ভাল কামৰ ধাৰাবাহিকতা
নৱবৰ্ষত কৰিবলৈ মন বন্ধা কামবোৰ ঠিক বিগত বৰ্ষবোৰত কৰা কামবোৰৰ নিচিনাই হ'ব। নতুন নতুন বিষয় বস্তুলৈ বাতৰি কাকত তথা আলোচনীৰ 'সম্পাদকলৈ চিঠি' লিখিম। নতুন নতুন বিষয়লৈ কেৰিয়াৰ সম্পৰ্কীয় লেখা বাতৰি কাকত আৰু আলোচনী বাবে লিখিম। যিমান পাৰোঁ সিমান কেৰিয়াৰ সম্পৰ্কীয় কৰ্মশালাত অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকলৰ কেৰিয়াৰ বিষয়ৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। বিগত বৰ্ষৰ দৰেই প্ৰত্যেক শণিবাৰে বিয়লি ৬বজাৰ পৰা ৯বজাৰ ভিতৰত ফোন (০৯৪৩৫১৮৮৬৩০)যোগেদি বিনামূলীয়াকৈ ছাত্ৰ -ছাত্ৰী তথা অভিভাৱকসকলৰ কেৰিয়াৰ বিভিন্ন বিষয়ৰ প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিম।
ইণ্টাৰনেটৰ জৰিয়তে ২০০০চনৰ পৰা কৰি অহা এটা কাম নতুন বছৰতো কৰিম। অসমৰ যোগাত্মক খবৰবোৰ বিভিন্ন ই-মেইল গোট তথা ছ'চিয়েল নেটৱৰ্কিং ছাইটবোৰৰ যোগেদি ৰাইজক জনাম। নৱবৰ্ষটিত দেশ তথা ৰাজ্যখনৰ শান্তিৰ কামনা কৰা লগতে এক সুষ্ঠ ৰাজনৈতিক বাৰ্তা বৰণ কামনা কৰিছোঁ।ইয়াৰ বাবে সময় সাপেক্ষে নিজেও সাধ্যানুসৰি কৰিব পৰা খিনি কৰিবলৈ চেষ্টা কৰিম।
No comments:
Post a Comment