনকৈ ভাতৃসহ মুঠ ওঁঠৰজন পৰিয়ালৰ সদস্যৰ মৃত্যু হৈছিল৷ গাওঁখনৰ প্ৰায় সাতশ পুৰুষ চিৰদিনলৈ ’নিখোজ’ হ’ল৷ নাদিয়াৰ জীৱনৰ ভয়ংকৰ অধ্যায়টোৰ কিন্তু এয়া মাথোঁঁ আৰম্ভণিহে আছিল৷ নাদিয়াহঁতক লৈ অহা হ’ল ইৰাকৰ মোচুল নামৰ চহৰ খনলৈ৷ 

প্ৰথমতেই বলপূৰ্বক ধৰ্মান্তৰিত কৰি লোৱা হ’ল তেওঁলোকক৷ তাৰপাছত আৰম্ভ হ’ল তেওঁলোকৰ যৌনদাসীৰ জীৱন৷ ইজনৰ পিচত সিজন জেহাদীৰ ধৰ্ষণৰ বলি হ’ল তেওঁ৷ গৰু-ছাগলীৰ দৰে তেওঁৰ দেহৰ বেচা-কিনা চলিল৷ নিলাম হ’ল৷ আদেশ অমান্য কৰিলেই নিৰ্মম শাৰীৰিক অত্যাচাৰ৷ গণ ধৰ্ষণ৷ সম্পূৰ্ণ তিনিমাহ এনে নৰক যন্ত্ৰণা সহ্য কৰাৰ পিছত এদিন সুযোগ আহিল৷ পলায়ন কৰিলে নাদিয়াই৷ আইচিচ বিৰোধী এটা মুছলমান পৰিয়ালৰ সহায়ত আইচিচৰ নিয়ন্ত্ৰণত থকা অঞ্চলৰ পৰা ওলাই যাবলৈ সক্ষম হ’ল নাদিয়া৷ প্ৰথমতে ইৰাকী কুৰ্দিস্তান; আৰু তাৰ পৰা জাৰ্মানী৷ কি দোষ আছিল নাদিয়াহঁতৰ..? তেওঁলোকৰ দোষ আছিল এটাই; তেওঁলোক আছিল য়েজিদি৷ আইচিচৰ বাবে তেওঁলোক আছিল ’বিধৰ্মী’... 'Devil’s worshippers'৷ প্ৰায় পাঁচ হাজাৰ য়েজিদি বলি হৈছিল এই নৰমেধ যজ্ঞৰ৷ অপহৰণ হৈছিল কেবাহেজাৰো মহিলা আৰু শিশুৰ৷ বহুতো আজিও নিখোজ৷

মনেমনে বহি নাথাকিল নাদিয়া৷ তেওঁ ঠিক কৰিলে সমগ্ৰ বিশ্বকে তেওঁ জনাব তেওঁৰ নিজৰ সেই ভয়ংকৰ অভিজ্ঞতাৰ কথা৷ য়েজিদি সকলৰ কথা৷ যুঁজঁ দিব তেওঁ৷ তেওঁৰ ভাষাতেই.. “I was an Isis sex slave. I tell my story because it is the best weapon I have৷“ তেওঁ ৰাষ্ট্ৰ সংঘৰ মজিয়াত উত্থাপন কৰিলে য়েজিদি সকলৰ ওপৰত হোৱা বৰ্বৰ অত্যাচাৰৰ কথা৷ “Nadia’s Initiative“ বুলি এটা অনুষ্ঠানো তেওঁ আৰম্ভ কৰিলে৷ এই অনুষ্ঠানটোৱে গণহত্যা, মানৱ সৰবৰাহ আৰু শাৰীৰিক অত্যাচাৰৰ বলি হোৱা শিশু আৰু নাৰী সকলৰ বাবে কাম কৰে৷ আইচিচে সংঘটিত কৰা জঘন্য অপৰাধ সমূহৰ বাবে International Court of Justiceত বিচাৰ কৰোৱাৰ বাবেও তেওঁ অহৰহ চেষ্টা চলাই গৈছে৷ ২০১৬ চনত নাদিয়াক Dignity of Survivors of Human Trafficking of United Nationsৰ প্ৰথমগৰাকী গুড‌উইল এম্বেছেডৰ হিচাপে নিযুক্তি দিয়া হয়৷

নাদিয়া মুৰাদৰ আত্মজীৱনীখনৰ নাম “The Last Girl: My Story of Captivity, and My Fight Against the Islamic State.”৷ কিতাপখন তেওঁ উছৰ্গা কৰিছে এইদৰেঃ “This book is written for every Yazidi৷“ তেওঁৰ কিতাপখনৰ নাম “The Last Girl“ ৰখাৰো কাৰণ আছে৷ নাদিয়াই বিছাৰিছে তেওঁৱেই হ‌ওক “the last girl in the world with a story like mine!“

নাদিয়া মুৰাদৰ এই আশা পূৰণ হ‌ওক৷ 
অপশক্তিবোৰ নিপাত যাওক৷ 
দুয়োলৈ শুভেচ্ছাৰে!

No comments:

Post a Comment