পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. ছাত্ৰ-ছাত্ৰীক বিশ্ব-নাগৰিক হিচাপে গঢ়ি তোলা, দৰিদ্ৰতা দূৰীকৰণ, আত্মনিৰ্ভৰশীলতা, শান্তি-সম্প্ৰীতিৰ বাণী প্ৰচাৰ আদি বিষয়ত গুৰুত্ব আৰোপ কৰা বিশ্বৰ ১২০ খন শিক্ষানুষ্ঠানৰ ভিতৰত স্থান পাইছে নগাঁৱৰ গোপীনাথ দে‌ৱগোস্বামী বাণিজ্য মহাবিদ্যালয়ে। এই স্বীকৃতি প্ৰদান কৰিছে ৰাষ্ট্ৰসংঘই । ১৯৮৪ চনতে স্থাপিত হো‌ৱা এই মহাবিদ্যালয়খনেই হৈছে এনে আন্তৰাষ্ট্ৰীয় স্বীকৃতি পো‌ৱা অসমৰ প্ৰথমখন শিক্ষানুষ্ঠান।

২. কালি নিজা বাসগৃহত অনুষ্ঠিত কৰা বৈঠকত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই চিকিমকে ধৰি উত্তৰ-পূ‌ৱৰ আঠোখন ৰাজ্যৰ উন্নয়ণৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিবলৈ তেওঁৰ মন্ত্ৰীসভাৰ সকলো সদস্যকে আহ্বান জনায় ।

৩. কালি বাক্সা জিলাৰ মুছলমপুৰত পোন প্ৰথমবাৰৰ বাবে এটি শিশু পুথিভঁৰাল মুকলি কৰা হয় । ইয়াৰ লগতে অন্য কেইবা ঠাইতো এনে পুথিভঁৰাল গঠনৰ খবৰ পো‌ৱা গৈছে । গ্ৰন্থ অধ্যয়নৰ প্ৰতি শিশুসকলক উৎসাহিত কৰিবলৈ সদৌ অসম ছাত্ৰ সন্থাই হাতত লো‌ৱা এনে সু-প্ৰচেষ্টাৰ প্ৰতি ৰাইজে শলাগ লৈছে ।

৪. বিগত ২০১২ বৰ্ষত অলিম্পিকত ব্ৰঞ্জৰ মেডেল লাভ কৰি ভাৰতলৈ গৌৰ‌ৱ কঢ়িয়াই অনা বেডমিন্টন খেলু‌ৱৈ ছাইনা নেহ‌ৱালৰ নাম পদ্মবিভূষণ বঁটাৰ বাবে প্ৰস্তা‌ৱিত হৈছে । এই প্ৰস্তা‌ৱ বিবেচনাৰ বাবে আগবঢ়াইছে ক্ৰীড়ামন্ত্ৰী সৰ্বানন্দ সোনো‌ৱালে।

৫. বিশ্বৰ বজাৰত সমাদৃত হৈছে অসমৰ থলু‌ৱা উৎপাদিত জৈ‌ৱিক ধান । হাৰিয়ানাৰ ‘নেচ্চাৰ বায়’ ফুডস লিমিটেড’ নামৰ কোম্পানী এটাই ২০১২ বৰ্ষৰে পৰা অসমৰ এই ধান ক্ৰয় কৰি আমেৰিকালৈ ৰপ্তানি কৰি আহিছে । বৰ্তমানে কোম্পানীটো‌ৱে জানিবলৈ দিছে যে এই বছৰত তেওঁলোকে বিশ্বৰ বিভিন্ন প্ৰান্তলৈ অসমৰ প্ৰায় ২০ হাজাৰ মেট্ৰিক টন বাওধান আৰু বৰা চাউলৰ ৰপ্তানি দিবৰ বাবে সাজু হৈছে । উল্লেখ্য যে কে‌ৱল ধেমাজী জিলাতে কৃষকে বৰ্তমানে ১৫ হাজাৰ হেক্টৰ কৃষিভূমিত বাওধানৰ খেতি কৰি আছে।

৬. ৰাজ্যত পোন প্ৰথমবাৰৰ বাবে প্ৰতিস্থিত হৈছে মহিলা ক্ৰীড়া বিদ্যালয় । ডিব্ৰুগড় জিলাৰ খো‌ৱাঙত কোনো চৰকাৰী সাহাৰ্য অবিহনেই কেইগৰাকীমান ক্ৰীড়া সংগঠকৰ আশুশুধীয়া প্ৰচেষ্টাৰ বলত এই মহান কাৰ্য সমাপিত হো‌ৱাটো সম্ভ‌ৱপৰ হৈছে । খোৰ‌ৱাঙৰ ঘনকান্ত গগৈ কণিষ্ঠ মহাবিদ্যালয়ত শুভাৰম্ভ কৰা কৰা এই বিদ্যালয়খনৰ তদাৰকী দায়িত্বত আছে ‘চিৰঞ্জীতা’ নামৰ এটি স্বেচ্ছাসে‌ৱী অনুষ্ঠান । প্ৰথম শিক্ষাবৰ্যটোত ইতিমধ্যে কেইবাগৰাকী কিশোৰীয়ে বিদ্যালয়খনত নামভৰ্তি কৰি আশাৰ বতৰা বিলাইছে।

