আজিৰ ভাল খবৰবোৰ
১. নৱবৰ্ষৰ প্ৰথমদিনটোত অসমৰ সকলোবোৰ দৈনিক বাতৰি কাকতেই উপচি পৰাকৈ ভাল সংবাদ সংগ্ৰহ কৰি প্ৰকাশ কৰিছে। অসমৰ চুকে-কোণে নিৰন্তৰ সাধনাত ব্ৰতী হৈ থকা সমাজৰ বহু নীৰৱ কৰ্মীৰ কথা আজিৰ সংবাদ পত্ৰ সমূহত প্ৰকাশ পাইছে। এইধাৰা বছৰজুৰি চলাই থকাৰ বাবে আহ্বান জনাই অসমীয়াৰ সুখ-দুখৰ সকলো পাঠকলৈ জ্ঞাপন কৰিছো ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা।
২. কালি ঘোষিত হৈছে অসমীয়া সাহিত্যৰ অন্যতম শীৰ্ষ সন্মান অসম উপত্যাকা বঁটা। উইলিয়ামছন মেগৰ শৈক্ষিক ন্যাসে সৃজনীশীল সাহিত্যক উদগনি যোগোৱাৰ বাবে ১৯৯০ চনৰ পৰা প্ৰবৰ্তন কৰা এই বঁটা ২০১৪বৰ্ষৰ বাবে বিশিষ্ট কবি তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক হীৰেন্দ্ৰ নাথ দত্তলৈ আগবঢ়াইছে। “মানুহ অনুকূল”য়ে শীৰ্ষক পুথিখনৰ বাবে দত্তদেৱে ২০০৪চনত সাহিত্য অকাডেমি বঁটাৰেও সন্মানিত হৈছিল।
৩. ২০১৪বৰ্ষৰ প্ৰণৱ বৰুৱা শিল্পী বঁটা আগবঢ়োৱা হৈছে মণিপুৰৰ প্ৰসিদ্ধ চিত্ৰশিল্পী কুলচন্দ্ৰ এন থেমলৈ। কালি এই বঁটা ঘোষণা কৰা হয়।
৪. অহা ফেব্ৰুৱাৰী মাহৰ পৰাই অসমৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম আৰম্ভ হব বুলি কালি ঘোষণা কৰিছে শীৰ্ষ আমোলা প্ৰতীক হাজেলাই। উচ্চতম ন্যায়ালয়ে নিৰ্দিষ্ট সময়ৰ ভিতৰত এই কাম সম্পূৰ্ণ কৰাৰ বাবে নিৰ্দেশ দিয়াৰ পাছতে এই বিষয়ত কাৰ্যব্যৱস্থা গ্ৰহণৰ দিশে ৰাজ্য চৰকাৰখন আগবঢ়া বুলিও সুখবৰ পোৱা গৈছে। ফ্ৰেব্ৰুৱাৰীত ৰাজ্যত ২৫০০টা এন আৰ চি সেৱা কেন্দ্ৰ মুকলি কৰি মাৰ্চৰ পৰা প্ৰ-পত্ৰ বিতৰণৰ কাম আৰম্ভ কৰা হব।
৫. অসমৰ চাৰিজন শিশু বিজ্ঞানীয়ে ২২তম ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে। ভাগ্যশ্ৰী দত্ত, নামতিপুল উচ্চ মাধ্যমিক বিদ্যালয়, শিৱসাগৰ ; নীহাৰ শৰ্মা, উদয়ন শিশু নিকেতন, কামৰুপ, সুজিত গৌতম, বিশ্বনাথ জ্ঞান ভাৰতী, বিশ্বনাথ চাৰিআলি - এওঁলোক তিনিজনে মূল বিষয় "বতৰ আৰু জলবায়ু- জানি বুজি আগবাঢ়োঁ"ৰ ভিত্তিত উপস্থাপন কৰা প্ৰকল্পই দেশৰ সমূহ শিশু বিজ্ঞানীৰ প্ৰকল্পৰ মাজত শ্ৰেষ্ঠ হোৱা ২৫ টা প্ৰকল্পৰ মাজত স্থান লাভ কৰিছে। তদুপৰি লখিমপুৰৰ নাৰায়নপুৰৰ অৰিয়েণ্ট একাডেমীৰ নীহাৰিকা দেউৰীৰ প্ৰকল্পই পষ্টাৰ শাখাত শ্ৰেষ্ঠত্ব অৰ্জন কৰিছে ।
