আজিৰ ভাল খবৰবোৰ
১. ইণ্ডিয়া টুডে আলোচনীয়ে এক সমীক্ষা চলাই এবছৰ কাৰ্যকাল পূৰ্ণ কৰিবলৈ ওলোৱা নৰেন্দ্ৰ মোদীক উন্নয়ন আৰু সুশাসনৰ বাণী লৈ ৰাইজৰ কাষ চাপিবলৈ সক্ষম হোৱাৰ বাবে দেশৰ শ্ৰেষ্ঠ প্ৰধানমন্ত্ৰী ৰূপে অভিহিত কৰিছে। আনহাতে সমীক্ষাৰ তথ্যৰ ভিত্তিত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰীৱালক শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি আখ্যা দিয়া হৈছে। অহা এপ্ৰিলত কেন্দ্ৰীয় মন্ত্ৰী সভাৰ সম্প্ৰসাৰণ হব পাৰে আৰু জম্মু-কাশ্মীৰৰ সাংসদ মেহবুবা মুফটি আৰু শিৱসেনাৰ অনিল দেশাইক মোদী চৰকাৰৰ মন্ত্ৰীসভাত স্থান দিয়া হব পাৰে বুলিও বাতৰি প্ৰকাশ পাইছে।
২. শিৱসাগৰ জিলা আদৰ্শ বিদ্যালয় উন্মোচন কৰিলে শিক্ষামন্ত্ৰী শৰত বৰকটকীয়ে। অনুষ্ঠানত আদৰ্শ বিদ্যালয়ৰ সবিশেষ পৰিকল্পনাৰ বিষয়ে বাখ্যা কৰিলে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ মূৰব্বী ৰমেশ চান্দ জৈনে। ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ নীতি-নিয়ম নমনা মানসিকতালৈ লক্ষ্য কৰি শিক্ষামন্ত্ৰীয়ে এনে স্কুল সমূহক নিয়ন্ত্ৰণ কৰা হব বুলিও ঘোষণা কৰাৰ বাতৰি প্ৰকাশ পাইছে।
৩. সদৌ অসম ছাত্ৰ সন্থাৰে এক বৈঠকৰ অন্তত দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত হৰিশংকৰ ব্ৰহ্মই লাখ লাখ অবৈধ বাংলাদেশী ভোটাৰ হিচাবে নাম অন্তৰ্ভুক্ত হৈ থকাৰ বিষয়টোত উদ্বেগ প্ৰকাশ কৰে। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নয়ন সন্দৰ্ভত স্থিতি স্পষ্ট কৰাৰ লক্ষ্যৰেই এই বৈঠকত আছুৱে সমুজ্জ্বল ভট্টৰ নেতৃত্বত অংশগ্ৰহণ কৰিছিল।
৪. অসমৰ চাহ শ্ৰমিকৰ নিম্নতম মজুৰী ১৬৯টকাকৈ নিৰ্ধাৰণ কৰাৰ দাবীৰে চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু গণ মুক্তি সংগ্ৰাম, অসমৰ উদ্যোগত আজিৰে পৰা গণতান্ত্ৰিক প্ৰতিবাদ প্ৰদৰ্শনৰ বাবে আজিৰে পৰা অনশন কাৰ্যসূচী গুৱাহাটীৰ শ্ৰম আয়ুক্তৰ কাৰ্যালয়ত পালন কৰা হৈছে।
৫. দীপৰ বিলত অবৈধ নিৰ্মাণৰ বিৰুদ্ধ কামৰূপ মহানগৰ জিলা প্ৰশাসনে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে। এই উচ্ছেদ অভিযানৰ সময়তে মাটি আবণ্টন বিষয়ত খেলিমেলিৰ অভিযোগত দুজনকৈ মণ্ডলক উপায়ুক্তই নিলম্বন কৰা বুলিও সুখবৰ প্ৰকাশ পাইছে।
৬. মাৰ্চ এণ্ডিংৰ নামত বিত্ত বিভাগত চলা অনিয়ম দুৰ্নীতি ৰোধ কৰিবলৈ এইবাৰ নতুন পদক্ষেপ গ্ৰহণ কৰাৰ সুখবৰ। এই পদক্ষেপ অনুসৰি অহা বিত্তীয় বৰ্ষত বিভাগ সমূহে ফাইলৰ পাছত দৌৰিব নলগীয়া কৰিবলৈ অনলাইন পুঁজি অনুমোদনৰ ব্যৱস্থা কৰি বিত্ত বিভাগৰ প্ৰধান সচিব সমীৰ কুমাৰ খাৰেই ব্যৱস্থা গ্ৰহণ কৰিছে। লগতে বিগত বৰ্ষৰ পুঁজি ব্যৱহাৰৰ প্ৰমাণ পত্ৰ সমূহো অহা ৮ এপ্ৰিলৰ ভিতৰত বিভাগ সমূহক দাখিলৰ বাবে কঠোৰ নিৰ্দেশ জাৰি কৰা হৈছে বুলি জানিব পৰা গৈছে।
৭. শিল্পী কুল বৰুৱা আৰু সংগীত কাকতিয়ে “জীৱনৰ নৈ বৈ যায়” নামৰ শ্ৰব্য সঁফুৰাৰ দ্বিতীয় সংস্কৰণখনি গুৱাহাটী প্ৰেছ ক্লাৱত হোৱা এক অনুষ্ঠানত কালি উন্মোচন কৰে।
৮. সংগীত নাটক অকাডেমীৰ সত্ৰীয়া কেন্দ্ৰ গুৱাহাটীৰ দ্বাৰা সত্ৰীয়া সন্ধিয়া নামৰ সত্ৰীয়া নৃত্য, গীত-বাদ্যৰ এক মনোৰম সাংস্কৃতিক অনুষ্ঠান পৰহি সন্ধিয়া লখিমপুৰ সংগীত মহাবিদ্যালয়ত অনুষ্ঠিত হয়। ঢকুৱাখনা সুৰনাদ কলাকেন্দ্ৰয়ো এই অনুষ্ঠানলৈ সহযোগিতা আগবঢ়ায়।
৯. ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ৮০বছৰ পূৰ্তিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ কৃষক দৰিদ্ৰকো বেংকিং ব্যৱস্থাৰে সামৰি লব পৰাকৈ আন্তঃগাঁঠনি গঢ়াৰ বাবে কৰ্ম আঁচনি প্ৰস্তুত কৰিবলৈ আহ্বান জনায়। লগতে বেংক বিষয়া সকলক ৰাজ-সাহাৰ্যযুক্ত গেছ চিলিণ্ডাৰ ত্যাগ কৰি দেশৰ অৰ্থনীতিলৈ অৱদান যোগাবলৈকো আহ্বান জনায়।
১০. সদৌ চুতীয়া জাতি সন্মিলনৰ ৩৩সংখ্যক ত্ৰি-বাৰ্ষিক ৰাজ্যিক অধিবেশন যোৰহাটৰ বৰহোলাত সাধনী ক্ষেত্ৰত কাইলৈৰ পৰা তিনি দিনীয়াকৈ আয়োজিত হৈছে। ২৬খন তোৰণেৰে ৰাইজক আদৰিবলৈ অভ্যৰ্থনা সমিতিয়ে প্ৰায় ৩০লাখ টকাৰ বাজেটেৰে যো-জা সম্পূৰ্ণ কৰাৰ খবৰো প্ৰকাশ পাইছে।
No comments:
Post a Comment