পৰিপূৰ্ণ জীৱন আৰু ঈশ্বৰ
অনুপমা বৰগোহাঁই
বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিদেৱে কৈছিল – “প্রতিটো নতুন বছৰৰ প্রথম দিনটোতেই মই এই সংকল্প লওঁ – নমৰালৈকে মই পৰিপূৰ্ণ ভাৱে জীয়াই থাকিম ।”
মোৰ দৰে সাধাৰণ নাৰী এগৰাকীৰ জীৱনৰ একমাত্র উদ্দেশ্য হ’ল– প্রতিটো দিন পৰিপূৰ্ণ ভাৱে জীয়াই থকা । কেৱল মাত্র বছৰৰ প্রথম দিনটোতেই নহয়– প্রতিটো দিনেই মই মোৰ জীৱনৰ শেষ দিন বুলি ভাবি উদযাপন কৰিবলৈ বিচাৰোঁ । তথাপিও কিছুমান বিশেষ দিনত, যেনে জন্মদিন, বছৰৰ প্রথম বা শেষ দিন আদিত যেতিয়া সেই সদায় কৰা সংকল্পবোৰ পুনৰ আওঁৰাবলৈ বা নিজক ফঁহিয়াই চাবলৈ সুযোগ পাওঁ, মই নিজকে নিজে কওঁ: মাত্র আজিৰ দিনটোৰ বাবে মই আনন্দৰে আৰু পৰিপূৰ্ণ ভাবে জীয়াই থাকিম – কাৰণ আজিৰ দিনটোৱেই মোৰ জীৱনৰ শেষদিন !
০০০০
২০১৪ চনৰ ডিচেম্বৰৰ ৩১ তাৰিখে ৰাতি শুই থাকোঁতে এক অদৃশ্য শক্তিয়ে আহি মোক যদি কয় তোমাৰ এনেকুৱা দুটা তীব্র ইচ্ছা প্রকাশ কৰা যাৰ ফলত এই পৃথিৱীখন সঁচাকৈয়ে নতুন হৈ পৰিব !!! তেন্তে মইক’ম :
১. প্রেম, সৌন্দৰ্য আৰু সত্য সকলোৰে জীৱনৰ আদৰ্শ হওক – সহানুভূতি , শিক্ষা, সামাজিক সম্পৰ্ক আৰু প্রয়োজন সকলোৰে নৈতিক আচৰণৰ ভেটি হওঁক।
২.পৃথিৱীত থকা সকলো মানুহৰ ধৰ্ম আৰু ভগবানৰ নাম ক্রমে মানৱীয়তা আৰু প্রেম হৈ যাওঁক অন্যথা মানুহৰ বাহিৰে পৃথিৱীৰ অন্য জীৱই যিদৰে যদি ঈশ্বৰ নোহোৱাকৈ চলিছে আমিও ঈশ্বৰ নোহোৱাকৈ চলিম !!
মনৰ কথা পঢি ভাল লাগিল৷
ReplyDelete