হাস্য ব্যংগৰে কৰক সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে কৰক সত্যৰ সন্ধান

হাস্য ব্যংগৰে কৰক সত্যৰ সন্ধান

Share This
এপ্ৰিল ফুলৰ ৰাষ্ট্ৰীয় গুজৱ 
১. ছালৰ ৰঙক লৈ মস্কৰা কৰি ভালপোৱা গিৰিবাজ সিং আৰু শৰত যাদৱলৈ এই বৰ্ষৰ ফেয়াৰ এণ্ড লাভলি বঁটা ঘোষণা। ৰং ভেদৰ প্ৰচাৰ প্ৰসাৰ কৰাত যোগোৱা অৱদানৰ বাবে এই বঁটা ঘোষণা কৰা হৈছে বুলি জানিব পৰা গৈছে।

২. বাহুল গান্ধীয়ে বনবাস নে অজ্ঞাতবাস শেষ কৰি অচিৰেই ৰাইজক দেখা দিবহি বুলি জানিব পৰা গৈছে। বনবাস নে অজ্ঞাতবাসৰ শেষত মহাভাৰত হবনে ৰামায়ন হব, সেয়াও তেওঁ কৰা বাসৰ ওপৰতে নিৰ্ধাৰিত হব বুলি গান্ধী পৰিয়াল তোষামোদকাৰী সংস্থাই স্পষ্ট কৰি দিছে। 

৩. অহা ২০৪২চনৰ নিৰ্বাচনত মুখ্যমন্ত্ৰী পদৰ বাবে নাতিকন গগৈৰ সৈতে সমুখ সমৰত নামিব চোটেউদ্দিন আজষল। ককা দেউতাৰ টোৰটোৰণি মইনো এৰিম কিয় বুলি দুয়োয়েই বাক-যুদ্ধত লিপ্ত হোৱাত অসমৰ ৰাইজে ককাক কেইজনলৈ মনত পেলাই চকুপানী টোকাৰো গোপন খবৰ। 

৪. এইবাৰ আৰু চিমান্ত শেকৰে দক্ষিণ ভাৰতৰ পৰা সুৰ চুৰ নকৰে বুলি শপত খোৱাৰ কথাও জানিব পৰা গৈছে। এইবাৰ তেওঁ লেটিন আমেৰিকা ভ্ৰমণ কৰি লেটিনতো গুণগুণাই থাকিব পৰা সুৰ সংগ্ৰহ কৰি আনি অসমীয়া ৰাইজক চমক খুৱাই দিব বুলিও গোপন সূত্ৰত প্ৰকাশ। 

৫. জুৰিন গাৰ্গে এইবাৰ “মিচন মংগল” নামৰ ছবিত অভিনয় কৰিব। মণীন বৰুৱাৰ পৰিচালনাত ইণ্টাৰষ্টেলাৰ আৰ্হিত ছবিখন নিৰ্মাণ কৰা হব বুলি জানিব পৰা গৈছে। গেৰুৱা বসন ইতিহাসবিদ সন্থাই যোগোৱা সমলৰ ভিত্তিত নিৰ্মাণ কৰিব লগা ছবিখনত গাত পাখি লগাই জুৰিন গাৰ্গে মংগল গ্ৰহত হোৱা বিহু মেলাত ফাংচন কৰা লাইভ দেখুৱাবলৈ ব্যৱস্থা কৰা হব বুলিও মণীনদাই প্ৰকাশ কৰিছে।

৬. শচীন ককাইদেৱে পুনৰ ক্ৰিকেটৰ দুনীয়ালৈ ঘূৰি আহিব বুলি গুজৱ ওলাইছে। বয়স থকা বাবেই ইমান খেল দেখি দেখি গা-কুটকুটাই থকাৰ বাবেহে তেওঁ খেলপথাৰলৈ ঘূৰি আহিবলৈ ওলাইছে, পইচাৰ বাবে নহয় বুলিও প্ৰকাশ কৰিছে। তেওঁক এতিয়া আইপিএলয়ে কিমান টকাত কিনিব, তাতো টেক্স ৰেহাই দিবলৈ বুলিও টুইটাৰ যোগে আহ্বান জনোৱা বুলি খবৰ প্ৰকাশ পাইছে। 

৭. এপ্ৰিল ফুল উপলক্ষে বৰ্ষশ্ৰেষ্ঠ মিছলীয়া পুৰস্কাৰৰ বাবে দুজন মানুহৰ মাজত তীব্ৰ প্ৰতিদ্বন্দিতা হোৱা বুলি জানিব পৰা গৈছে। গুজ্জু নৰেন আৰু ৰসাল গগৈ নামৰ নেতা দুজনৰ ভিতৰত কাক পুৰস্কাৰ দিয়া যায় তাকে লৈ খোদ ৰাইজ কনফিউজড হোৱাৰ কথাও জানিব পৰা গৈছে। মিছা আশা দিয়াত এজন আনজনতকৈ কোনো গুণেই কম নহয় বুলিও ৰাইজে প্ৰকাশ কৰিছে। 

৮. অসমীয়াৰ সংজ্ঞা নামৰ এটি ঐতিহাসিক আপুৰুগীয়া বস্তু অসমবাসীয়ে লাভ কৰিবলৈ সক্ষম হৈছে। এইবাৰ আৰু সাংবিধানিক ৰক্ষা কৱচৰ তাবিজ বাহুৱে বাহুৱে পিন্ধি জয় আই অসম বোল কৰি থাকিব পাৰিব বুলিও সম্ভাৱনা প্ৰকাশ পাইছে। তাকে দেখি বগাটুপি ছাত্ৰ সন্থাই এমাহমান বন্ধ ঘোষণা কৰাৰ সম্ভাৱনাৰ কথাও জ্যোতিষী হিৰো ইয়ঙে নাকচ কৰিব পৰা নাই! 

৯. কৃষকান্ত গগৈয়ে এইবাৰ ৰাজনৈতিক হাল চলাব বুলি জানিব পৰা গৈছে। ৰাজনৈতিক বলধ নাপাই তেখেতেও অসমৰ জাতীয় নেতা সকলৰ প্ৰিয় বাহন বলেৰ গাড়ীকে মাটি মৈয়াবলৈ ব্যৱহাৰ কৰিবলৈ লোৱাৰ কথাও সচেতন নিউজ.কমে প্ৰকাশ কৰিছে। 

১০. হোণ্ডা চিটীৰ বিক্ৰী যোৱা দহ মাহত তেইশ শতাংশ বৃদ্ধি পোৱাৰ তথ্য। ভাল দিন অহা নাই যদি ইমান গাড়ী কোনে কিনিছে বুলিও পদুম ফেন ক্লাৱে প্ৰশ্ন উত্থাপন কৰিছে। সেই স্ফুৰ্তিতে মিছ কল মাৰি ফেন ক্লাৱৰ সদস্য সংখ্যা ১০কোটিতকৈ অধিক কৰি পেলাবই বুলি শপত গ্ৰহণ কৰাৰ বাতৰিও প্ৰকাশ পাইছে।

No comments:

Post a Comment