আজিৰ ভাল খবৰবোৰ
১) আজি বিশ্ব গ্ৰন্থ দিৱস (২৩ এপ্ৰিল )। এই দিৱস প্ৰথমে ইং. ১৯৯৫ চনত উদযাপিত কৰা হৈছিল । মিগুৱেল ড্য ছেৰভান্টে নামৰ লিখকজনৰ মৃত্যুত এই দিনটো বিশ্ব গ্ৰন্থ দিৱস হিচাপে পাতিবলৈ বাছি লৈছিল ইউনেস্ক'য়ে আৰু তেতিয়াৰে পৰা এই দিৱস বিশ্বৰ সকলো ঠাইতে পালন কৰি অহা হৈছে ।
২) যোৱা ২০ এপ্ৰিল,২০১৫ তাৰিখে বাংলাদেশৰ ৰাজধানী ঢাকাত সম্পন্নিত হয় পেট্ৰলজাত সামগ্ৰীৰ ৰপ্তানী সন্দৰ্ভত এখনি ঐতিহাসিক চুক্তি । এই চুক্তি হয় বাংলাদেশ পেট্ৰলিয়াম কৰ্পৰেশ্বন আৰু নুমলিগড় শোধনাগাৰৰ মাজত । চুক্তি অনুযায়ী নুমলীগড় তেল শোধনাগাৰে ইয়াৰ উৎপাদিত পেট্ৰলজাত সামগ্ৰীসমূহ শিলিগুড়িৰ মাৰ্কেটিং টাৰ্মিনেলৰপৰা বাংলাদেশৰ পাৰ্বতীপুৰলৈ 'ভাৰত-বাংলা বন্ধুত্বৰ পাইপলাইন' নামৰ ১৩০ কি.মি. দৈৰ্ঘ্যৰ পাইপলাইনৰদ্বাৰা যোগান ধৰিব । এই চুক্তিয়ে ভাৰত আৰু বাংলাদেশৰ মাজৰ বন্ধত্ব আৰু অধিক গাঢ় কৰিব বুলি ধাৰণা কৰা হৈছে ।
৩) এটি কিশোৰক নৃশংসভাৱে হত্যা কৰাৰ অপৰাধত কালি মৰিগাওঁ জিলা আৰু সত্ৰ ন্যায়াধীশ ইক্ৰামূল হুছেইনৰ আদালতে তিনিজন দোষীক মৃত্যুদণ্ডৰে দণ্ডিত কৰিছে । উল্লেখ্য যে জাগীৰোডৰ অৰূপ দত্তৰ ১৭ বছৰীয়া পুত্ৰক ২০১১ বৰ্ষৰ ১৫ জুলাইৰ নিশা কোনো অজ্ঞাতকাৰীয়ে অপহৰণ কৰি নিছিল আৰু তাৰ পাছত মুক্তিৰ বিনিময়ত ৪০ লাখ টকাৰ ধন দাবী কৰিছিল -এই তিনিজন ব্যক্তি ক্ৰমে সঞ্জয় চন্দা, ভীম দাস আৰু মোহন টেৰণে । ন্যায়পালিকাৰ এনে তদন্ত আৰু ন্যায়ক বহু দল সংগঠন তথা স্থানীয় ৰাইজে আদৰণি জনাইছে ।
৪) ৰাকেশ কলিতা নামৰ ৰঙিয়াৰ ২২ বছৰীয়া যুৱক এজনক জালুকবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ফেচবুকত যৱতীৰ অশ্লীল ফটো আপলোড কৰাৰ অপৰাধত ।
৫) ষষ্ঠ ডা: টি . আও ফুটবল প্ৰতিযোগিতাত অৰুণাচল প্ৰদেশত ৪-০ গ'লৰ ব্যৱধানত পৰাস্ত কৰি অসমে ছেমি-ফাইনেলত পদাৰ্পণ কৰিছে । ছায়াৰাম বড়ো, মনেশ্বৰ মুছাহাৰী আৰু জীলেন্দ্ৰ ব্ৰহ্মৰ গ'লেৰে অসমে সুন্দৰ খেলা প্ৰদৰ্শন কৰে ।
৬) চৰকাৰী ধন আত্মসাৎ কৰাৰ অভিযোগত কালি টিহুত গ্ৰেপ্তাৰ কৰা হয় দ্য ইউনিয়ন কো: অপাৰেটিভ বেংক লিমিটেডৰ দুজন উচ্চপদস্থ বিষয়াক ।
৭) ৭৫ মেগাৱাট বিদ্যুৎ ক্ৰয় সন্দৰ্ভত যোৱা ২০ এপ্ৰিল,২০১৫ তাৰিখে দামোদৰ ভেলী কৰ্পৰেশ্বনৰ লগত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ এখনি চুক্তি সম্পন্ন হয় । ইয়াৰ ফলত অসমত বিদ্যুতৰ নাটনি কমিব বুলি আশা কৰা হৈছে ।

No comments:
Post a Comment