আজিৰ ভাল খবৰ
১. উত্তৰ-পূৱৰ ব্যক্তিসকলক দেশৰ বিভিন্ন চহৰত সুৰক্ষা প্ৰদানৰ বাবে এম পি বেজবৰুৱা কমিটিৰ পৰামৰ্শৱলী ছমাহৰ ভিতৰতে ৰূপায়ণ কৰিব কেন্দ্ৰীয় চৰকাৰে। বৰ্ণবৈষম্য নিৰ্মূলৰ বাবে দণ্ডবিধি আইনত নতুন ধাৰাৰ সংযোজন, পাঠ্যপুথিত এই অঞ্চলৰ সংস্কৃতি ইতিহাস সন্নিবিষ্ট কৰাৰ উপৰিও এনে গোচৰ ফাৰ্ষ্ট ট্ৰেক কৰ্টত বিচাৰ কৰা হব বুলিও গৃহমন্ত্ৰী ৰাজনাথ সিঙে ঘোষণা কৰে। দিল্লীত উত্তৰ-পূৱৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ ছাত্ৰাবাসৰ ব্যৱস্থা ড’নাৰ মন্ত্ৰালয়ৰ যোগেদি কৰাৰ উপৰিও প্ৰতি বছৰেই নৰ্থ ইষ্ট ফেষ্টিভেল অনুষ্ঠিত কৰা হব বুলিও সুখবৰ প্ৰকাশ পাইছে।
২. কালি উন্মোচিত হ’ল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি অখিল গগৈৰ নতুন গ্ৰন্থ “পৰিবৰ্তনৰ আখৰা”। গ্ৰন্থখন উন্মোচন কৰি বিশিষ্ট বুদ্ধিজীৱী ডঃ হীৰেণ গোহাঁইদেৱে লোকসভাৰ নিৰ্বাচনৰ বিজেপিক সমৰ্থন কৰাটো অখিলৰ ভুল আছিল বুলি মন্তব্য কৰা বুলিও সংবাদ পত্ৰত প্ৰকাশ পাইছে।
৩. দুৰ্নীতি, নৈৰাজ্য আৰু সাধাৰণ মানুহৰ অসহায় অৱ্স্থাক মুকলিমূৰীয়াকৈ ৰূপালী পৰ্দাত সাহসেৰে তুলি ধৰি বিশিষ্ট ছবি পৰিচালক বাণী দাসে নিৰ্মাণ কৰা “অহেতুক” নামৰ ছবিখনে কালি মুক্তি লাভ কৰিছে। এই ছবিখনৰ উদ্বোধনী অনুষ্ঠানত অংশ গ্ৰহণ কৰি অখিল গগৈয়ে অসমীয়া ছবি প্ৰদৰ্শন কৰিব নোখোজা চিগ্ৰগৃহৰ বিৰুদ্ধে প্ৰয়োজনবোধে সৱল প্ৰতিবাদ জনাব বুলি মন্তব্য কৰিছে। এখন অৰ্থপূৰ্ণ, বাস্তৱ কাহিনীৰ ভিত্তিত নিৰ্মিত অসমীয়া ছবিখনে অসমীয়া চলচ্চিত্ৰ জগতলৈ সুদিন কঢ়িয়াই আনিব বুলিও আশা কৰা হৈছে। ছবিখন অতিশয় সুন্দৰ আৰু দুৰ্নীতিবিৰোধী মন উদ্বেলিত কৰিব পৰা ধৰণৰ বুলিও সমালোচক সকলে মতামত আগবঢ়াইছে।
৪. মাঘ বিহুৰ পূৰ্বেই ছমাহৰ বকেয়া ধন লাভ কৰিব অসম চৰকাৰৰ অধীনৰ শিক্ষক-কৰ্মচাৰী আৰু বিষয়াসকলে।ইয়াৰ বাবে বিত্ত বিভাগে ৭০০ কোটি টকা টকা মুকলি কৰি দিছে বুলিও জানিব পৰা গৈছে।
৫. অসমৰ দৰিদ্ৰ অৱহেলিত, দুৰ্গতৰ সহায়ৰ বাবে সাদিন-প্ৰতিদিন গোষ্ঠী আৰু নিউজ টাইম অসমে নৱবৰ্ষৰ আৰম্ভণিতে স্থাপন কৰিছে “শুভাকাংখী” নামৰ এক ৰাজহুৱা ন্যাস। নিউজ টাইম অসমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ “অভিমত” শীৰ্ষক অনুষ্ঠানতে ইয়াৰ আনুষ্ঠানিক ঘোষণা কৰা হয়। যোৱা বছৰ অন্ধ শিল্পী আৰু ছাত্ৰ-ছাত্ৰীৰ সকলক লৈ অনুষ্ঠিত এক অনুষ্ঠানৰ পাছতে ৰাইজে সহায়ৰ বাবে আগবঢ়োৱা সংগৃহীত ১.৬৯লাখ টকা পহিলা জানুৱাৰীৰ দিনাই ১২ গৰাকী অন্ধ শিল্পীক বিতৰণ কৰাৰ সুখবৰো পোৱা গৈছে। এই সাহাৰ্য বিতৰণ কৰে নেকিবুৰ জামান, দীনেশ বৈশ্য, বলেন্দ্ৰ কুমাৰ দাস, জগত চন্দ্ৰ বৰা, প্ৰফুল্ল মহন্তকে আদি কৰি বিশিষ্ট সকলে। “শুভাকাংখী”য়ে ভৱিষ্যতে প্ৰাকৃতিক দুৰ্যোগ, সন্ত্ৰাস জৰ্জৰ ৰাইজ, দুৰ্গত আৰু দুখীয়া ছাত্ৰ-ছাত্ৰীলৈকো সাহাৰ্য আগবঢ়াব আৰু এই শলাগনীয় প্ৰচেষ্টাৰ সৈতে ৰাজ্যৰ সচেতন ৰাইজ হাত উজান দিবলৈ আগুৱাই আহিছে বুলি সুখবৰ প্ৰকাশ পাইছে।
