মনৰ কথা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

নৱবৰ্ষৰ প্ৰথমটো দিনত 
যি সকল লোকৰ বাবে প্ৰাৰ্থনা কৰিলো 
মানস প্ৰতিম দিহিঙীয়া

প্ৰত্যেকজন মানুহৰ দৰে মইও নৱবৰ্ষৰ প্ৰথমটো দিনত কিছুমান লোকৰ মংগলময় আৰু দীৰ্ঘ জীৱনৰ কামনা কৰিলোঁ। ব্যক্তিগত ভাবে মোৰ মা আৰু ভাইটিৰৰ পৰা এই প্ৰাৰ্থনা আৰম্ভ কৰিছিলো যিটো প্ৰত্যেকজন লোকেই নিতৌ কৰে । মই মংগলময় জীৱন কামনা কৰা অন্যলোক কেইজনকহে শ্ৰদ্ধাৰ পাঠক সকলক চিনাকি কৰাই দিয়াৰ চেষ্টা কৰিছো এই লেখাত।

যোৱা প্ৰায় পাঁ‌চটামান বছৰ উন্নয়নৰ ক্ষেত্ৰখনৰ সৈতে ওতঃপ্ৰোতভাবে জড়িত হৈ থকাৰ সূত্ৰে কিছুমান নমস্য ব্যক্তিৰ সান্নিধ্যলৈ আহিছিলো। যি সকলৰ জীৱনটোলৈ চালে নষ্টালজিক হৈ উঠো মই। এই লোকসকলৰ মাজত প্ৰথম মিল থকা কথাটো হৈছে এওঁ‌লোকৰ কোনোজনে কিন্তু সস্তিয়া জনপ্ৰিয়তা পাবৰ বাবে কাম কৰি থকা নাই। নীৰৱে কোনোবা ভিতৰুৱা অঞ্চলৰ মানুহৰ উন্নতিৰ বাবে আহোপুৰুষাৰ্থ কৰি গৈছে এইসকল সল্পখ্যাত লোকে ।

তেনেকুৱা প্ৰথম লোকজনৰ বৰ্তমানৰ নাম হ'ল প্ৰিন্স । মেঘালয়ৰ উমচাৱাৰ এখন সীমান্তৱৰ্তী গাৱৰ অতি পিছপৰা লোকসকলৰ বাবে সৰ্বস্ব দিছে তেওঁ । নিজৰ অভিজাত ঘৰ, সুন্দৰ চাকৰি, পত্নীকো এৰি এই গাৱখনৰ সৰ্বাংগীণ উন্নতিৰ বাবে খৰচ কৰিছে তেওঁৰ নিজা আৰ্জিত ধন, জন্ম দিছে 'লিংচী খাচী' নামৰ এক অনুষ্ঠান। তেওঁৰ বিষয়ে বহুত জনাবলগীয়া আছে যদিও লেখাটোৰ আকাৰৰ খাতিৰত লিখা নহব।

দ্বিতীয় লোকজন হ'ল ডঃ সুনীল কৌল। যুদ্ধৰ বিভীষিকা আৰু তেজৰ ফাকু দেখি তীব্ৰ মানসিক অশান্তিত ভুগিছিল ইণ্ডিয়ান আৰ্মিৰ চিকিৎসক কৌল । কাৰ্গিল যুদ্ধত বিদ্ধস্ত লোকৰ সকৰুণ বিননি শুনি হাহাকাৰ কৰি উঠিছিল তেওঁৰ অন্তৰাত্মা । সেয়ে বহু ৰঙা ফিটাৰ মেৰপেচ নেওচি তেওঁ চাকৰি পৰিত্যাগ কৰি অসমৰ চিৰাং জিলাৰ এডোখৰ ঠাইত Action North East Trust (ANT) নামৰ সংগঠন স্থাপন কৰে আৰু পত্নী জেনিফাৰ লিয়াং ৰ সৈতে অতি পিছপৰা লোকসকলৰ বাবে কাম কৰি আছে নিৰৱচ্ছিন্ন ভাৱে ।

মোৰ মনেকোৱা অন্য এটা নাম হৈছে প্ৰফেচাৰ অনিল গুপ্তা । আই আই এম আহমেদাবাদৰ এই আশিতোপৰ লোকজনে উদ্ভাৱন আৰু প্ৰযুক্তিবিদ্যাক এক অন্য শিখৰলৈ নিবলৈ সক্ষম হৈছে । মিঠা মুখিয়া সৰল মানুহজনে গৱেষণা কালত বাংলাদেশৰ পৰা বিদেশী গৱেষকে প্ৰযুক্তি চুৰি কৰা দেখা পাই নিজা গ্ৰামীণ উদ্ভাৱন সমুহ ৰক্ষা কৰিবলৈ আৰম্ভ কৰা Honeybee Network এ এদিন যে নৱজাগৰণৰ সৃষ্টি কৰিব কোনেও ভাবিবই পৰা নাছিল । তেওঁৰ বাবেই যে National Innovation Foundation India, SRISTI আদি গঠন হ'ল আৰু অসমীয়াই জনা ভাল যে তেওঁৰ অনুপ্ৰেৰণাৰ বাবেই সন্মানীয় উদ্ধৱ ভৰালী দেৱেও ৰাষ্ট্ৰপতিৰ পৰা সন্মান পাবৰ বাবে বিশেষভাবে সুযোগ পালে।

আকৌ বানে-ধোৱা ধেমাজি-লখিমপুৰৰ লোকৰ ত্ৰণাকৰ্তালৈ পৰিণত হোৱা এজন লোকৰ বাবেও এটা প্ৰাৰ্থনা কৰিলো । আই আই টি ৰ মেকানিকেল ইঞ্জিনীয়াৰিংৰ স্নাতকোত্তৰ এই অসাধাৰণ ব্যক্তিত্বৰ নাম ৰবীন্দ্ৰনাথ । দুৰ্গত জনৰ কাষত সদায় থিয় দিয়া সৱল কন্ঠ এওঁ‌ । চিলাপথাৰৰ অকাজানত স্থাপন কৰা 'ৰুৰেল ভল'ন্টিয়াৰ চেণ্টা'ৰ নামৰ সংগঠনৰ জৰিয়তে ৰাইজৰ বাবে সেৱা আগবঢ়াই আহিছে তেখেতে ।

এইসকলৰ উপৰিও শ্ৰধেয় মৃণাল গোহাঁইদা, যি প্ৰশাসনিক বিষয়াৰ পৰা অৱ্যাহতি লৈ সমাজৰ নামত সমগ্ৰ জীৱন উৎসৰ্গিত কৰিছে, ৰঞ্জন বৰুৱা, যি অক্লান্ত ভাৱে চৌপাশে যুৱশক্তিৰ পথৰ সন্ধান দিছে , এই সকলোৰে বাবে মই আজি প্ৰাৰ্থনা কৰিলো । কোনে কয় ভাল মানুহৰ নাই পৃথিৱীত, সংখ্যা কম হলেও কিন্তু এতিয়াও মানুহক ভালপোৱা বহুত মনুহেই আছে । সেইসকলৰ বাবে মই আজি প্ৰাৰ্থনা কৰিলোঁ । আপোনালোক কুশলে থাকক । শেষত লিখাৰ বাবে আমাক অনুপ্ৰানিত কৰা শ্ৰদ্ধাৰ অজয় লাল দত্ত দাদালৈ ধন্যবাদ জনালো ।

No comments:

Post a Comment