পলকতে সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ-দুখৰ বতৰা

পলকতে সুখ-দুখৰ বতৰা

Share This
                      আজিৰ ভাল খবৰবোৰ
১)  অতি শীঘ্ৰেই অসমত স্থাপন কৰা হ'ব সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান (এইমছ্) ।  
কেন্দ্ৰীয় ড'নাৰ মন্ত্ৰী ডা: জীতেন্দ্ৰ সিঙৰ পৰা জানিব পৰা হৈছে এই সুখবৰ । নতুন দিল্লীত অনুষ্ঠিত হো‌ৱা এন.ই.চিৰ বৈঠকক এই কথাও কো‌ৱা হৈছে যে গু‌ৱাহাটীস্থ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত:ৰাষ্ট্ৰীয় বিমান বন্দৰক 'আঞ্চলিক হাব' হিচাপে  লৈ উত্তৰ-পূৰ্বাঞ্চলত বিমান চলাচলৰ ব্য‌ৱস্থা সুচল কৰি তোলা হ'ব ।

২) শিপিনী সকলৰ বাবে সুখবৰ। অসম তথা উত্তৰ -পূৰ্বাঞ্চলৰ শিপিনীসকলে পৰম্পৰাগত তাঁতশালৰ যোগেদি কাপোৰ বয়নৰ সম্মুখীন হোৱা সমস্যাসমূহ দূৰীকৰণৰ বাবে অ' এন জি চিৰ অধীক্ষক অভিযন্তা তথা নাট্যকৰ্মী দীপক ভূঞাই নিৰ্মাণ কৰি উলিয়াইছে এখন অট'মেটিক তাঁতশাল। 

৩) নলবাৰীৰ গোপালবজাৰৰ নিৱাসী গোলোক চন্দ্ৰ ডেকা নামৰ সাহিত্যিক পেঞ্চনাৰ এগাৰকীয়ে ৭৯ বছৰ বয়সত লাভ কৰিছে স্নাতকোত্তৰ ডিগ্ৰী । গু‌ৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ দূৰ আৰু মুক্ত শিক্ষা অনুষ্ঠান (আইডল)ৰপৰা জী‌ৱনৰ ভাটি বয়সত এই ডিগ্ৰী লাভ কৰি ডেকাই অসীম ধেৰ্য, মনোবল আৰু একাগ্ৰতাৰ নিদৰ্শন দঙি ধৰিছে ।

৪) অসম গৌৰৱ হেম বৰুৱাৰ স্মৃতি ৰক্ষা সমিতিতৰ উদ্যোগত যোৱা কালি গুৱাহাটী প্ৰেছ ক্লাৱত পালন কৰা হয় তেখেতৰ মৃত্যু তিথি। লগতে কুমুদ চন্দ্ৰ ডেকাৰ- 'অসম গৌৰৱ হেম বৰুৱা' আৰু দীপক দাসে সম্পাদনা কৰা 'নিৰ্ভীক সাংসদ' নামৰ তেখেতৰ জীৱনক লৈ ৰচিত গ্ৰন্থ দুখ উন্মোচন কৰা হয়। 

৫) ১৯৭০ চনৰে পৰা বিভিন্ন প্ৰাণীৰ ওপৰত পৰীক্ষা কৰি থকা  চাৰ্জিয়' কানাভেয় নামৰ ইটালিয়ান গ‌ৱেষক ডাক্টৰ এজনে দা‌ৱী কৰিছে যে কিছু দিনৰ ভিতৰতে এজন মানুহৰ মূৰৰ সংৰোপন অন্য এজন মানুহৰ গাত কৰিব পৰা যাব। আৰু এই যুগান্তকাৰী পৰীক্ষা-নিৰীক্ষাৰ বাবে প্ৰথমজন স্বেচ্চাসে‌ৱী হিচাপে নিজৰ মূৰ দান দিবলৈ আগবাঢ়ি আহিছে এজন  ৩০ বছৰীয়া ৰাছিয়ান যু‌ৱক যাৰ নাম -ভালেৰি স্পিৰিড'ন'ভ । উল্লেখ্য যে স্পিৰিড'ন'ভ বহুবছৰৰ পৰা দুৰাৰোগ্য ব্যাধিত ভুগি আছে ।

৬) অভিলেখসংখ্যক ভোট জলকীয়া খাই আৰু চকুত ঘঁহি স্টেনলি চুপাৰ হিউমেন , লিমকা ৰেকৰ্ড, জী টিভি চাব্বাচ ইণ্ডিয়া আদিত খিতাপ অৰ্জন কৰা অসমৰ তিতাবৰৰ বিবিজান নি‌ৱাসী আনন্দিতা দত্ত তামূলীয়ে এইবেলি নিজৰ প্ৰতিভাৰে বিশ্ববাসীক চমক দেখু‌ৱাবলৈ ঢাপলি মেলিছে লণ্ডনৰ ব্ৰিষ্টল চহৰলৈ । অহা ১৮ৰ পৰা ২২ এপ্ৰিললৈকে অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাখনিত আনন্দিতাই অভিলেখৰ এক নতুন সীমা স্থাপন কৰিব পাৰিব বুলি আশা কৰা হৈছে ।