৬. দেশৰ ভিতৰতে ৰেডিঅ’ৰ আঞ্চলিক বাতৰিৰ শ্ৰেষ্ঠ বঁটা লাভ কৰি গুৱাহাটী আকাশবাণী কেন্দ্ৰই কঢ়িয়ালে গৌৰৱ। এইবৰ্ষত আকাশবাণীয়ে প্ৰদান কৰা শ্ৰেষ্ঠ সাংবাদিকতাৰ বঁটাও গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ বাৰ্তা সম্পাদক মানস প্ৰতীম শৰ্মাই লাভ কৰাৰো সুখবৰ।
৭. ১৯ তম ৰাষ্ট্ৰীয় যুৱ মহোতসৱ অহা ৮-১২ জানুৱাৰীত অনুষ্ঠিত হব। “স্বচ্ছ, সেউজ আৰু প্ৰগতিশীল সমাজৰ পক্ষে যুৱসমাজ” শীৰ্ষক মূলবাণীৰে এই মহোতসৱৰ ব্যাপক প্ৰস্তুতি চলোৱা বুলিও ৰাজ্যিক ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ে প্ৰকাশ কৰিছে।
৮. অসমীয়া ভাষাৰ সম্পূৰ্ণ তথ্যনিৰ্ভৰ হাতপুতি “অসম ইয়াৰ বুক ২০১৫” শৰাইঘাট প্ৰকাশনে প্ৰকাশ কৰি উলিয়াইছে। অসম, ভাৰত আৰু বিশ্বৰ সাম্প্ৰতিক ঘটনাৱলী, সমাজৰ বিভিন্ন ক্ষেত্ৰ সমূহৰ তথ্য সামৰি ২৭টা অধ্যায়ৰে এই গ্ৰন্থখনৰ কলেৱৰ ১৩০০ পৃষ্ঠাৰ হোৱা বুলিও জানিব পৰা গৈছে।
৯. গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচিত হ’ল ৰত্নেশ্বৰ বসুমতাৰীৰ “সমাজ-সমস্যা-সংঘাত আৰু চিন্তন-মনন” শীৰ্ষক গ্ৰন্থখনি। উন্মোচন কৰিলে অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি সতীশ চন্দ্ৰ চৌধুৰী দেৱে।
১০. আলোচনীত ধাৰাবাহিকভাৱে প্ৰকাশিত লক্ষ্মীনাথ বেজবৰুৱা জীৱনৰ আধাৰত “অ’ মোৰ আপোনাৰ দেশ” নামৰ উপন্যাসখন কালি গ্ৰন্থৰ ৰূপত উন্মোচন কৰা হয়। এই প্ৰশংসনীয় কাৰ্যৰ বাবে অসমৰ সুধী সমাজে কৰ্মকাৰদেৱৰ শলাগ লৈছে।
১১. কালি তেজপুৰৰ কলিবাৰীস্থীনত “অসমীয়া ভাষা উন্নতি সাধিনী সভা”ৰ কাৰ্যালয়ত উন্মোচিত হয় তেজপুৰৰ ইতিহাস সম্বলিত গ্ৰন্থ “ইতিহাসে গৰকা তেজপুৰ”। স্থানীয় সাংস্কৃতিক কৰ্মী শান্তনু বৰুৱাই লেখা গ্ৰন্থখনি প্ৰকাশ কৰি উলিয়াইছে ত্ৰিবাহু প্ৰকাশনে।
১২. আজি নৱবৰ্ষৰ প্ৰথম দিনটোত অসম জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। এই অনুষ্ঠানতে অসমৰ উদীয়মান ক্ৰীড়া প্ৰতিভা ৰাষ্ট্ৰীয় খেলুৱৈ দেৱযানী বৰা আৰু ফুটবলাৰ এলেন দেউৰীক সৰ্ম্বধনা জনোৱা হয়।
No comments:
Post a Comment