সম্পাদকলৈ চিঠি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ৰঙালী বিহুৰ সন্মিলন সমিতিবোৰলৈ মুকলি চিঠি
ড° বুলজিৎ বুঢ়াগোহাঁই
অসমৰ জাতীয় উৎসৱ ৰঙালী বিহু ৰাজ্যখনৰ সকলো অঞ্চলৰ লগতে প্রৱাসী অসমীয়া সকলেও পৃথিৱীৰ বিভিন্ন অঞ্চলত পালন কৰে । ৰঙালী বিহু সন্মিলন সমিতিবোৰৰ উদ্যোগত ৰঙালী বিহু উপলক্ষে সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰে । ইয়াৰ লগত সংগতি ৰাখি বহুতো ৰঙালী বিহু উদযাপন সমিতিয়ে “স্মৃতি গ্রন্থ” প্রকাশ কৰে আৰু বিহু সম্পৰ্কীয় প্রবন্ধ পাতিৰ লগতে বিভিন্ন লেখা প্রকাশ কৰে । কিন্তু এই “স্মৃতি গ্রন্থ”সমূহ সাধাৰণতে যি অঞ্চলত প্রকাশ হয়, সেই অঞ্চলসমুহতে বিতৰণ হোৱা দেখা যায় । বেলেগ অঞ্চলৰ ৰাইজে সংগ্রহ কৰিবৰ উপায় নাথাকে। আমাৰ ৰাজ্যখনৰ লগতে প্রবাসী অসমীয়া সকলৰ ৰঙালী বিহু উদযাপন সমিতিবোৰক আহ্বান জনাব বিচাৰিছোঁ যে বিহু উপলক্ষে প্রকাশিত “স্মৃতি গ্রন্থ”ৰ এটি কপি ৰাজ্যিক কেন্দ্রীয় পুথিভঁৰাল তথা জিলা পুথিভঁৰাবোৰলৈ পঠিয়ালে ভাল হয়। পুথিভঁৰালবোৰৰ কর্তৃপক্ষই “স্মৃতি গ্রন্থ”সমূহ ৰখা ব্যৱস্থা কৰিব লাগে। “স্মৃতিগ্রন্থ”সমূহৰ পিডিএফ সংস্কৰণ অসমীয়াৰ সুখ-দুখ(http://www.xukhdukh.com/)ৰ মুক্ত অনলাইন পুথিভঁৰালত ডিজিটেল ৰূপত সংৰক্ষণ কৰি ৰাখিব পৰা যায়।

এতিয়া প্রযুক্তিৰ যুগ । ইয়াৰ সুযোগ গ্রহণ কৰা উচিত। প্রযুক্তিৰ সহায়ত আমাৰ জাতীয় উৎসৱ ৰঙালী বিহুৰ বিষয়ে বিশ্ব দৰবাৰত দাঙি ধৰিব পাৰোঁ। ৰঙালী বিহু উদযাপন সমিতিবোৰে এটাকৈ ৱেবছাইট খুলিব লাগে। ৱেবছাইটত বিহুৰ বাদ্যসমূহ- ঢোল , পেঁপা , তাল, টকা, গগনা, সুতুলী, বাঁহী আদিৰ বর্ণনা ফটো সৈতে দিব লাগে। বিহু উপলক্ষে প্রকাশিত “স্মৃতিগ্রন্থ”বোৰ ৱেবছাইটবোৰত উপলব্ধ কৰিব লাগে যাতে পৃথিৱীৰ বিভিন্ন প্রান্তত থকা লোকে পঢ়িব পাৰে। এই “স্মৃতিগ্রন্থ”বোৰত অতি কমেও এটিকৈ ইংৰাজী আৰু হিন্দী ভাষাত বিহু সস্পকীয় প্রৱন্ধ প্রকাশ কৰিব লাগে আৰু প্রৱাসী অসমীয়া সকলে ৰঙালী বিহু উপলক্ষে প্রকাশ কৰা “স্মৃতিগ্রন্থ”বোৰত যি অঞ্চলত বসবাস কৰে সেই অঞ্চলৰ ভাষাতো বিহুৰ বিষয়ে প্রৱন্ধ লিখিব লাগে। তাৰ ফলত পৃথিৱীৰ বিভিন্ন প্রান্তত থকা লোকসকলে বিহুৰ বিষয়ে কিছু হ’লেও আভাষ পাবলৈ সক্ষম হ’ব। তেতিয়া বিহুৰ বিষয়ে বেছিকৈ জানিবলৈ আগ্রহ প্রকাশ কৰিব আৰু বহুতে হয়তো বিহু বিষয়ে গৱেষণা কৰিবলৈও আগবাঢ়ি আহিব । সেইদৰে বিহুৰ প্রতি আকৰ্ষিত হৈ দেশী-বিদেশী পর্যটক আমাৰ ৰাজ্যখনলৈ আগমন হ’ব আৰু তাৰ ফলত ৰাজ্যখন কিছু পৰিমাণে হ’লেও অর্থনৈতিক ভাবে লাভবান হ’ব।

