জীৱনৰ অনুভৱ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সৰলতাৰ শক্তি
বৃতুল শৰ্মা
মোৰ অন্যতম প্ৰিয় লেখক ৰবিন শৰ্মাৰ ফেচবুক পেজটো কিছুদিনৰ আগতে লাইক কৰি থৈছিলো। তাত শ্বেয়াৰ কৰা দুই এখন সংলাপখচিত ফটো আজিকালি মাজে মাজে মোৰ টাইমলাইনত দেখিবলৈ পাওঁ। তাৰ ভিতৰত কিছুদিনৰ আগতে দেখা এখন ফটোৱে মন চুই গʼল। আচলতে ফটোখন নহয় ফটোখনৰ ওপৰত ডাঙৰ ডাঙৰ আখৰেৰে লিখা সংলাপটোৱেহে মন চুই গʼল। ৰবিন শৰ্মা লেখক হিচাপে খ্যাত হʼলেও পেচাত তেও এগৰাকী বিশ্ববিখ্যাত অভিৰুচন প্ৰশিক্ষক(motivatinal trainer)। গতিকে ফেচবুকৰ জড়িয়তে শ্বেয়াৰ কৰা ফটোবোৰত লিখিত সংলাপবোৰো খুবেই মনোযোগ আকৰ্ষণকাৰী আৰু ইয়ে অলপ সময়ৰ বাবে হলেও মানুহক ভাবিবলৈ বাধ্য কৰায়। বেচিভাগ সংলাপৰেই বিষয়বস্তু হʼল জীৱন আৰু জীৱন যাপন। সকলোবোৰ সংলাপৰেই উদ্দেশ্য এটাই – এটা সুন্দৰ জীৱন গঢ়িবলৈ মানুহক অভিৰুচিত আৰু অনুপ্ৰাণিত কৰা।

মই যিটো সংলাপৰ কথা ওপৰত উল্লেখ কৰিছো সেইটো হʼল, – “The reason why people and organisations fail to do, or be great, is that they try to become too many things to too many people.” কথাষাৰ দেখাত সাধাৰণ যেন লাগিলেও ইয়ে মোৰ মন চুই যোৱাৰ কাৰণটো হʼল ইয়ে আওপকীয়াকৈ সৰলতাৰ শক্তিৰ কথা উনুকিয়াইছে। সঁচাকৈ, জীৱনত সফল হবলৈ হʼলে জীৱনটো সৰল কৰাটো খুবেই আৱশ্যকীয়। আন এটা মহৎ লোকৰ বাণী মনলৈ আহিছে – “To be successful, make your life simple”, পিচে এইষাৰ কথা কোনে কৈছিল মনত নাই। একেখিনি কথাই এপলৰ প্ৰতিষ্ঠাতা ষ্টিভ জব্‌চেও কৈছে এইবুলি, – “Make your life as simple as possible and see how success follows”। একেখিনি কথাই হলিউডৰ পৰা সদ্য প্ৰকাশিত জব্‌চ(JOBS) নামৰ চিনেমাখনত সংলাপ হিচাপে দিয়া হৈছে। চিনেমাখন ষ্টিভ জব্‌চৰ জীৱনৰ ওপৰত আধাৰিত। মোৰ যিমানদূৰ মনত পৰে বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনেও এই বিষয়ে একেধৰণৰ মন্তব্য কৰিছিল।

এনে লাগে যেন মেধাসম্পন্ন, সফল, বিশ্ববিখ্যাত প্ৰায়বোৰ মানুহেই একেধৰণৰ নীতি অৱলম্বন কৰে। সময়, সমাজ আৰু ভৌগোলিক পৰিবেশ ভিন্ন ভিন্ন হʼলেও যেন সকলো অসাধাৰণ মানুহৰে চিন্তাধাৰা আৰু জীৱন ধাৰণৰ পদ্ধতিত এক অসাধাৰণ সামঞ্জস্য পৰিলক্ষিত হয়। আচৰিত নালাগেনে ভাবিলে ?
লেখকৰ ব্যক্তিগত ব্লগৰ সূত্ৰঃ https://britul.wordpress.com

No comments:

Post a Comment