অসমত ইতিপূৰ্বে সংঘটিত গোষ্ঠী সংঘৰ্ষ, দিছপুৰৰ পথত হোৱা ৰক্তাক্ত আন্দোলন আদি কেইটামান ব্যাপক আন্দোলনৰ সময়ত নতুন দিল্লীত আছিলো ৷ হাতত মোবাইলটো থকাৰ বাবে খবৰবোৰ মুহূৰ্ততে লাভ কৰিছিলো ৷ কিন্তু অসমৰ পৰিস্থিতিৰ ক্ষেত্ৰত দিল্লীত বিশেষ একো প্ৰভাৱ পৰা নাছিল ৷ ৰাষ্ট্ৰীয় কাকতবোৰতো ভিতৰৰ পৃষ্ঠাত ক'ৰবাত এটা দুটা বাতৰি ওলাইছিল ৷ ক'ৰবাত ওলোৱা নাছিল ৷ অসমীয়া হিচাপে অসমৰ নিউজ চেনেল চাইছিলো ৷ দিল্লীৰ হিন্দীভাষীৰ অসমীয়া চেনেল চাবলৈ গৰজ কি? গতিকে দিল্লীৰ ৰাজধানীৰ বৰমূৰীয়াই অসমৰ খবৰ লব বুলি আশা কৰিব পাৰি জানো? কিন্তু অসমত তেতিয়া পৰিস্থিতি আছিল অতিকৈ গম্ভীৰ ৷
অসমত স্থানীয় বন্ধবোৰ হৈয়ে থাকে ৷ ধেমাজি বন্ধ হলে দিছপুৰত প্ৰভাব পৰে নে ? উদাৰবন্দ বন্ধ হলে দিছপুৰ বা গুৱাহাটীত প্ৰভাব পৰে নে? আগমণি অথবা তিনিচুকীয়াত বন্ধ হলেও দিছপুৰে কিবা পদক্ষেপ লয়নে ?
দূৰত্বৰ এক গুৰুত্বপূৰ্ণ প্ৰভাৱ আছে এই কথাটোত । দূৰত্বৰ বাবেই অসমৰ এঠাইত হোৱা বন্ধই ৰাজধানী দিছপুৰত প্ৰভাব নেপেলায় ৷ তেন্তে অসমত হোৱা বন্ধই দিল্লীত প্ৰভাব পেলাব কেনেকৈ? লালু পাঞ্জু সংগঠনে দিয়া "অসম বন্ধ"ৰ প্ৰভাবচোন গুৱাহাটীতে নপৰে ৷
কিন্তু ২৩ অক্টোবৰৰ বন্ধটো বিশেষ ভাবে তাৎপৰ্যপূৰ্ণ। প্ৰকৃততে এই বন্ধ আহ্বানৰ কথাবোৰ প্ৰতিপন্ন কৰিবলৈ দিল্লীৰ মছনদ কঁপাব লাগিছিল ৷ কঁপিব লাগিছিল কেন্দ্ৰীয় চৰকাৰ ৷ কঁপাই তুলিব পৰা শক্তি দেখুৱাব পাৰিব লাগিছিল অসমীয়াই ৷ যিটো ইচ্ছ্যুক লৈ বন্ধ দিয়া হৈছে সেই ইচ্ছ্যুৰ প্ৰতি সমৰ্থন নাই কাৰ? সমৰ্থন নথকা জনক বদন আখ্যা দিয়া হৈছে বা হব ৷ কিন্তু ইচ্ছুটোক লৈ কেন্দ্ৰীয় চৰকাৰক জবাবদিহি কৰিবলৈ, কাবু কৰিবলৈ "অসম বন্ধ" উপযুক্ত ব্ৰহ্মাস্ত্ৰ হবনে? যুটীয়া সংসদীয় কমিটিৰ সভাপতিক মীৰাটৰ বাসভৱনলৈ গৈ অসম গণ পৰিষদে স্মাৰক পত্ৰ দি আহিল, বাতৰিত