৭) কামৰূপ জিলাৰ উপায়ুক্তৰ নিৰ্দেশমৰ্মে যো‌ৱা জিলা প্ৰশাসনৰ এটি দলে গু‌ৱাহাটীৰ  ফাঁচিবজাৰৰৰ পুনমশ্ৰী নামৰ বস্ত্ৰ-বিপনীখনত অভিযান চলাই মুঠ ৩৩২ খন মেচিনত বো‌ৱা গামোছা জব্দ কৰে । উল্লেখ্য যে অসম চৰকাৰে মেচিনত বো‌ৱা গামোছা বিক্ৰীৰ ওপৰত শেহতীয়াভা‌ৱে নিষাধাজ্ঞা জাৰী কৰি থলু‌ৱা শিপিনীসকলক উৎসাহিত কৰিবলৈ চেষ্টা চলাইছে ।

৮) ন দিনীয়া ভ্ৰমণ-সূচীৰে বিদেশলৈ যো‌ৱা ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ সতে আলোচনাত মিলিত হ'ব । এই আলোচনাই বিদেশী বিনিয়োগ, ভাৰতীয় শ্ৰমিকৰ সুৰক্ষা ইত্যাদি বিষয় সাঙুৰি ল'ব ।

৯)" আই ৰ'ড কনচেপ্ত ভেহিকোল" নাম দিয়া তিনিচকীয়া বিদ্যুৎ চালিত গাড়ীখনৰ পৰীক্ষা-নিৰীক্ষা আজিৰ পৰা আৰম্ভ হৈছে । সেউজ বাহনৰ ক্ষেত্ৰত বৰ্তমানে অধিক গুৰত্ব দিয়া এই বিশ্বজনীন গাড়ী নিৰ্মাতা কোম্পানীটো‌ৱে সাজি উলিও‌ৱা গাড়ীখনৰপৰা প্ৰাকৃতিক ভাৰসাম্যতা কিছু হ'লেও ৰক্ষা কৰিবপৰা যাব বুলি আশা কৰা হৈছে ।

১০) অসম চৰকাৰৰ বন বিভাগ আৰু IFAW-WTI নামৰ সংস্থাটোৰ যৌথ সহযোগত খাদ্যত বিষক্ৰীয়া হৈ মৃতপ্ৰায় হৈ থকা পাঁচটা হিমালয়ান শগুনক কালি উপযুক্ত চিকিৎসা সে‌ৱাৰে সুস্থ কৰি শি‌ৱসাগৰ জিলাৰ প্ৰাকৃতিক বসস্থানত এৰি দিয়া হয় ।

১১) অগ্নিদগ্ধ হো‌ৱা নিজ পত্নীৰ সুচিকিৎসাৰ বাবে অৰ্থ যোগাৰ কৰিব নো‌ৱাৰি দুবছৰীয়া পুত্ৰ সন্তানক বেছিবলৈ লো‌ৱা এজন দৰিদ্য লোকৰ পৰা সন্তানটিক ৰক্ষা কৰে লক্ষিমপুৰৰ 'চাইল্ড লাইন' নামৰ স্বেচ্ছাসে‌ৱী অনুষ্ঠানটো‌ৱে ।

১২) জন-ধন-আঁচনিৰ অধীনত দৰিদ্ৰলৈ স্বাস্থ্যসেৱাৰ সুবিধা আগবঢ়াব চৰকাৰে। ইতিমধ্যে এই আঁচনিৰ দ্বাৰা ১৪কৌটি বেংক একাউণ্ট খোলা হৈছে আৰু এই একাউণ্টসমূহত জমা কৰা মুঠ ধন ৰাশিৰ পৰিমাণ হৈছে ১৪হাজাৰ কৌটি। এই আঁচনিৰ দ্বিতীয় অংশ হিচাপে দৰিদ্ৰ শ্ৰেণীৰ লোকসকলৰ স্বাস্থ্যসেৱাৰ সুবিধা প্ৰদানৰ ব্যৱস্থা কৰা হ'ব। 

১৩)  ১৯৯৩ চনৰ মুম্বাইৰ ধাৰাবাহিক বিস্ফোৰণৰ অন্যতম ষড়যন্ত্ৰকাৰী তথা উক্ত গোচৰত মৃত্যুদণ্ডেৰে দণ্ডিত য়াকুব আব্দুল ৰাজাক মেমনৰ মৃত্যুদণ্ড বাহাল ৰাখিছে উচ্চতম ন্যায়ালয়ে।  


১৪) অহা ১৯ অপ্ৰিলত বিদায়ী মুখ্য নিৰ্বাচন আয়ুক্ত হৰি শংকৰ ব্ৰহ্মৰ পৰা দায়িত্বভাৰ চমজি ল'ব ন‌ৱনিযুক্ত ড০ নাছিম জাইদিয়ে । কালি ৰাষ্ট্ৰপতি প্ৰণ‌ৱ মুখাৰ্জীয়ে তেখেতক দেশৰ এই গুৰত্বপূৰ্ণ পদটিৰ দায়িত্বভাৰ অৰ্পণ কৰে ।


১৫) অসমত থকা ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহত মাচুল সমহাৰৰ কৰা হ'ব বুলি ঘোষণা ৰাজ্যৰ শিক্ষামন্ত্ৰী শৰৎ বৰকটকীৰ। তেখেতে লগতে ঘোষণা কৰে যে অসমীয়া মাধ্যমৰ শিক্ষাৰ প্ৰসংগত নেতিবাচক চিন্তা সমূহ দূৰ কৰিবলৈ প্ৰচেষ্টা লোৱা হ'ব। 

                                                 -যুগুতালে ৰূপাংকৰ চৌধুৰী আৰু অৰুণজ্যোতি দাসে । 

No comments:

Post a Comment