ব্যতিক্ৰমী পদক্ষেপ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মুম্বাইত অসমীয়া মহিলাই মঞ্চস্থ কৰিলে
 "জয়মতী"ক
লক্ষ্য জ্যোতি নাথ

বর্তমান যুগত নাৰী পুৰুষতকৈ যে কোনো গুণেই কম নহয়, নাৰীয়ে পুৰুষৰ লগে লগেই খোজ দিব জানে সেই কথা আকৌ প্রমাণ হ'ল। প্রমাণ কৰিলে অসমৰ পৰা বহু দূৰত থকা নৱী-মুম্বাইৰ খাৰঘৰবাসী অসমীয়া মহিলাসকলে। অসমীয়া মহিলা; মই নাভাৱো অসমীয়া মহিলাৰ কথা কাৰোবাক ক'ব লাগিব। ইতিহাসে ক'ব অসমীয়া মহিলাৰ কথা; সতী জয়মতী, মূলা গাভৰু, কনকলতা, ভোগেশ্বৰী ফুকননী ইত্যাদি ইত্যাদি।


যোৱা ২৪ জানুৱাৰী ২০১৫ চনৰ কথা, অসম পর্যটন বিভাগ আৰু ৰাগিনীৰ সৌজনত অসমৰ জনপ্রিয় অভিনেত্রী মাধুৰীমা চৌধুৰীৰ পৰিচালনাত মুম্বাইৰ NCPA TATA THEATRE ত অসমৰ জনপ্রিয় চলচিত্র অভিনেত্রীসকলে 'ৰাম বিজয়' অংকীয়া নাটখন প্রর্দশন কৰিছিল। সেই ভাওনাখনৰ বৈশিষ্ট্য আছিল যে সেই ভাওনাখনত মাথো মহিলায়েহে অভিনয় কৰিছিল। সেই ভাওনাখন চাবলৈ বহু লোক যোৱা লগতে খাৰঘৰবাসী মহিলাসকলো গৈছিল। ৰাম বিজয় নাটকখন উপভোগ কৰা পাছত অসমৰ অভিনেত্রীসকলৰ পৰায়ে এওঁলোক অনুপ্রাণিত হৈছিল; সেইদিনায়ে তেওঁলোকে সিদ্ধান্ত লৈছিল যে তেওঁলোকেও এখন কেৱল মহিলাই অভিনয় কৰা নাটকৰ আখৰা কৰি মঞ্চস্থ কৰিব।

সভাপতি শ্যামা প্রসাদ সন্দিকৈ, সাংস্কৃতিক সম্পাদক তথা নাটকখনৰ পৰিচালক প্ৰাঞ্জল মাধৱ ভৰদ্বাজ সম্পাদত ৰঞ্জিত কোঁৱৰৰ লগতে জয়মতী উৎসৱ কমিটিৰ নেতৃত্বত, মুম্বাইৰ অসমীয়া মহিলাসকলৰ উদ্যোগত ব্যস্ততাপূর্ণ জীৱনৰ পৰা সময় উলিয়াই দুমহীয়া অনুশীলনৰ অন্তত যোৱা ৪ এপ্ৰিল ২০১৫ দিনা সন্ধিয়া ৬ বজাত মুম্বাইৰ ৱাশীৰ CIDCO ভৱনত জয়মতী নাটকখন সফলতাৰে মঞ্চস্থ কৰা হয়।

নাটকখনৰ বন্তি প্রজ্বলন কৰে পদ্মভূষণ সন্মান-প্ৰাপ্ত ছবি পৰিচালক জাহ্নু বৰুৱাদেৱে, তেওঁক সহযোগ কৰে আন কেইবাজনো বিশিষ্ট লোকে। তাৰপিছতেই মুম্বাইবাসী অসমীয়া সকলে মিলি এক সমবেত সংগীত পৰিবেশন কৰে। সমবেত সংগীতটো ৰচনা কৰে এচ.পি সন্দিকৈয়ে আৰু সুৰ দিয়ে এচ.চি ডেকায়ে। তাৰ পিছত নিমিশা ফুকন সোনোৱালে য়ে এক সুন্দৰ গীত পৰিবেশন কৰে।

এই অনুষ্ঠানতে জয়মতী উৎসৱৰ লগত সংগতি ৰাখি দীপাংকৰ বৰগোহাঁইৰ সম্পাদনাত এখন স্মৰণিকাও উন্মোচন কৰা হয়। তাৰ পিছতেই প্রায় দুঘন্টা সময় জয়মতী নাটকখন প্রর্দশিত হয়। জয়মতী কোৱঁৰী, গদাপাণি, ডালিমী, ল'ৰা ৰজা লগতে আন চৰিত্রবোৰ মুম্বাইবাসী অসমীয়া মহিলাসকলে সুন্দৰভাৱে উপস্থাপন কৰে।

অনুষ্ঠানটোত বিশিষ্ট অতিথিৰুপে উপস্থিত আছিল চলচিত্র নির্মাতা তথা পৰিচালক জাহ্নু বৰুৱাদেৱ; অ.এন.জি.চি.ৰ প্ৰাক্তন ডাইৰেক্টৰ অফশ্বোৰ প্ৰণিপ কুমাৰ বৰঠাকুৰ; গৌতম প্ৰসাদ বৰা, চি.জি.এম. ভাৰতীয় ৰিজার্ভ বেংক; অনুৰাগ শইকীয়া, ৰজত কমল বিজেতা সংগীত পৰিচালক আৰু বহুতো গণ্য মান্য লোক। শেষত অসমৰ জাতীয় সংগীত 'অ' মোৰ আপোনাৰ দেশ...' মুম্বাইৰ CIDCO ভৱন মুখৰিত হৈ উঠে। 

জয়মতীৰ দৰে নাটক এখন কৰিবলৈ হ'লে প্রথমেই দৰকাৰ আহোম ৰজা-মন্ত্রীসকলৰ পোচাক, সা-সজ্জা আদি। অসমত এই সা-সজ্জা ; পোচাক সহজেই উপলব্ধ , কিন্তু মুম্বাইহেন এখন চহৰত এইবোৰ পোৱা অলপ কঠিন। তথাপিও পিছ নুহোকি, অসমৰ পৰা পোচাক আনি হ'লেও মুম্বাইবাসী অসমীয়া মহিলাসকলে নিজকে আকৌ কনকলতা, জয়মতী দেশৰ নাৰী বুলি নিজকে পৰিচয় দিলে। এই ব্যতিক্ৰমী পদক্ষেপে আন নাৰী সকলকো আগুৱাই আহিবলৈ নিশ্চয়কৈ প্ৰেৰণা যোগাব।

No comments:

Post a Comment