৭. অসমৰ প্ৰায় ১৬ লাখ নিবনু‌ৱা য‌ৱক-যু‌ৱতীক সংস্থাপনৰ উদ্দেশ্যে অসম সাংস্কৃতিক মহাসভাই অসম চৰকাৰৰ নিয়োগ ব্য‌ৱস্থাপনা বিভাগৰ জৰিয়তে বিভিন্ন কৰ্মসংস্থানৰ বিনামূলীয়া প্ৰশিক্ষণ দিবলৈ আয়োজন চলাইছে । এই প্ৰশিক্ষণত ১৬ বছৰৰ পৰা এই প্ৰশিক্ষণত ১৬ বছৰৰ পৰা ৩০ বছৰ বয়সৰ যিকোনো নিবনু‌ৱা যু‌ৱক-যু‌ৱতীয়ে ভাগ ল’ব পাৰিব ।

৮. প্ৰধানমন্ত্ৰীয়ে দেশত আমাৰদৰে জনবহুল দেশত বিজুলী ৰাহি কৰাৰ বাবে এল.ই.ডি. বাল্বৰ ব্য‌ৱহাৰৰ ওপৰত গুৰুত্ব দিছে । ঘৰু‌ৱা ব্য‌ৱহাৰৰ লগতে বাট-ঘাটৰ সমজু‌ৱা বিজুলী–বাতিতো এল.ই.ডি. বাল্ব সংযোগকৰণৰ এখন আঁচনি ইতিমধ্যে নতুন দিল্লীত উদ্বোধন কৰে । এই আঁচনি অনুসৰি দহ টকা মূল্যত এটা এল.ই.ডি. বাল্ব উপভোক্তাসকলক যোগান ধৰা হ’ব।

৯. এতিয়াৰেপৰা ভাৰতীয় নাগৰিকে অতি সহজেই লাভ কৰিব পাৰি সুবিধাদায়ী ৫ কেজি ওজনৰ ৰন্ধন গেছৰ চিলিণ্ডাৰ । কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে সোমবাৰে এই আঁচনিখন মুকলি কৰি কয় যে নতুন এল.পি.জি. সংযোগ লো‌ৱা গ্ৰাহকে বৰ্তমানে ১৬০০ টকাৰ ৰাজসাহাৰ্য নিজা বেংক একাউন্টযোগে লাভ কৰিবলৈ সক্ষম হ’ব ।

১০. যোৰহাটৰ প্ৰখ্যাত ব্যৱসায়ী, বুৰঞ্জীবিদ, মু্দ্ৰা সংগ্ৰাহক ওম প্ৰকাশ গট্টানিয়ে যোৰহাটৰ বুৰঞ্জী বিষয়ক এখনি গ্ৰন্থ প্ৰকাশ কৰি উলিয়াবলৈ দিহা কৰিছে। এই গ্ৰন্থ অহা ১১ জানুৱাৰীত অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত উন্মোচন কৰা হব। এই বুৰঞ্জী অসমীয়া, হিন্দী আৰু ইংৰাজী তিনিওটা ভাষাত প্ৰকাশ পাব বুলিও সুখবৰ জানিব পৰা গৈছে।

১১. গুৱাহাটী গ্ৰন্থমেলাৰ সফল সামৰণি, দুই কোটি টকাৰ গ্ৰন্থ বিক্ৰী হোৱা বুলি প্ৰকাশ। অন্তিম দিনা উন্মোচিত হ'ল পাঁচখনকৈ গ্ৰন্থ।

১২. গোলাঘাট জিলাৰ বিশিষ্ট লেখক, সাংবাদিক, শিক্ষাবিদ ভৱেশ শইকীয়াক সাহিত্য সেৱা বঁটাৰে সন্মানিত কৰিলে গোলাঘাট জিলা সাহিত্য সভাই। শিল্পী বেনু মিশ্ৰক সম্বৰ্ধনা জনোৱাৰো সুখৰ খবৰ।

১৩. গুৱাহাটীৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত অত্যাধুনিক ডুৱেল হেড কেমেৰা মেচিন কালি ৰোগীৰ সেৱাত উচৰ্গা কৰা হয়। উন্মোচন কৰি স্বাস্থ্যমন্ত্ৰীয়ে অহা এপ্ৰিল মাহৰ পৰা জিএমচিতো কৰ্কট ৰোগৰ হাস্পতালৰ শুভাৰম্ভ কৰা হব বুলি প্ৰকাশ কৰে।

১৪. তথ্য-প্ৰযুক্তিৰে অসমৰ অনগ্ৰসৰ ঠাইত উন্নত শিক্ষাদানৰ লক্ষ্যৰে ৮১টা উন্নয়নখণ্ডত স্থাপিত হব ৮১খন আদৰ্শ বিদ্যালয়। প্ৰথম পৰ্যায়ত স্থাপিত হব লগা ১৪খন বিদ্যালয় স্থাপন প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰি কালি বটদ্ৰৱাত এখনি আদৰ্শ বিদ্যালয়ৰ শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।

১৫. ওড়িশাৰ কিট বিশ্ববিদ্যালৰ অন্তৰ্গত কিট আন্তঃৰাষ্ট্ৰীয় স্কুলত দেশৰ বিভিন্ন প্ৰান্তৰ কিশোৰী সকলৰ মাজত অনুষ্ঠিত ২০১৪ বৰ্ষৰ লিটল মিছ ইণ্ডিয়া প্ৰতিযোগিতাত লিটল মিছ ইণ্ডিয়া খিতাপ লাভ কৰি উত্তৰ-পূৰ্বাঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে গুৱাহাটীৰ হলি চাইল্ড স্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী মিতালী বিলৱাৰিয়াই।

No comments:

Post a Comment