ৰঙালী বিহু উপলক্ষে বিভিন্ন ঠাইত আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানবোৰৰ ভিডিঅ’ কৰি ৱেবচাইটবোৰত আপলোড কৰিব লাগে । এই কার্যসূচীবোৰৰ বর্ণনা অসমীয়া, ইংৰাজী আৰু হিন্দী ভাষা উপৰি সম্ভৱ হ’লে পৃথিৱীৰ বিভিন্ন ভাষাতো দিব লাগে যাতে পৃথিৱীৰ সকলো অঞ্চলৰ ৰাইজে চাই বুজিব পাৰে।

বিহুৰ বিষয়ে প্রচাৰৰ বাবে উপযুক্ত মাধ্যম হ’ব পাৰে ব্ল’গ (blog) । ব্ল’গবোৰত অসমীয়া উপৰিও ইংৰাজী, হিন্দী লগতে পৃথিৱী বিভিন্ন ভাষাত বিহু বিষয়ে লেখা প্রকাশ কৰিব লাগে। এইখিনিতে উল্লেখ কৰা ভাল হ’ব যে ইণ্টাৰনেটত অসমীয়া ভাষাৰ সমল কম। ব্ল’গবোৰত লিখি ইণ্টাৰনেটত অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাত সহায় কৰিব পাৰোঁ। এই লেখকৰ বিহুগীত সংগ্রহৰ ব্ল’গটি হ’ল http://buljit.blogspot.com/ । বিহুগীতবোৰ অৰ্থ অতি তাৎপৰ্য্যপূৰ্ণ। বিহুগীতবোৰে সামাজিক দায়বদ্ধতা কথা সোঁৱৰাই দিয়ে। ৰঙালী বিহু সন্মিলন সমিতিবোৰেও অসমৰ বিভিন্ন ঠাই প্রচলিত বিহুগীতবোৰ কিতাপ আকাৰে প্রকাশ কৰা ব্যৱস্থা গ্রহণ কৰিলে ভাল হয়।

ৰঙালী বিহু সন্মিলন সমিতিবোৰক এটা অনুৰোধ কৰিব বিছাৰিছোঁ যে সাংস্কৃতিক অনুষ্ঠানৰ বিভিন্ন কার্যসূচীৰ লগতে এনে এটা কার্যসূচী ৰাখে যাতে য’ত যি অঞ্চলত ৰঙালী বিহু সন্মিলন অনুষ্ঠিত হয় সেই অঞ্চলৰ বিহুৰ সংৰক্ষণ,সংবৰ্ধন আৰু সম্প্রচাৰৰ বাবে অহৰহ প্রচেষ্টা চলাই থকা ব্যক্তিসকলক ৰাইজৰ আগত পৰিচয় কৰাই দিয়া হয় । এইদৰে ব্যক্তিসকলক ৰাইজৰ আগত পৰিচয় কৰাই দিলে তেখেতসকল অনুপ্রাণিত হ’ব ।

বিভিন্ন অঞ্চলৰ আদৰ্শ কৃষকসকলক ৰঙালী বিহু সন্মিলন সমিতিবোৰে সম্বৰ্ধনা জনোৱা কার্যসূচী ল'লে ভাল হয় বুলি ভাবোঁ যিহেতু ৰঙালী বিহু কৃষিৰ লগত ওতঃপ্ৰোত সম্বন্ধ আছে।

সদৌ শেষত ৰঙালী বিহু সন্মিলন সমিতিবোৰক এটা অনুৰোধ জনাব বিছাৰিছোঁ যে ৰঙালী বিহু উপলক্ষে আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানবোৰ যাতে ব’হাগ মাহতে শেষ কৰে । জেঠ/আহাৰ মাহত ৰঙালী বিহু উপলক্ষে আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানবোৰত ৰাইজে সহযোগ কৰা উচিত নহয় বুলি ভাবোঁ।

ৰঙালী বিহু শুভেচ্ছা জনাওঁতে বিহুগীতবোৰ ব্যৱহাৰ কৰিব পাৰোঁ (ই-মেইল, এছ.এম.এছ., ৱাটচএপ আদিত) ।

"বিহুটি আদৰৰ বিহুটি সাদৰৰ
বিহুটি অসমৰ প্রাণ,
এনোৱা বিহুটি এৰিব লাগিলে
নাথাকে অসমৰ মান ।"

লেখকৰ ঠিকনাঃ সহকাৰী অধ্যাপক, যান্ত্রিক অভিযান্ত্রিক বিভাগ,গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী,গুৱাহাটী-৭৮১০১৭, অসম। ফোন: ০৯৪৩৫১-৮৮৬৩০, ই-মেইল: buljit@gmail.com

No comments:

Post a Comment