৬. উত্তৰ কাছাৰৰ বহু-চৰ্চিত হাজাৰ কোটিৰ কেলেংকাৰীৰ গোচৰত চিবিআই বিশেষ আদালতে ৰায় দান কৰিছে। এই ৰায় অনুসৰি উত্তৰ-কাছাৰ স্বায়ত্ত শাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী মোহিত হোজাই আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্ৰাক্তন অভিযন্তা কৰুণা শইকীয়াক তিনিবছৰৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছে।
৭. গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত অখিল ভাৰতীয় প্ৰাচ্যবিদ্যা সন্মিলনত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ জনপ্ৰিয় সাধুকখাৰ পুথি “ককাদেউতা আৰু নাতি ল’ৰা”ৰ অধ্যাপিকা নলিনী দেৱী মিশ্ৰই কৰা সংস্কৃত অনুবাদ “পিতামহ পৌত্ৰয়ো লঘু আখ্যানম” নামেৰে উন্মোচিত হৈছে। উন্মোচনীৰ সময়তে বেটুপাতত সাগিত্য অকাডেমীৰ বঁটা-প্ৰাপ্ত বুলি ছপা কৰাৰ ঘটনাই সাহিত্য অকাডেমীৰ বাছনি প্ৰক্ৰিয়া আৰপ কাৰ্যবাহী সমিতিৰ দায়বদ্ধতা আৰু গোপনীয়তা সন্দৰ্ভতো প্ৰশ্নৰ উত্থাপিত কৰা বুলিও প্ৰকাশ পাইছে।
৮. চিৰাঙত দুৰ্গত সকলৰ কাষত সহানুভূতিৰে থিয় দিছে অসম সাহিত্য সভাই। সভাৰ নৱ-নিৰ্বাচিত সভাপতি ডাঃ ধ্ৰুৱজ্যোতি বৰাৰ নেতৃত্বত বিভিন্ন শৰণাৰ্থী শিবিৰত বিনামূলীয়া চিকিৎসা সেৱাও আগবঢ়োৱা বুলি জানিব পৰা গৈছে। এই সেৱাত গুৱাহাটীৰ নেমকেয়াৰ আৰু বৰপেটা মেডিকেল কলেজৰ চিকিৎসকৰ দলে অংশগ্ৰহণ কৰিছে। চিকিৎসক, নাৰ্ছৰ সৈতে সভাৰ বিষয়-ববীয়াৰ ছল্লিশজনীয়া দলটোৱে মনৰ বেদনা শুনে আৰু মনোবল যোগাবৰ যত্ন কৰে বুলিও জানিব পৰা গৈছে।
৯. অসম সাহিত্য সন্মিলনীয়ে মহেশ্বৰ নাথ সোঁৱৰণী সন্মিলনী যুৱ সাহিত্য বঁটাৰ বাবে “অসম সাহিত্য সভা কাৰ?” শীৰ্ষক বিশ্লেষণাত্মক গ্ৰন্থৰ লেখক তথা সাংবাদিক মৃদুল কুমাৰ সন্দিকৈক নিৰ্বাচন কৰিছে। অসমীয়া সাহিত্য সন্মিলনৰ তেজপুৰ অধিবেশনত অহা ৯জানুৱাৰীত ২০১৩-১৫ বৰ্ষৰ বাবে যুৱ সাহিত্য বঁটাটি প্ৰদান কৰা হব। লগতে শিৱসাগৰ চাংমাই গাঁৱৰ নিতুল চাংমাই আৰু “শৰণীয়া কছাৰী সংস্কৃতি আৰু লোকসাহিত্য”ৰ লেখক গোৰেশ্বৰৰ বাবু ৰাভা হাকাচামকো সাহিত্য সন্মিলনীৰ যুৱ সাহিত্য সন্মান প্ৰদান কৰা হব।
১০. কেন্দ্ৰীয় পৰিসংখ্যা সংস্থাৰ শেহতীয়া তথ্য অনুসৰি দেশৰ ভিতৰতে বৰ্ষটোত বিকাশৰ ক্ষেত্ৰত শীৰ্ষস্থান দখল কৰিছে মধ্য প্ৰদেশে। ২১.১৫ শতাংশ বিকাশৰ এই শীৰ্ষ স্থান দখলৰ বিপৰীতে অসমে ১৪.৮৫ শতাংশ বিকাশৰ হাৰেৰে দেশৰ ভিতৰত পঞ্চম স্থান পাবলৈ সক্ষম হৈছে।
No comments:
Post a Comment