সুসংহত জাতি হৈ উঠক অসমীয়া
বিপাশা বৰা
অসমীয়া মানুহৰ বাবে দেশ, মানুহ আৰু জাতিৰ সংঘবদ্ধ-সুসংহত ৰুপ এটা চাবলৈ বিচাৰোঁ ৷ অসমত চলি থকা সাম্প্ৰদায়িক মেৰুকৰণৰ প্ৰক্ৰিয়াবোৰ অনতিপলমে বন্ধ হ'ব লাগে ৷
আমি বিচাৰোঁ, মানুহৰ মনবোৰ উদাৰ হওক, মানুহে মানুহক মানুহ বুলি সন্মান কৰক, মানুহৰ মানসিকতা সলনি হওক৷ আমি বিচাৰোঁ, অসমত চলি থকা সকলো ধৰণৰ অসূয়া-অবিশ্বাস, সন্দেহ-অন্যায়ৰ পৰিৱেশবোৰ বন্ধ হওক ৷ তাৰ ঠাইত বৃহত্তৰ অসমীয়া জাতিটোৰ পুনঃৰ্নিমাণ হওক ৷ অসমীয়া জাতি শক্তিশালী হওক, আত্মনিৰ্ভৰ হওক ৷ অসমীয়া ভাষা হৈ উঠক সকলোধৰণেৰে শক্তিশালী ৷ অসমীয়া ভাষা হৈ উঠক সঁচা অৰ্থত, বিশ্বমানৰ, বিশ্বজনীন ভাষা৷
মোৰ নতুন বছৰৰ পৰিকল্পনা হৈছে, মেঘালয়ৰ খাছী সমাজখনৰ লোকজীৱন আৰু লোক-স্মৃতিৰ ভঁৰালটোৰ ভিতৰলৈ প্ৰৱেশ কৰি এই চহকী লোক-সংস্কৃতিৰ চৰ্চা আৰু অনুসন্ধান অব্যাহত ৰখা ৷ তাৰ লগতে আৰু কিছু নতুন গল্প লিখাৰ পৰিকল্পনা আছে ৷
No comments:
Post a Comment