পঢ়িছো। গতিকে যুটীয়া সংসদীয় কমিটি আৰু দেশত বিল পাছ কৰোৱাত ভূমিকা লব লগা সংসদৰ আন দল আৰু সাংসদৰ সমুখলৈ অসমৰ মানুহৰ হা-হুতাশৰ কথা তথা ভৱিষ্যতৰ শংকাক বন্ধৰে 'জাগৰিত' কৰিব পাৰিবনে, সেয়া হৈছে এই মুহূৰ্তৰ অন্য এক প্ৰশ্ন। বন্ধই হয়তো এইবাৰ দেশৰ মূল ধাৰাৰ সংবাদ মাধ্যমৰো শিৰোনাম দখল কৰিব, সেয়াই আশা।
কিন্তু এটা কথা কবই লাগিব যে, অসম বন্ধৰ বিকল্প গণতান্ত্ৰিক আন্দোলনৰ পথ অসমীয়া জাতিয়েই বোলক, জাতীয় সংগঠনেই বোলক বিচাৰি উলিয়াব নোৱাৰাটোৱেই সাম্প্ৰতিক সময়ৰ আটাইতকৈ ডাঙৰ বিড়ম্বনা ৷
এইবাৰ সংগঠনসমূহ শেনৰ এজাত! প্ৰায় ৪৪টা সংগঠনে এই বন্ধলৈ সমৰ্থন দিছে। ইফালে চৰকাৰো কঠোৰ ৷ চৰকাৰী বিষয়া কৰ্মচাৰীয়ে যিহেতু চাকৰিটো বচোৱাৰ ধাণ্ডাত কাম কৰে, সেয়ে চৰকাৰৰ কঠোৰতাৰ প্ৰকৃত স্বৰূপ ২৩ অক্টোবৰৰ দিনৰ ঘটনাৰাজিয়েহে স্পষ্ট কৰিব ৷
ধৰা হওক, আজি ৪৪ টা সংগঠনে যদি গাইপতি এহেজাৰকৈ মানুহ গোটাই ৰেলেৰে দিল্লীলৈ নি মুঠ ৪৪ হাজাৰ মানুহ সংসদ ভৱনৰ সন্মুখত খাৰা কৰি দিব পাৰিলেহেঁতেন তেন্তে দিল্লী নিশ্চিত ভাবে কঁপি উঠিলহেঁতেন ৷ ৪৪ হাজাৰ নালাগে ২০ হাজাৰ মানুহো যদি দিল্লীৰ ৰাজপথত একে সময়তে অস্তিত্ব ৰক্ষাৰ নামত থিয় হ'লহেতেন তেন্তে "অসম বন্ধ" প্ৰয়োজনীয়তাও নিশ্চয় নোহোৱা হলহেঁতেন ৷
আমাৰ মতে, তলৰ কথা কেইটা আমাৰ সংগঠন সমূহে মনত ৰখা দৰকাৰ আছে। জাতীয় প্ৰশ্নত জাতিটোৰ বা অসমৰ ক্ষতি হোৱাতকৈ অসমীয়াক ক্ষতি কৰিব বিচৰা সকলক ক্ষতি বা হেঁচা বা কাবু বা আঘাত ( চৰ, ঘোচা অৰ্থত নহয়) কৰাটোহে সমীচিন ৷
জেগাত হেঁচা নপৰিলে কাম নহব ৷ ইভিএমৰ জেগাত হেঁচা মাৰি যেনেকৈ চৰকাৰ বনাইছিল, এতিয়াও জেগাত হেঁচা দিব লাগিব ৷ জেগাত হেঁচা নপৰিলে একো কাম নহয় ৷ সেয়া ইভিএমেই হওক বা এটিএমেই হওক বা অসমীয়াৰ অস্তিত্বই হওক ৷
No comments:
Post a Comment